অসমৰ জলবায়ু কুঁহিয়াৰ খেতিৰ বাবে অনুকূল। সমগ্ৰ অসমৰ সকলো জিলাতে কম-বেছি পৰিমাণে কুঁহিয়াৰ খেতি কৰা হয়। কুঁহিয়াৰৰ সৰ্বভাৰতীয় গড় উত্পাদন প্ৰতি হেক্টৰত ৬৯ টনৰ বিপৰীতে অসমত ইয়াৰ উত্পাদন মাত্ৰ ৩৭ টনহে। সেয়েহে কুঁহিয়াৰৰ উত্পাদন বৃদ্ধি কৰিবলৈ হ’লে অতি উচ্চ উত্পাদনক্ষম জাতৰ ব্যৱহাৰ, সুষমভাৱে সাৰ প্ৰয়োগ আৰু সময়োচিত কীট-পতংগ, বেমাৰ-আজাৰ নিয়ন্ত্ৰণ আদি কৰাৰ লগতে খেতিডৰা ভালদৰে পৰিচৰ্যা কৰাটো অতি প্ৰয়োজনীয়।

কুঁহিয়াৰ খেতিডৰাৰ পৰিচৰ্যা বুলিলে সাধাৰণতে সময় মতে মাটি চপোৱা কাৰ্য, বন-বাত নিয়ন্ত্ৰণ, পাক গুচোৱা আৰু বান্ধি দিয়া আদি সকলোবোৰ কাৰ্যকে বুজায়।

মাটি চপোৱাঃ কুঁহিয়াৰৰ আগবোৰ ৰোৱাৰ ৪৫-৬০ দিনৰ ভিতৰত প্ৰথমবাৰ মাটি চপাই দিব লাগে আৰু ৰোৱাৰ ৯০ দিনৰ ভিতৰত দ্বিতীয়বাৰ মাটি চপাই দিব লাগে যাতে খলবোৰ ভেটিৰ দৰে হয় আৰু আগৰ ভেটিবোৰ খলৰ দৰে হৈ পানী ওলাই যোৱাত সহায় কৰে। পৰম্পৰাগতভাৱে কৰা কৃষি পদ্ধতিত গুৰিত মাটি চপোৱা নহয়, সাধাৰণতে শাৰীবদ্ধভাৱে নকৰাৰ ফলত আৰু ঘনকৈ বা উপযুক্ত ৰোৱন পদ্ধতি অৱলম্বন নকৰাৰ ফলত মাটি চপোৱা কাৰ্য সহজে কৰিব নোৱাৰে। ইয়াৰ ফলস্বৰূপে বাৰিষা গছৰ গুৰিত পানী জমা হোৱাৰ সম্ভাৱনীয়তা বেছি হয়। সাধাৰণতে গজালি মেলাৰ সময়ত খেতিত পানী জমা হ’লে খেতিডৰা সম্পূৰ্ণৰূপে নষ্ট হব পাৰে, সেয়েহে তেনে পৰিস্থিতি নহ’বৰ বাবে খেতিডৰাৰ পৰা পানী উলিয়াই দিয়াৰ ব্যৱস্থা কৰিব লাগে। পোখা মেলাৰ সময়ত পানী জমা হ’লে খেতিডৰা সম্পূৰ্ণৰূপে নষ্ট নহয় যদিও কুঁহিয়াৰ উত্পাদন আৰু ইয়াৰ বৃদ্ধিত যথেষ্ট ক্ষতি হয়। এইখিনি সময়ত গছৰ গুৰিত পানী জমা হ’লে, কুঁহিয়াৰৰ পাতবোৰ হালধীয়া পৰা দেখা যায়।

আচলতে অতিমাত্ৰা পানীৰ বাবে গছৰ গুৰিত বায়ু নোসোমায় আৰু শিপাই মাটিৰ পৰা পুষ্টিকৰ মৌলসমূহ আহৰণ কৰিব নোৱাৰে। ফলত গছৰ বৃদ্ধি লেহেমীয়া হয়। কুঁহিয়াৰ গছবোৰ ডাঙৰ হোৱাৰ সময়ত পানী জমা হ’লে তলৰ গাঁঠিৰ পৰা শিপা ওলোৱা দেখা যায় আৰু পাতবোৰ হালধীয়া হয়।

এনে কুঁহিয়াৰ চপোৱাৰ সময়ত কুঁহিয়াৰডালত আঁহৰ পৰিমাণ বেছি হয় আৰু চেনিৰ পৰিমাণ কমি যায়, ফলত ইয়াৰ পৰা প্ৰস্তুত কৰা গুড়বোৰো বেয়া হয়। খেতিডৰাৰ পৰা পানী ওলাই যোৱাৰ পাছতহে ইয়াৰ প্ৰতিক্ৰিয়াবোৰ দেখা যায়। যেনে- কুঁহিয়াৰ দুৰ্বল হয়, বৃদ্ধি লেহেমীয়া হয় আৰু সহজে বেমাৰ-আজাৰ আৰু কীট-পতংগৰ দ্বাৰা আক্ৰান্ত হয়। বিশেষকৈ কুঁহিয়াৰৰ ৰঙা পৰা ৰোগ আৰু বিন্ধোৱা পোকৰ আক্ৰমণ দেখ যায়। গতিকে মাটি চপোৱা কাৰ্য ভালদৰে সম্পন্ন কৰিলে এই সকলোবোৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি। ইয়াৰ উপৰি গুৰিত মাটি চপাই দিলে, গছবোৰ বতাহ-বৰষুণত হালি পৰি যোৱাৰ সম্ভাৱনীয়তা কমি থাকে আৰু বন-বাতবোৰো নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ উপৰি সাৰ দি গুৰিত মাটি চপাই দিলে সাৰবোৰ অনিষ্ট নহয় আৰু গছে সহজে ইয়াক আহৰণ কৰিব পাৰে।

বন-বাত নিয়ন্ত্ৰণঃ কুঁহিয়াৰ কৃষকৰ বাবে বন-বাতৰ উপদ্ৰৱ এক জ্বলন্ত সমস্যা। সাধাৰণতে আৰম্ভণি অৱস্থা, বিশেষকৈ ৰোৱাৰ পৰা পোখা মেলা সময়লৈ বন-বাতৰ সমস্যা অধিক। এই বন-বাতবোৰে বহুক্ষেত্ৰত গজালি ওলোৱাত বাধাৰ সৃষ্টি কৰে আৰু মাটিৰ পৰা পুষ্টিকৰ মৌলসমূহ আহৰণ কৰি গছৰ বৃদ্ধিত সৃষ্টি কৰে, সেয়েহে ৰোৱাৰ পৰা প্ৰায় ১০০ দিনলৈকে বন-বাত নিয়ন্ত্ৰণ কৰি ৰখাটো অতিকৈ প্ৰয়োজন।

হাতেৰে বন-বাত নিৰণি কৰিলে প্ৰথমবাৰ ৩৫-৪০ দিনৰ ভিতৰত কৰিব লাগে আৰু ইয়াৰ পাছতহে অনুমোদিত ইউৰিয়া আৰু পটাছ সাৰ টপড্ৰেছিং কৰি গুৰিত মাটি চপাই দিব লাগে নহ’লে প্ৰয়োগ কৰা সাৰবিলাক গছৰ সলনি বেছিকৈ বন-বাতবোৰেহে আহৰণ কৰে। ইয়াৰ বাহিৰেও মাটি চপোৱা কাৰ্যই কিছু পৰিমাণে বন-বাতবোৰো নিয়ন্ত্ৰণ কৰাত সহায় কৰে। দ্বিতীয়বাৰ নিৰণি ৯০ৰ পৰা ১০০ দিনৰ ভিতৰত কৰিব লাগে আৰু ইয়াৰ পাছতহে বাকী থকা ইউৰিয়া সাৰ টপড্ৰেছিং কৰি শেষবাৰৰ বাবে মাটি চপাই দিলে ৰৈ যোৱা বন-বাতবোৰো সহজে নিয়ন্ত্ৰণ হয়।

আচলতে, হাতেৰে বন-বাত গুচোৱা বা নিয়ন্ত্ৰণ কৰা কাৰ্য অতি পৰিশ্ৰমী আৰু ইয়াত খৰচৰ মাত্ৰাও অধিক। সেয়েহে পাৰিলে ঔষধ প্ৰয়োগ কৰি বন-বাতবোৰ কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। ঔষধ প্ৰয়োগৰ ক্ষেত্ৰত ২, ৪ ডি ২ লিটাৰ ৫০০-৭০০ লিটাৰ পানীৰ লগত এটি মিশ্ৰণ তৈয়াৰ কৰি কুঁহিয়াৰ ৰোৱাৰ ৩-৪ দিনৰ ভিতৰত প্ৰতি হেক্টৰ (৭.৫ বিঘা) মাটিত হস্তচালিত যন্ত্ৰেৰে প্ৰয়োগ কৰিব লাগে। তাৰ পাছত ৯০ দিনৰ ভিতৰত এবাৰ হাতেৰে বন-বাত নিৰাই দিব লাগে। ইয়ে খেতিডৰা পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখে আৰু বেমাৰৰ বীজাণুবোৰ আঁতৰাই ৰখাত সহায় কৰে।

পাত গুচোৱা আৰু বান্ধি দিয়াঃ গছবোৰ বাঢ়ি থকা দিনৰে পৰা পূৰঠ হোৱা সময়লৈকে বুঢ়া আৰু শুকাই যোৱা পাতবোৰ মাজে মাজে কাটি পেলাই দিব লাগে যাতে কুঁহিয়াৰৰ শাৰীবোৰৰ মাজত ৰ’দ-বতাহ সোমাব পাৰে। এনেদৰে বেমাৰৰ বীজাণু আঁতৰাই ৰাখিব পাৰি।

প্ৰয়োজন হ’লে গছবোৰ পৰি নাযাবৰ বাবে কেইবাজোপাও একেলগে মিলাই বান্ধি দিব লাগে। কিয়নো বতাহ-বৰষুণত গছবোৰ হালি পৰিলে বহুত চেনিৰ পৰিমাণ কমি যায়। ফলত গুড়ৰ মান কমি যায় অৰ্থাত্ গুড় সহজে টান নামাৰে আৰু গুড়ৰ ৰং বেয়া হয়।

লিখক: মহিমা বেগম, ড০ বিজ্ঞান চন্দ্ৰ বৰদলৈ

উৎস:অসমীয়া খবৰ