বানাক্ৰান্ত অঞ্চলৰ বাবে ধানৰ জাত: অসমত বানপানীয়ে বছৰি ধন-জনৰ বিস্তৰ ক্ষতি কৰাৰ উপৰি ৰাজ্যখনৰ বাসিন্দাৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে। আহাৰ-শাওন আৰু ভাদ মহীয়া বানে ধানখেতিৰ বিস্তৰ ক্ষতি কৰাৰ বাবে খেতিয়ক সকল দিশহাৰা হৈ যায়। কঠীয়াৰ অভাৱত নতুনকৈ ৰোৱা বা সিঁচিবলৈ অপৰাগ হয়। এই প্ৰৱন্ধত বানাক্ৰান্ত অঞ্চলৰ বাবে উপযুক্ত ধানৰ জাতৰ বিষয়ে আলোচনা কৰা হৈছে। বানাক্ৰান্ত অঞ্চলৰ বাবে তিনিধৰণৰ ধানৰ জাত প্ৰযোজ্য – বানপানী এৰাই চলিব পৰা জাত। বানপানীৰ ডুব সহ্য কৰিব পৰা জাত বুঢ়া কঠীয়াৰে দেৰিকৈ ৰুব পৰা জাত বানপানী এৰাই চলিব পৰা জাত: অসমত সাধাৰণতে বানপানী আহাৰৰ পৰা ভাদৰ ভিতৰতে হয়। অৱশ্যে কেতিয়াবা জেঠৰ আগতীয়া আৰু আহিনৰ শেহতীয়া বানপানীও নোহোৱা নহয়। যিবিলাক ধানৰ জাত হ্ৰস্বমাদী অৰ্থাৎ ৯০-১০০ দিনৰ ভিতৰত চপাব পাৰি সেইবোৰৰ ফাগুন মাহত কঠীয়া সিঁচি বহাগ বা জেঠৰ আৰম্ভনিতে এবাৰ চপাব পাৰি। আনহাতে বানপানী ওলাই যোৱাৰ পিছত শাওনত কঠীয়া সিঁচি আঘোণ-পুহত চপাব পাৰি। এনেকুৱা কেইটামান জাত হৈছে লুইত, কপিলী, দিচাং ইত্যাদি। এই জাতকেইটাৰ কৃষিকাল ৯০-১০০ দিন আৰু উৎপাদন ১০-১২ মোন প্ৰতি বিঘাত হয়। অৰ্থাৎ মূল শালিখেতিতো বানে মাৰি নিলেও বানপানীৰ আগে-পিছে খেতি কৰি ১০-১২ মোন ধানৰ উৎপাদন পোৱাৰ অৱকাশ থাকে। যদি বানপানী নহয় শালি বতৰৰ ধানখিনিয়ে কৃষকক আৰ্থিকভাৱে সহায় কৰিব। গতিকে বানপানী হওক বা নহওক; লুইত, দিচাং আদি ধানৰ সঁচ কৃষকসকলৰ ঘৰত মজুত থকাটো ভাল। কিবা কাৰণত শালি খেতিতো নষ্ট হলেও এই বীজখিনিয়ে বীমাৰ দৰে কাম কৰিব। শাওনত কঠীয়া সিঁচি ২২-২৪ দিনীয়া কঠীয়া ৰুব লাগিব। অন্যথা বয়সীয়া কঠীয়া ৰুলে কঠীয়াতলিতে গাঁঠি ধৰিব আৰু গেঁৰ ওলাওতেই বিসংগতিয়ে দেখা দিব। পানীৰ ডুব সহ্য কৰিব পৰা জাত: শালিধানৰ প্ৰায়বোৰ জাতেই বানপানীৰ ডুব সহ্য কৰিব নোৱাৰে। কিছুমান জাতে অৱশ্যে ৮ দিন মান পানীৰ তলত থাকিলেও