মানুহৰ পৰিপুষ্টিৰ বাবে পতংগৰ যথেষ্ট গুৰুত্ব আছে। দৈনন্দিন জীৱনৰ কিছুমান কাৰ্য সম্পাদনৰ বাবে প্ৰত্যক্ষ বা পৰোক্ষভাৱে মানুহ পতংগৰ ওপৰত নিৰ্ভৰশীল। পঞ্চামৃতৰ শ্ৰেষ্ঠ অনুপান মধু- যাক সদ্য প্ৰসৱ হোৱা শিশুৰ পৰা মুমুৰ্ষ বৃদ্ধলৈকে সকলোৱে পান কৰে, সেইবিধ আহাৰ প্ৰস্তুত হয় মৌ-মাখিৰ পাকস্থলীত। উঁই পোকে উঁই-হাফলুত সৃষ্টি কৰা নাফুজাতীয় কাঠফুলা এবিধ সু-স্বাদু আহাৰ। কিন্তু আমোদজনক কথাটো হ’ল, পৃথিৱীৰ কিছুমান অঞ্চলৰ মানুহৰ বাবে পতংগও ৰন্ধন প্ৰকৰণৰ গুৰুত্বপূৰ্ণ উপকৰণ, বিশেষকৈ জাপান, চীন বা ইউ.এছ. এ ৰ দৰে অতি সম্ভ্ৰান্ত দেশৰ পঞ্চতাৰকা হোটেলৰ সু-স্বাদু মহাৰ্ঘ হিচাপে পতংগৰ এক বিশেষ স্থান আছে। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ পাৰ্ব্বত্য অঞ্চলত বসবাস কৰা বহু আঢ্যৱন্ত জনগোষ্ঠীৰ মাজত, পতংগৰ স্বাদ বহুলভাৱে সমাদৃত। বৰ্ত্তমান কিছুমান দেশত খোৱাৰ উপযোগী পতংগক বাণিজ্যিকভাৱে বিক্ৰিও কৰা হয়। আমাৰ পুৰণি লেখাসমূহত বিভিন্ন সময়ৰ প্ৰকৃতবিদ, তথ্যউদঘাটনকাৰী, শৰীৰ তত্ববিদ আৰু পৰ্য্যটকসকলে সেই সময়ৰ পৰম্পৰাগত খাদ্যৰ ৰূপত বিবেচিত পতংগৰ বিষয়ে বৰ্ণনা কৰিছে। সু-স্বাস্থ্যৰ বাবে সুষম আহাৰৰ প্ৰয়োজন আৰু সুষম আহাৰৰ অন্যতম উপাদান হ’ল প্ৰ’টিন বা মাংসসাৰ। কিন্তু গুণাত্মক অনুক্ৰমত বাঢ়িবলৈ ধৰা জনসংখ্যাৰ অনুপাতে খাদ্যৰ উপযুক্ত মেৰুদণ্ডী প্ৰাণীজাত প্ৰ’টিনৰ পৰিমাণ হ্ৰাস হ’বলৈ ধৰিছে। সেইয়ে যদিও বৰ্তমানলৈকে পতংগই মাংস বা শাক-পাচলিৰ দৰে দৈনন্দিন খাদ্য তালিকাত স্থান পোৱা নাই, তথাপি অনাগত দিনবোৰত মানুহে হয়তো প্ৰাণীজাত প্ৰ’টিনৰ বিকল্পৰূপে পতংগৰ ওপৰত নিৰ্ভৰ কৰিব লগা হ’ব। প্ৰায় ৫০০ প্ৰজাতিৰ ২০০ তকৈও অধিক জাতিৰ আৰু ৭০ ধৰণৰ গোত্ৰৰ পতংগক পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মানুহে খাদ্য হিচাপে দৈনিক ব্যৱহাৰ কৰা নহয়, তথাপি বছৰৰ যি সময়ত ইঁহত উপলব্ধ তেনে সময়ত সু-পৰিকল্পনাৰে এইবোৰক আহাৰৰূপে গ্ৰহণ কৰিব পাৰি। পতংগ খাদ্যৰ ধনাত্মক দিশ ক) পুষ্টিৰ মান