কুকুৰা পোৱালি অৰ্ডাৰ দিওঁতে ল’ব লগা সাৱধানতাসমূহঃ ঠোঁট কটাৰ বিষয়েঃ আৱদ্ধ অৱস্থাৰ প্ৰতিপালনত কেতিয়াবা কুকুৰাৰ জাক এটাত বৰকৈ খুঁটিয়াখুঁটি হোৱা দেখা যায়। ইয়াৰ ফলত জাকটোৰ কিছুসংখ্যক কুকুৰা বেয়াকৈ আঘাতপ্ৰাপ্ত তথা মৃত্যু পৰ্যন্ত হ’ব পাৰে। কুকুৰাজাকৰ মাজত এই খুঁটিয়াখুঁটি অভ্যাসটো নোহোৱাকৈ ৰাখিবৰ বাবে সিহঁতৰ ঠোঁটৰ একাংশ এটা মেচিনৰ সহায়ত কটাৰ ব্যৱস্থা কৰা হয়। ইয়াকে ঠোঁট কটা বোলে। যিটো মেচিনৰ সহায়ত এই ঠোঁট কটা হয় তাক ‘ডিবিকাৰ’ বুলি কোৱা হয়। বিজুলী চালিত এই ডিবিকাৰ মেচিনটোত এখন লোহাৰ ব্লেড থাকে। ব্লেডখন বিজুলীৰ সহায়ত অতি উত্তপ্ত হোৱাৰ পাছত কুকুৰাটোৰ ওপৰ ঠোঁটৰ নাকৰ বিন্ধাৰ পৰা জোঙা আগলৈকে থকা অংশখিনিৰ ঠিক মাজতে কাটিব লাগে। ব্লেডখন উত্তপ্ত হৈ থাকে বাবে কটা অংশটো পুৰি যায় আৰু ফলস্বৰূপে ৰক্তক্ষৰণ নহয়। তলৰ ঠোঁটটোৰ জোঙা আগটোও এবাৰ গৰম ব্লেডত লগাই পুৰি দিয়া উচিত। কণীপৰা জাতৰ কুকুৰা পোৱালিবোৰক সিহঁতৰ ৪-৬ সপ্তাহ বয়সৰ ভিতৰত প্ৰথমবাৰ ঠোঁট কটা উচিত। সাধাৰণতে এবাৰ কাটিলেই যথেষ্ট নহয় বাবে বাঢ়নীয়া বা ডেকেৰুৱা বয়সতো (১২-১৪ সপ্তাহ) পুনৰ এবাৰ কটাৰ ব্যৱস্থা কৰা হয়। এইদৰে দুবাৰ ঠোঁট কটাৰ পাছত পাছৰ বয়সত পুনৰ কটাৰ প্ৰয়োজন নাথাকে। নিতান্ত দৰকাৰ নহ’লে ১৫ সপ্তাহ বয়সৰ পাছত কেতিয়াও ঠোঁট কটা কামটো কৰিব নালাগে, কিয়নো ইয়াৰ ফলত উদ্ভৱ হোৱা হেঁচা বা পীড়নৰ পৰা কুকুৰাজাকটো সহজে মুক্ত নহয় আৰু উৎপাদনৰ ক্ষমতা কমি যায়। (উৎসঃ অসমীয়া খবৰ, ডাঃ কুলপ্ৰসাদ কলিতা)। লা-পতংগৰ আনুবংশিক সম্পদ সংৰক্ষণৰ কৰ্মশালাঃ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পতংগতত্ত্ব বিভাগৰ দ্বাৰা অলপতে ‘লা-পতংগৰ আনুবংশিক সম্পদ সংৰক্ষণ’ শীৰ্ষক এখন সৰ্বভাৰতীয় পৰ্যায়ৰ কৰ্মশালাত ৯ খন ৰাজ্যৰ ১৬ গৰাকী বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ কমলমল্ল বুজৰবৰুৱাই কৰ্মশালাখনিৰ উদ্বোধনী ভাষণত, বিজ্ঞানীসকলক লা-পতংগ পালনৰ আধুনিক কৌশল উদ্ভাৱনেৰে নতুন প্ৰজন্মক আকৰ্ষিত কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে আন্তঃৰাজ্যিক সহযোগিতাৰ দ্বাৰা লা-পতংগ পালনৰ পৰিসৰ বৃদ্ধি কৰিব পৰা যাব বুলি মত ব্যক্ত কৰে। তদুপৰি, বিপজ্জনক প্লাষ্টিকৰ পৰিৱৰ্তে প্ৰাকৃতিক ৰেজিনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উক্ত কৰ্মশালাৰ আয়োজক সমিতিৰ হৈ পতংগবিদ্যা বিভাগৰ মূৰব্বী অধ্যাপক ড০ লক্ষ্মীকান্ত হাজৰিকাই উল্লেখ কৰে যে মানৱ সভ্যতাৰ উত্থানত পতংগৰ যথেষ্ট বৰঙণি আছে, বিশেষকৈ মহাভাৰতত উল্লিখিত লাৰে নিৰ্মিত ‘লাক্ষাগৃহ’ই প্ৰমাণ কৰে যে সেই সময়ৰ মানুহেও লা-পতংগ পালনৰ গুৰুত্ব