পচনসাৰ প্ৰস্তুত কৰাৰ পৰম্পৰাগত পদ্ধতিবোৰক মূলত: দুভাগত বিভক্ত কৰিব পাৰি : বায়ুজীৱী আৰু অবায়ুজীৱী ।

পৰোক্ষভাৱে বায়ু চলাচল হোৱা বায়ুজীৱী পচন পদ্ধতি -

ভাৰতীয় ইণ্ডোৰ পদ্ধতি : ভাৰতবৰ্ষৰ ইণ্ডোৰত ১৯২৪ চনৰ পৰা ১৯২৬ চনৰ সময়তে এই পদ্ধতিক হ’ৱাৰ্ডে প্ৰচলন কৰিছিল আৰু সেই ঠাইডোখৰত নামতে ইয়াক ইণ্ডোৰ পদ্ধতি নামেৰে জনা যায় ।

এই পদ্ধতিত ব্যৱহাৰ হোৱা প্ৰয়োজনীয় সামগ্ৰীসমূহ হ’ল উদ্ভিদজাত জৈৱিক আৱৰ্জনা, জীৱ-জন্তুৰ মল আৰু মূত্ৰ, কাঠৰ গুড়ি, মাটি আৰু পানী । জৈৱিক আৱৰ্জনবোৰ, যেনে : শস্যৰ পেলনীয়া অৱশিষ্ট অংশ আদিক উপযুক্ত ঠাইত দ’মাই থোৱা হয় । অলপ কঠিন উদ্ভিদজাত সামগ্ৰীবোৰক দ’ম কৰাৰ আগত সৰু সৰু টুকুৰা কৰি পথাৰৰ ৰাস্তাত গাড়ী বা গৰুগাড়ীৰে গুড়ি কৰি লোৱাটো দৰকাৰী । এনেধৰণৰ কঠিন সামগ্ৰীবোৰৰ পৰিমাণ মুঠ কেঁচা সামগ্ৰীৰ ১০ শতাংশতকৈ অধিক কোনো কাৰণতে হ’ব নালাগে । অধিক পানীযুক্ত সামগ্ৰীবোৰ (যেনে : কলগছ, মেটেকা, কচু আদি) দ;ম কৰাৰ আগত ২-৩ দিন লেৰেলাই লোৱা হয় । বিভিন্ন উৎসৰ পৰা আহৰণ কৰা জৈৱিক কেঁচা সামগ্ৰীৰ ব্যৱহাৰে পচন সাৰ প্ৰস্তুতিৰ ক্ষেত্ৰত উৎপাদন বৃদ্ধি কৰে । এনে কৰোঁতে দ’মটো কৰাৰ সময়তে প্ৰত্যেকবিধ সামগ্ৰী প্ৰায় ১৫ ছে:মি: ওখকৈ বেলেগ বেলেগ স্তৰত দ’মাই যোৱা হয় । কেঁচা সামগ্ৰীৰ দ’মটো একৰ পৰা ডেৰ মিটাৰ ওখ হোৱাকৈ প্ৰস্তুত কৰা হয় । তাৰ পাছত উক্ত দ’মটো দীঘলে দীঘলে ওপৰৰ পৰা তললৈকে কেইবাভাগত কাটি দি প্ৰায় ২০-২৫ কি:গ্ৰা: সামগ্ৰী এৰাতিৰ কাৰণে পথাৰত ব্যৱহৃত একো একোটা জীৱ-জন্তুৰ (যেনে: গৰু-ম’হ আদিৰ) বাবে গোহালিত পাৰি দিয়া হয় । পাছদিনা গৰু-ম’হৰ মল-মূত্ৰ মিশ্ৰিত উক্ত সামগ্ৰীসমূহ চপাই গোটাই আনি পচন সাৰ প্ৰস্তুতৰ কাৰণে তৈয়াৰ কৰা গাঁতত ভৰোৱা হয় ।

পচন সাৰৰ প্ৰস্তুতিৰ বাবে ওখ, পানী নোৰোৱা ঠাইত গাঁত খান্দিব লাগে, যাতে বাৰিষা এই গাঁতত বৰষুণৰ পানী জমা নহয় । তদুপৰি উক্ত ঠাইডোখৰ যাতে গোহালি আৰু এটা পানী উৎসৰ ওচৰত হয় সেয়া এক মন কৰিবলগীয়া কথা । গাঁতৰ ওপৰত বৰষুণৰ পানী নোসোমোৱাকৈ ৰাখিবলৈ এখন অস্থায়ী চালিৰ ব্যৱহাৰ কৰিব পাৰি । গাঁতৰ আকাৰ এক মিটাৰ দ’, ১.৫-২ মিটাৰ বহল হ’ব লাগে আৰু দীঘটো প্ৰস্তুতকৰ্তাৰ নিজৰ সুবিধামতে কৰা উচিত ।

