সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা ‘ধান খেতিত পতান’ বাতৰিটো বৰ্তমান সময়ত সকলোৰে জ্ঞাত। এনে বাতৰি প্ৰচাৰ হ’লেই সাধাৰণতে কৃষি বিভাগ তথা তদানীন্তন চৰকাৰখনকেই ৰাইজে দোষাৰোপ কৰা দেখা যায়, যিটো আচলতে সত্য নহ’বও পাৰে।

সেয়েহে আমাৰ সৰ্বসাধাৰণ ৰাইজৰ জ্ঞাতাৰ্থে ধান খেতিত পতান হোৱাৰ প্ৰধান কাৰকসমূহ তলত দিয়া হ’ল-

শালি খেতি, আহু খেতি, আগতীয়া আহু আৰু বৰো খেতিৰ বাবে একেটাই ধানৰ জাত প্ৰযোজ্য নহ’ব পাৰে। সেয়েহে অসমৰ জলবায়ুত খাপ খোৱাকৈ নিৰ্দিষ্ট সময়ৰ বাবে অনুমোদিত বিভিন্ন জাতসমূহ সময়ত নকৰিলে কেতিয়াবা পতান হোৱা পৰিলক্ষিত হয়।

কিছুমান নাতিসহিষ্ণু ধানৰ জাতৰ ক্ষেত্ৰত গেঁৰ ধৰাৰ সময়ত বায়ুমণ্ডলীয় উষ্ণতা অত্যধিক(৩৫ ডিগ্ৰী চেন্টিগ্ৰেডতকৈ বেছি) বা অতিনিম্ন(৯০ চেন্টিগ্ৰেডতকৈ কম) হ’লে ফুলৰ পৰাগৰেণুবোৰৰ মৃত্যু হয়, পৰাগ সংযোগ বিফল হয় আৰু গুটি ধৰাৰ ক্ষমতা হেৰুৱাই পেলায় বা অন্য অৰ্থত পতানৰ সৃষ্টি হয়।

কেতিয়াবা আমাৰ কৃষকসকলে অধিক উৎপাদনৰ আশাত অতিৰিক্ত পৰিমাণৰ নাইট্ৰ’জেনাছ সাৰ যেনে- ইউৰীয়া প্ৰয়োগ কৰে।

ফলত প্ৰথম অৱস্থাত খেতিডৰা চকুত লগাকৈ বাঢ়ি আহে, গছবোৰ জোপোহা হয়, হেঁচা-ঠেলাত চেঁচুকীয়া পৰিৱেশৰ সৃষ্টি কৰে আৰু শেষত ঠোকবোৰত পতানৰ সংখ্যাহে বেছি হয়।

ইয়াৰ এটা সৰু উদাহৰণ এয়ে যে অতিৰিক্ত সাৰ-গোবৰৰ ওপৰত গজা ধান গছজোপাৰ চেহেৰা সুন্দৰ হয় যদিও সদায় পতান ওলায়। ইয়াকে আমাৰ কৃষকে ‘উৰি গ’লে’ বুলি কয়।

ধানৰ ঠোক ওলোৱাৰ পাছত কেনেবাকৈ ৰাসায়নিক সাৰ ছটিয়ালে গোটেই খেতিডৰাই জ্বলি যোৱা দেখা যায় আৰু ঠোকবোৰ পতানত পৰিণত হয়। ধানৰ গেঁৰ ধৰাৰ পৰা ফুলালৈকে এই সময়ছোৱাত মাটিত পানীৰ অভাৱ হ’লে প্ৰয়োজনীয় মৌলসমূহ গছৰ শিপাই মাটিৰ পৰা টানিব নোৱাৰা হয়, যাৰ ফলত ঠোকবোৰ গাখীৰতী অৱস্থা পোৱাৰ আগতেই মৰহি শুকাই যায় আৰু পতানৰ সৃষ্টি হয়।

সঁজাল ধান খেতিডৰাত কেতিয়াবা বগা বগা মজাখোৱা পোকৰ পখিলাৰে ভৰি পৰা দেখা যায়। ইহঁতে ধান গছৰ গুটিত বিন্ধা কৰি কণী পাৰে। কণী ফুটি ওলোৱা পলুবোৰে গছৰ মূল কাণ্ডভাগ খাই নষ্ট কৰে।

এনে গছত ঠোকটো বগা পতানযুক্ত হয়, যিটো অলপ টানি দিলেই পেপা কাঢ়ি ওলাই আহে- যাক কোৱা হয় ‘ডেড হাৰ্ট’ বা মজাখোৱা। ধানৰ অত্যধিক মজাখোৱা পোকৰ আক্ৰমণ নিয়ন্ত্ৰণ নকৰিলে পতান হোৱাটো নিশ্চিত।

গাখীৰতী হোৱা ধানৰ পথাৰখনত অধিক পৰিমাণে গান্ধী পোকৰ আক্ৰমণ হ’লে পতানৰ সংখ্যা বাঢ়ি যায়।

ঠোক ওলাবলৈ লোৱা ধানখেতিডৰা ‘নেক ব্লাষ্ট’ বেমাৰে বেছিকৈ আক্ৰমণ কৰিলে ধানৰ ঠোকৰ মূল ঠাৰিডাল গুৰিতে পচি যায়, ঠোকলৈ খাদ্য পৰিবাহিত নোহোৱা হয় আৰু পতানৰ সৃষ্টি হয়।

চুবুৰীয়া ৰাজ্য তথা দেশ এখনত ভাল ফল দেখুওৱা জাতৰ ধানৰ প্ৰতি আকৃষ্ট হৈ যদি সেই জাতৰ একোকে বাছ-বিচাৰ নকৰাকৈ বীজ সংগ্ৰহ কৰি খেতি কৰিবলৈ লয়, তেতিয়া মাটিৰ গুণাগুণ, শস্য কাল, কৃষি পদ্ধতিৰ বিশেষ তাৰতম্যত বহু সময়তে ধানত পতান ওলাব পাৰে।

সবাতোকৈ ডাঙৰ সমস্যাটো হ’ল এয়ে যে আমাৰ কিছুসংখ্যক কৃষকে বজাৰত উপলব্ধ ৰংচঙীয়া বীজৰ পেকেট দেখিলে, বিজ্ঞাপনত দেখুওৱাৰ দৰে অধিক উৎপাদন পোৱাৰ আশাত অতিৰিক্ত দাম দি অচিনাকি তথা অসমত অপৰীক্ষিত ধানৰ বীজ কিনি আনে।

কিন্তু অসমৰ জলবায়ুত কোনো নিৰ্দিষ্ট সময়ত সেই জাতটোৱে প্ৰয়োজনীয় পৰিৱেশ নাপালে সময়মতে ঠোক নোলাব পাৰে বা ঠোক ওলালেও পতান হ’ব পাৰে।

বৰ্ণসংকৰ ধানৰ ক্ষেত্ৰত প্ৰতিপালনৰ কিছু ব্যতিক্ৰম হ’লেই পতানৰ সম্ভাৱনা তুলনামূলকভাৱে বেছি হোৱা পৰিলক্ষিত হয়। উপৰোক্ত কাৰণসমূহৰ বাহিৰেও প্ৰয়োজনীয় মৌল তথা জিং ফছফেট জাতীয় অণুমৌলৰ অভাৱতো পতানৰ পৰিমাণ বাঢ়িব পাৰে।

লেখিকা: ড° অৰুণিমা দেৱ চৌধুৰী(ৰাইজৰ বাতৰি)