গৰ্ভধাৰণৰ প্ৰথম ভাগত আদহীয়া গাহৰিৰ বাবে প্ৰস্তুত কৰা দানাই যথেষ্ট। গাভিনী গাহৰিক দানা খুৱাওতে তিনিটা কথা লক্ষ্য ৰখা উচিত। প্ৰথমতে গাহৰিজনীৰ নিজৰ পৰিপুষ্টি সাধন, দ্বিতীয়তে গৰ্ভত বাঢ়ি অহা পোৱালিৰ বাবে পৰিপুষ্টিৰ যোগান আৰু তৃতীয়তে পোৱালি দিয়াৰ পাছতো গাখীৰ যোগাবলৈ দেহত যাতে পুষ্টি সঞ্চিত হৈ থাকে। গৰ্ভধাৰণৰ প্ৰায় আঢ়ৈ মাহ পাছৰ পৰা অলপ বিশেষ ধৰণৰ যত্নৰ প্ৰয়োজন। গাভিনী গাহৰিৰ খাদ্যত যথোচিত পৰিমাণে মাংসহাৰ, খনিজ দ্ৰব্য, যেনে- ‘কেলছিয়াম’, ‘ফছফৰাছ’ আৰু খাদ্যপ্ৰাণ ক, খ, আৰু ঘ থকা দৰকাৰ অন্যথাই অপ্ৰয়োজনীয় পৰিপুষ্টিৰ অভাৱত গৰ্ভত থকা বাঢ়ি অহা পোৱালিৰ বিশেষ ক্ষতিসাধন হ’ব পাৰে। দানাত শতকৰা ১৪-১৬ ভাগ মাংসহাৰ থকা দৰকাৰ। এজনী গাহৰিৰ বাবে দৈনিক ২.৫-৩.০ কিলোগ্ৰাম দানাৰ প্ৰয়োজন। এই দানা দুভাগ কৰি নিয়মিতভাৱে দিনত দুবাৰকৈ (পুৱা আৰু আবেলি) দিব লাগে। উৎস: অসমীয়া খবৰ