শস্যবীমা নামৰ আঁচনিখন হ’ল কিছুমান নিৰ্দিষ্ট প্ৰাকৃতিক দুৰ্যোগে শস্যক্ষেত্ৰত কৰা ক্ষতিৰ বিপৰীতে স্ংশ্লিষ্ট কৃষকগৰাকীক বীমাকৃত ৰাশিৰ ধন আদায় দিয়া এখন আঁচনি। উদাহৰণস্বৰুপে সম্ভাব্য দুৰ্ঘটনাত মৃত্যুবৰণ কৰা বা ঘুণীয়া হোৱাৰ আশ্ংকাত যিদৰে জীৱন বীমা কৰা ব্যক্তি এজনে পৰীয়ালটোলৈ আৰ্থিক সকাহ দিব পাৰে, তেনেদৰে শস্যৰ বীমা কৰিও প্ৰাকৃতিক দুৰ্যোগত শস্যৰ ক্ষতি হলে বীমাৰ ধন লাভ কৰি এই ক্ষতিৰ পৰা সকাহ পাব পৰি। অসমত কৃষি বীমা আঁচনিৰ অধীনত বৰ্তমান দুখন আঁচনি ৰুপায়ণ কৰা হয় আছে। ইয়াৰে এখন হ’ল ৰাষ্ট্ৰীয় কৃষি বীমা আঁচনি। এই আঁচনিখন ১৯৯০-২০০০ চনৰ ৰবি বতৰৰ পৰা অসমৰ প্ৰতিখন জিলাতে ৰুপায়ণ কৰা হৈ আহিছে। দ্বিতীয় আঁচনিখন হ’ল স্ংশোধিত ৰাষ্ট্ৰীয় কৃষি বীমা আঁচনি। এই স্ংশোধিত আঁচনিখন ২০১০-১১ চনৰ ৰবি বতৰৰ পৰা পৰীক্ষামূলক ভিত্তিত অকল কামৰুপ(গ্ৰাম্য) জিলা আৰু ধুবুৰী জিলাৰ গাওঁ পঞ্চায়তসমূহত ৰুপায়ণ কৰি অহা হৈছে। অন্তৰ্ভূক্ত প্ৰাকৃতিক দুৰ্যোগসমূহঃ কৃষি বীমা আঁচনিৰ অধীনত অন্তৰ্ভূক্ত প্ৰাকৃতিক দুৰ্যোগসমূহ এনেধৰণৰঃ বানপানী, খৰাং, পোক-পৰুৱা, বেমাৰ আজাৰৰ অক্ৰমণ, শিলাবৃষ্টি, ভূমিস্খলন, বজ্ৰপাত, ঘূৰ্ণীবতাহ, বন্যপ্ৰাণীৰ দ্বাৰা হোৱা ক্ষতি আদি। অন্তৰ্ভূক্ত কৃষকসকলঃ কৃষি বীমা আঁচনিয়ে ক্ষুদ্ৰ, উপান্ত, বৃহৎ, আধি বা ঠিকাভিত্তিক কাম কৰা কৃষকক সামৰি লৈছে। ঋণী কৃষকঃ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ কৃষি বীমা আঁচনিৰ তালিকাভূক্ত শস্যৰ খেতি কৰা কৃষকসকলৰ বাবে কৃষি বীমা বাধ্যতামূলক। অঋণী কৃষকঃ যিসকল কৃষকে নিজ ইচ্ছাৰে তালিকাভুক্ত শস্যৰ খেতি কৰিছে তেওঁলোকৰ বাবে স্বেচ্ছামূলক। অন্তৰ্ভূক্ত সদস্যঃ কৃষি বীমা আঁচনিৰ অন্তৰ্ভূক্ত ৰাষ্ট্ৰীয় কৃষি বীমা যোজনা আঁচনিয়ে খাৰিফ বতৰৰ আহুধান, শালিধান, আৰু মৰাপাট আৰু ৰবি শস্যৰ ভিতৰত বৰোধান, ঘেঁহু, সৰিয়হ, আলু আৰু কুঁহিয়াৰ খেতিক সামৰি লৈছে। আনহাতে, স্ংশোধিত ৰাষ্ট্ৰীয় কৃষি বীমা আঁচনিয়ে খাৰিফ বতৰত শালিধান, আৰু ৰবি বতৰত বৰোধানৰ খেতি সামৰি লৈছে। বীমা মূল্যঃ আহুধান, শালিধান- বীমা ৰাশিৰ ২.৫ শতাংশ। ঘেঁহু- বীমা ৰাশিৰ ১.