চমু বিৱৰণ

ভাৰতীয় হিন্দু দৰ্শনত নাৰিকলৰ এক বিশিষ্ট স্থান আছে। যিকোনো কৰ্মৰ প্ৰাক্-মুহূৰ্তত নাৰিকল ভাঙি শুভাৰম্ভ কৰা হয়, যাতে কোনো অপায়-অমংগল নোহোৱাকৈ কাম সম্পন্ন হ’ব পাৰে। হিন্দু দেৱ-দেৱীলৈ আগবঢ়োৱা পূজাত নাৰিকল উত্সৰ্গা কৰা হয়। ইয়াৰ উপৰি, নদী বা সাগৰত মাছ ধৰিবলৈ যোৱা মাছুৱৈয়ে অধিক মাছ সংগ্ৰহ কৰিবৰ বাবে ইষ্ট দেৱতাক উদ্দেশ্যি নাৰিকল আগবঢ়ায়। ঐশ্বৰ্যৰ অধিস্থাত্ৰী লক্ষ্মীদেৱীৰ এক হস্তত নাৰিকল থকা পৰিলক্ষিত হয়। বিবাহ মণ্ডপত কলহৰ ওপৰত নাৰিকল স্থাপনে উৰ্বৰ গৰ্ভাশয়ক ইংগিত কৰে। ইফালে তান্ত্ৰিক উপাসনাত মানৱ মস্তিষ্কৰ বিকল্পৰূপে নাৰিকলৰ কোৰোকা ব্যৱহৃত হয়।

অসমৰ মাটি আৰু জলবায়ু নাৰিকল খেতিৰ কাৰণে উপযুক্ত। অসমীয়া গ্ৰামাঞ্চলৰ প্ৰতিঘৰ মানুহৰ বাৰীত দুজোপা হ’লেও নাৰিকল গছ পৰিলক্ষিত হয়। অৱশ্যে, মধ্য অসম আৰু অবিভক্ত কামৰূপ জিলাত নাৰিকলৰ উত্পাদন যথেষ্ট মাত্ৰাত হোৱা দেখা যায়। সঠিকভাৱে যতন ল’লে ছবছৰমানৰ পৰাই নাৰিকল গছত ফল ধৰা পৰিলক্ষিত হয় আৰু পাছলৈ উত্পাদন বৃদ্ধি পাই গৈ থাকে যদিও ১৩ বছৰমানৰ পাছত স্থিৰ মাত্ৰাত ফল লাগিবলৈ ধৰে। গছৰ উৰ্বৰতা অনুযায়ী বছৰি ২০ টাৰ পৰা ১৫০ টা পৰ্যন্ত নাৰিকল লাগে। মন কৰিবলগীয়া যে নাৰিকল গছে চাৰিকুৰি বছৰ পৰ্যন্ত ফল দিবলৈ সক্ষম।

নাৰিকলৰ বগা কোমল অংশ কেঁচাই খোৱাৰ উপৰিও ইয়াৰ পৰা গাখীৰ, তেল প্ৰস্তুত কৰিব পাৰি। ডাব নাৰিকলৰ পানীয়ে গ্ৰীষ্মকালত স্বাস্থ্য সতেজ কৰি ৰাখে। নাৰিকলৰ ফুলৰ পৰা নিঃসৃত ৰসক কিম্বন ঘটাই সোমৰস প্ৰস্তুত কৰি কিছু জনগোষ্ঠীয়ে পৰম্পৰাগত পানীয়ৰূপে পৰিৱেশন কৰে। ইয়াৰ উপৰি নাৰিকলৰ বকলাটোৰ পৰা আঁহ উলিয়াই বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি। এই আঁহ ধূনা জ্বলাবলৈও ব্যৱহৃত হয়।

