অসমত কুকুৰা পালনতকৈ হাঁহ পালনৰ ক্ষেত্ৰত সামাজিক পৰিবেশ সাধাৰণভাৱে অধিক অনুকুল৷ ব্যৱসায়িক কণী পৰা হাঁহৰ পাম খুলিলে অধিক সা-সুবিধা বিলাক হ’ল ১)কুকুৰাতকৈ হাহেঁ বছৰি ৪০-৫০ টা অধিক কণী পাৰে৷ ২)বিভিন্ন ধৰণৰ বাণিজ্যিক কৃষিজাত উপদ্ৰৱ্যকে হাঁহৰ আহাৰ হিচাবে ব্যৱহাৰ কৰি হাঁহ পালন সম্ভৱপৰ হয় আৰু ইয়াকে কৰিলে হাঁহৰ কণী উৎপাদনো তাৎপৰ্য্যপূৰ্ণ ভাৱে কমি নাযায়৷ ৩)ভালেমান ৰোগৰ বিৰুদ্ধে হাঁহ স্বাভাৱিক ভাৱে প্ৰতিৰোধ কৰিবলৈ সক্ষম৷ ৪)হাঁহ আৰু মীন পামৰ সংমিশ্ৰণ পাম পদ্ধতি বেছ উপযোগী৷ প্ৰজাতিৰ নিৰ্বাচন পাতি, নাগেশ্বৰী আৰু চিলেটী আদি কেতবোৰ, অসমতো মানুহে পোহা সচঁৰ নাম পাওঁ৷ মঙহৰ বাবে কোনো কোনোৱে ‘মাচকভি’ প্ৰজাতিৰ হাঁহো পোহে৷ বহুতক চীনা হাঁহ পোহাও দেখা যায়৷ ব্যৱসায়িক পাম খুলিবৰ বাবে ‘খাকি কেম্বেল’ হাঁহ আটাইতকৈ উৎকৃষ্ট৷ অসমত একেবাৰে সম্পূৰ্ণ শুদ্ধ প্ৰজাতি হিচাবে নাপালেও ইতিমধ্যে উন্নত প্ৰজাতি বা বৰ্ণশংকৰ প্ৰজাতিৰ ‘খাকি কেম্বেল’ হাঁহ সহজেই পোৱা যায়৷ খাকি কেম্বেল হাঁহৰ উৎপাদন সামৰ্থ্য ১)প্ৰথমটো কণী পাৰোতে বয়স ১২০ দিন৷ ২)কণী উৎপাদন বাৰ্ষিক ৩০০ টা৷ ৩)৫০% কণী উৎপাদন কৰোতে বয়স ১৪৬ দিন৷ ৪)৪০ সপ্তাহৰ হাঁহে পৰা কণীৰ গড় ওজন ৬৬ গ্ৰাম ৷ ৫)৪০ সপ্তাহ বয়সৰ হাঁহৰ গড় হিচাবে গাৰ ওজন ১.৮ কি:গ্ৰা: ৷ ৬)প্ৰতিজনী হাঁহে নিতৌ খোৱা আহাৰৰ ওজন ১২০ গ্ৰাম- ১৫০ গ্ৰাম ৷ হাঁহ পোৱালী প্ৰতিপালন ১)বুজন চানেকীয়া হাঁহ পোৱালী বিলাক সম্পূৰ্ণ আৱদ্ধ প্ৰথা অথবা মুকলিত মেলি দিও পালন কৰিব পাৰি ৷ মুকলি প্ৰথাত এক একৰ মাটিত দুহেজাৰলৈকে হাঁহ পুহিব পাৰি ৷ ২)আশিংক ভাৱে আৱদ্ধ প্ৰথাত বাহিৰৰ চালি থকা ঘৰত প্ৰতিজনী হাঁহে থকা ঠাই ২১/২ বৰ্গ ফুট আৰু থকা ঠাই ১০ বৰ্গফুট পৰিমানৰ মজিয়াৰ কালি পালেই যথেষ্ট ৷ ৩)সম্পূৰ্ণ আৱদ্ধ প্ৰথাত, প্ৰতিজনী হাঁহকে ৩ বৰ্গ ফুট পৰিমানৰ মজিয়াৰ কালি পাব লাগে৷ ৪)পানীৰ পাত্ৰত অন্তত: ৬ ইঞ্চি দ’কৈ পানী হাঁহক যোগান ধৰিব লাগে৷ কণী পৰা হাঁহৰ প্ৰতিপালন ১) মুকলি, আংশিক ভাৱে আৱদ্ধ নাইবা সম্পূৰ্ণ ৰূপে আৱদ্ধ, এই তিনিটাৰ ভিতৰত এটা প্ৰথাৰে পালন কৰিব পাৰি ৷ ২) মুকলি প্ৰথাত ১ একৰ মাটিত ১০০ জনী হাঁহ পুহিব পাৰি ৷ ৩) আংশিক ভাৱে আৱদ্ধ প্ৰথাত প্ৰতিজনী হাঁহে ৩ বৰ্গ ফুট আৰু আৱদ্ধ প্ৰথাত প্ৰতিজনী হাঁহে ৫ বৰ্গ ফুট পৰিমানৰ মজিয়াৰ কালি পোৱা উচিত ৷ ৪) প্ৰতি জনী হাঁহ বাবে একোটাকৈ ১২" X ১২" X ১৮" আকাৰৰ কণী পৰা হাঁহ দিব লাগে ৷ ৫) উমনিৰ কণী উৎপাদন কৰিবলৈ হ’লে ১ টা মতা হাঁহ, ৮ জনী মাইকী হাঁহ, এই অনুপাতত পুহিলেই হ’ব ৷ ৬) প্ৰতিখন হাঁহ ৰখা চালি ৭০ জনীকৈ ৰাখিলে পৰিচালনাৰ দিশৰ পৰা ভাল ৷ কণী পাৰি থকা কালছোৱাত হাঁহে দিনটোৰ ভিতৰৰ ২৪ ঘন্টাত, ১৭ ঘন্টা সময় পোহৰ পাব লাগে ৷ পানীৰ লগত মিহলাই তিতোৱা বা ভিজোৱা দানা হাঁহক ইংৰাজী"V" আকৃতিৰে সজা আহাৰ খুওৱা পাত্ৰতহে খুৱাব লাগে ৷ শুকান দানা উচিত নহয় ৷ পোৱালীক ৩ সপ্তাহ বয়সলৈ দিনে ৪-৫ বাৰ, ১২ সপ্তাহলৈকে ৩-৪ বাৰ, ডাঙৰক দুবাৰ আহাৰ দিব লাগে ৷ খাকি কেম্বেল হাঁহে ২০ সপ্তাহ বয়সলৈকে মুঠ ১২.৫ কি:গ্ৰা: দানা খায় ৷ মাকৈ, গম, চয়াবিন গুড়া, শুকান মাছৰ গুড়া, লুৰ্চাণ ঘাঁহৰ পাতৰ গুড়া, শামুকৰ ভঙা খোলা, মিহলোৱা খনিজ লৱনেৰে হাঁহৰ দানা বনাব পাৰি৷ হাঁহৰ বেমাৰসমূহ হাঁহৰ প্লেগ, ইনফেকচিয়াছ চেৰ’চাইটিছ, হাঁহৰ কলেৰা, এফ্লাটাস্কিক’ছিছ, পেলুৰ বেমাৰ আদিৰ বিষয়ে পশু চিকিৎসা বিষয়াৰ লগত আলোচনা কৰি বিহিত ব্যৱস্থা পোৱা দৰকাৰ৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।