৫ শতাংশ। বৰোধান- বীমা ৰাশিৰ ২ শতাংশ। আলু, কুঁহিয়াৰ, মৰাপাট- বাণিজ্যিক হাৰ। বীমা মূল্য ৰেহাইঃ ৰাষ্ট্ৰীয় কৃষি বীমা যোজনা আঁচনিৰ অধীনত ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ বাবে বীমা মূল্যৰ ওপৰত ১০ শতাংশ ৰেহাইদিয়া হৈছে। আনহাতে, সংশোধিত ৰাষ্ট্ৰীয় কৃষি বীমা আঁচনিৰ অধীনত ৪০ শতাংশ ৰেহাই আগবঢ়োৱা হৈছে। বীমা কৰাৰ বাবে আপুনি কি কৰিব? ক) ঋণ লোৱা কৃষকৰ বাবেঃ বীমা কৰোৱাৰ দায়িত্ব স্ংশ্লিষ্ট বেংকৰ। বেংকে ঋণ ৰাশিৰ পৰা বীমা মূল্য কাটি লৈ প্ৰ্স্তাৱ পত্ৰ পূৰাই বীমা বীমা কাৰ্য্যালয়লৈ পঠাব লাগে। ঋণ লোৱা কৃষকে বীমা কৰোৱাৰ বাবে নিজে একো কৰাৰ প্ৰয়োজন নহয়। বেংকৰ পৰা ঋণ লোৱাৰ সময় হ’ল খাৰিফ বতৰৰ বাবে এপ্ৰিলৰ পৰা ছেপ্তেম্বৰ মাহ আৰু ৰবি বতৰৰ বাবে অক্টোবৰৰ পৰা মাৰ্চ মাহ। খ) ঋণ নোলোৱা কৃষকৰ বাবেঃ আপুনি ওচৰৰ বেংকত নাইবা বীমা কোম্পানীৰ ক্ষেত্ৰীয় কাৰ্য্যালয়ত শস্য বীমা কৰাব পাৰে। বীম কৰিবলৈ হ’লে আপোনাৰ নিজৰ নামত বেংক একাউণ্ট থাকিব লাগিব। বীমা কৰোৱাৰ সময়ত আপুনি এখন সৰল প্ৰস্তাৱ পত্ৰ পূৰাই বীমা মূল্যৰ সৈতে জমা দিব লাগিব। মাটি /খেতিৰ প্ৰমা-পত্ৰ আবেদনৰ সৈতে গাঁঠি দিব লাগিব। কৃষি কাৰ্য্যৰ সৈতে জড়িত আত্ম সহায়ক গোট, পথাৰ পৰিচালনা সমিতি বা বেচৰকাৰী সংস্থাসমূহে কৃষক সদস্যসকলক একেলগে সংস্থাটোৰ নিজৰ বেংক একাউণ্টৰ বীম কৰাব পাৰে। বীমাকৰণৰ শেষ তাৰিখঃ খাৰিফ বতৰৰ বাবে প্ৰতিবছৰৰ ৩১ জুলাই আৰু ৰবি বতৰৰ ক্ষেত্ৰত ঘেঁহু, সৰিয়হ আৰু আলুৰ বাবে ৩১ ডিচেম্বৰ আৰু বৰো/ইৰি ধান আৰু কুঁহিয়াৰৰ বাবে ১৫ ফেব্ৰুৱাৰী। আপুনি লাভ কৰা ক্ষতিপূৰণঃ ৰাজ্য চৰকাৰে শস্য উৎপাদনৰ ওপৰত প্ৰকাশ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি ক্ষতিৰ পৰিমাণ নিৰ্ণয় কৰা হয়। ইয়াৰ বাবে আপুনি নিজে কোনো আবেদন আদি কৰিব নালাগে। সূচিত অঞ্চলৰ প্ৰতিগৰাকী বীমাকাৰী কৃষকে একে অনুপাতত ক্ষতিপুৰণ পাব। ক্ষতিপূৰণৰ ধন অপোনাৰ বেংক একাউণ্টৰ পোনে পোনে জমা হ’ব। যদিহে ৰাজ্য/কেন্দ্ৰীয় চৰকৰৰ ক্ষতিপূৰণৰ ধনৰ অংশ থাকে, সেই অংশ চৰকাৰে মোকলাই দিয়াৰ লগে লগে ক্ষতিপূৰণৰ ধন আপোনাৰ বেংক একাউণ্টত জমা হ’ব। উৎসঃ কৃষি বিভাগ, অসম