ভাৰতত পোৱা প্রজাতিবিলাক ১) ব্র’ড ব্রেস্টেড ব্র’ঞ্জ ঠেংৰ পাখিৰ ৰং ক’লা, তামবৰণৰ নহয়৷ মাইকী চৰাইৰ বুকুৰ পাখিৰ ৰং ক’লা, আৰু তাৰ আগবিলাক বগা হয়, এই বাবে মাত্র ১২ সপ্তাহ বয়সতেই লিঙ্গ নির্ধাৰণ কৰিব পৰা যায়৷ ২) ব্ৰ’ড ব্রেস্টেড হোয়াইট: ই বগা পাখিযুক্ত ব্ৰ’ড ব্রেস্টেড ব্র’ঞ্জ আৰু হোয়াইট হলেণ্ডৰ সংকৰ প্ৰজাতি৷ বগা পাখিৰ টার্কি ভাৰতীয় কৃষি জলবায়ুত খাপ খোৱাৰ বাবে উপযুক্ত বুলি ধৰা হয়। ইহঁতৰ গৰম সহ্য কৰাৰ ক্ষমতা অধিক আৰু পাখি গুছোৱাৰ পিছত ইহঁতক পৰিষ্কাৰ আৰু ভাল দেখা যায়৷ ৩) বেষ্টভিল স্ম’ল হোয়াইট: ইহঁত ৰং আৰু আকাৰত ব্ৰ’ড ব্রেস্টেড হোৱাইটৰ ওচৰা-ওচৰি কিন্তু আকাৰত সৰু।গধুৰ প্রজাতিবিলাকৰ তুলনাত ইহঁতৰ কণী দিয়া, উর্বৰতা আৰু কণী ফুটাৰ পৰিমাণ অধিক আৰু উমণিত বহাৰ প্ৰৱণতা কম৷ ৪) নন্দনম টার্কি ১ নন্দনম টার্কি – ১ প্রজাতিটো ক’লা থলুৱা প্রজাতি আৰু বিদেশী বেল্টছভিল স্ম’ল হোয়াইট প্রজাতিৰ সংকৰ৷ ই তামিলনাডুৰ জলবায়ুৰ বাবে উপযুক্ত৷ টার্কি পালনৰ অর্থনৈতিক স্থিতিমাপসমূহ টার্কিৰ পালন পৰিচালনা ইনকিউবেশ্বন বা কণী ফুটোৱা টার্কিৰ কণী ফুটাবলৈ ২৮ দিন লাগে৷ দুই ধৰণে কণী ফুটাব পাৰি ক) ওমণিৰ দ্বাৰা প্ৰাকৃতিকভাৱে কণী ফুটোৱা প্ৰাকৃতিকভাবে টার্কি ওমনি দিয়াত ভাল আৰু ওমনিত বহা মাইকী চৰায়ে ১০-১৫ টা কণী ফুটাব পাৰে৷ ৬০-৮০ শতাংশ কণী ফুটি সুস্থ-সবল পোৱালি পাবলৈ ভাল খোলা আৰু আকাৰৰ পৰিষ্কাৰ কণী ওমনিত বহাব লাগে। খ) কৃত্রিম উপায়ে কণী ফুটোৱা কৃত্রিম উপায়ে, ইনকিউবেটৰৰ সাহায়ত কণী ফোটোৱা হয়৷ ছেটাৰ আৰু হেচ্চাৰৰ তাপমান আৰু আপেক্ষিক আর্দ্রতা তলত দিয়া ধৰণৰ হব লাগে: তাপমান(ডিগ্রি ফাৰেনহাইট) আপেক্ষিক আর্দ্রতা(%) ছেটাৰ ৯৯.৫ ৬১-৬৩ হেচ্চাৰ ৯৯.৫ ৮৫-৯০ দৈনিক এক ঘণ্টাৰ মূৰে মূৰে কণীবিলাক উলট-পালট কৰি দিব লাগে। লেতেৰা হোৱা আৰু ভাঙি যোৱা প্ৰতিৰোধ কৰিবলৈ আৰু লগতে কণী ফুটাৰ সংখ্যা বঢ়াবলৈ অলপ সময় পিছে পিছে কণী সংগ্রহ কৰিব লাগে৷ ব্রুডিং টার্কিৰ ০-৪ সপ্তাহ বয়সক ব্রুডিং পিৰিয়ড বোলা হয়৷ ঠাণ্ডাদিনত ব্রুডিং পিৰিয়ড