কুকুৰাৰ মাংসৰ ভিতৰত ব্ৰ’য়লাৰ সকলোতকৈ জনপ্রিয়। বহু ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে ব্ৰ’য়লাৰ কুকৰাৰ উৎপাদনৰ বাবে কৃষকসকলৰ লগত চুক্তি স্থাপন কৰিছে। গতিকে আজিকালি বজাৰকৰণৰ সমস্যা নাই। ব্ৰ’য়লাৰ হ’ল মূলতে ৮ সপ্তাহৰ ভিতৰত ডেৰ কিলোগ্ৰামৰ পৰা দুই কিলোগ্ৰাম ওজন প্ৰাপ্ত হ’ব পৰা কম বয়সীয়া কোমল মাংসৰ কুকৰা। উৎকৃষ্ট পৰিচালন ব্যৱস্থাপনা প’ল্ট্ৰি পামৰ তাপমাত্রাঃ প্রথম সপ্তাহত ৯৫ ডিগ্রিত ফা.ত বেছ আৰামদায়ক আৰু প্রত্যেক সপ্তাহত ৫ ডিগ্রি ফা.হাৰত কমাই ষষ্ট সপ্তাহলৈকে ইয়াৰ তাপমাত্রা ৭০ডিগ্রি ফা.লৈকে কৰা হয়। বায়ু চলাচলঃ বায়ু চলাচল ভাল হোৱা উচিত, কুকৰাৰ শ্বাস-প্রশ্বাস সঠিকভাবে চলিবলৈ নিয়মিত ভাবে এম’নিয়া দুৰ কৰিব লাগে। পোহৰৰ ব্যৱস্থাঃ ২০০ বর্গফুট মজিয়াৰ বাবে ৬০ ওয়াটৰ বাল্বৰ প্রয়োজন। প্রয়োজনীয় স্থানঃ প্রত্যেকটো কুকুৰাৰ বাবে ১ বর্গফুট ঠাইৰ প্রয়োজন। ডি-বীকিং: এদিনায়া পোৱালিৰ ডি- বীকিং কৰা হয়। ব্ৰ’য়লাৰৰ স্বাস্থ্যৰ পৰিচার্য্য ৰোগ বিহীন কুকৰাৰে আৰম্ভ কৰিব লাগে। মাৰেক ৰোগৰ প্ৰতিষেধক চিটা হেচ্চাৰিতে দিব লাগে। RDVF1 ভেকচিন-৪-৫ দিনত দিব লাগে। দানাত ককছিডিঅ’ছিছ প্রতিৰোধক ঔষধ দিব লাগে। কুকৰাৰ দানা আফলাট’ক্সিছ মুক্ত ৰাখিব লাগে। প্রত্যেক উৎপাদন চক্ৰৰ পিছত মজিয়া অন্ততঃ ৩ ইঞ্চি ডাঠ পৰিষ্কাৰ লিটাৰৰ দ্বাৰা ঢাকি ৰাখিব লাগে। বজাৰকৰণ: ৬ৰ পৰা ৮ সপ্তাহ বয়সীয়া কুকুৰা বিক্ৰীৰ বাবে উপযোগী। কুকৰা ধৰাৰ সময়ত কোনো ধৰনৰ আঘাত নেলাগিবৰ বাবে দানা আৰু পানীৰ পাত্র আতঁৰাই ৰখা হয়। পৰিবহন কালত প্ৰতিকূল জলবায়ুৰ পৰা ৰক্ষা কৰিব লাগে। প’ল্ট্ৰি বা প’ল্ট্ৰিজাত পন্যৰ ব্যৱসায়ৰ লগত যুক্ত কিছুমান ব্যাক্তিগত কোম্পানি হ’ল- চগুনা, কোয়িম্বাট’ৰ,ভি.এইচ.এল,পুনে, পায়োনিয়াৰ, ব্রুমার্ক ইত্যাদি। নিম্নলিখিত বিস্তাৰিত তথ্যসমূহ উত্তম প্রজাতিৰ কুকুৰাৰ সহজলভ্যতা প’ল্ট্ৰিপামৰ ঘৰৰ প্রয়োজনীয়তা আৰু নির্মান কুকৰাক সঠিক পদ্ধতিত খুওৱা স্বাস্হ্যবান কুকুৰাৰ উত্পাদন আদিৰ বাবে অনুগ্রহ কৰি নিকটৱর্তী পশু চিকিত্সা কেন্দ্র অথবা কৃষি বিভাগৰ লগত যোগাযোগ কৰক। উৎস: আইএনডিজি দল