জীয়াই থাকে। অসম কৃষি বিশ্ববিদ্যালয়ে প্ৰায় ১৫ দিন ডুব সহ্য কৰিব পৰা জলশ্ৰী আৰু জলকুঁৱৰী নামৰ দুটা জাত উদ্ভাৱন কৰিছে। গতিকে ৮-১৫ দিন পানী সোমাই থকা পথাৰত এই দুটা জাতৰ খেতি কৰিব পাৰে। বৰ্ত্তমান ৰনজিৎ-চাব-১, বাহাদুৰ-চাব-১ নামৰ দুটা জাতো উদ্ভাৱন কৰা হৈছে। ইয়াৰোপৰি স্বৰ্ণ-চাব-১, চেহেৰাং-চাব-১ ইত্যাদি জাতো বিভিন্ন প্ৰতিষ্ঠানত উদ্ভাৱন কৰা হৈছে। এই সকলোবিলাক জাতেই প্ৰায় ১৫ দিন ডুব সহ্য কৰিব পাৰে। দেৰিকৈ ৰুব পৰা জাত: বানপানী বা অইন প্ৰাকৃতিক দুৰ্যোগৰ বাবে কেতিয়াবা ধান সময়মতে ৰুব পৰা নেযায়। বানপানীৰ কাৰণে আৰু পানী বেছি হোৱা বাবে ৰোৱনীয়ে কঠীয়া ৰুব নোৱাৰে। ইয়াৰ ফলত কঠীয়া বাঢ়ি গৈ থাকে। বেছি বয়সৰ কঠীয়া ৰুলে উৎপাদন যথেষ্ট হ্ৰাস পায়। বিশেষকৈ আধুনিক জাতসমূহৰ বুঢ়া কঠীয়া দেৰিকৈ ৰুলে পতনুৱা হয়। গতিকে অসম কৃষি বিশ্ববিদ্যালয়ে ‘প্ৰফুল্ল’ আৰু ‘গীতেশ’ নামৰ দুটা জাত উদ্ভাৱন কৰিছে। এই জাতকেইটা আহাৰ মাহত সিঁচি দুমহীয়া কঠীয়াও ৰুব পাৰি। গতিকে বানক্ৰান্ত অঞ্চলত এই জাতকেইটাৰ কঠীয়া ওখ অঞ্চলত সিঁচি থব লাগে। অনুকূল পৰিস্থিতি হলেই ৰুবলৈ যত্ন কৰিব লাগে। এই জাতকেইটাৰ উৎপাদন বিঘাই প্ৰতি ১৮ মোন মান হয়। আমাৰ থলুৱা জাতবিলাক এনেকুৱা প্ৰতিকূল পৰিস্থিত ভাল ফলেই দেখুৱাই। দুপষেকতকৈ বেছি পানী জমা হোৱা পথাৰৰ বাবে উপযুক্ত জাত: অসমৰ বহু অঞ্চলত এবাৰ পানী সোমালে ওলাই নাযায়। এনেকুৱা অঞ্চলত ৫০-১০০ চেন্টিমিটাৰ মান পানী অনবৰতে জমা হৈ থাকে। এনেকুৱা অঞ্চলত ধানগছৰ শ্ৰীবৃদ্ধি নহয়, পোখাও নেমেলে আৰু ঠোকবোৰ পতনুৱা হয়। এনেকুৱা অঞ্চলৰ বাবে কিছুমান জাত ইতিমধ্যে উদ্ভাৱন কৰা হৈছে। যেনে-ধনশ্ৰী, ডিফলু, চক্ৰলাহি ইত্যাদি। প্ৰায় ১ মিটাৰ পানী সোমোৱা পথাৰৰ বাবে পানীন্দ্ৰ, পদ্মনাথ, পঞ্চানন আৰু পদুমনি নামৰ বাওধানৰ জাত উদ্ভাৱন কৰা হৈছে। এই জাতসমুহ পানী সোমোৱাৰ আগতে বহাগ মাহতে সিঁচি কৰিব পাৰি নতুবা শালিধানৰ দৰে জেঠ/আহাৰত