বাঢ়াই ৫-৬ সপ্তাহ কৰা হয়৷ সাধাৰণতে কুকৰাৰ তুলনাত টার্কিৰ হোভাৰৰ ঠাই দুগুণ লাগে৷ এদিনিয়া পোৱালিৰ ব্রুডিঙৰ বাবে অবলোহিত পোহৰৰ বাল্ব বা গেছ ব্রুডাৰ বা চলিত ব্রুডিং ব্যবস্থা ব্যৱহাৰ কৰিব পৰা যায়৷ জন্মৰ সময়ত লক্ষ্য ৰাখিব লগীয়া বিষয়সমূহ: ০-৪ সপ্তাহ বয়সৰ পোৱালিৰ বাবে প্রয়োজনীয় মজিয়া কালি প্রতিটোৰ বাবে ১.৫ বৰ্গফুট ৷ পোৱালি আহি পোৱাৰ অন্তত দুদিন আগতেই ব্রুডাৰ হাউছ প্ৰস্তুত কৰি ৰখিব লাগে। ২ মিটাৰ ব্যাস জুড়ি গোলাকৃতিত লিটাৰ পাৰি ৰাখিব লাগে৷ পোৱালিবিলাক যাতে তাপৰ উৎসৰ পৰা দূৰত গুছি নাযায় তাৰ বাবে অন্তত ১ ফুট উচ্চতাৰ এটি বেৰ দিব লাগে। প্রাৰম্ভিক তাপমাত্রা ৯৫ ডিগ্ৰী ফাৰেনহাইট ৰাখিব লাগে যিটো পোৱালিবিলাকৰ বয়স ৪ সপ্তাহ হোৱালৈ প্রতি সপ্তাহত ৫ ডিগ্ৰী ফাৰেনহাইটতকৈ কমাই যাব লাগে। অগভীৰ পানীৰ পাত্ৰ ব্যৱহাৰ কৰিব লাগে৷ প্রথম চাৰি সপ্তাহত গড় মৃত্যুহাৰ ৬-১০ শতাংশ ৷ মূলতঃ কম দৃষ্টিশক্তি আৰু ভয়ৰ বাবে পোৱালিবিলাক স্বভাবতঃ জন্মৰ পিছত প্রথম কেইদিন একো খাব নোৱাৰে, সেয়ে ইহঁতক জোৰ কৰি খোৱাব লাগে৷ জোৰ কৰি খুওঁৱা পোৱলিবিলাকৰ প্ৰথম কেইদিনত হোৱা মৃত্যুৰ এটি প্রধান কাৰণ হল ভোকত থাকা৷ সেয়ে দানা আৰু পানী দিয়াৰ ক্ষেত্ৰত প্রতি বিশেষভাবে লক্ষ্য ৰাখিব লাগে৷ জোৰকৈ খুওঁৱাৰ ক্ষেত্রত প্রতি লিটাৰ পানীত ১০০ মি.লি. হাৰত গাখীৰ মিহলাই খোৱাব লাগে। আৰু পোন্ধৰ দিনলৈকে প্রতি ১০ টা পোৱালিৰ বাবে এটাকৈ কণী সিজাই দিব লাগে৷ ইয়ে পোৱালিবিলাকৰ প্র’টিন আৰু এনার্জিৰ প্রয়োজন পূৰ কৰিব৷ দানাৰ পাত্রত আঙুলিৰে মৃদু শব্দ কৰি পোৱালিবিলাকক খোৱাৰ প্ৰতি আকৃষ্ট কৰিব পৰা যায়৷ ফীডাৰ আৰু ওয়াটাৰাৰত ৰঙিন মার্বল বা সৰু পাথৰ ৰাখিলেও পোৱালি বিলাক সেইফালে আকর্ষিত হব৷ যেহেতু টার্কিবিলাকে সেউজীয়া শাক-পাচলি ভাল পায়, সেয়ে খাদ্যগ্রহণৰ পৰিমাণ বড়াবলৈ অলপ কোমলীয়া সেউবজীয়া পাতো দানাৰ লগত মিহলাব পাৰি৷ প্রথম ২ দিন ৰঙীন কণীৰ পাত্রও ফীডাৰ হিচাপে ব্যবহাৰ কৰিব পৰা যায়। লিটাৰৰ সৰঞ্জাম ব্রুডিঙৰ বাবে সাধাৰণভাবে ব্যবহৃত লিটাৰৰ সৰঞ্জামবিলাক হ’ল কাঠৰ গুৰি, তুহগুৰি ইত্যাদি৷ প্রথমে লিটাৰ ২ ইঞ্চি ওখকৈ পাৰিব লাগে আৰু লাহে লাহে সেইটো বঢ়াই ৩-৪ ইঞ্চিলৈকে কৰা হয়৷ আঠা লাগি যোৱা বন্ধ কৰিবলৈ লিটাৰ কিছুদিন পিচে পিচে উলট-পালট কৰি দিব লাগে। পালন পদ্ধতি টার্কি মুক্তভাৱে চৰোৱা পদ্ধতি আৰু আৱদ্ধ পদ্ধতিত পালন কৰিব পাৰি। ক) মুক্তভাৱে চৰোৱা পদ্ধতি সুবিধা সমূহ: দানাৰ খৰচ পঞ্চাশ শতাংশ হ্ৰাস কৰে৷ বিনিয়োগৰ প্ৰয়োজনীয়তা কম৷ খৰচৰ তুলনাত লাভৰ হাৰ বেছি ৷ মুক্তভাবে চৰোৱা পদ্ধতিত বেৰৰ দ্বাৰা আৱদ্ধ কৰা এক একৰ ঠাইত ২০০-২৫০ টা পূর্ণ বয়স্ক টার্কি পালন কৰিব পৰা যায়৷ ৰাতি চৰাই প্রতি ৩-৪ বৰ্গফুট হাৰত আশ্রয়ৰ বাবে ঠাই দিব লাগে৷ চৰি খোৱাৰ সময়ত মাংসসাৰী জীৱজন্তৰ পৰা বচাব লাগে৷ ছাঁ আৰু শীতল পৰিবেশৰ বাবে গছ ৰুব লাগে৷ চৰণীয়া পথাৰ সাল-সলনি কৰি ব্যৱহাৰ কৰিলে পৰজিৱীৰ সংক্রমণ কম হয়৷ মুক্তভাবে খুওঁৱা: যিহেতু টার্কি আৱর্জনা খুঁচৰি খোৱাত ভাল, গতিকে ইহঁতে মাংসসাৰ সমৃদ্ধ কেঁচু, সৰু সৰু পোক-পৰুৱা,শামুক, শাক-পাচলিৰ অৱশিষ্ট, উঁই পৰুৱা আদি খায় বাবে দানাৰ খৰচ পঞ্চাশ শতাংশলৈকে হ্ৰাস পায়৷ ইয়াৰ উপৰিও শিমলু জাতীয় ঘাঁহ যেনে লুচার্ন, ডেছমেন্থাচ, স্টাইলো ইত্যাদিও খুৱাব পৰা যায়৷ মুক্তভাবে চৰা চৰাইৰ ঠেংৰ দুর্বলতা আৰু লেঙেৰা হোৱা প্ৰতিৰোধ কৰিবলৈ কেলচিয়াম হিচাপে শামুকৰ খোলা সপ্তাহত ২৫০ গ্রাম হিচাপত দানাত মিহলাই দিব লাগে৷ দানাৰ খৰচ কমাবৰ বাবে মুঠ আহাৰৰ পৰিমানৰ দহ শতাংশলৈকে শাক-পাচলিৰ অৱশিষ্ট যোগান ধৰি পূৰণ কৰিব পৰা যায়। স্বাস্থ্য ৰক্ষা: মুক্তভাৱে চৰোৱা ব্যৱস্থাত পালন কৰা টার্কিৰ অভ্যন্তৰীণ (ঘূৰণীয়া কৃমি) আৰু বাহ্যিক(ফাউল মাইট)পৰজীৱিৰ সংক্রমণৰ সম্ভাবনা অত্যন্ত বেছি৷ সেয়ে চৰাইবিলাকৰ বিকাশৰ বাবে মাহত এবাৰ পেলুনিবাৰন আৰু ডিপিং কৰাটো প্ৰয়োজন৷ খ) আৱদ্ধ পদ্ধতিত পালন উপকাৰিতা: উন্নত উৎপাদন দক্ষতা৷ উন্নততৰ পৰিচালন আৰু ৰোগ নিয়ন্ত্রণ৷ বাসস্থান: টার্কিবিলাকক ৰ’দ, বৰষুণ, বতাহ, চিকাৰি জীৱজন্তুৰ পৰা বচাই ৰাখি আৰাম জোগাবৰ কাৰণে বাসস্থানৰ প্ৰয়োজন৷ অপেক্ষিকভাবে গৰম অঞ্চলবিলাকত ঘৰ বিলাক দীঘলে-দীঘলে পূবৰ পৰা পশ্চিমলৈ হ’ব লাগে। দুটি ঘৰৰ মাজত অন্তত ২০ মিটাৰ দূৰত্ব থাকিব লাগে হবে আৰু কমবয়সীয়া চৰাইৰ ঘৰ প্রাপ্তবয়স্কবিলাকৰ ঘৰৰ পৰা অন্তত ৫০ ৰ পৰা ১০০ মিটাৰ দূৰত থাকিব লাগে৷ খোলা ঘৰৰ প্রস্থ ৯ মিটাৰতকৈ বেছি হব নালাগে৷ মজিয়াৰ পৰা চালৰ উচ্চতা ২.৬ ৰ পৰা ৩.৩ মিটাৰৰ ভিতৰত থাকিব লাগে৷ বৰষুণৰ ছিটিকনি যাতে ভিতৰত নাহে তাৰ বাবে ঘৰৰ চাল এক মিটাৰ বড়াই ৰাখিব লাগে৷ ঘৰৰ মজিয়া কম খৰচী, মজবুত, নিৰাপদ, আর্দ্রতা ৰোধক বস্তু, যেনে, কংক্রিটৰ, হোৱা বাঞ্ছনীয়৷ ডিপ লিটাৰ পদ্ধতিত টার্কি পালনৰ সাধাৰণ পৰিচালনা ব্যৱস্থা কুকুৰা পালনৰ লগত একেই, কিন্তু ডাঙৰ আকৃতিৰ চৰাই বাবে যথাযথ বাসস্থান, ওয়াটাৰাৰ আৰু ফীডাৰাৰ ঠাইৰ ব্যবস্থা থাকিব লাগে৷ টার্কি ধৰা আৰু সৰবৰাহ কৰা যিকোনো বয়সৰ টার্কিবিলাকক লাখুটিৰ দ্বাৰা সহজতে এঠাইৰ পৰা আনঠাইলৈ খেদি নিব পৰা যায়৷ টার্কি ধৰিবলৈ অন্ধকাৰ ঘৰেই সকলোতকৈ ভাল, য’ত ইহঁতক কোনোধৰনৰ আঘাত নিদিয়াকৈ দুই ঠেংত ধৰি ওঠাব পৰা যায়৷ কিন্তু প্রাপ্তবয়স্ক টার্কিবিলাকক ৩-৪ মিনিটতকৈ অধিক সময় ধৰি উলমাই ৰখা উচিত নহয়৷ টার্কিৰ বাসস্থান, খাদ্য আৰু পানীৰ বাবে প্রয়োজনীয় ঠাইৰ পৰিমাণ: বয়স বাসস্থানৰ আয়তন (বৰ্গফুট) খাদ্যৰ আয়তন(চে.মি) (লিনিয়াৰ খাদ্যৰ পাত্ৰ) পানীৰ আয়তন(চে.মি) (লিনিয়াৰ পানীৰ পাত্ৰ) ০-৪ সপ্তাহ ১.২৫ ২.৫ ১.৫ ৫-১৬ সপ্তাহ ২.৫ ৫.০ ২.৫ ১৬-২৯ সপ্তাহ ৪.০ ৬.৫ ২.৫ টার্কি ব্রীডাৰ ৫.০ ৭.৫ ২.৫ টার্কিৰ স্বভাৱ সাধাৰণত স্নায়ুপ্রবণ; সেয়ে যিকোনো বয়সৰ টাৰ্কি সোনকালে ভয় খায়৷ সেয়ে টার্কি থকা ঘৰত বেলেগ মানুহৰ প্ৰৱেশ সীমিত কৰিব লাগে৷ ডিবীকিং (ঠোঁট কটা) পাখি খুঁচৰা আৰু ইটোৱে সিটোক খূঁটা নিয়ন্ত্রণ কৰিবলৈ পোৱালি চৰাইৰ ডিবীকিং কৰিব লাগে৷ এদিনিয়া বা ৩-৫ সপ্তাহ বয়সীয়া পোৱালিৰ ডিবীকিং কৰা হয়৷ নাকৰ বিন্ধাৰ পৰা ঠোঁটৰ আগলৈকে প্রায় আধা দূৰত্বত ঠোঁট কাটি দিব লাগে৷ ডিস্নুডিং খূঁটা-খূঁটি আৰু যুঁজ লাগি মূৰত আঘাত পোৱাটো প্ৰতিহত কৰিবলৈ স্নুড বা ডিউবিল (ঠোঁটৰ গুৰিত থকা মাংসল পিণ্ড) আতৰাই দিয়া হয়৷ এদিন বয়সত আঙুলিৰ চাপ দি স্নুড তুলি পেলোৱা হয়। ৩ সপ্তাহ বয়সত ইয়াক চোকা কেচিৰ দ্বাৰা মূৰৰ একেবাৰে ওচৰত কাটি দিয়া হয়৷ ডিটোয়িং বা ঠেংৰ আঙুলি কটা (ক্লিপিং): এদিন বয়সত ক্লিপিং কৰা হয়৷ ইয়াৰ বাবে বাহিৰৰ ফালৰ টো-পেডৰ ভিতৰ ঘঁষাই আঙুলিৰ আগ আৰু নখ সম্পূৰ্ণৰূপে কাটি পেলাই দিয়া হয় আহাৰ খাবলৈ দিয়াৰ পদ্ধতিবিলাক হ’ল মেশ্ব খুওঁৱা আৰু পেলেট (টেবলেট) খুওঁৱা৷ কুকুৰাৰ তুলনাত টার্কিৰ শক্তি, প্র’টিন আৰু খনিজ লৱনৰ প্রয়োজন অধিক৷ যিহেতু মতা আৰু মাইকীৰ ক্ষেত্রত প্রয়োজনীয় শক্তিৰ (এনার্জী) পৰিমাণ বেলেগ, সেয়ে ভাল ফল পাবলৈ ইহঁতক পৃথকভাবে পালন কৰিব লাগে৷ আহাৰ ফীডাৰত দিব লাগে, মাটিত নহয়৷ এক ধৰণৰ আহাৰৰ পৰা অন্যধৰনৰ আহাৰলৈ পৰিবর্তন কৰোতে ক্ৰমান্বয়ে লাহে লাহে কৰিব লাগে৷ টার্কিবিলাকক সকলো সময়ত অবিৰাম পৰিষ্কাৰ পানীৰ যোগান ধৰিব লাগে৷ গৰমকালি অধিক সংখ্যাত ওয়াটাৰাৰ ৰাখিব লাগে৷ গৰমকালি দিনৰ তুলনামূতকভাবে ঠাণ্ডা সময়ত টার্কিবিলাকক খাবলৈ দিব লাগে৷ ঠেংৰ দুর্বলতা ৰোধ কৰিবলৈ দৈনিক ৩০-৪০ গ্রাম হাৰত শামুকৰ খোলাৰ গুঁড়ি দিয়ক৷ সেউজীয়া খাদ্য আৱদ্ধ পাদ্ধতিত, ড্রাই মেশ্ব হিচাপে মুঠ আহাৰৰ ৫০ শতাংশ পর্যন্ত সেউজীয়া আহাৰ দিব পৰা যায়৷ যিকোনো বয়সৰ টার্কিৰ বাবে সঁতেজ লুচার্ন উত্তম সেউজীয়া আহাৰ৷ ইয়াৰ ওপৰিও দানাৰ খৰচ কমাবৰ বাবে ডেছমেন্থাচ আৰু স্টাইলো কুটি টার্কিবিলাকক খুৱাব পৰা যায়৷ ওজন আৰু খাদ্য গ্রহণ: বয়স,সপ্তাহ গড় ওজন(কিলোগ্রাম) মুঠ খাদ্য গ্রহণ(কিলোগ্রাম) সৰ্বমুঠ দানাৰ দক্ষতা মতা মাইকী মতা মাইকী মতা মাইকী চতুর্থ সপ্তাহলৈকে ০.৭২ ০.৬৩ ০.৯৫ ০৮১ ১.৩ ১.৩ অষ্টম সপ্তাহলৈকে ২.৩৬ ১.৯০ ৩.৯৯ ৩.৪৯ ১.৮ ১.৭ ১২শ সপ্তাহলৈকে ৪.৭২ ৩.৮৫ ১১.৩৪ ৯.২৫ ২.৪ ২.৪ ১৬শ সপ্তাহলৈকে ৭.২৬ ৫.৫৩ ১৯.৮৬ ১৫.৬৯ ২.৮ ২.৭ ২০তম সপ্তাহলৈকে ৯.৬২ ৬.৭৫ ২৮.২৬ ২৩.১৩ ৩.৪ ২.