বিৱৰণ

আমাৰ ল’ৰালিত ৰাস্তা-পদুলিবোৰ আজিৰ দৰে পকী নাছিল| শিল দিয়া ৰাস্তা| আমি ৰাস্তাত শিল গুটিয়ে ফুটাৰ ভয়ত হাবিৰ লুংলুঙীয়া বাটেৰে স্কুললৈ গৈছিলো আৰু ঘূৰি আহোতে বাটত মাধৈমালতী, জেটুলিপকা, কোটকৰা, হেলচ, টোলোঠাগুটি, লেটেকু, কচুকলা, ফুটকলা, গৰখীয়া গুটি, বনকুঁহিয়াৰ, বহঁত, কলমৌ পকা আদি বনৰীয়া ফল-মূল খাইছিলো| সেইবোৰ লগৰীয়াৰ লগত হাবিৰ মাজত বিচাৰি ফুৰাৰ যি মাদকতা সেই সময়ত অনুভৱ কৰিছিলো, সেই মাদকতাপূৰ্ণ সোণসেৰীয়া স্মৃতিয়ে মোৰ মন আজিও পুলকিত কৰে| সেই মধুময় স্মৃতি আজিও কঢ়িয়াই ফুৰিছো| সেই দিনবোৰেই আছিল জীৱনৰ মধুৰতম সময়| যেন জীৱনৰ এক সঞ্জীৱনী সুধা|

মাধৈমালতী গছত বগোৱা লতাজাতীয় বনৰীয়া উদ্ভিদ

মাধৈমালতী গছত বগোৱা লতাজাতীয় এবিধ বনৰীয়া উদ্ভিদ| এইবিধ অতি সুস্বাদু ফল| আকাৰত সৰু জলফাই সদৃশ পকিলে হালধীয়া হয়| খাবলৈ বালুগুচা (বাহিৰৰ পৰা অহা ফল) ফলৰ দৰে| এইবিধ উদ্ভিদক লৈ হুঁচৰি গীতত এনেদৰে গায়-

মাধৈমালতী ফুল চালত শুকায়/হুঁচৰি গাওঁতে ৰাতি পুৱায়|

জেটুলিপকা গছত বগোৱা লতাজাতীয় কাঁইটীয়া উদ্ভিদ

জেটুলিপকা গছত বগোৱা লতাজাতীয় কাঁইটীয়া উদ্ভিদ| পাতখিলা খহটা| দেখাত আঙুৰৰ পাতৰ দৰে| ফলটো দেখাত বাহিৰ ভাগ ষ্ট্ৰবেৰী ফলৰ দৰে লাগে| কিন্তু ঘূৰণীয়া, অতি সুস্বাদু| কোটকৰা গছ কাঁইটীয়া গুল্মজাতীয় উদ্ভিদ| তাৰ ফলবোৰ ঘূৰণীয়া| আমি পকা ফলবোৰ ছিঙি আনি খেৰৰ ঘৰৰ ছালৰ ওপৰত বেতৰ সূত বা বাঁহৰ তমালত চিলাই এলানিকৈ শুকাবলৈ দিওঁ| শুকালে টোটোৰা পৰে, তেতিয়া খাবলৈ মিঠা লাগে|

হেলচ উদ্ভিদ

আন এবিধ উদ্ভিদ হ’ল হেলচ| হেলচৰ গুটিবোৰ থোপাথোপি লাগে, পকিলে ৰঙা হয়| খাবলৈ টেঙা-মিঠা| আমি হেলচৰ চৰবত কৰিও খাইছিলো| পাতখিলা চোমপাতৰ সমানেই বুলিব পাৰি| টোলোঠাগুটিৰ পাতখিলা দীঘলতি পাতৰ সমানেই বুলিব পাৰি| গুটিবোৰ থোপাথোপে হেলচৰ দৰেই লাগে| হেলচতকৈ দীঘলীয়া, পকিলে ৰঙা-ক’লা বৰণৰ হয়| খালে জিভাত অলপ লাগি ধৰে, খাবলৈ মিঠা| দুয়োজোপাই গুল্মজাতীয়|

লেটেকু

লেটেকু পকিলে হালধীয়া হয়| ইও থোপাথোপে লাগে| কেঁচা লেটেকু নিমখ লগায়ো খাইছিলো| লেটেকু পিচে পকিলে মিঠা হয়| ইও গুল্মজাতীয়|