পুষ্টিগত মানঃ

এশ গ্ৰাম নাৰিকলৰ পুষ্টিগত মান বিশ্লেষণ কৰিলে দেখা যায়- শক্তিঃ ৩৫৪ কিলো কেলৰি, কাৰ্ব’হাইড্ৰেটঃ ২৪.২৩ গ্ৰাম, শৰ্কৰাঃ ৬.২৩ গ্ৰাম, খাদ্যযুক্ত আঁহঃ ৯.০, চৰ্বিঃ ৩৩.৪৯ গ্ৰাম, প্ৰ’টিনঃ ৩.৩৩ গ্ৰাম থকাৰ লগতে ভিটামিনসমূহ ক্ৰমে থায়ামিনঃ ০.০৬৬ মিঃ গ্ৰাম, ৰিব’ফ্লেভিনঃ ০.০২ মিঃ গ্ৰাম, নিয়াচিনঃ ০.৫৪ মিঃ গ্ৰাম, পেপ্ট’থেনিক এচিডঃ ১.০১৪ মিঃ গ্ৰাম, ইয়াৰ উপৰি কেলছিয়ামঃ ১৪.০ মিঃ গ্ৰাম, লোঃ ২.৪৩ মিঃ গ্ৰাম, মেগনেছিয়ামঃ ৩২ মিঃ গ্ৰাম, ফছফৰাছঃ ১১৩ মিঃ গ্ৰাম, পটাছিয়ামঃ ৩৫৬ মিঃ গ্ৰাম, জিংকঃ ১.১ মিঃ গ্ৰাম, পানীঃ ৪৭ গ্ৰাম থাকে।

আনহাতে প্ৰতি এশ গ্ৰাম নাৰিকল পানীৰ পুষ্টিগতমানৰ বিশ্লেষণ কৰিলে দেখা যায়- শক্তিঃ ১৯ কিলো কেলৰি, কাৰ্ব’হাইড্ৰেটঃ ৩.৭১ গ্ৰাম, শৰ্কৰাঃ ২.৬১ গ্ৰাম, খাদ্যযুক্ত আঁহঃ ১.১ গ্ৰাম, চৰ্বিঃ ০.২ গ্ৰাম, প্ৰ’টিনঃ ০.৭২ গ্ৰাম, আনহাতে ভিটামিনসমূহৰ ভিতৰত, থায়ামিনঃ ০.০৩ মিঃ গ্ৰাম, ৰিব’ফ্লেভিনঃ ০.০৫৭ মিঃ গ্ৰাম, নিয়াচিনঃ ০.০৮ মিঃ গ্ৰাম, ইয়াৰ লগতে কেলছিয়ামঃ ২৪.০ মিঃ গ্ৰাম, লোঃ ০.২৯ মিঃ গ্ৰাম, মেগনেছিয়ামঃ ২৫ মিঃ গ্ৰাম, ফছফৰাছঃ ২০ মিঃ গ্ৰাম, পটাছিয়ামঃ ২৫০ মিঃ গ্ৰাম, জিংকঃ ০.১ মিঃ গ্ৰাম, পানীঃ ৯৫ গ্ৰাম থাকে।

নাৰিকলৰ ভাল সঁচ নিৰ্বাচনঃ

নাৰিকলৰ ভাল সঁচ বুলি ক’বলৈ গ’লে ‘টি. X ডি. বৰ্ণসংকৰ’ চাপৰ জাতবিধ, থলুৱা ‘আছাম টল’, ‘বেংগল চিলেক্টেড’ আৰু ‘বেংগল হাজাৰী’য়েই প্ৰধান। সঁচ সংগ্ৰহৰ সময়ত ২০-৬০ বছৰৰ ভিতৰত তুলনামূলকভাৱে অধিক আৰু প্ৰতি বছৰে স্থিৰসংখ্যক লাগনি দিয়া গছ বাছনি কৰি, অক্টোবৰৰ পৰা জানুৱাৰী মাহৰ ভিতৰত বীজৰ বাবে নাৰিকল পাৰিব লাগে। লগতে, নবেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত বীজ সিঁচিব লাগে। পুলিবাৰীৰ ভেটিটো খেতিয়কৰ সুবিধা অনুযায়ী কৰিব পাৰে যদিও, অভিজ্ঞতা নথকাসকলে ৩০ ছেণ্টিমিটাৰ ওখ, ৭.৫ মিটাৰ দীঘল আৰু এক মিটাৰ বহল ভেটি প্ৰস্তুত কৰিব পাৰে। ভেটিত ৩০ ছেণ্টিমিটাৰৰ ব্যৱধানত তিনিটা শাৰী কৰি প্ৰত্যেক শাৰীত ৩০ ছেণ্টিমিটাৰৰ অন্তৰে অন্তৰে নাৰিকলটো ঢাক যোৱাকৈ গাঁত খান্দিব লাগে। পচোৱাৰ আগতে নাৰিকলৰ দুটা সিৰৰ মাজৰ বহল পিঠিখন ওপৰফালে পথালিকৈ ৰাখি পুতিব লাগে। ভালকৈ প্ৰতিপালন কৰি এবছৰৰ পাছত পাঁচটা বা ততোধিক পাত ওলোৱা আৰু তলৰফালৰ এটা বা দুটা পাত ফালিবলৈ ধৰা নিৰোগী পুলি বাছনি কৰিব লাগে।

বাৰীখন কেনে হোৱা দৰকাৰ ?