৯ প্রজনন সংক্রান্তীয় অভ্যাসসমূহ স্বাভাবিক সঙ্গম : পূর্ণবয়স্ক মতা চৰায়ে সঙ্গমকালীন সময়ত পাখিবিলাক মেলি দি ঘন ঘনকৈ এটি অদ্ভুত শব্দ কৰি থাকে, এই আচৰণক সাধাৰণতে স্ট্রাট বুলি কোৱা হয়। স্বাভাবিক সঙ্গমত মতা: মাইকীৰ অনুপাত মধ্যমীয়া আকাৰৰ টার্কিৰ ক্ষেত্ৰত ১:৫ আৰু ডাঙৰ আকাৰৰ বাবে ১:৩ হব লাগে৷ প্রতিটি পূর্ণবয়স্ক মাইকী চৰাইৰ পৰা গড়ে ৪০-৫০ টা পোৱালি পাবলৈ আশা কৰিব পাৰি৷ উর্বৰতা কমি যোৱাৰ বাবে প্রথম বছৰৰ পিছত পূর্ণবয়স্ক মতা পাখী সঙ্গমৰ বাবে খুব কমেই ব্যবহাৰ কৰা হয়৷ পূর্ণবয়স্ক মতা চৰাইৰ কোনো এটি বিশেষ মাইকীৰ প্রতি আকর্ষণ জন্মোৱাৰ প্রবণতা থাকে, সেয়ে প্রতি ১৫ দিনৰ অন্তৰালত পূর্ণবয়স্ক মতা চৰাই সালা-সলনি কৰি লব লাগে৷ কৃত্রিম গর্ভাধান: কৃত্রিম গর্ভাধাৰনৰ উপকাৰিতা হল সমগ্র ঋতু ধৰি টার্কিৰ পালৰ উচ্চ উর্বৰতা বজাই ৰখা৷ প্রাপ্তবয়স্ক মতা চৰাইৰ বীর্য সংগ্রহ কৰা বীর্য সংগ্রহৰ বাবে মতা চৰাইৰ বয়স ৩২-৩৬ সপ্তাহ হব লাগে৷ বীর্য সংগ্রহৰ অন্ততঃ ১৫ দিন আগৰ পৰাই মতা চৰাইটোক অকলে ৰাখিব লাগে৷ মতা চৰাইটোক নিয়মিতভাবে হাতেৰে লৰ-চৰ কৰিব থাকিব লাগে। বীর্য সংগ্রহৰ বাবে সময় লাগে ২ মিনিট৷ মতা চৰাই স্পর্শকাতৰ হয় বাবে সর্বোচ্চ পৰিমাণত বীর্য পাবলৈ একেজন পালনকাৰীক বীর্য সংগ্রহৰ কামত লাগোৱা উচিত৷ গড় বীর্যৰ পৰিমাণ ০.১৫ ৰ পৰা ০.৩০ মি.লি.৷ সংগ্রহ কৰাৰ এক ঘণ্টাৰ ভিতৰত বীর্য ব্যৱহাৰ কৰিব লাগে৷ সপ্তাহত তিনি দিন বা এদিন অন্তৰালত সংগ্ৰহৰ কাম কৰিব লাগে। মাইকী চৰাইক নিষিক্ত কৰা : চৰাইৰ জাক ৮-১০ শতাংশ কণী উৎপাদনত উপনীত হ’লে কৃত্রিম গর্ভাধাৰন কৰোৱা হয়৷ প্রতি তিন সপ্তাহৰ মূৰে মূৰে ০.০২৫-০.০৩০ মিলিলিটাৰ পাতল নকৰা বীর্যৰ দ্বাৰা মাইকী চৰাইক নিষিক্ত কৰক৷ ঋতুৰ ১২ সপ্তাহ পিছৰ পৰা প্রত্যেক পোন্ধৰ দিনৰ অন্তৰলাত নিষিক্ত কৰা ভাল৷ সন্ধিয়া ৫-৬ বজাৰ পিচত মাইকী চৰাইক নিষিক্ত কৰক৷ এটি ১৬ সপ্তাহ জুৰা প্রজনন ঋতুত গড় উর্বৰতা ৮০-৮৫ শতাংশ হব লাগে। টার্কিৰ সাধাৰণ ৰোগ ৰোগ কাৰণ লক্ষণ প্রতিৰোধ এৰিজ়োনোচিচ ছালমোনেল্লা এৰিজ়োনা পোৱালি বিলাকৰ বৃদ্ধি নহয় আৰু চকুৰ অস্বচ্ছতা আৰু অন্ধত্ব দেখা দিব পাৰে৷ আক্রান্ত হোৱা