ফচলৰ অন্যতম অনিষ্টকাৰী কীট-পতংগ নিয়ন্ত্ৰণ কৰাৰ বাবে খেতিয়কসকলে সচৰাচৰ আলোক ফন্দী ব্যৱহাৰ কৰে। এই আলোক ফন্দী সজোৱাৰ পদ্ধতি আৰু কৌশল খুবেই সহজ। এই ফন্দী সাজিবলৈ লাগে বৈদ্যুতিক বা হেঁচক লাইট। আজিকালি চাৰ্জাৰ লাইটেৰে প্ৰায় বিনা খৰচৰে সবাতোকৈ কাৰ্যকৰ আলোক ফন্দী প্ৰস্তুত কৰা হয়।

য’ত বিদ্যুতৰ ব্যৱস্থা নাই তাত হেঁচক লাইট আৰু চাৰ্জাৰ লাইটেৰে আলোক ফন্দী তৈয়াৰ কৰা হয়। আলোক ফন্দীৰ বাবে লাগে পাঁচ ফুট দৈৰ্ঘ্যৰ সৰু তিনিডাল বাঁহৰ টুকুৰা, গুনা তাঁৰ, এটা প্লাষ্টিক বা মাটিৰ ডাঙৰ চৰিয়া আৰু পানী।

তিনিডাল বাঁহৰ মূৰ গুণা তাঁৰেৰে বান্ধি তিনিটা দিশৰপৰা থিয় কৰি ৰাখিব লাগে। তলত ৰখা হয় পানীভৰ্তি চৰিয়া। চৰিয়াৰ পানীত অলপ তৰল বা গুড়ি চাবোন গুলি দিব লাগে। তাৰ ফলত পানীত পৰা পোকবোৰ আৰু উঠিব নোৱাৰা হয়।

বাঁহৰ মূৰত ওলোমাই দিব লাগে বৈদ্যুতিক, চাৰ্জাৰ বা হেঁচক লাইট। সেয়া জ্বলালেই তাৰ পোহৰত পোকবোৰ আকৃষ্ট হৈ আহিৱলৈ আৰম্ভ কৰে। কেইটামান চৰিয়া মাটিত নাৰাখি অলপ ওখ স্থানত পোহৰৰ ওচৰতে ৰাখিব লাগে। ইয়াৰ ফলত অধিক পোক মৃত্যুমুখত পৰে। তাৰ বাবে বাঁহৰ তিনি ভৰি খুঁটিৰ সৈতে একেলগ কৰি তিনিটা বাঁহৰ গজাল কাঠৰ ওপৰত মাৰি দিব লাগে।

তাৰ ওপৰত থাকিব মাটিৰ চৰিয়া। দক্ষিণাঞ্চলত ধান খেতিডৰাৰ আশে-পাশে ওখ স্থান নাপালে তেনে মাটিৰ মাজত কোনো ফচলবিহীন খালী জলাশয় বা নলা থাকিলে তাৰ ওপৰত বাঁহৰ খুঁটীৰে আলোক ফন্দী ওলোমাই ৰাখিব পাৰি। ইয়াৰ ফলত পোকবোৰ পোহৰৰ প্ৰতি আকৃষ্ট হৈ পানীৰ মাজত পৰিব আৰু পানীত থকা মাছে সেই পোকবোৰ খাব।

অৱশ্যে পানী তলৰ উচ্চতা আৰু আলোকৰ দূৰত্ব ওচৰা-ওচৰি হোৱা ভাল। তাৰ ফলত যিবোৰ পোক পোহৰত আকৃষ্ট হৈ আহে, সেইবোৰে আৰু তাৰপৰা উঠি পলাই যাব নোৱাৰে। ই এক খুবেই সাধাৰণ এক ফন্দী। বহুতে বৈদ্যুতিক বালবৰ তলত এটা টিনৰ ডাঙৰ ফেনেল পাতি তাৰ তলত ডাঙৰ প্লাষ্টিকৰ বৈয়াম লগাই দিয়ে। তাৰ ফলত পোকবোৰ পোহৰৰ প্ৰতি আকৃষ্ট হৈ ফেনেলৰ মাজত পৰে আৰু ফেনেলৰ নলেৰে বৈ তলত জমা হয় আৰু ওলাই যাব নোৱাৰা হয়। পুৱা পোকবোৰ সংগ্ৰহ কৰি নিধন কৰিব লাগে।