উপলব্ধি কৰিছিল আৰু কৌশলো আয়ত্ব কৰিছিল। তদুপৰি পতংগসৃষ্টি তিনিবিধ সামগ্ৰীৰে অৰ্থাৎ ৰেছমৰ বাবে চীন, মৌৰ বাবে আমেৰিকা আৰু লাৰ বাবে ভাৰত সমৃদ্ধিশালী হৈছে। লা-পতংগৰ সুশৃংখলিত পালনে অসমৰ গ্ৰাম্য অৰ্থনীতিক যথেষ্ট উন্নত কৰাৰ থল আছে। অতীজত লা উৎপাদনেৰে দেশক নেতৃত্ব দিয়া অসমক পুনৰ আগৰ স্থানলৈ প্ৰত্যাৱৰ্তনৰ আশা কৰিব পাৰি। ‘ইণ্ডিয়ান ইনষ্টিটিউট অব্ নেচাৰেল ৰেজিন এণ্ড গাম’ৰ সঞ্চালক ড০ কেৱল কিশোৰ শৰ্মাই ভাষণত কয়- ‘লা-পতংগৰ পূৰ্বৰ স্থানৰ পৰা অৱনমিত হোৱাৰ প্ৰধান কাৰণবোৰৰ ভিতৰত বননিধ্বংস, বতৰৰ পৰিৱৰ্তন আৰু কৃষকৰ অমনোযোগিতাই অন্যতম। গতিকে লা-পতংগৰ আনুবংশিক সম্পদ সংৰক্ষণৰ দ্বাৰা কৃষকৰ অমনোযোগিতাই অন্যতম। গতিকে লা-পতংগৰ আনুবংশিক সম্পদ সংৰক্ষণৰ দ্বাৰা ইয়াক পুনৰুজ্জীৱিত কৰিব পৰা হ’ব’। এই অনুষ্ঠানৰ মাজতে ড০ কেৱল কিশোৰ শৰ্মাই অসম কৃষি বিশ্ববিদ্যালয়ত স্থাপিত ‘লা-উদ্যান’খনি মুকলি কৰে। (উৎসঃ অসমীয়া খবৰ)। জানিবলগীয়া কথাঃ বৰ্তমান অসম চিতল মাছ পালনত যথেষ্ট গুৰুত্ব বৃদ্ধি পাইছে। অৰ্থনৈতিকভাৱেও চিতল মাছ বৰ গুৰুত্বপূৰ্ণ মাছ। কিন্তু পালন পুখুৰীত চিতল মাছ মেলাৰ কিছু সীমাবদ্ধতা আছে। চিতল মাছৰ পোনা অন্য পালন মাছৰ পোনাতকৈ সৰু হ’ব লাগে যাতে চিতল মাছৰ দৰে চিকাৰী মাছে অইন পালন মাছক সহজতে খাই পেলাব নোৱাৰে। কিন্তু পুখুৰীত থকা অলাগতিয়াল মাছ যেনে পুঠি, খলিহণা, দৰিকণা আৰু লালুকী পোক-পৰুৱা আদি নিয়ন্ত্ৰণ কৰিবৰ বাবে প্ৰতিবিঘা পানীকালিৰ পুখুৰীত পাঁচটা আৰু আপোনাৰ প্ৰায় দুবিঘা পানীকালিৰ পুখুৰীত দহটা চিতল মাছ প্ৰতিপালন কৰিব পাৰি। কিন্তু বছৰ দিন প্ৰতিপালনৰ পাছত ডাঙৰ হ’লে চিতল মাছখিনি উঠাই বিক্ৰীৰ ব্যৱস্থা কৰিব লাগে। নহ’লে পুখুৰীত ডাঙৰ চিতল মাছ থাকিলে সৰু পালন মাছক চিকাৰ কৰি খাই পেলাব আৰু অৰ্থনৈতিকভাৱে লোকচানৰ সন্মুখীন হ’ব লাগিব। মুঠতে প্ৰতিবিঘা পানীকালিৰ পুখুৰীত পাঁচটা চিতল মাছৰ পোনা এবছৰলৈকে পালন কৰিব পাৰি আৰু পুখুৰীত মেলা চিতল মাছৰ পোনাখিনি অন্য মাছৰ পোনাতকৈ সৰু আকৃতিৰ হ’ব লাগে। সমন্বিতভাৱে ধানখেতিৰ লগত মাছ পালন কৰিলে একেডৰা মাটিতে ধানৰ লগতে মাছো উৎপাদন কৰিব পাৰি। ধানখেতিৰ লগত মাছ পালনৰ বাবে আটাইতকৈ উপযোগী মাছৰ প্ৰজাতিকেইটা হ’ল- ভাঙন মাছ, কমন কাৰ্প আৰু মিৰিকা মাছ। ইয়াৰ ভিতৰত ভাঙন মাছৰ বজাৰ চাহিদা সৰ্বাধিক বাবে মীন মীন পালকসকলে ভাঙন মাছ পালনত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰে। তাৰ উপৰি ভাঙন মাছৰ পোনা আজিকালি সহজলভ্য হৈ পৰিছে। মীনপোনা উৎপাদনকাৰীসকলে এইবিধ মাছৰ পোনা উৎপাদনত গুৰুত্ব দিছে বাবে মীন পালকসকলে অকল ভাঙন মাছৰ পোনা পোৱাত সহজ হৈছে। (উৎসঃ অসমীয়া খবৰ)।