কঠীয়া পাৰি আহাৰ/শাওনত ৰুইও কৰিব পাৰি। বৰোধানৰ খেতি: যিবিলাক অঞ্চলত শালি খেতি কৰিব নোৱাৰি বা নষ্ট হয় সেইবিলাক অঞ্চলত বৰোধানৰ খেতি কৰিলে বানপানীয়েও ডুবাব নোৱাৰে আৰু শালিধানৰ খেতিতকৈ বেছি উৎপাদন পাব পাৰি। আঘোণ/পুহত কঠীয়া পাৰি মাঘ মাহত ৰুই বানপানী হোৱাৰ আগতে চপাব পাৰি। বৰোধানৰ ভাল জাতসমুহ হৈছে কনকলতা, জয়মতী, স্বৰ্ণাভ, দীননাথ আদি। এই জাতসমূহৰ কৃষিকাল ১৬০-১৭০ দিন আৰু উৎপাদন বিঘাই প্ৰতি ৩৫-৪০ মোন মান হয়। অৱশ্যে বৰোখেতি কৰিবৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা থাকিবই লাগিব। কেইটিমান অতি দৰকাৰী কথা: বানপানী হৈ যোৱাৰ পিছত ৰোৱা ধান কেইডৰা বানে মাৰি যোৱাৰ পিছত সাধাৰণতে কৃষকসকলে নতুনকৈ ৰুবলৈ কঠীয়াৰ অভাৱ হয়। নতুনকৈ কঠীয়া সিঁচিবলৈও সময় নাথাকে। সেয়েহে কৃষক ৰাইজে বানপানীৰ পৰিপ্ৰেক্ষিতত ওপৰত উল্লেখ কৰা জাতসমুহ মজুত ৰাখিব লাগে। বানপানী নহ’লেও এই জাতসমূহৰ বীজ একঠা দুকঠা মাটত কৰি হ’লেও মজুত ৰাখিব লাগে। অন্য সূত্রৰ পৰা পোৱা বীজসমূহৰ কেইটামান তথ্য সংগ্ৰহ কৰিব লাগে। বিশেষকৈ কৃষিকাল সম্পৰ্কে জানি ল’ব লাগে। জাতবিলাক ৩০ অক্টোবৰৰ আগতে ফুল ফুলিব লাগে। অন্যথা ঠাণ্ডাৰ বাবে ঠোকবোৰ পতনুৱা হোৱাৰ সম্ভাৱনা থাকে। ধৰি লওক এইবোৰ বানপানী জুলাই মাহৰ ১৫-২০ তাৰিখলৈ হয়। আপুনি এতিয়া কিমান দিনৰ জাত কৰিব? যদি আপুনি খেতি কৰিবলৈ লোৱা জাতটো ৪ মহীয়া হয় (১২০ দিন) তেতিয়া ৩ মাহত (৯০ দিনত) ফুলিব; যদি ১৫ জুলাইত জাতটোৰ কঠীয়া সিঁচা হয় তেতিয়া ১৫ অক্টোৱৰত ফুলিব। গতিকে ১২০-১২৫ দিনীয়া জাত বা তাতোকৈ কম দিনীয়া জাত অনায়াসে কৰিব পাৰি। কিন্তু ১৫০ দিনীয়া কৃষিকালৰ জাত এটা ১৫ জুলাইত কঠীয়া পাৰিলে ১৫ নৱেম্বৰত ফুলিব। ফলত এই সময়ত তাপমাত্রা হ্ৰাস হোৱাৰ বাবে সমুদায় ঠোক পতনুৱা হ’ব। অৱশ্যে সালোক সংবেদনশীল থলুৱা জাতসমূহৰ ক্ষেত্রত এই কথাখিনি প্ৰযোজ্য নহয়। লেখক: ড° কিশোৰ কুমাৰ শৰ্মা উৎস: সেউজ চিন্তা