অসমত অতি সহজে খেতি কৰিব পৰা কাঠফুলাৰ ভিতৰত অয়ষ্টাৰ জাতৰ পাছতেই পেডী ষ্ট্ৰ কাঠফুলাৰ নাম উল্লেখ কৰিব পাৰি। ছেপ্তেম্বৰ মাহৰ পৰা এপ্ৰিলৰ শেষলৈকে অয়ষ্টাৰ কাঠফুলা লাভজনকভাৱে কৰিব পৰা যায় যদিও গ্ৰীষ্মৰ মাহকেইটাত এই কাঠফুলাৰ খেতি কৰিব নোৱাৰি। গ্ৰীষ্মৰ এই কালছোৱাত কাঠফুলা কৃষকসকলে পেডী ষ্ট্ৰ কাঠফুলাৰ খেতিৰ কথা ভাবিব পাৰে। অন্যান্য কাঠফুলাৰ দৰে পেডী ষ্ট্ৰ কাঠফুলা পুষ্টিকৰ আৰু অতি সোৱাদযুক্ত। উত্পাদন ক্ষমতা অয়ষ্টাৰ কাঠফুলাতকৈ কম যদিও কৃষকসকলে মে’ মাহৰ পৰা ছেপ্তেম্বৰ মাহৰ সময়ছোৱা এই পেডী ষ্ট্ৰ কাঠফুলাৰ খেতিৰ বাবে ব্যৱহাৰ কৰিব পাৰে। এই কাঠফুলাৰ খেতিৰ বাবে উষ্ণতা ৩৪-৩৮ ডিগ্ৰী চেলছিয়াছ আৰু বায়ুৰ আৰ্দ্ৰতা ৮০-৮৫ শতাংশ হোৱা উচিত। অতি সহজে কৰিব পৰাকৈ কাঠফুলাবিধৰ কৃষি পদ্ধতি তলত আলোচনা কৰা হ’ল-

পেডী ষ্ট্ৰ কাঠফুলাৰ নামটোৰ পৰাই বুজিব পাৰি যে ধানখেৰেই হ’ল এই কাঠফুলাবিধৰ খেতিৰ বাবে উপযুক্ত মাধ্যম। ধানখেৰখিনি সোণোৱালী ৰঙৰ তথা উন্নতমানৰ হ’ব লাগে। ৰ’দে-বৰষুণে পৰি থকা খেৰ কাঠফুলাৰ খেতিৰ বাবে ব্যৱহাৰ কৰিব নালাগে। ধানখেৰখিনি তিয়াই থ’বৰ বাবে এটা সৰুকৈ খাল খান্দি ভাল পলিথিনেৰে ঢাকি পৰিষ্কাৰ পানী ভৰাই ল’ব লাগে। খেৰখিনি সৰু সৰু মুঠি কৰি বান্ধি লৈ ২৪ ঘণ্টাৰ বাবে পানীত তিয়াই থ’ব লাগে। খেৰৰ মুঠিকেইটাৰ ওপৰত ইটা কেইটুকুৰামান থৈ দিলে ভালদৰে পানীত ডুবি থাকিব। মুঠিকেইটা খালটোৰ পৰা উলিয়াই আনি অতিৰিক্ত পানীভাগ ওলাই যাবলৈ কিছুসময় দুডাল বাঁহৰ ওপৰত ৰাখি থ’ব পাৰে। ইটাৰ ওপৰত বাঁহৰ ফ্ৰেম এখন বনাই তাৰ ওপৰত পেডী ষ্ট্ৰ কাঠফুলাৰ খেতিৰ বাবে ধানখেৰৰ মুঠিবোৰেৰে বৰ্গক্ষেত্ৰাকাৰ বিছনা এখন তৈয়াৰ কৰি ল’ব লাগে। খেৰৰ মুঠিবোৰৰ গুৰিৰ ফালটো এফালে ৰাখি বাঁহৰ ফ্ৰেমখনত পাৰি দিব লাগে। দ্বিতীয় তৰপ এটা গুৰিৰ ফালটো বিপৰীত দিশত ৰাখি প্ৰথম তৰপটোৰ ওপৰত পাৰি দিব লাগে। দুটা তৰপৰ ওপৰত কাঠফুলাৰ বীজ বিছনাখনৰ দাঁতিৰ পৰা তিনি ইঞ্চিমান ভিতৰত পৰাকৈ সিঁচি দিব লাগে। প্ৰথম তৰপ দুটাৰ ওপৰত উলম্ব দিশত আগৰ দৰে দুটা খেৰৰ মুঠিৰ তৰপ দি বীজ সিঁচিব লাগে। এইদৰে খেৰৰ মুঠিবোৰৰ দুটাকৈ তৰপ এটা আনটোৰ উলম্ব দিশত সজাই তৃতীয় আৰু চতুৰ্থবাৰলৈ আগৰ দৰে বীজ সিঁচি পঞ্চম তথা শেষ তৰপটোৰ ওপৰত বীজখিনি চাৰিওফালে ছটিয়াই দিব লাগে। এখন বিছনাৰ বাবে ৩৫০-৪০০ গ্ৰাম বীজৰ প্ৰয়োজন হয়। বিছনাখনৰ চাৰিওকাষ এখন পলিথিনেৰে বান্ধি থ’ব লাগে। বীজ সিঁচাৰ তিনি-চাৰিদিনৰ পাছৰ পৰা স্প্ৰেয়াৰৰ সহায়ত বিছনাখনত পানী প্ৰয়োগ কৰিব লাগে। কাঠফুলাৰ মুকুলবোৰ বীজ সিঁচাৰ ৭-১০ দিনৰ ভিতৰত ওলাবলৈ আৰম্ভ কৰে। মুকুল ওলোৱাৰ লগে লগে পলিথিনখন খুলি দিব লাগে। বীজ সিঁচাৰ ১১-১৫ দিন পাছত পেড্ৰী ষ্ট্ৰ কাঠফুলা চপাব পৰা যায়। কাঠফুলাখিনি চপোৱাৰ লগে লগে খাদ্য হিচাপে ব্যৱহাৰ কৰিব লাগে। এই জাতৰ কাঠফুলা বেছিদিন নষ্ট নোহোৱাকৈ ৰাখিব পৰা নাযায়। ৰেফ্ৰিজাৰেটৰত ৰাখিলে মাত্ৰ দুই-তিনিদিনহে ভালে থাকে।

উত্সঃ অসমীয়া খবৰ, গুণঢ্য কুমাৰ উপমন্য, ড০ ৰঞ্জিত শৰ্মা