কচুকলা

কচুকলা হ’ল কচু গছৰ ফুল| ফুলবোৰ ছিঙি আনি ভঁৰাল ঘৰৰ গাধৈত গোটা বাঁহৰ ভিতৰত সুমুৱাই সোপা দি কেইদিনমান থোৱাৰ পিচত পকে, তেতিয়া আমি খাইছিলো|

ফুটকলা

ফুটকলা তৃণজাতীয় উদ্ভিদ| ইয়াৰ গুটিটো এটা আৱৰণে আৱৰি থাকে| আমি গুটিটো কপালত মাৰি দিওঁ, শব্দ কৰি ফুটে| ই আমাৰ বাবে আমোদজনক খেলো আছিল| গুটিটো মিঠা লাগে বাবে আমি খাইছিলো| এই ফুটকলা গছক লৈ বিহুনাম গায় এনেদৰে-

ফুটকলা এজুপি, ফুটকলা দুজুপি| ফুটকলা ভিৰাই লৈ খাওঁ| ফুটকলা তলতে সুহুৰি শুনিলো| ফুটকলা এৰি থৈ যাওঁ|

গৰখীয়া গুটিৰ গছ

গৰখীয়া গুটিৰ গছৰ পাত টেঙেচি পাতৰ দৰে| ই তৃণজাতীয় চেঁচেকীয়া হোৱা ঠাইত হোৱা উদ্ভিদ| গুটিবোৰ ৰঙা ৰঙা, মুখত দিলে মিঠা মিঠা পানী পানী লাগে|

বনকুঁহিয়াৰ

বনকুঁহিয়াৰ লতাজাতীয় উদ্ভিদ| ইয়াৰ লতাবোৰ আমি খাইছিলো| অলপ কুঁহিয়াৰৰ দৰে লাগে| বহঁত বৃক্ষজাতীয় উদ্ভিদ| ইয়াক খোৱাৰ উপৰি আমাৰ মাটিৰ ফলি মচা কামত ব্যৱহাৰ কৰিছিলো| ইয়াৰ পাতবোৰ ডাঙৰ আৰু ফলটো হালধীয়া আৰু কোমল আৰু এবিধ ফল খাইছিলো, যাৰ স্বাদ আজিও মুখত লাগি আছে|

কলমৌ উদ্ভিদ

ই বৃক্ষজাতীয় উদ্ভিদ| ফলটোৰ নাম কলমৌ পকা| ফলটো ঘূৰণীয়া| পকিলে হালধীয়া হয়| খাবলৈ আতলচৰ দৰে লাগে যদিও তাতকৈ সুস্বাদু| এই কলমৌ পকাক লৈ হুঁচৰি পদ গায় এনেদৰে-

কলমৌ খাওঁতে বুঢ়া হনুমন্তই| নগৰী কৰিলে উছন ঐ গোবিন্দাইৰাম|

এই সুমিষ্ট ফলবোৰৰ বৰ্তমান স্থিতি

বৰ্তমান ভোগবাদী মানসিকতাত পৰি এই ফলবোৰ অৱহেলিত হৈছে| বজাৰ আপেল-আঙুৰৰ দৰে ফলে ভৰি পৰিছে| বজাৰৰ ফলবোৰ সংৰক্ষণ কৰিবলৈ নানা ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰে, যাৰ বাবে এই ফলবোৰ খাই আমাৰ নানা বেমাৰ হোৱাৰ উপক্ৰম হৈছে| এই বনৰীয়া ফলবোৰ হেৰাই যোৱাৰ মূলতে বনাঞ্চল ধ্বংস হোৱা আৰু আমাৰ আদৰ কমি অহা| এই ফল-মূলৰ গছবোৰ হেৰাই যাবলৈ নিদি আমি সকলোৱে এই গছ-গছনি বোৰ সংৰক্ষণ কৰিব লাগে| আমি আন নোৱাৰিলেও সহজতে হোৱা একোজোপা কলগছ ৰুব লাগে| কাৰণ কলগছৰ প্ৰতিটো অংশই কলটো খোৱাৰ উপৰি বহু কামত ব্যৱহাৰ হয়| কথাতে কয়-সুফল কদলী, সুতিৰি ফেদেলী| আমি এই ফল-মূল বোৰ বনৰীয়াই হওক বা ঘৰত ৰোৱাই হওক খাবলৈ শিকিলে আমাৰ নতুন প্ৰজন্মই নিশ্চয় এইবোৰ খোৱাৰ লগতে গুণাগুণ সমূহো বুজিব পাৰিব|

লেখক:- নবনীতা গগৈ

উৎস:- সম্ভাৰ