জাপানীজ কোয়েল চৰাইৰ (বটা চৰাই) বাণিজ্যিক পাম - “হুৰ হুৰ বটা চৰাই, মোৰ ধান নাখাবি“তোক দিম গোটা কৰায়।“ এই কথাষাৰৰ পৰা গম পোৱা যায় যে “বটা চৰাই আমাৰ খেতিয়ক সকলৰ মাজত ধান খাবলৈ অহা এবিধ অনিষ্টকাৰী বনৰীয়া চৰাই হিচাপে পৰিচিত। কিন্তু মই যিবিধ বটা চৰাইৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো, সেইবিধ আমাৰ ধাননি পথাৰত দেখা বটা চৰাইতকৈ ডাঙৰ আৰু ইয়াক বিজ্ঞানসন্মতভাৱে পুহি এটা লাভজনক ব্যৱসায়ৰ গৰাকী হ’ব পৰা যায়। জাপানৰ বিজ্ঞানীসকলে সৰ্ব্বপ্ৰথমে বনৰীয়া বটা চৰাইক বাণিজ্যিকভাৱে পালন কৰি কেনেদৰে পাম প্ৰতিষ্ঠা কৰিব লাগে তাক প্ৰচাৰ কৰিছিল আৰু জাপানত এই পামৰ প্ৰসাৰতা লাভ কৰিছিল। জাপানীজ কোয়েল পামৰ পদ্ধতি বাণিজ্যিক ব্ৰইলাৰ বা হাঁহৰ পামৰ সৈতে একে। ইয়াক সকলোধৰণৰ বতৰত লাভজনকভাবে পালন কৰিব পাৰি। কোয়েল চৰাইৰ কণীত তুলনামূলক ভাৱে অধিক প্ৰটিন, ফছফৰাছ, আইৰণ, ভিটামিন A, B1 আৰু B12 পোৱা যায়। এই পামৰ ব্যৱসায়ৰ জড়িয়তে বৰ্ত্তমান সময়ৰ পুষ্টিহীনতাৰ দৰে এক গুৰুত্বপূৰ্ণ দিশৰ সমাধানৰ কিছু পথৰ সন্ধান দিব। এই চৰাইবিধৰ পাম মাংস আৰু কণীৰ বাবে কৰা হয়। যিহেতু এই চাৰিবিধ পুহিবৰ বাবে তুলনামূলকভাবে কম মূলধনৰ প্ৰয়োজন হয় নিবনুৱা সকলে এই কোয়েল পাম অতি সহজে প্ৰতিষ্ঠা কৰি উপাৰ্জনৰ পথ বাচি ল’ব পাৰে। সুবিধা সমূহ: পুহিবৰ বাবে কম ঠাই লাগে ৫-৬ সপ্তাহৰ ভিতৰত ইয়াৰ মাংস বজাৰত বিক্ৰি কৰিব পৰা হয় ব্ৰইলাৰৰ দৰে ইয়াক বিভিন্ন ৰোগৰ চিটা আৰু অন্যান্য খৰছী দৰৱ দিয়াৰ প্ৰয়োজন নাই জাপানীজ কোয়েলৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বেছি আৰু গড় মৃত্যুৰ হাৰ কম এই চৰাইবিধে ২৫০-৩০০ কণী প্ৰথম বছৰত পাৰে আৰু তুলনামূলকভাৱে ক্ৰমশঃ কমি যায় জাপানীজ কোৱেলৰ বৈশিষ্ট্য সমূহ- এটা জাপানীজ কোয়েলৰ ওজন ২০০ গ্ৰাম পৰ্যন্ত হ’ব পাৰে। ইয়াৰ কণীৰ ওজন ১০-১৫ গ্ৰামৰ ভিতৰত হয়। সঠিক দানা খুৱালে ৫০ দিনৰ পৰা কণী পৰা আৰম্ভ কৰে। যিহেতু এই চৰাইবিধে উমনি নলয়, কণী ফুটাই পোৱালী জন্ম দিবৰ বাবে মেছিনৰ প্ৰয়োজন হয় (ইনকুবেটৰ মেছিন)। এই মেছিনত ১৫-১৮ দিনৰ ভিতৰত কণী ফুটি পোৱালী জন্ম হয়। কোয়েলৰ কণীৰ উপকাৰী গুণসমূহ - পটাছিয়ামৰ পৰিমাণ অধিক হোৱা বাবে উচ্চ ৰক্তচাপ, হৃদযন্ত্রৰ ৰোগ, গাঁঠিৰ ৰোগৰ বাবে উপকাৰী। লিউচিন নামৰ এমাইন এছিড থকাৰ কাৰণে এই কণীয়ে ডায়বেটিছ প্ৰতিৰোধ কৰিব পাৰে। কেনছাৰ ৰোগৰ প্ৰতিৰোধক। কাঁহ আৰু হাঁপানি ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। মাংসৰ উপকাৰী গুণসমূহ - ইয়াৰ মাংসত কলেষ্টৰলৰ পৰিমাণ কম হোৱা বাবে উচ্চ ৰক্তচাপত ভোগা ৰোগীসকলেও খাব পাৰে। ইয়াৰ কণী আৰু মাংসত যথেষ্ট কলিন থকা বাবে সৰু ছোৱালীৰ মগজুৰ বিকাশত সহায় কৰে। ইয়াৰ মাংসত আয়ৰণৰ পৰিমাণ অধিক হোৱা বাবে “এনিমিয়া ৰোগ” (ৰক্তহীনতা) নিৰাময়ৰ বাবে উপযুক্ত। পাম কৰাৰ পদ্ধতি - এই চৰাইবিধ মজিয়াত তুঁহ পাৰি দি অথবা নিৰ্দিষ্ট জোখৰ বাকচ বনাই পুহিব পাৰি। মজিয়াৰ জোখ: প্ৰতি বৰ্গফুটত ৪-৫ টা চৰাই অথবা প্ৰতিটো চৰাইৰ বাবে ১৪৫ বৰ্গ ছে:মি: বাকচৰ জোখ: প্ৰথম সপ্তাহ: প্ৰতি ১০০ চৰাইৰ গোটৰ বাবে ৩ ফুট x ২.৫ ফুট x ১.৫ ফুট ৩-৬ সপ্তাহ: প্ৰতি ৫০ চৰাইৰ গোটৰ বাবে ৪ ফুট x ২.৫ ফুট x ১.৫ ফুট প্ৰজননৰ বাবে ৰখা মতা: মাইকী অণুপাত = ১:৩ জাপানীজ কোয়েলৰ দানা: এদিনত এটা প্ৰাপ্তবয়স্ক চৰাইয়ে ২০-২৫ গ্ৰাম খাদ্য খায়। আমি ব্ৰইলাৰ মুৰ্গীক দিয়া খাদ্যকে জাপানীজ কোয়েল চৰাইকো দিব পাৰো। খাদ্য দিওঁতে দানাৰ আকাৰত গুৰুত্ব দিব লাগে। দানা আৰু পানী দিয়া পাত্ৰৰ উচ্চতাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে, যাতে ই সহজে খাব পাৰে। জন্মৰ পৰা ৮ সপ্তাহ বয়সলৈকে ব্ৰইলাৰ “ষ্টাৰটাৰ” দানা খুৱাব পাৰি। ইয়াৰ পাছত পামখনৰ উদ্দেশ্য অনুসৰি (কণী/মাংস উৎপাদন) দানাৰ নিৰ্বাচন কৰিব লাগে। যদি মাংসৰ বাবে চৰাইবিধ ৰখা হৈছে, তেনেহ’লে ব্ৰইলাৰ “ফিনিছাৰ” আৰু যদি কণী উৎপাদনৰ বাবে ৰখা হৈছে, তেনেহ’লে “লেয়াৰ” দানা (কণী পাৰা মুৰ্গীৰ দানা) খুওৱাব লাগে। তালিকা: গড় ওজন আৰু দানাৰ পৰিমাণ বয়স (সপ্তাহ) ওজন (গ্ৰাম) দানাৰ পৰিমাণ (গ্ৰাম)মতা মাইকী মতা মাইকী২ ৪০ ৪০ ৫০ ৫০৪ ৯০ ১০০ ১৮০ ১৯০৬ ১২০ ১৩০ ৩০০ ৩৩০৮ ১৩০ ১৬০ ৩৫০ ৪৫০১০ ১৪০ ১৭০ ৪০০ ৫১৫ লেখক: ডাঃ ডেভিদ বৰদলৈ উৎস: সেউজ চিন্তা