ব্ৰয়লাৰ কুকুৰা হ’ল এনে এবিধ কুকুৰা যি খুব সোনকালে বাঢ়িব পাৰে আৰু ৪০/৫০ দিনৰ ভিতৰতে খোৱাৰ উপযোগী হৈ পৰে। মাংসৰ বাবে ব্ৰয়লাৰ কুকুৰাৰ পাম কৰি অতি কম সময়ৰ ভিতৰতে একো একোজন কুকুৰাপালকে যথেষ্ঠ ধন উপাৰ্জন কৰিব পাৰে। আমাৰ ৰাজ্যত ব্ৰয়লাৰ পোৱালি উৎপাদনৰ পাম যদিও তেনেকৈ গঢ়ি উঠা নাই,তথাপি অসমৰ বাহিৰৰ কুকুৰা পোৱালি পোহপাল কৰি পালকসকলে তেওঁলোকৰ আৰ্থিক অৱস্থা টনকিয়াল কৰিবলৈ সক্ষম হৈছে। মাত্ৰ ৪ সপ্তাহৰ ভিতৰতেই ব্ৰয়লাৰ কুকুৰাৰ ওজন ২ কেজি পৰ্য্যন্ত হয় আৰু কোমল মাংসৰ বাবে ই খাবলৈ যথেষ্ট সোৱাদ। ব্ৰয়লাৰ কুকুৰাৰ ঘৰটো কণী পৰা কুকুৰাৰ ঘৰৰ দৰে প্ৰায় একেই।যিহেতু ব্ৰয়লাৰ পোৱালিবিলাক এদিনীয়া বয়সৰ পৰা ৰখা হয় গতিকে সিহঁতক উষ্ণতা বা তাপৰ প্ৰয়োজন। ব্ৰয়লাৰ কুকুৰাৰ ঘৰবিলাক সাজোতে উত্তৰ-দক্ষিণমুৱাকৈ সাজিব লাগে। ব্ৰয়লাৰ ঘৰৰ উষ্ণতা সাধাৰণতে ৯৫°F কৰিব লাগে আৰু প্ৰতি সপ্তাহত ৫° F কৈ কমাই যাব লাগে।কেতিয়াবা ইয়াৰ তাৰতম্য হোৱাও দেখা যায়। ব্ৰয়লাৰ কুকুৰাৰ জাত ব্ৰয়লাৰ কুকুৰাৰ বহুকেইটা জাত আছে।সকলোবিলাক জাতৰ বৃদ্ধি একে নহয়।কিছুমান জাত প্ৰথমাৱস্থাত অতি সোনকালে বাঢ়ে,আন কিছুমান প্ৰথমাৱস্থাত নাবাঢ়ে। দানা: ব্ৰয়লাৰ কুকুৰা বৃদ্ধিৰ বাবে বয়স অনুসৰি দানাৰ উপাদানবোৰ বেলেগ বেলেগ খাদ্যত প্ৰয়োজন হয়- ষ্টাটাৰ: ১মৰ পৰা ৩য় সপ্তাহলৈ, ফিনিচাৰ:৪ৰ্থ সপ্তাহৰ পৰা বিক্ৰীৰ মুহূৰ্তলৈ। দানাৰ পৰিমাণ দানা(গ্ৰাম): ১ম সপ্তাহ ১৪ৰ পৰা ২১ ২য় সপ্তাহ ৩২ৰ পৰা ৫০ ৩য় সপ্তাহ ৫০ৰ পৰা ৭৭ ৪ৰ্থ সপ্তাহ ৬৭ৰ পৰা ৯৮ ৫ম সপ্তাহ ৯০ৰ পৰা ১১৫ ৬ষ্ঠ সপ্তাহ ১০০ৰ পৰা ১৩৫ ৭ম সপ্তাহ ১১৭ৰ পৰা ১৫২ সাধাৰণতে কুকুৰাই দানাৰ দুগুণতকৈ বেছি পানী থকাটো দৰকাৰ।প্ৰতি ১০০জনী ব্ৰয়লাৰ কুকুৰাৰ বাবে ৪টাকৈ পানীৰ পাত্ৰৰ প্ৰয়োজন।পানীৰ পাত্ৰবোৰ দৈনিক পৰিষ্কাৰ কৰিব লাগে আৰু তাত নতুন পানী দিব লাগে। ব্ৰয়লাৰ কুকুৰা প্ৰ্তিপালনৰ বাবে কুকুৰাজাকক উষ্ণতা বা তাপ আৰু পোহৰ-বায়ু সঞ্চালক আৰু সঠিক দানা প্ৰয়োগ কৰাটো অত্যন্ত দৰকাৰী। উষ্ণতা বা তাপমাত্ৰা: উষ্ণতা নিয়ন্ত্ৰ্ণ ব্ৰয়লাৰ প্ৰতিপালনৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয়।কম-বেছি উষ্ণতাত কুকুৰাৰ বৃদ্ধি সঠিক নহয়। পোহৰ: দিনৰ ভাগত পোহৰৰ প্ৰয়োজন নহয় যদিও ৰাতি ব্ৰয়লাৰ কুকুৰাৰ ঘৰত লাইট জ্বলাই পোহৰ কৰি থ’ব লাগে।পোহৰত কুকুৰাজাকৰ দানা পানী খোৱাত সহায় হয় আৰু সোনকালে ইহঁতৰ ওজন বৃদ্ধি হয়।ব্ৰয়লাৰ কুকুৰাক দিনে প্ৰায় ১৬-১৭ ঘ্ণ্টা পোহৰৰ প্ৰয়োজন হয়। বায়ু সঞ্চালন: মুকলি বায়ু সঞ্চালনে কুকুৰাজাকৰ মল-মূত্ৰ্ত উৎপন্ন হোৱা এমোনিয়া গেছ আঁতৰ কৰি বিশুদ্ধ বায়ুৰ যোগান ধৰে আৰু বহু বেমাৰৰ পৰা ইয়াক্ক প্ৰ্তিৰোধ কৰিব পাৰে। উৎস: ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ দ্বাৰা প্ৰ্কাশিত পুস্তিকাৰ পৰা উদ্ধৃত