গোহালিৰ পৰা চপাই অনা উল্লিখিত কেঁচা সামগ্ৰীখিনি ১০-১৫ ছে;মি: স্তৰত সমান সমানকৈ মেলি দিয়া হয় । প্ৰত্যেক স্তৰ দিয়াৰ ওপৰত ৪.৫ কি:গ্ৰা: গোবৰ, ৩.৫ কি:গ্ৰা: গোমূত্ৰ মিশ্ৰিত মাটি আৰু ৪.৫ কি:গ্ৰা: ১৫ দিন পুৰণা পচনসাৰৰ অংশৰ মিশ্ৰণ সমান্তৰালভাৱে ঢালি দিয়া হয় আৰু তাৰ পাছত পুনৰ ১০-১৫ ছে:মি: কেঁচা সামগ্ৰীৰ স্তৰ দিয়া হয় । সমস্ত সামগ্ৰীখিনিৰ ওপৰত পৰ্যাপ্ত পৰিমাণৰ পানীও দিয়া হয় । এনেদৰে স্তৰে স্তৰে পচন সাৰৰ গাঁতটো পূৰ্ণ কৰা প্ৰক্ৰিয়াটো অত্যধিক এসপ্তাহৰ ভিতৰত শেষ কৰিব লাগে । কেঁচা সামগ্ৰীবোৰে যাতে হেঁচা নাখায় তাৰ বাবে সাৱধানতা অৱলম্বন কৰিব লাগে ।

উক্ত সামগ্ৰীসমূহ পচন সাৰ প্ৰস্তুতিৰ সময়ছোৱাত মুঠ ৩ বাৰ ঘূৰাই মেলি মিশ্ৰণ কৰি পুনৰ গাঁতত ভৰাব লাগে । প্ৰথমবাৰ গাঁত পূৰ্ণ কৰাৰ ১৫ দিনৰ পাছত, দ্বিতীয়বাৰ আকৌ ১৫ দিনৰ অন্তৰালত আৰু শেষত আকৌ এবাৰ ১ মাহৰ পাছত । এনে কৰোঁতে সামগ্ৰীখিনি ভালদৰে মিশ্ৰণ কৰি, পানীৰে তিয়াই পুনৰ গাঁতত ভৰোৱা হয় ।

দ’মাই থৈ পচনসাৰ প্ৰস্তুত কৰা পদ্ধতি -

বাৰিষা কালত অথবা অধিক বৰষুণ হোৱা ঠাইবোৰত পচনসাৰ গাঁতত নকৰি দ’ম কৰি প্ৰস্তুত কৰা হয় যাতে চালি দি বৰষুণ নপৰাকৈ ৰাখিব পৰা যায় । ইণ্ডোৰ পদ্ধতিত, এই দ’মবোৰৰ আকাৰ প্ৰাথমিক অৱস্থাত নিম্নাংশত ২ মিটাৰ বহল তথা ওখই ১.৫ মিটাৰ আৰু দীঘে ২ মিটাৰ হোৱাকৈ প্ৰস্তুত কৰাৰ উপদেশ দিয়া হয় । দ’মটো এনেকৈ প্ৰস্তুত কৰা হয় যাতে ওপৰ অংশত বহল ১.৫ মিটাৰ হওক ।

দ’মটো কৰোঁতে প্ৰথম স্তৰত ২০ ছে :মি: ওখকৈ কাৰ্বনযুক্ত সামগ্ৰী দিয়া হয় (যেনে: শুকান গছপাত, ঘাঁহ, খেৰ, কাঠৰ গুড়ি, কাঠৰ পাতল টুকুৰা বা গোমধান গছৰ ঠাৰি বা গা-গছ অংশ আদি) । তাৰ পাছৰ স্তৰত ১০ ছে:মি: ওখকৈ নাইট্ৰ’জেনযুক্ত সামগ্ৰীৰ (যেনে: সেউজীয়া ঘাঁহ-বন, অন্যান্য সেউজীয়া গছৰ অংশ, পচন সাৰ অথবা পচন হোৱা খালৰ ময়লাৰ) এটা স্তৰ দিয়া হয় । ২০ ছে:মি: ওখ কাৰ্বনযুক্ত যুক্ত সামগ্ৰী আৰু ১০ ছে:মি: ওখ নাইট্ৰজেনযুক্ত সামগ্ৰী জাপি দিয়া এই প্ৰক্ৰিয়া দ’মটো ১.৫ মি: ওখ নোহোৱা পৰ্যন্ত কৰা হয় আৰু দ’মটো সময়ে সময়ে পানীৰে তিয়াই ৰখা হয় । কেতিয়াবা উষ্ণতা বৃদ্ধি কৰি ৰখাৰ হেতুকে দ’মটোক মাটি বা ঘাঁহ তথা শুকান জাবৰেৰে ঢাকি ৰখাও হয় । দ’মৰ সামগ্ৰীখিনি ছয় সপ্তাহ আৰু বাৰ সপ্তাহৰ অন্তৰালত ওভতাই মিশ্ৰণ কৰি পুনৰ দ’মাই থোৱা হয় । এই প্ৰক্ৰিয়াত পচন সাৰ প্ৰস্তুত কৰিবলৈ প্ৰায় চাৰি মাহ সময় লাগে ।

