সংহত কীট-পতঙ্গ নিবাৰণ কৌশল বিভিন্ন শাক-পাচলিৰ ভিতৰত অকৰা যিটো লেডিচ ফিংগাৰ বুলি জনাজাত, গোটেই দেশজুৰি উতৎপাদন কৰা হয়। কীট-পতঙ্গ, বেমাৰ আৰু পৰজীৱিৰ আক্ৰমণ হ’ল ইয়াৰ বহু পৰিমাণে লোকচান ঘটোৱা কাৰণ সমূহৰ ভিতৰত অন্যতম কাৰণ। কোমল আৰু মাংসল হোৱা বাবে আৰু ইয়াৰ খেতি উচ্চ জলীয়বাষ্প আৰু সাৰৰ দ্বাৰা হোৱা বাবে ই অতি সহজতে কীট-পতঙ্গৰ আক্ৰমনৰ বলি হয় আৰু ৰক্ষণশীল হিচাপত লোকচান প্ৰায় ৩৫-৪০ শতাংশ। অধিক পৰিমানে কীট-নাশক দৰৱ প্ৰয়োগ কৰাৰ ফলত হোৱা সমস্যা এইবিলাক কীট-পতঙ্গৰ আক্ৰমণৰ পৰা অকৰাত হোৱা লোকচান প্ৰতিহত কৰিবলৈ উচ্চ মাত্ৰাত কীটনাশক দৰৱ ব্যৱহাৰ কৰা হয়। চমু সময়ৰ অন্তৰালত চপোৱা শাক-পাচলিত আঁতৰ কৰিব নোৱাৰাকৈ উচ্চ পৰিমাণৰ কীট-নাশক দৰৱ থাকিব পাৰে যি উপভোক্তাৰ বাবে বিপদজনক হ'ব পাৰে। অধিক পৰিমণ্ণৰ ৰাসায়নিকৰ ওপৰত নিৰ্ভৰ কৰিলে কীট-পতঙ্গবিলাক ৰাসায়নিক প্ৰতিৰোধী, পুনঃএকেধৰনৰ পোকৰ আক্ৰমন, পৰিবেশ প্ৰদূষণ আৰু প্ৰয়োজনীয় গছ-গছনি বিলোপ হোৱাৰ সম্ভাৱনা থাকে। উৎস: www.ppqs.gov.in শ্বেড হাউচ শ্বেড হাউচ হ'ল খালীঠাই সমূহৰ মাজেদি প্ৰয়োজনীয় ৰ’দ, জলীয়বাষ্প, আৰু বতাহ পাৰ হৈ যাবলৈ দিয়া এগ্ৰ’নেট বা আন তেনে বোৱা সামগ্ৰীৰে আবৃত সঁজা। ই গছ-গছনিৰ বৃদ্ধিৰ বাবে উপযোগী ক্ষুদ্ৰ জলবায়ু সৃষ্টি কৰে। ইয়াক শ্বেড নেট হাউচ বা নেট হাউচ বুলিও জনা যায়। শ্বেড হাউচৰ ব্যৱহাৰ ই ফুলগছ, পাত গছ, ঔষধি গছ, শাক-পাচলি আৰু মচলাজাতীয় গছৰ খেতি কৰাত সহায় কৰে। ফল-মূল আৰু শাক-পাচলিৰ নাৰ্চাৰি আৰু হাবিৰ প্ৰজাতিৰ উৎপাদনত ব্যৱহাৰ কৰা হয়। বিভিন্ন কৃষিজাত সামগ্ৰীৰ উচ্চমানত শুকুৱাত সহায়ক হয়। কীট-পতঙ্গৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰা হয়। প্ৰাকৃতিক বতৰে কৰা ক্ষতিসমূহ যেনে ধুমুহা, বৰষুণ, শিলাবৃষ্টি আৰু হিমকণা আদিৰ পৰা ৰক্ষা কৰিব পাৰি। কলম দি গছপুলি উতৎপাদন কৰা আৰু গৰমৰ দিনত ইহঁতৰ মৃত্যুৰ হাৰ কমাবলৈ ব্যৱহাৰ কৰা হয়। টিছুকালচাৰ কৰি পোৱা পুলি বিলাক টান কৰিবলৈ ব্যৱহাৰ কৰা হয়। উৎস: ncpahindia.com