নাৰিকল বাৰীৰ বাবে ওখ, ৰ’দ পৰা আৰু বাৰিষা পানী জমা নোহোৱা পলসুৱা বালিচহীয়া মাটিয়েই উত্তম। মাটিডৰা ভালদৰে চহাই নিৰ্দিষ্ট দূৰত্বত, পুলি ৰোপণৰ এমাহৰ আগতেই গাঁত খান্দিব লাগে। প্ৰত্যেক গাঁতৰ আয়তন এক ঘন মিটাৰ (মানে দৈৰ্ঘ্য-প্ৰস্থ-উচ্চতা এক মিটাৰকৈ) হ’ব লাগে আৰু প্ৰতিটো গাঁতৰ পৰস্পৰৰ মাজৰ ব্যৱধান ৭.৫ মিটাৰ হোৱা আৱশ্যক। বালিচহীয়া মাটি বিচাৰি নাপালে, পুলি ৰোপণৰ পূৰ্বে নদীৰ বালিৰে গাঁতৰ আধালৈকে ভৰাই ল’ব লাগে। নাৰিকল ৰোপণৰ আগতে মাটিডৰাক আৰ্দ্ৰ কৰি ৰাখিবলৈ গাঁতৰ তলৰ ১৫ ছেণ্টিমিটাৰমান ঠাই নাৰিকলৰ বাকলিৰে পুতিব লাগে। নাৰিকলৰ বাৰীখন ওখ হ’লে মাৰ্চ-এপ্ৰিল মাহত আৰু বাম মাটি হ’লে ছেপ্তেম্বৰ-অক্টোবৰ মাহত পুলি ৰুব লাগে। আগতে কৈ অহা ধৰণে খন্দা গাঁতত ২০ কিলোগ্ৰামমান শুকান গোবৰ বা পচন সাৰ, ২০০ গ্ৰাম মালাথিয়ন ৫% পাউডাৰ বা ১০০ গ্ৰাম এল্ডেক্স ৫% পাউডাৰ আৰু আগেয়ে খন্দা মাটিৰ মিশ্ৰণেৰে গাঁতৰ দুই তৃতীয়াংশ ভৰ্তি কৰিব লাগে। পাছত নাৰিকল পুলিটো গাঁতৰ সোঁমাজত থিয়কৈ ৰাখি পুতি পেলাব লাগে। ইয়াৰ পাছত পুলিৰ চৌপাশে ধেনুভেৰীয়াকৈ মাটিৰ ঢিপ সাজি দিলে পানী জমা নহ’ব। দুই-তিনিমাহৰ অন্তত পুলি সজাল ধৰিলে কাষৰ মাটি চুৰুকি গাঁতটো সম্পূৰ্ণকৈ পুতি পেলাব লাগে।

সাৰৰ পৰিমাণ আৰু প্ৰয়োগ বিধিঃ

প্ৰতিবছৰে বাৰিষা আৰম্ভ হোৱাৰ আগত এবাৰ আৰু পাছত এবাৰ, মুঠতে দুবাৰকৈ নাৰিকল গছত সাৰ প্ৰয়োগ কৰিব লাগে। এবছৰীয়া নাৰিকল গছক প্ৰয়োজন হোৱা গোবৰ, ইউৰিয়া, একক ছুপাৰ ফছফেট, মিউৰেট অব পটাছ আৰু বৰাক্স সাৰৰ পৰিমাণ ৫ কিলোগ্ৰাম, ৩০০ গ্ৰাম, ৫০০ গ্ৰাম, ৩৫০ গ্ৰাম আৰু ৫০ গ্ৰাম। ইয়াৰে বৰাক্সৰ বাদে বাকীকেইটা সাৰ প্ৰতিবছৰে বঢ়াই যাব লাগে। দুবছৰত দুগুণ, তিনি বছৰত তিনি গুণ, চাৰি বছৰত চাৰি গুণ আৰু পাঁচ বছৰত পাঁচ গুণ। পাঁচ বছৰ বয়সৰ ওপৰত এই মাত্ৰা স্থিৰ ৰাখিব লাগে।

