কুৱেইল পামৰ উপকাৰিতা নিন্মতম মজিয়া কালিৰ প্ৰয়োজন৷ কম বিনিয়োগত আৰম্ভ কৰিব পাৰি৷ কুৱেইল বিলাক তুলনামুলকভাৱে মজবুত চৰাই৷ কম বয়স পাচঁ সপ্তাহতে বিক্ৰী কৰিব পাৰি৷ কম বয়সতে যৌনতা প্ৰাপ্তি হয় – ছয়-সাত সপ্তাহৰ পৰাই কণী দিবলৈ আৰম্ভ কৰে। কণী দিয়াৰ হাৰ অধিক – বছৰত ২৮০ টা কণী দিয়ে। কুৱেইলৰ মাংস কুকুৰাৰ মাংসতকৈ অধিক সোৱাদ আৰু চৰ্বিৰ মাত্ৰাও কম থাকে। ল’ৰা-ছোৱালীৰ দেহ আৰু মগজু বৃদ্ধিত ই সহায় কৰে। পুষ্টিগতভাবে কুৱেইলৰ কণী বিলাক কুকুৰাৰ দৰে একেই। আনহাতে ইয়াত কলেষ্ট’ৰলৰ মাত্ৰা কম থাকে। কুৱাইলৰ মাংস আৰু কণী গৰ্ভৱতী আৰু কেঁচুৱাক গাখীৰ খুৱাই থকা মাতৃৰ বাবে উত্তম পুষ্টিকৰ আহাৰ। বাসস্থান ১) ডীপ লিটাৰ পদ্ধতি এক বৰ্গফুট মজিয়া কালিত ছটা কুৱেইল পুহিব পাৰি। দুসপ্তাহ পিছত কুৱেইল সঁজাত পুহিব পাৰি।ইয়াত যিহেতু অনাবশ্যকীয় ঘূৰা-ফিৰা এৰাই চলিব পৰা যাব গতিকে ইয়ে ভাল ওজন বৃদ্ধিত সহায় কৰিব। ২) সঁজা পদ্ধতি সঁজা পদ্ধতিত কুৱেইল পালন বয়স সঁজাৰ আকাৰ চৰাইৰ সংখ্যা প্ৰথম দুই সপ্তাহ ৩ x ২.৫ x ১.৫ ফুট ১০০ ৩-৬ সপ্তাহ ৪ x ২.৫ x ১.৫ ফুট ৫০ প্ৰত্যেক খণ্ড দীঘলে ৬ ফুট আৰু বহলে ১ ফুট, আৰু ৬ টা উপ-খণ্ডত ভাগ কৰা হয়। ঠাই বচাবৰ বাবে সঁজা বিলাক ছয় মহলালৈকে ওখকৈ সজাই লব পাৰি। এটা শাৰীত ৪ ৰ পৰা ৫ টা সঁজা থাকিব পাৰে। সঁজাৰ তলি বিলাকত এৰুৱাব পৰা কাঠৰ প্লেট লগোৱা থাকে যাৰ দ্বাৰা চৰাইৰ বিষ্ঠা পৰিষ্কাৰ কৰিব পাৰি। ঠেক দীঘলীয়া দানাৰ পাত্ৰ বিলাক সঁজাৰ সন্মুখত লগাই দিয়া হয়।পানীৰ পাত্ৰবিলাক সঁজাৰ পিচফালে লগাই দিয়া হয়। ব্যাৱসায়িক ভিত্তিত পালন কৰা কণী দিয়া চৰাইবিলাক একে লগে সঁজা প্ৰতি ১০-১২ টা মান ৰখা হয়। প্ৰজননৰ বাবে সঁজাবিলাকত ৩ জনী মাইকী চৰাই প্ৰতি এটা মতা চৰাই সুমুৱাই দিয়া হয়। দানা প্ৰৱন্ধন দানা তলত দিয়া ধৰণে প্ৰস্তুত কৰি লব পাৰি দানাৰ উপকৰণ পোৱালী দানা বৰ্দ্ধিত চৰাইৰ দানা ০-৩ সপ্তাহ ৪-৬ সপ্তাহ মাকৈ ২৭ ৩১ চ’ৰগম ১৫ ১৪ তেলহীন চাউলৰ গুৰি ৮ ৮ বাদামৰ খলিহৈ ১৭ ১৭ সূৰ্য্য মূখী ফুলৰ খলিহৈ ১২.৫ ১২.৫ চয়াবিনৰ গুৰি ৮ - মাছৰ গুৰি ১০ ১০ খনিজ লৱণ মিশ্ৰন ২.৫ ২.৫ চেল গ্ৰীট - ৫ দানাৰ উপাদানৰ আকাৰ সৰু হব লাগে। পাচঁ সপ্তাহ বয়সৰ কুৱেইলে ৫০০ গ্ৰাম দানা খায়। ছমাহ বয়সৰ কুৱেইলে দৈনিক ৩০-৩৫ গ্ৰাম দানা খায়। ১২ টা কণী উৎপাদনৰ বাবে কুৱেইলক ৪০০ গ্ৰাম দানাৰ প্ৰয়োজন। ব্ৰ’ইলাৰৰ প্ৰাৰম্ভৰিক দানাত প্ৰতি ৭৫ কি.