অবায়ুজীৱী পচন সাৰ প্ৰস্তুত পদ্ধতি -

ভাৰতীয় বাংগালোৰ পদ্ধতি:-

১৯৩৯ চনত আচাৰ্যই বাংগালোৰত এই পদ্ধতি উদ্ভাৱন কৰিছিল আৰু এই পদ্ধতি মূলত: পায়খানা জমা হোৱা গাঁতৰ ময়লা ব্যৱহৃত পচন সাৰ প্ৰস্তুতৰ বাবে উপযোগী । কম বৰষুণ হোৱা ঠাইবোৰৰ বাবেহে এই পদ্ধতি অধিক ব্যৱহাৰযোগ্য। এই পদ্ধতি ওপৰত উল্লেখ কৰা ইণ্ডোৰ পদ্ধতিতকৈ কিছু ক্ষেত্ৰত বেছি গ্ৰহণযোগ্য ; যেনে : বৰষুণৰ পৰা পচনসাৰৰ দ’মটো ৰক্ষাৰ বাবে চালিৰ প্ৰয়োজন নহয়, ৰ’দ-বতাহৰ পৰা আঁতৰত থকা হেতুকে এই প্ৰক্ৰিয়াত প্ৰয়োজনীয় পৰিপোষক পদাৰ্থৰ ক্ষতিৰ হাৰ কম তথা ইণ্ডোৰ পদ্ধতিত কৰাৰ দৰে ইয়াত জৈৱিক সামগ্ৰীবোৰ সময়ে সময়ে মিশ্ৰণ কৰি লুটিয়াই-বগৰাই থকাৰ প্ৰয়োজন নাই । পিছে এই পদ্ধতিত পচনসাৰ প্ৰস্তুতৰ বাবে সময় অলপ বেছি লাগে (ছয়ৰ পৰা আঠ মাহ)

বাংগালোৰ পদ্ধতিৰ বাবে, সুবিধানুসাৰে দৈৰ্ঘ্য আৰু বহল কৰি মাটিত পচন সাৰৰ গাঁত খন্দা হয় । গাঁত কৰা স্থানৰ নিৰ্বাচন ইণ্ডোৰ পদ্ধতিৰ একেই । গাঁতৰ বেৰ আৰু মজিয়াত পানী জমা নোহোৱাকৈ অলপ বেঁকাকৈ প্ৰস্তুত কৰা বাঞ্চনীয় ।

এই পদ্ধতিত জৈৱিক আৱৰ্জনাবোৰ আৰু মানুহৰ পচা মল-মুত্ৰবোৰৰ এটাৰ পাছত এটাকৈ স্তৰে স্তৰে জাপি দি গাঁত পূৰণ কৰা হয় আৰু শেষত গাঁতটোত ১৫-২০ ছে:মি: ডাঠকৈ জৈৱিক আৱৰ্জনাৰে ঢাকি দি ৩ মাহলৈকে পানী নিদিয়াকৈ বা লুটিয়াই-বগৰাই নিদিয়াকৈ ৰখা হয় । এই সময়ছোৱাত গাঁতৰ সামগ্ৰীখিনিৰ পৰিমান পচন তথা শুকাই যোৱাৰ ফলত কমি যায় আৰু তাত পূনৰ জৈৱিক আৱৰ্জনা আৰু মলমূত্ৰৰ স্তৰ ইটোৰ পাছত সিটোকৈ জাপি দি গাঁতটো বোকাৰে লেপি বন্ধ কৰি দিব লাগে, যাতে আৰ্দ্ৰতা নকমে আৰু পোক পতংগৰ বংশবৃদ্ধি নহয় । প্ৰথম অৱস্থাৰ পৰা দহদিনমানৰ বায়ুজীৱী পচনৰ পাছত সামগ্ৰীখিনিৰ লাহে লাহে অবায়ুজীৱী পচন আৰম্ভ হয় আৰু প্ৰায় ছয়ৰ পৰা আঠ মাহৰ ভিতৰত পচন সাৰ ব্যৱহাৰৰ উপযুক্ত হয় ।

পৰম্পৰাগত ওপৰত উল্লেখ কৰা পদ্ধতিৰ বাদে কিছুমানৰ খৰতকীয়া পচনসাৰ প্ৰস্তুত কৰা পদ্ধতি আছে, সেইবোৰৰ বিষয়ে পৰৱৰ্তী সময়ত উল্লেখ কৰা হ’ব ।

লেখিকা:- সুদেষ্ণা বৰুৱা, শেৱালি শইকীয়া

উৎস : দৈনিক জনমভূমি