ৰাসায়নিক সাৰখিনি সমানে দুই ভাগত ভাগ কৰি এভাগ মাৰ্চ-এপ্ৰিল মাহত আৰু আনভাগ ছেপ্তেম্বৰ-অক্টোবৰ মাহত প্ৰয়োগ কৰিব লাগে। এবছৰীয়া, দুবছৰীয়া আৰু তিনি বছৰীয়া নাৰিকল গছৰ গুৰিৰ পৰা ৫০ ছেণ্টিমিটাৰ, চাৰি আৰু পাঁচ বছৰীয়া গছত গুৰিৰ পৰা ১০০ ছেণ্টিমিটাৰ আৰু পাঁচ বছৰৰ ওপৰৰ গছৰ গুৰিৰ পৰা ১৫০ ছেণ্টিমিটাৰ দূৰত্বৰ ব্যাসাৰ্ধত বৃত্তাকাৰে পাতলীয়া আঙঠিৰ দৰে নলা খান্দি সাৰ-গোবৰৰ মিশ্ৰণটো প্ৰয়োগ কৰা উচিত। খৰাং পৰিস্থিতিত আৰ্দ্ৰতা কমি গ’লে পানী প্ৰয়োগ কৰা প্ৰয়োজন।

পোক-পতংগ আৰু ৰোগ-ব্যাধিঃ

বিভিন্ন ধৰণৰ পোক-পতংগ আৰু ৰোগ-ব্যাধিয়ে নাৰিকল গছক আক্ৰমণ কৰা পৰিলক্ষিত হয়। গঁড় পোক, উঁই পোক, ফল আৰু ফুল খাদক ঘূণে ধৰা পোকৰ লগতে ঠোৰি পাত পচা বেমাৰ, মুকুট বন্ধন, কোঁহ পচা, গা-গছৰ ৰস নিৰ্গত হোৱা আৰু গেণ’ডাৰ্মাই প্ৰধান। পোক-পতংগৰ বাবে ২ মিলিলিটাৰ ডাইমিথয়েট প্ৰতিলিটাৰ পানীত মিহলাই প্ৰয়োগ কৰা উচিত। ভেঁকুৰ জাতীয় ৰোগৰ পৰা মুক্তি পাবলৈ বৰড’ মিশ্ৰণ (চূণ আৰু তুতিয়াৰ পৰা প্ৰস্তুত ভেঁকুৰনাশক) প্ৰয়োগ কৰা উচিত। বৰণৰ অভাৱত ফল সৰা দেখা যায়, সেয়ে প্ৰতিবছৰে নাৰিকল গছৰ গুৰিত ৫০ গ্ৰাম বৰাক্স প্ৰয়োগ কৰা প্ৰয়োজন। ১ মিঃ গ্ৰাম প্লেনোফিক্স নামৰ হৰম’ন ১০ লিটাৰ পানীত মিহলাই গৰ্ভধাৰণ হোৱাৰ পাছত ফুলৰ থোকত প্ৰয়োগ কৰক আৰু ইয়াৰ এমাহৰ পাছত ২ মিঃ গ্ৰাম প্লেনোফিক্স ১০ লিটাৰ পানীত মিহলাই ছটিয়াওক।

এই ধৰণে পৰিচৰ্যা তথা প্ৰতিপালন কৰি নাৰিকলৰ উত্পাদন বৃদ্ধি কৰিব পাৰি। কিয়নো আমি পাহি গ’লে নহ’ব যে নাৰিকল উত্পাদনত ফিলিপাইনছ আৰু ইণ্ডোনেছিয়াৰ পাছত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত তৃতীয়। ভাৰতে প্ৰতি বছৰে ১০.৮ লাখ টন নাৰিকল উত্পাদন কৰে। সুপৰিচৰ্যাই অধিক উত্পাদন সম্ভৱ কৰি তুলিব।

লেখকঃ ৰুদ্ৰ নাৰায়ণ বৰকাকতি

উৎসঃ অসমীয়া খবৰ