পতংগ মানুহৰ সু-স্বাস্থ্যৰ বাবে অপৰিহাৰ্য্য সকলো ধৰণৰ পোষক দ্ৰব্যৰে ভৰপুৰ। মেৰুদণ্ডী প্ৰাণীজ খাদ্যতকৈ তুলনামুলকভাৱে প্ৰ’টিন, চৰ্বি, ভিটামিন আৰু খনিজ দ্ৰব্য অধিক পৰিমাণে থাকে। খ) কেল’ৰি শক্তি পতংগ শক্তিদায়ক পদাৰ্থৰ আধাৰ। গ) পতংগ পালন সুবিধাজনক বৃহৎ সংখ্যক পতংগক কম খৰছতে পালন কৰিব পাৰি আৰু ইঁহতক পালিবৰ বাবে অতি কম ঠাইৰ আৱশ্যক। ঘ) কৰ্মক্ষেত্ৰৰ উদ্ভৱ পতংগ ভক্ষণৰ ফলত অন্যান্য পতংগ ব্যৱসায়ৰ দৰে কৰ্মক্ষেত্ৰৰ সৃষ্টি হ’ব, যেনে পলু, এৰী বা মৌ পালন। ঙ) খাদ্য-তালিকাৰ কলেৱৰ বৃদ্ধি জন্তুৰ মাংসৰ পৰা যিমান খাদ্য সম্ভাৰ বনাব পৰা যায়, তাতকৈ অধিক তৈয়াৰ কৰিব পৰা যায় অজস্ৰ পতংগৰ পৰা। চ) কলেষ্টেৰেলমুক্ত জন্তুৰ মাংসয়ে কলেষ্টেৰেলৰ পৰিমাণ মানৱ দেহত বৃদ্ধিত সহায় কৰে, কিন্তু পতংগৰ ক্ষেত্ৰত এই সমস্যা নাই। ছ) অপকাৰী পতংগ নিয়ন্ত্ৰণ খাদ্যৰূপে ব্যৱহাৰৰ দ্বাৰা অনিষ্টকাৰী পতংগ নিয়ন্ত্ৰণ কৰিব পাৰি। জ) খাদ্য পৰিৱৰ্তন প্ৰাণীজ প্ৰ’টিন (মেৰুদণ্ডী)ৰ তুলনাত সহজে হজমৰ দ্বাৰা মানৱ কলাত পৰিৱৰ্ত্তিত হৈ নতুন ৰূপ ল’ব পাৰে। ঝ) মহাকাশযাত্ৰীৰ সুবিধাজনক খাদ্য মহাকাশযাত্ৰীৰ বাবে পতংগ সু-খাদ্য হোৱাৰ কাৰণ হ’ল- ১) ইহঁত পাতল ওজনৰ হোৱাৰ উপৰিও কম ঠাইৰ প্ৰয়োজন হয়। ২) খাদ্যৰূপে ব্যৱহাৰ কৰাৰ ফলত ৰেছন দ্ৰব্যৰ পৰিমাণ কমি যায়। ঞ) সহজলভ্য খাদ্য সামগ্ৰী খাদ্য হিচাপে পতংগৰ নাটনি নহয় বা বিচাৰি হাৱাথুৰি খাব নালাগে। পতংগ খাদ্যৰ ঋণাত্মক দিশ ক) সৰু আকাৰ: দেহৰ স্বাভাৱিক প্ৰয়োজনীয়তা পূৰণৰ বাবে বহু পৰিমাণৰ ক্ষুদ্ৰাকৃতিৰ পতংগৰ দৰকাৰ হয়-যাৰ ফলত ইহঁতৰ সংগ্ৰহৰ বাবে অধিক সময় লাগে। খ) অখাদ্য অংগ: পাখি আৰু ঠেং সমূহে খাবৰ সময়ত অস্বস্তি দিয়ে আৰু এইবোৰক পতংগ দেহৰ পৰা পৃথক কৰিবৰ বাবেও যথেষ্ট সময়ৰ প্ৰয়োজন হয়। গ) স্বাস্থ্য ৰহিত দ্ৰব্য: বহুত পতংগই বিষাক্ত দ্ৰব্য বা ৰাসায়নিক পদাৰ্থ প্ৰস্তুত কৰে। ঘ) এলাৰ্জী কাৰক: পতংগ কেতিয়াবা এলাৰ্জীৰ কাৰণ হ’ব পাৰে। ঙ) জোং বা শুং: মৌ আৰু বৰলৰ দেহত বিষ এৰা জোং থাকে, আনফালে বিছাবোৰৰ দেহত শুং থাকে। এইবোৰৰ উৎপত্তিস্থলত বিষগ্ৰন্থি থাকে-যাৰ ফলত এইবোৰ খাদ্যৰ অনুপযোগী। চ) পৰজীৱি অণুজীৱ: কেতবোৰ পতংগই ভাইৰাচ, বেক্টেৰিয়া, প্ৰট’জ’ৱা আৰু কৃমিৰ বাহক হিচাপে ক্ৰিয়া কৰে। ছ) পতংগ-আতংক: পতংগৰ প্ৰতি হোৱা মানসিক ভীতিক পতংগ-আতংক বোলা হয়। এবাৰ এনে ৰোগত ভোগাসকলে কেতিয়াও পতংগ ভক্ষণ কৰিব নোৱাৰে। জ) দৈহিক বৰণ বিষাক্তৰ সংকেত: উজ্জ্বল, বহুৰঙী আৰু শুডাল পতংগ বিষাক্ত হয়। সেউজীয়া, মুগা আৰু একবৰণৰ পতংগ খাদ্যৰ উপযুক্ত। খাদ্যৰূপে পতংগ ব্যৱহাৰ কৰা দেশসমূহ ১) আফ্ৰিকাৰ কেতবোৰ দিশ ক) এংগোলা: অলিভেইৰাই ১৯৭৬ চনত বিশ্লেষণ কৰা কেইটামান পতংগ প্ৰজাতি। মেক্ৰ’টামিৰ্ছ চাব্বিলিনাছ: পাখিযুক্ত এইবিধ উঁইৰ স্থানীয় নাম “যুইনগুনা”। পাখিসমূহ গুচাই নাৰিকল তেলত ভাজি পৰিৱেশন কৰা হয়। ইম্ব্ৰাছিয়া এৰ্টলি: ইহঁতৰ পলুবোৰে একাছিয়াৰ পাত খায়। পৈণত পলুবোৰ প্ৰায় ৮ ছে:মি: দীঘল আৰু স্থানীয় নাম “এংগু”। পানীৰে ৰান্ধি বা ৰ’দত শুকুৱাই খোৱা হয়। খ) জাইৰে’: মিলী বিছাৰ প্ৰায় ২৩-৩৫ টা প্ৰজাতিক খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াত লো আৰু ফছফৰাছৰ উপৰি ৬৪ শতাংশ খনিজ প্ৰ’টিন থাকে। গ) দক্ষিণ আফ্ৰিকা: পেডি জনসাধাৰণে “মপানি” নামৰ একধৰণৰ বিছাৰ পৰা প্ৰস্তুত কৰা সু-স্বাদু খাদ্য পৰম তৃপ্তিৰে খায়। বিশেষ বতৰত এই পতংগই গো মাংসৰ ব্যৱসায়তো প্ৰভাৱ বিস্তাৰ কৰে। ইয়াত ১৩.৫ শতাংশ খনিজ প্ৰ’টিন আৰু ৯৩ কিলো কেল’ৰি শক্তি থাকে। ঘ) জাম্বিয়া জাম্বিয়াত মুম্পা বিছা যথেষ্ট জনপ্ৰিয়। কোনো কোনো জাম্বিয়ান বনুৱাই সপ্তাহৰ আৰ্জন মুম্পা বিছা সংগ্ৰহ আৰু বিক্ৰীৰ দ্বাৰাই কৰে। সেই উদ্দেশ্যে বনুৱাবোৰে ২০০-৩০০ কিলোমিটাৰ পথো খোজ কাঢ়ি চলাথ কৰিবলৈ দ্বিধা নকৰে। ঙ) নাইজেৰিয়া: ইউৰোৱা, ইবিৰা, নুপ আৰু বৰুৱা নামৰ চাৰিটা জনগোষ্ঠীয়ে পতংগক খাদ্যৰূপে ব্যৱহাৰ কৰে। উঁই: পাখিযুক্ত উঁই বিশেষকৈ ৰাণীজনী বিশেষ জনপ্ৰিয়। উঁই হাফলু ভাঙি আৰু পোহৰ উৎসৰ সহায়ত ৰাণী আৰু