আলোক ফন্দী পতাৰ নিয়ম -

আলোক ফন্দী কেতিয়াও খেতিৰ মাজত পাতিব নালাগে। আলোক ফন্দী পাতিব লাগে খেতিডৰাৰ পৰা অন্তত ৫০ৰ পৰা ১০০ মিটাৰ দূৰত, খালী স্থানত, য’ত কোনো ফচল নাই। অন্যথা যিবোৰ পোক আহে, সেইবোৰৰ সকলোখিনি পানীত নপৰে আৰু নমৰে। কিছু পোক আলোক ফন্দীৰ চাৰিওপিনে তলত মাটিত পৰে আৰু তাতেই বহি থাকে।

যদি ফচল থাকে, তেন্তে পোকবোৰে তাত খুব ক্ষতি কৰে। আলোক ফন্দী পাতিব লাগে সন্ধ্যা বেলা। আলোক ফন্দী ফচলৰ যিকোনো স্তৰতে পাতিব পাৰি। অৱশ্যে লক্ষ্য ৰাখিব লাগিব, যাতে বিভিন্ন শত্ৰু পোকৰ কিছু পূৰ্ণাংগ পোক খেতিলৈ আহিবলৈ আৰম্ভ কৰে। এয়াই হ’ল আলোক ফন্দী পতাৰ উপযুক্ত সময়।

ধানগছৰ বাঢ়ন্ত স্তৰ, বিশেষকৈ কুঁহি মেলা স্তৰত ঘনে ঘনে অৰ্থাৎ প্ৰতি দিনে আলোক ফন্দী পাতিলে সবাতোকৈ বেছি পোক ধৰা পৰে আৰু উপকাৰ বেছি পোৱা যায়। পোকবোৰে গছত কণী পৰা আৰম্ভ কৰাৰ আগেয়েই সেইবোৰ নিঃশেষ কৰিব পাৰিলে ভাল।

বিশেষকৈ মথ জাতীয় যিবোৰ পোক আছে, সেইবোৰে আলোক ফন্দী দেখিলেই গছত বহাৰ আগেয়ে ফন্দীলৈ গুছি আহে। তাৰ পিছত সপ্তাহত এদিনকৈ চলাই যাব পাৰি। ধান পৈণত হৈ আহিলে আলোক ফন্দী পতাৰ আৰু দৰকাৰ নহয়। অৱশ্যে বাদামী গছত ফৰিঙৰ আক্ৰমণ অব্যাহত থাকিলৰ আলোক ফন্দী চলাই যাব লাগিব।

সীমাবদ্ধতা -

আলোক ফন্দীত অনেক পোক আকৃষ্ট হ’লেও সকলো পোকৰ আগমন নহয়। তদুপৰি সকলো প্ৰহৰতে সকলো পোক বাহিৰলৈ নোলায়। মজা খোৱা পোক আৰু ফল ছিদ্ৰকাৰী পোক সাধাৰণতে সন্ধিয়াহে বেছি বাহিৰলৈ ওলায়।

আকৌ অমাবস্যা আৰু পূৰ্ণিমাৰ ওপৰতো পোকৰ গতি-বিধি আৰু প্ৰাচুৰ্য বহুলাংশে নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে পূৰ্ণিমাৰ নিশা গান্ধী পোক সবাতোকৈ বেছি ধৰা পৰে। তেনেকৈ অমাবস্যাৰ পিছত নতুনকৈ চন্দ্ৰ ওলালে মজা খোৱা পোক বেছিকৈ দেখা যায়।

লেখক: ভাস্কৰ পাঠক(দৈনিক অসম)