গ্ৰাম দানাত ৫ কিলোগ্ৰাম তেলৰ খলিহৈ যোগ দি ব্যাৱহাৰ কৰিব পাৰি। দানাৰ উপাদানৰ আকাৰ আকৌ এবাৰ মেচিনত দি গুৰি কৰি লব পাৰি। কুৱেইল পামৰ চোৱা-চিতা কুৱেইলৰ ব্ৰুডাৰ ছয় সপ্তাহ বয়সত মাইকী কুৱেইলৰ ওজন ১৭৫-২০০ গ্ৰাম আৰু মতাটোৰ ওজন ১২৫-১৫০ গ্ৰাম হয়। মাইকী কুৱেইলে ৭ সপ্তাহ বয়সত কণী দিবলৈ আৰম্ভ কৰি ২২ সপ্তাহলৈকে কণী দিয়ে। সাধাৰনতে আবেলিৰ ফালেহে ইঁহতে কণী পাৰে। কুৱেইলৰ কণীৰ সাধাৰনতে ওজন হয় প্ৰায় ৯-১০ গ্ৰাম মতা কুৱেইলৰ বুকু সাধাৰণতে ঠেক থাকে আৰু সমানে সিচঁৰিত থকা হৈ মুগা আৰু বগা পাখিৰে ঢকা থাকে।কিন্তু মাইকী কুৱেইলৰ মূগা বৰণীয়া পাখিৰে ঢকা বহল বুকু থাকে। মতা আৰু মাইকী চাৰি সপ্তাহ বয়সত পৃথক কৰিব লাগে। কণী পৰা কুৱেইলে দৈনিক ষোল্ল ঘন্টা পোহৰ পাব লাগে। কুৱেইলৰ পোৱালীৰ চোৱা-চিতা কুৱেইলৰ এদিনায়া পোৱালীৰ ওজন ৮-১০ গ্ৰাম। সেয়েহে কুৱেইলৰ পোৱালীক অধিক উষ্ণতাৰ প্ৰয়োজন হয়। প্ৰয়োজনীয় উঞ্চতাৰ অভাৱ আৰু জোৰেৰে বলা বতাহৰ সংস্পৰ্শত পোৱালীবিলাকে একেলগে জাক মাৰি থাকাৰ ফলত অধিক পোৱালীৰ মৃত্যু হয়। কুৱেইলৰ পোৱালীৰ চোৱা-চিতা কুৱেইলৰ এদিনায়া পোৱালীৰ ওজন ৮-১০ গ্ৰাম। সেয়েহে কুৱেইলৰ পোৱালীক অধিক উষ্ণতাৰ প্ৰয়োজন হয়। প্ৰয়োজনীয় উঞ্চতাৰ অভাৱ আৰু জোৰেৰে বলা বতাহৰ সংস্পৰ্শত পোৱালীবিলাকে একেলগে জাক মাৰি থাকাৰ ফলত অধিক পোৱালীৰ মৃত্যু হয়। প্ৰজনন কুৱেইলৰ কণী সাত সপ্তাহ বয়সত কুৱেইলে কণী পাৰিবলৈ আৰম্ভ কৰে। ইহঁতে অষ্টম সপ্তাহত ৫০ শতাংশ কণী উৎপাদন পায়। সংপৃক্ত কণী পাবৰ বাবে ৮-১০ সপ্তাহ বয়সত মতা কুৱেইল মাইকী কুৱেইলৰ লগত ৰাখিব লাগে। মতা-মাইকীৰ অনুপাত ১:৫৷ কুৱেইলৰ কণী ফুটুৱা কাল ১৮ দিন। ৫০০ মাইকী কুৱেইল পুহি প্ৰতি সপ্তাহত ১৫০০ কুৱেইলৰ পোৱালি পাব পৰা যায়। কুৱেইলৰ বেমাৰ-আজাৰ মাতৃ কুৱেইলৰ ভিটামিন আৰু খনিজ লৱণৰ অভাৱ থাকিলে ইহঁতৰ কণীৰ পৰা পোৱা পোৱালী সাধাৰণতে খীন আৰু ঠেং বিলাকো দূৰ্ব্বল হয়। এইটো প্ৰতিহত কৰিবলৈ মাইকী চৰাই বিলাকৰ দানাত যথেষ্ট পৰিমানৰ ভিটামিন আৰু খনিজ লৱণ থাকিব লাগে। সচৰাচৰ কুৱেইল বিলাক কুকুৰাবিলাকতকৈ সংক্ৰামক বেমাৰৰ প্ৰতি অধিক প্ৰতিৰোধী। গতিকে কুৱেইলৰ বাবে একো ভেকচিনৰ প্ৰয়োজন নাই। কুৱেইলৰ পোৱালিবিলাকৰ যথা-যথ চোৱা-চিতা, পামৰ চৌহদ বীজানুমুক্ত কৰি ৰখা, পৰিষ্কাৰ-পৰিচ্ছন্ন খোৱা পানীৰ যোগান ধৰা আৰু সন্তুলিত দানা খুওঁৱাৰ দ্বাৰা কুৱেইল পামত বেমাৰ প্ৰতিহত কৰিব পৰা যায়। কুৱেইলৰ মাংস কুৱেইলৰ জীৱিত ওজনৰ ৭০-৭৩ শতাংশ মাংস পোৱা যায়।১৪০ গ্ৰাম ওজনৰ কুৱেইলৰ পৰা ১০০ গ্ৰাম মাংস পোৱা যায়। কুৱেইল প্ৰতিপালনৰ সমস্যাসমূহ মতা কুৱেইল বিলাকে এটা অদ্ভূত শব্দ কৰে যিটো মানুহৰ বাবে অস্বস্তিদায়ক। মতা আৰু মাইকী কুৱেইল একেলগে ৰাখিলে মতা কুৱেইল বিলাকে আন কুৱেইলক খূঁটি অন্ধ কৰি দিয়ে। কেতিয়াবা মৃত্যু হোৱাও দেখা যায়। উৎস: আইএনডিজি দল।