পাখিযুক্ত উঁইক সংগ্ৰহ কৰা হয়। কুমটি:তেলত ভাজি কুমটি খোৱাৰ উপৰি ইহঁতৰ দেহৰ ভিতৰৰ বগা অৰ্ধ-জলীয়খিনিৰ বিশেষ গুৰুত্ব আছে, ইয়াৰ স্থানীয় নাম “ময়িঅ’ময়িঅ” জনবিশ্বাস মতে, ময়িঅ’ময়িঅ’ খাওতাজন গণনা কৰাত পাকৈত আৰু মেধা হয়। ফৰিং: ইয়াক কুমটিৰ দৰে খোৱা হয় যদিও কেতিয়াবা খাদ্যনলী গুচাই কেঁচাই কেঁচাই খোৱা হয়। চ) কেনিয়া, জিম্বাবৱে আৰু ইথিঅ’পিয়া: পাখিযুক্ত উঁই, বিশেষকৈ ৰাণীক কেঁচাই বা তেল নোহোৱাকৈ ৰান্ধি খোৱা হয়। ২) অষ্ট্ৰেলিয়া ব’গোং মথৰ নামাকৰণ ব’গোং পৰ্বতৰ পৰা আহিছে; কিয়নো গৰমকালি মথবোৰে এই পৰ্বতত আশ্ৰয় লয়। মথবোৰক গমৰ ছাই বা বালিত পোৰা হয়, তাৰ পিছত পাখি, ঠেং আৰু মুৰ পৃথক কৰি ভোজন কৰা হয়। মতা আৰু মাইকী মথত ক্ৰমান্বয়ে ৬১ শতাংশ আৰু ৫১ শতাংশ প্ৰ’টিন থাকে। অষ্ট্ৰেলীয়াৰ আদিবাসীবোৰে ‘ৱাটচেৰী গ্ৰাব’- শিশু আৰু মহিলাৰ খাদ্য, হোনীপট পৰুৱা আৰু একে ধৰণৰ বিষহীন মৌ-মাখিক খাদ্য হিচাপে ব্যৱহাৰ কৰে। ৩) মধ্যপ্ৰাচ্যৰ দেশ: তুৰ্কী, ইৰাক, ইৰাণ আৰু ইজিপ্তত এক ধৰণৰ মধু নিৰ্যাস “মানা”, (যাক স্কেল পোক আৰু মোৱা পোকে প্ৰস্তুত কৰে)প্ৰশংসনীয় খাদ্য। প্ৰায় ৩৬ কুইন্টল মানা প্ৰতি বছৰে বিক্ৰী হয়। ৪) মেক্সিকো: আমি জনা ৫০০ বিধ পতংগ প্ৰজাতিৰ প্ৰায় ৪০ শতাংশই মেক্সিকোৰ মানুহে খায়। মনড্ৰ’ন’ ৱৰ্ম নামৰ এজাতিৰ পখিলাৰ পলু বান্ধি খায়। এছকেমলছ নামৰ পৰুৱাৰ পলু পিয়াঁজ আৰু নহৰুক দি মাখনত ভাজি পৰিৱেশন কৰে। ফৰিং এক ধৰণৰ বিছা “শ্বেত মাগৱে ৱৰ্ম” আৰু কিছুমান হেমিপ্টেৰা বৰ্গৰ পোকৰ কণী মেক্সিকোৰ জনসাধাৰণৰ মাজত প্ৰিয়। ৫) আমেৰিকা: জিলী: সদ্য প্ৰসৱজাত পলু (স্থানীয় নাম টেনাৰেল) চিকাগোত জনপ্ৰিয়, কাৰণ এইবোৰ পাখি বা ঠেং নুগুছোৱাকৈ খাব পাৰি। কিছুমান মথ, ফৰিং আৰু মাখিক খাদ্যৰূপে ব্যৱহাৰ কৰা হয়। ৬) এছিয়াৰ দেশ ক) থাইলেণ্ড আৰু দক্ষিণ-পূৱ এছীয় দেশ এৰি-পলু, ফৰি আৰু কুমটি-এইবোৰ দেশৰ প্ৰিয় খাদ্য। খ) ফিলিপাইন্ছ আৰু কুৰিয়া: জুন বিট্ল, উইভাৰ পৰুৱা, কুমটি, ফৰিং আদিক খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। গ) জাপান: ধান খোৱা ফৰিঙৰ স্থানীয় নাম ইনাগোক পাখি আৰু ঠেং গুছাই, চয়াচচ্ আৰু চেনীৰ সৈতে ৰান্ধি খোৱা হয়। তদুপৰি বিভিন্ন প্ৰজাতিৰ বৰলো ইয়াত খাদ্যৰূপে গ্ৰহণ কৰে। টকিঅ’ৰ ৰেস্তোৰাত পোৱা কেইবিধমান জুতি লগা খাদ্য: হাছি-ন’ক’, জাজা মুচি ইনাগো, ছেমি আৰু ছাগি। ঘ) চীন: উঁই, পাইন বিছা বাঁহ পোক, আমৰলি পৰুৱা, এৰী পলু, বৰল আদি জনপ্ৰিয় খাদ্য। ভাৰতত ব্যৱহৃত পতংগ ভাৰতত বিভিন্ন ৰাজ্যৰ ভিন ভিন জনগোষ্ঠীৰ মাজত বেলেগ পতংগ জনপ্ৰিয়। বিছাৰ পলু, লেটা, উঁই, ফৰিং, এৰী পলু, আমৰলি পৰুৱা, কুমটি, মৌ-মাখি আদি ভাৰতত জনপ্ৰিয়। ফৰিং আৰু কুমটি: এইবোৰ প্ৰথমে সংগ্ৰহ কৰাৰ পাছত পৰিষ্কাৰ কৰা হয়। তাৰ পাছত পতংগখিনি তেলত পিঁয়াজ, নহৰু আৰু অন্যন্যা মা-মচলাৰে ভাজি পৰিৱেশন কৰা হয়। উঁই: বিশেষকৈ মেঘালয়ত পাখিযুক্ত উঁই সংগ্ৰহ কৰি ইহঁতৰ পাখিবোৰ গৰম টাৱাত ভাজি পৃথক কৰা হয়, তাৰ পাছত তেলত ভাজি বা ছাট্নি বনাই খোৱা হয়। পাইন বিছা: মে’ৰ প্ৰথম সপ্তাহত বৰাপানীৰ সংলগ্ন ঠাইলৈ প্ৰবজন ঘটে আৰু প্ৰতি জোপা গছত ১৫০-২৫০ টা পলু/মিটাৰ দৈৰ্ঘ্যত পোৱা যায়। এই পোকৰ লেটা সংগ্ৰহ কৰি বজাৰত ৪০-৫০ টকা প্ৰতিকিলো দৰত বিক্ৰী কৰা হয়। উত্তৰ-পূৰ্বাঞ্চলৰ পাৰ্বত্য অঞ্চলত ব্যৱহৃত পতংগ খাদ্য অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, মেঘালয় আৰু ছিকিমকে ধৰি দেশৰ উত্তৰ-পূৰ্বাঞ্চলখন জৈৱবৈচিত্ৰ্যত চহকী। এই অঞ্চলত বাস কৰা মানুহৰ খাদ্যাভাসৰ ভিন্নতা দেখা যায়। এই অঞ্চলত বাস কৰা মানুহে লিংকৰি, জেবাংকৰি, উঁই, পাইন বিছা, এৰি পলু, পাটপলু, আমৰলি পৰুৱা, মৌ-মাখি আৰু বৰলক খাদ্য হিচাপে ব্যৱহাৰ কৰে। মিজোৰামৰ ‘টুইলুক’ সম্প্ৰদায়ৰ মানুহে কৃষি আৰু পুখুৰী পৰিৱেশতন্ত্ৰত বাস কৰা বিভিন্ন ধৰণৰ পতংগক খাদ্যৰ ৰূপত ব্যৱহাৰ কৰে। ফৰিং আৰু উঁইচিৰিঙাৰ পৰা জনজাতীয় সম্প্ৰদায়ৰ মানুহে স্বাদযুক্ত খাদ্য প্ৰস্তুত কৰি তৃপ্তিৰে উপভোগ কৰে। মেঘালয়ত ১৯৮৮ চনৰ অক্টোৱৰ মাহত জাক পাতি ফৰিং