সম্ভাব্য বয়স ৩-৪ সপ্তাহ সংক্রমিত ব্রীডাৰৰ জাক বর্জন কৰা, হেচ্চাৰি ফিউমিগেশ্বন (বীজাণুনাশক ধোঁৱা প্রয়োগ) কৰা আৰু বীজাণুমুক্ত কৰা৷ ব্লু ক’ম্ব ৰোগ কৰোনাভাইৰাচ অবসাদ, ওজন হ্রাস, ফেনৰ দৰে বা পানীৰ নিচিনা বিষ্ঠা, মূৰ আৰু ছালৰ ৰং গাঢ় হোৱা৷ পামত চৰাইৰ সংখ্যা কমাওক আৰু সংক্রমণমুক্ত কৰক৷ কিছুদিন সময় বিৰতি দিয়ক৷ ক্রনিক ৰেচপিৰেটৰি ডিজ়িজ়(একেধাৰে থকা শ্বাস-প্ৰসাস্বৰ বেমাৰ) মাইকোপ্লাজ়মা গেলিচেপ্টিকাম কাঁহ, গড়গড় শব্দ, হাঁচি, নাকৰে পানী ওলোৱা৷ মাইকোপ্লাজ়মাবিহীন স্ট’ক কিনক এৰিচিপেলাচ এৰিচিপেলোথ্রিক্সৰূচিওপেথিডি আকস্মিক মৃত্যু, উখহা স্নুড, মুখৰ বেলেগ বেলেগ স্থানৰ ৰং পৰিবর্তন, হাউলি পৰি যোৱাৰ ভাব টিকাকৰণ ফাউল কলেৰা পেস্চুৰেলামাল্টোচিডা বেগুনীয়া মূৰ, সেউজীয়া হালধীয়া বিষ্ঠা, আকস্মিক মৃত্যু জীবাণুনাশ কৰা আৰু মৃত চৰাই যথাযথ ভাবে নষ্ট কৰা৷ ফাউল পক্স পক্স ভাইৰাচ ঝুঁটি আৰু গলকম্বলত (ওয়াটল) সৰু সৰু হালধীয়া ফোঁহা আৰু বাকলি উঠা টিকাকৰণ ৰক্তস্রাবী আন্ত্রিক প্রদাহ ভাইৰাচ এক বা একাধিক মৃত চৰাই টিকাকৰণ Iসংক্রামক ছাইনোভাইটিচ মাইকোপ্লাজ়মা গেলিচেপ্টিকাম ঠেংৰ সন্ধি আৰু পেড উখহা, লেঙেৰা হোৱা, বুকুত জোলাঙা বন্ধা পৰিষ্কাৰ স্টক কিনক সংক্রামক ছাইনোছাইটিচ বেক্টেৰিয়া নাকেৰে পানী বোৱা, চাইনাচ উখহা আৰু কাঁহ ৰোগহীন ব্রীডাৰৰ পৰা পোৱালি আনক মাইকোটক্সিকোচিচ ভেঁকুৰ ৰক্তস্রাব, হেঁতা পৰা, চর্বিযুক্ত লিভাৰ আৰু কিডনি আহাৰ নষ্ট হবলৈ নিদিব নিউ কেচল বেমাৰ পেৰামিক্সোভাইৰাচ মুখ মেলি শ্বাস লোৱা, সশব্দে শ্বাস লোৱা, ডিঙি বেকা হোৱা, পক্ষাঘাত, কুমল খোলাযুক্ত কণী টিকাকৰণ পেৰাটাইফয়েড চালমোনেল্লাপুলোৰাম পোৱালিবিলাকৰ ডায়েৰিয়া প্রতিৰোধ আৰু জাকৰ বীজাণুনাশন টার্কি কৰাইজ়া বর্ডেটেল্লা এভিয়াম নাকৰ চেঁপা শব্দ, ফুছফুছ ঘড়ঘড় শব্দ আৰু নাকৰ পৰা অত্যধিক শ্লেষ্মা ওলোৱা টিকাকৰণ কক্সিডিওচিচ কক্সিডিয়া প্র. তেজযুক্ত ডায়েৰিয়া আৰু ওজন হ্রাস যথাযথ বীজাণুনাশন আৰু লিটাৰ পৰিচালন টার্কিৰ যৌন ৰোগ মাইকোপ্লাজ়মা মেলিয়াগ্রিচ উর্বৰতা আৰু ফুটাৰ যোগ্য কণীৰ সংখ্যা হ্রাস কঠোৰ জীবাণুনাশন টিকাকৰণ সূচী: এদিন বয়স এনডি – বি১ স্ট্রেইন চতুর্থ আৰু পঞ্চমসপ্তাহ ফাউল পক্স ষষ্ঠসপ্তাহ এনডি – (আৰ২বি) ৮ – ১০ সপ্তাহ কলেৰা ভেকচিন টার্কি বাজাৰকৰণ কৰা পূর্ণবয়স্ক মতা আৰু মাইকী টার্কিৰ ১৬ সপ্তাহত গাৰ ওজন ক্ৰমান্বয়ে ৭.২৬ কিলাগ্রাম আৰু ৫.৫৩ কিলোগ্রাম হয়৷ টার্কি বজাৰকৰণ কৰাৰ বাবে ই সর্বোত্তম ওজন৷ টার্কিৰ কণী: টার্কিয়ে ৩০তম সপ্তাহৰ পৰা কণী দিবলৈ আৰম্ভ কৰে আৰু ইয়াৰ কণী দিয়াৰ সময়সীমা হল কণী দিয়া আৰম্ভনিৰ দিনৰ পৰা ২৪ সপ্তাহলৈকে৷ সঠিক খাদ্য আৰু যথাযথ কৃত্রিম পোহৰৰ প্রয়োগৰ সহায়ত মাইকী টার্কিয়ে বছৰত ৬০-১০০ টালৈকে কণী দিব পাৰে৷ মুঠ কণীৰ প্রায় ৭০ শতাংশ আবেলি পাৰে। টার্কিৰ কণী ৰঙিন হয় আৰু কণীৰ ওজন প্রায় ৮৫ গ্রাম৷ কণী এফালে লক্ষ্যণীয় ভাবে জোঙা হয় আৰু খোলা শক্তিশালী হয়৷ টার্কিৰ কণীত প্রোটিন, লিপিড, কার্বোহাইড্রেট আৰু খনিজ পদার্থ থাকে যথাক্রমে ১৩.১ শতাংশ, ১১.৮ শতাংশ,১.৭ শতাংশ আৰু ০.৮ শতাংশ৷ কোলেস্টেৰল থাকে ১৫.৬৭-২৩.৯৭ মিলিগ্রাম/গ্রাম কুহুম৷ টার্কিৰ মাংস : টার্কিৰ মাংসত সকলোতকৈ কম চর্বি থাকে বাবে গ্ৰাহকৰ বাবে বেছি পছন্দনীয়৷ প্রতি ১০০ গ্রাম টার্কিৰ মাংসৰ মাংসসাৰ, চৰ্বী আৰু এনার্জী মূল্য যথাক্রমে ২৪ শতাংশ, ৬.৬ শতাংশ, আৰু ১৬২ কেলৰী৷ ইয়াত খনিজ পদার্থ যেনে পটাচিয়াম, কেলচিয়াম, মেগনেচিয়াম, আইৰন, চেলেনিয়াম, জিংক আৰু চডিয়াম থাকে৷ ই অত্যাৱশ্যকীয় এমাইনো এচিড আৰু ভিটামিনতো সমৃদ্ধ যেনে নিয়াচিন, খাদ্যপ্ৰান বি৬ আৰু বি১২৷ ই অসংম্পৃক্ত ফেটি এচিড আৰু অত্যাৱশ্যকীয় ফেটি এচিড সমৃদ্ধ আৰু ক’লেস্টেৰ’লৰ পৰিমাণ কম৷ ২৪ সপ্তাহত বিক্রী কৰিব পৰা ৩০০ ৰ পৰা ৪০০ টকা খৰচ কৰি পালন কৰা ১০ ৰপৰা ২০ কি.গ্রা ওজনৰ এটা মতা টার্কিৰ পৰা ৫০০-৬০০ টকা লাভ পোৱা যায়৷ একেদৰে এটা মাইকী চৰাই ২৪ সপ্তাহ সময়সীমাত ৩০০ ৰ পৰা ৪০০ টকা লাভ দিব৷ ইয়াৰ ওপৰিও, টার্কি সম্পূর্ণ আৰু আংশিক ভাবে আৱর্জনা খুঁচৰি খাইয়ো পালিত হব পাৰে৷ উৎস: আইএনডিজি দল।