বৰ্ত্তমান আমাৰ দেশ কণী আৰু মাংস উপযোগী কুকুৰা উৎপাদন কৰা দেশ বিলাকৰ ভিতৰত অন্যতম৷ অৱশ্যে দেশৰ চাহিদা অনুসৰি এই বিলাক খাদ্য সামগ্ৰীৰ উৎপাদন হোৱা নাই৷ অসমত ইয়াৰ অৱস্থা বৰ সুখদায়ক নহয়৷ আজি কালি বহুতো কৃষক নিবনুৱা যুৱক-যুৱতীয়ে ব্যৱসায় ভিত্তিত হাঁহ-কুকুৰা পালন কৰি আত্ম নিৰ্ভৰশীল হোৱা প্ৰচেষ্টাটো বৰ আদৰণীয়৷ আমাৰ দেশত কুকুৰা ও কণী উৎপাদনৰ কিছু তথ্য দাঙি ধৰা হৈছে৷ বছৰ কণী পৰা কুকুৰা (নিযুত) কণী উৎপাদন (নিযুত) ব্ৰইলাৰ (নিযুত) ১৯৯০ ১২২ ২৪৬০০ ২৪০ ১৯৯৪ ৬২০ ২৬৩০০ ২৭৫ ২০০০ ১২১০ ৪৫০০০ ৮০০০ ওপৰৰ সমীক্ষাৰ পৰা এইটো পতিয়ন হৈছে যে ভাৰতবৰ্ষত বৰ্ত্তমান উন্নত পশু-পক্ষী প্ৰতিপালনৰ দ্বাৰা উৎপাদন বৃদ্ধিত যথেষ্ট অগ্ৰগতি লাভ কৰিছে ৷ তথাপিও আমাৰ দেশত লাগতীয়াল পৰিমাণৰ কণী বা মাংস উৎপাদন হোৱা নাই ৷ উদাহৰণ স্বৰূপে ভাৰতৰ বাহিৰৰ উন্নত দেশ বিলাকৰ প্ৰতিজন লোকে বছৰি ৩৫০-৪৫০ টা কণীৰ অনুপাতত ভাৰতীয় লোকে বছৰি প্ৰায় ৩৬ টা মানুহে কণী খাবলৈ পায়৷ উৎপাদিত সামগ্ৰী বিলাকৰ মন্হৰ গতিত মুলত বহুতো কাৰণ আছে৷ এই বিলাকৰ ভিতৰত ১)উন্নত হাঁহ-কুকুৰা পালনৰ প্ৰতি কৃষক সমাজৰ উদাসীনতা৷ ২)উন্নত প্ৰতিপালনৰ বিভিন্ন দিশৰ জ্ঞানৰ অভাৱ আৰু গতানুগতিক পদ্ধতিৰে হাঁহ-কুকুৰা পালন ৷ ৩)মুলধনৰ অভাৱ৷ ৪)সময়মতে উন্নত সঁচ, গুণবিশিষ্ট দানা-পানী, উৎপাদিত সামগ্ৰীৰ বজাৰ আদিৰ অভাৱ৷ ৫)সময়মতে চিকিৎসা ব্যৱস্থাৰ অভাৱ আদি বহুতো কাৰণ দেখা পোৱা যায়৷ কিন্তু এই বিলাক অসুবিধা স্বত্বেও আজি আমাৰ দেশত হাঁহ-কুকুৰা পালনত বিশেষ অগ্ৰগতি লাভ কৰা দেখা গৈছে৷ আমাৰ প্ৰাকৃতিক পৰিবেশলৈ চাই হাঁহ পালন এক উৎপাদনমুখী প্ৰক্ৰিয়া বুলি কব পাৰি ৷ অৱশ্যে সমগ্ৰ উত্তৰ পুৰ্বাঞ্চল, উৰিষ্যা, পশ্চিমবঙ্গ, অসম, ত্ৰিপুৰা হাঁহ পালনৰ বাবে বিশেষ ভাৱে উল্লেখনীয় ৷ অৱশ্যে কুকুৰা পালনৰ দৰে হাঁহ পালনে বিশেষ অগ্ৰসৰ হ’ব পৰা নাই ৷ কিন্তু কণী পৰা কুকুৰা পালনৰ তুলনাত হাঁহ পালন বেছি সুবিধাজনক বুলি পৰিগণিত হৈছে ৷ হাঁহ পালনৰ বিশেষ সুবিধা সমূহৰ ভিতৰত প্ৰধানকৈ তলৰ কথাখিনি মনত ৰাখিব লাগিব ৷ ১)হাঁহ শক্তিশালী, দ’ নলা, পিতনি আদিত চৰি-মেলি নিজে লাগতিয়াল বহুতো খাদ্য যোগাৰ কৰিব পাৰে ৷ ২)ৰোগ প্ৰতিৰোধ ক্ষমতাও বেছি ৷ ৩)হাঁহৰ কণীত মাংসৰো চাহিদা বেছি ৷ ৪) সমন্বিত আৰ্হিৰ হাঁহ-কুকুৰা দুয়োটাই মীন পথাৰত ব্যৱহাৰ কৰি একক কৃষি ভুমিত অধিক উৎপাদন কৰিব পাৰি ৷ সেয়েহে বৰ্ত্তমান আমি সকলোৱে উন্নত প্ৰকাৰে হাঁহ-কুকুৰা প্ৰতিপালন কৰি প্ৰতিজন কৃষক পৰিয়ালে আৰ্থিক দিশ টনকীয়াল কৰাৰ কথা চিন্তা কৰাৰ প্ৰয়োজন হৈছে৷ ইয়াৰ বাবে আমি প্ৰত্যেকে উন্নত প্ৰতিপালন বিভিন্ন দিশৰ কথা জানিব লাগিব ৷ বৰ্ত্তমান দেশত উন্নত জাতৰ কণী পৰা কুকুৰা, ব্ৰইলাৰ কুকুৰা, বিভিন্ন প্ৰজাতিৰ হাঁহৰ পোৱালী পোৱা যায়৷ উন্নত জাতৰ কণী পৰা কুকুৰাৰ বিশেষত্ব হৈছে যে এই বিলাক কুকুৰাই ৪১/২ মাহৰ পৰা ৫ মাহত কণী পৰা আৰম্ভ কৰি বছৰি প্ৰায় ২৬০-২৮০ টা কণী পাৰে৷ ইয়াৰ বাবে উপযুক্ত থকা ঠাই, স্বাস্থ্য ৰক্ষাৰ ব্যৱস্থা আৰু গুণবিশিষ্ট দানা পানী যোগান অতি প্ৰয়োজন ৷ থূলমূলকৈ ঊন্নত প্ৰতিপালনৰ সাৰমৰ্ম হ’ল ১)ঊন্নত জাতৰ হাঁহ–কুকুৰা নিৰ্বাচন, ২)উপযুক্ত হাঁহ–কুকুৰাৰ গড়াল নিৰ্মাণ, ৩)উপযুক্ত দানা- পানীৰ যোগান, ৪)সময়মতে স্বাস্থ্য ৰক্ষাৰ ব্যৱস্থা গ্ৰহণ, ৫)সময়মতে পশু চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ ইত্যাদি ৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।