উৰা দেখা গৈছিল। নিশা উৰি ফুৰা হাজাৰ হাজাৰ ফৰিং স্থানীয় মানুহে সংগ্ৰহ কৰি তেলত মছলাৰ সৈতে ভাজি পৰিৱেশন কৰে। সেই সময়ত বজাৰত ৩০-৪০ টকা প্ৰতি কিলো দৰত ফৰিং বিক্ৰী হয়। চেৰাপুঞ্জীকে ধৰি শ্বিলঙৰ কিছুমান অঞ্চলত মৌচুমী বতৰৰ শেষৰ পিনে পাখিযুক্ত উঁইবোৰ পোহৰৰ প্ৰতি আকৰ্ষিত হোৱা দেখা যায়। জনজাতি সম্প্ৰদায়ৰ মানুহে এই উঁইবোৰ সংগ্ৰহ কৰি তেলত ভাজি খাদ্য হিচাপে গ্ৰহণ কৰে। বিভিন্ন প্ৰজাতিৰ ‘ফৰিং আৰু উঁইচিৰিঙা, বিশেষকৈ “পান্টাগা ছাকছিনাটা”, “হ’লক্ল’ৰা ইন্দিকা”, “কণ্ড্ৰাছিছ ৰ’জা” আৰু “কণ্ড্ৰাছিছ ৰ’বাষ্টা” আদি অৰুণাচল প্ৰদেশৰ জনজাতীয় মানুহৰ প্ৰিয় খাদ্য। পাইন বিছা নামৰ পখিলা জাতীয় বৰ্গৰ পতংগ বিধ পূৱ খাচী পাহাৰৰ জনজাতীয় লোকৰ মাজত বহুলভাৱে সমাদৃত। কিছুমান মানুহে পাইন গছৰ বাকলিত লাগি থকা লেটাবোৰ সংগ্ৰহ কৰি পেট প্ৰবৰ্তায়। মিজো জনজাতিৰ মাজত “অক্ৰফৰা মন্টানা” নামৰ পতংগ জনপ্ৰিয় খাদ্য। প্ৰথমে পতংগৰ বাহৰ ওপৰত পানী চতিয়াই কম সক্ৰিয় কৰি লোৱা হয়, তাৰ পাছত এডাল বাহৰ এমোৰত বেতৰ খৰাহী বান্ধি বাঁহ ডাল লৰাই দিলে পতংগবোৰে আহি খৰাহীত ভৰ্ত্তি হ’ব আৰু ইহঁতক সাৱধানেৰে নমাই বেলেগ পাত্ৰত জমা কৰা হয়। মনিপুৰিসকলে জেবাংকৰি (স্থানীয় নাম “নিয়াংকটোং”) আৰু “নিয়াংপ্ৰাহ” খালৰ পৰা সংগ্ৰহ কৰি খাদ্য হিচাপে ব্যৱহাৰ কৰে। প্ৰায় ২০ বিধমান পতংগ প্ৰজাতি মনিপুৰিসকলৰ মাজত জনপ্ৰিয়। অসমীয়া পতংগ খাদক একাংশ অসমীয়া সমাজত আমৰলি পৰুৱাকে ধৰি কেইবিধমান পতংগৰ অপত্যস্তৰবোৰৰ বাবে খাদ্যৰূপে পতংগ খুব কমেইহে সমাদৃত। কিন্তু কিছুমান জনজাতি সম্প্ৰদায়ৰ মাজত বহু প্ৰকাৰৰ পতংগ খাদ্যৰ ৰূপত জনপ্ৰিয়। প্ৰাকৃতিকভাৱে বংশ বিস্তাৰ কৰা পতংগবোৰক সংগ্ৰহ কৰি তেওঁলোকে জিভাত জুতি লগা হৰেক ৰকমৰ খাদ্য প্ৰস্তুত কৰি সামাজিক উৎসৱবোৰত নিজেও খায় আৰু অতিথিকো আপ্যায়িত কৰে। অভিজাত আহোম সম্প্ৰদায়ৰ মানুহে গৰু বিহুৰ দিনা ৰঙা পৰুৱাৰ পলুৰ পৰা তৈয়াৰী সু-স্বাদু খাদ্য পৰম তৃপ্তিৰে খায়, লগতে বিভিন্ন পতংগৰ পৰা