বিভিন্ন অপতৃণ, শস্যৰ অৱশিষ্ট অংশ, জীৱ-জন্তুৰ মল-মূত্ৰ, কৃষিজাত উদ্যোগৰ পেলনীয়া অংশ আদি বিভিন্ন আৱৰ্জনা কেঁচুৰ সহায়ত কম সময়ৰ ভিতৰতে পচন ঘটাই তৈয়াৰ কৰা জৈৱিক সাৰবিধেই হ’ল কেঁচু সাৰ। সম্প্ৰতি বিশ্বৰ বিভিন্ন প্ৰান্তত কেঁচু সাৰ জনপ্ৰিয় হৈ পৰিছে। কেঁচু সাৰৰ ব্যৱসায়িক চাহিদা অনেক। এই সাৰৰ সুবিধাসমূহ হ’ল কেঁচু সাৰ অতি কম দিনৰ ভিতৰতে(৪৫-৬০ দিন) প্ৰস্তুত কৰিব পাৰি। ইয়াত যথেষ্ট পৰিমাণে নাইট্ৰ’জেন, ফছফৰাছ, পটাছ, কেলচিয়াম, মেগনেছিয়াম, ছালফাৰ, আইৰন, জিংক, মেংগানিজ আদি অত্যাৱশ্যকীয় মৌল আৰু শস্যৰ বাবে প্ৰয়োজনীয় হৰম’ন জাতীয় দ্ৰব্য অক্সিন, জিবাৰেলিন ইত্যাদি। কেঁচু সাৰত বহুতো পাচক ৰস, প্ৰটিয়েজ, লাইপেজ, এমাইলেজ আদি থাকে বাবে ই মাটিত থকা বিভিন্ন জৈৱিক পদাৰ্থৰ পাচন কাৰ্যত সহায় কৰে, পৰিৱেশ প্ৰদূষণ ৰোধত সহায় কৰাৰ উপৰি কেঁচু সাৰে মাটিৰ গঠন, বতাহ চলাচলৰ সুবিধা তথা জলধাৰণ ক্ষমতা বৃদ্ধি কৰে। সকলো খেতিতে ব্যৱহাৰৰ উপযোগী কেঁচু সাৰ। আনহাতে ব্যৱসায়িক ভিত্তিত উৎপাদন কৰি কেঁচু সাৰ উদ্যোগ হিচাপেও গঢ়ি তুলিব পাৰি।

কেনেকৈ প্ৰস্তুত কৰিব কেঁচু সাৰ?

সচৰাচৰ পকী টেংকী বা টাবত কেঁচু সাৰ প্ৰস্তুত কৰা হয়। পকী টেংকীৰ প্ৰস্থ তিনি ফুট, উচ্চতা ২-২.৫ ফুট আৰু দৈৰ্ঘ্য ইচ্ছানুসৰি কৰিব পাৰি। সাধাৰণতে পানী জমা নোহোৱা, ছাঁ পৰা ঠাইত এনে টেংকী বনাব লাগে। ৰ’দ-বৰষুণ নপৰিবৰ বাবে টেংকীৰ ওপৰত টিন বা খেৰৰু একোখন চালি দিব লাগে। টেংকীৰ মজিয়াখন পকী কৰাটো ভাল। এনে মজিয়াৰ ওপৰত প্ৰথমে মাটি বা বালি এক-দুই ইঞ্চি তৰপ দি তাৰ ওপৰত এক-দুই ইঞ্চি জৈৱিক আৱৰ্জনা আৰু আধা পচা গোবৰ ৬০:৪০ অনুপাতত তৰপে তৰপে ভৰাই যাব লাগে। মন কৰিবলগীয়া কথা হ’ল জৈৱিক আৱৰ্জনাসমূহ প্ৰয়োজন অনুসৰি সৰু সৰুকৈ কাটি ৭-১০ দিন দ’ম কৰি থৈ দিব লাগে, যাতে সেইবোৰ আধা পচা হয়। টেংকীটো সম্পূৰ্ণকৈ ভৰাই লোৱাৰ পাছত উপযুক্ত যিকোনো এবিধ প্ৰজাতিৰ কেঁচু( যেনে- আইচেনিয়া ফ’টিদা, পেৰিঅ’নিক্স এক্সাভেটাছ, ইউড্ৰিলাছ ইউজিনি, এমাইনথেছ ড্ৰিফিনজেনছ, লেমপিট’ মৰিচি আদি) মেলি দি বস্তা বা শুকান খেৰেৰে ঢাকি দিব লাগে। জৈৱিক আৱৰ্জনাৰ মিশ্ৰণটো যাতে সেমেকি থাকে তাৰ বাবে মাজে মাজে পানী ছটিয়াই থাকিব লাগে। প্ৰায় ৪৫-৬০ দিনৰ ভিতৰত আৱৰ্জনাবোৰ পচি কেঁচু সাৰ তৈয়াৰ হয়। আৱৰ্জনাৰ মিশ্ৰণটো ক’লা বা মুগা বৰণৰ হ’লেই বুজা যাব কেঁচু সাৰ চপাবৰ হৈছে। প্ৰস্তুত হোৱা সাৰখিনি তৰপে তৰপে ছাঁ পৰা ঠাইত দ’ম কৰি(৫/৬ ঘন্টা) থ’ব লাগে। তাৰ পাছত ছাঁত শুকুৱাই কেঁচু সাৰবোৰ চালি কেঁচুবোৰ পৃথক কৰি ল’ব পৰা যায়। কেঁচু সাৰ দ’মবোৰৰ চাৰিওফালে কেঁচা গোবৰৰ বল বনাই থ’লেও কেঁচুৰ পৃথকীকৰণ সহজ হয়।

লেখক: প্ৰসাদ দাস(দৈনিক অসম)