তৈয়াৰ কৰা খাদ্যৰে অতিথিক আপ্যায়িত কৰি গৃহস্মই গৌৰৱবোধ কৰে। আজিকালি কিছুমান ঠাইত, বিশেষকৈ কাৰ্বি আংলঙৰ ডিফু আৰু গুৱাহাটীৰ বেলতলা অঞ্চলৰ উপৰিও শিৱসাগৰ, ডিব্ৰুগড় আদি জিলাৰ ঠায়ে ঠায়ে পতংগকো অন্যান্য পণ্য সামগ্ৰীৰ লগত বজাৰত বিক্ৰী কৰা দেখা যায়। অসমত খাদ্য ৰূপত ব্যৱহৃত কিছুমান পতংগ প্ৰজাতি ক) আমৰলি পৰুৱা: আমৰলি পৰুৱাৰ কণী আৰু অপত্য পলুবোৰ সংগ্ৰহ কৰি তেলত দি পিয়াজৰ সৈতে ভাজি পৰিৱেশন কৰা হয়। জনবিশ্বাস মতে, গৰু বিহুৰ দিনা আমৰলি পৰুৱা খালে বছৰটোলৈ মানুহে সু-স্বাস্থ্য পোৱাৰ উপৰিও সৰু আইকে ধৰি অন্যন্যা ৰোগৰ প্ৰতিৰোধ ক্ষমতা লাভ কৰে। খ)উঁইচিৰিঙা: মাটিত থকা উঁইচিৰিঙাৰ সুৰংবোৰ চিনাক্ত কৰাৰ পাছত খান্দি উলিওৱা হয়। সংগ্ৰহ কৰা উইচিৰিঙাৰ পাখি গুচাই জুইত সেকি বা তেলত ভাজি পৰিৱেশন কৰা হয়। গ) জেবাংকৰি: এই পতংগ বিধ অসমৰ জনজাতীয় সম্প্ৰদায়ৰ মাজত খুব জনপ্ৰিয়। ইহঁতৰ জুইত সেকি বা তেলত ভাজি পৰিৱেশন কৰা হয়। ঘ) উঁই: পাখিহীন আৰু পাখিযুক্ত উভয়ধৰণৰ উঁইক প্ৰয়োজন সাপেক্ষে পাখি গুচাই পৰিবেশন কৰা হয়। ঙ) মৌ-মাখি আৰু বৰল: মৌৰ চাক বা বৰলৰ বাঁহ সংগ্ৰহ কৰি কেঁচাই বা পগাই উভয় ধৰণে পৰিৱেশন কৰিব পাৰি। ইহঁতৰ অপত্য স্তৰবোৰ, যেনে-পলু আৰু লেটাক বাহটো পুৰি তাৰ পৰা পৃথক কৰি কেঁচাই খাব পাৰি। লোকবিশ্বাস মতে মৌ আৰু বৰলৰ কিছুমান ঔষধী গুণ আছে। প্লীহা ৰোগনাশক, বাতবিষ নাশক আৰু দৃষ্টিশক্তি বৃদ্ধিৰ কাৰক হিচাপে এইবোৰৰ গুৰুত্ব আছে। চ) লিংকৰি: অসমৰ বঢ়ো আৰু মিচিং সম্প্ৰদায়ৰ মাজত লিংকৰি বিশেষভাৱে জনপ্ৰিয়। পুখুৰী আৰু খালৰ পৰা এই পতংগ কৰি জুইত সেকি বা তেলত ভাজি খোৱাৰ তৃপ্তিয়েই বেলেগ। ছ) ফৰিং: ফৰিঙৰ পাখি গুচাই জুইত পুৰি বা তেলত ভাজি পৰিৱেশন কৰা হয়। তিৱা সম্প্ৰদায়ৰ মাজত ফৰিং বহুলভাৱে সমাদৃত। জ) এৰি পলু, মুগা পলু আৰু পাট পলু: এই তিনিওবিধ পলু অসমৰ আহোম আৰু মিচিঙকে ধৰি বহুকেইটা সম্প্ৰদায়ৰ মাজত জনপ্ৰিয়। এই পতংগৰ পলু আৰু লেটাবোৰক কেঁচাই, সিজাই বা তেলত ৰান্ধি পৰিৱেশন কৰা হয়। পৃথিৱীৰ জনসংখ্যা দ্ৰুতগতিত বাঢ়িবলৈ ধৰিছে, যদিও সেই অনুপাতে উচ্চ গুণ সম্পন্ন প্ৰ’টিনযুক্ত খাদ্যৰ উৎপাদন বৃদ্ধি হোৱা নাই, যাৰ ফলত এদিন হয়তো এমুঠিমান মানুহৰ খাদ্যস্বৰূপ পতংগ, মানুহৰ দৈনন্দিন আহাৰৰ তালিকাৰ ভিতৰত সোমাই পৰিব। যিহেতু, সকলো বৰ্গৰ পতংগই অধিক গুণজাত প্ৰ’টিনৰ ভঁৰাল, সেয়ে এইবোৰক খাদ্যৰূপত ব্যৱহাৰ কৰাত কোনো সমস্যাৰ সৃষ্টি নহ’ব। কিন্তু এইখিনিতে মন কৰিব লগা কথা হ’ল,- কিছুমান পতংগই বিষাক্ত ৰেচন দ্ৰব্য বৰ্জন কৰে, কিছুমানে এলাৰ্জিকাৰক পদাৰ্থ সৃষ্টি কৰে, আনহাতে কিছুমানে ৰোগৰ বাহক হিচাপেও ক্ৰিয়া কৰে। সেই পতংগক খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ আগতে সতৰ্কতা অৱলম্বন কৰা প্ৰয়োজন। তদুপৰি পতংগ খাদ্যৰ সংখ্যা বাঢ়িবলৈ এই দিশত গৱেষণা আৰু গৱেষণালব্ধ তথ্য সাধাৰণ মানুহৰ মাজত সম্প্ৰসাৰণৰ দিহা কৰাৰ প্ৰয়োজন। কিন্তু এইখিনিতে আৰু এটা গুৰুত্বপূৰ্ণ কথাৰ প্ৰতি দৃষ্টি দিয়া প্ৰয়োজন; সেয়া হ’ল, জৈৱবৈচিত্ৰ্যৰ অন্যতম কিছুমান পতংগ, বিশেষকৈ আমৰলি পৰুৱা আৰু বৰলৰ বাহ আদিৰ নিৰ্বিচাৰ ধ্বংসৰ ফলত এনে প্ৰজাতি বিলুপ্ত হোৱাৰ সম্ভাৱনাও নথকা নহয়, এনে পতংগ সহজে ঘৰুৱাভাৱে উৎপাদন আৰু বংশ বিস্তাৰৰ বাবে উন্নত প্ৰযুক্তিৰ বিকাশ কৰা উচিত। চিত্ৰ (১৯):উঁইচিৰিঙা, চিত্ৰ (২০): ফৰিং, চিত্ৰ(২১): “ভেছপা চিংকটা” আৰু “ভেছপা মেগনিফিঝ”, চিত্ৰ(২২): “এপিছ ইণ্ডিকা” আৰু “এপিছমেল্লিফেৰা” মৌ-মাখিৰ ৰাণী, চিত্ৰ(২৩): লিংকৰি তালিকা (৩): কেইবিধমান পতংগৰ পুষ্টিগত মান পতংগ প্ৰ’টিন (গ্ৰাম) চৰ্বি (গ্ৰাম) শৰ্কৰা (গ্ৰাম) কেলছিয়াম (মি.গ্ৰা.) লো (মি.গ্ৰা) জেবাংকৰি ১৯.৮ ৮.৩ ২.১ ৪৩.৫ ১৩.৬ আমৰলি পৰুৱা ১৩.৮ ৩.৫ ২.৯ ৪৭.৮ ৫.৭ এৰীপলুৰ লেটা ৯.৬ ৫.৬ ২.৩ ৪১.৭ ১.৮ গুবৰুৱা ১৭.২ ৪.৩ ০.২ ৩০.৯ ৭.৭ উঁইচিৰিঙা ১২.৯ ৫.৫ ৫.১ ৭৫.৮ ৯.৫ সৰু ফৰিং ২০.৬ ৬.১ ৩.৯ ৩৫.২ ৫.০ ডাঙৰ ফৰিং ১৪.৩ ৩.৩ ২.২ ২৭.৫ ৩.০ উঁই ১৪.২ - - - ৩৫.৫ গো-মাংস ২৭.৪ - - - ৩.৫ মাছ ২৮.৫ - - - ১.০ লিখক: ৰুদ্ৰ নাৰায়ণ বৰকাকতি