প্ৰাচীন কালৰেপৰা বিভিন্ন লোককৃষ্টি, যেনে- সাধুকথা লোকগীত আদিত কাঠফুলাৰ উল্লেখ পোৱা যায়। কাঠফুল প্ৰথম প্ৰত্যক্ষ কৰিছিল ফৰাছী খেতিয়ক এজনে ১৬৫০ চনত তৰমুজ খেতিaৰ অৱশিষ্ট পচি যোৱা অংশত। ৰোমানসকলে কাঠফুলাক ভগৱানৰ খাদ্য বুলি বিশ্বাস কৰিছিল। আমেৰিকাত প্ৰথম কাঠফুলাৰ খেতি আৰম্ভ কৰিছিল ১৮৬৫ চনত। কাঠফুলাৰ খেতি ভাৰতৰ হিমাচল প্ৰদেশৰ ছোলানত ১৯৫০ চনত শ্ৰী এছ এছ জৈনে আৰম্ভ কৰিছিল। বৰ্তমান সময়ত বিকল্প খাদ্যৰ উৎস হিচাপে কাঠফুলা এবিধ অতি গুৰুত্বপূৰ্ণ খাদ্য হিচাপে পৰিগণিত হৈছে। কাঠফুলা(Mushroom) হ’ল এবিধ মঙহাল ভেঁকুৰ। ই সাধাৰণতে দুই প্ৰকাৰৰ- খাদ্য উপযোগী আৰু খাদ্য অনুপযোগী(বিষাক্ত)। আদিম কালৰেপৰা মানুহে প্ৰকৃতিৰ পৰা কাঠফুলা আহৰণ কৰি ভক্ষণ কৰি দুই-এজনৰ মৃত্যু হোৱা ঘটনাও ঘটি আহিছে। অৱশ্যে বৰ্তমানে খাদ্য উপযোগী আৰু খাদ্য অনুপযোগী(বিষাক্ত) কাঠফুলা বৈজ্ঞানিক পদ্ধতিৰে চিনাক্ত কৰিব পৰা হোৱাত মানুহৰ এক জটিল সমস্যাৰ সমাধান হৈছে। বৰ্তমান যুগত কাঠফুলাই এক বিশ্বজনীন জনপ্ৰিয়তা লাভ কৰিছে আৰু অসমতো ইয়াৰ উৎপাদন কৰি বিশেষকৈ গ্ৰামাঞ্চলৰ জনসাধাৰণৰ প্ৰ’টিন, ভিটামিন আৰু খনিজ লৱণৰ অভাৱ পূৰণ কৰাত এক বিশেষ অৰিহণা যোগোৱাৰ থল আছে। অতি গুৰুত্বপূৰ্ণ কথাটো হ’ল কোনো বিশেষ খৰচ নকৰাকৈ মাত্ৰ কেইপেকেটমান বীজ কিনি আনি ধানৰ খেৰ আৰু নৰাৰপৰা অতি উচ্চমানৰ পুষ্টিসম্পন্ন কাঠফুলা উৎপাদন কৰিব পাৰি আৰু বজাৰত বিক্ৰী কৰি স্বাৱলম্বী হ’ব পাৰি। কাঠফুলাৰ পুষ্টিগুণ: খাদ্য হিচাপে কাঠফুলা মাথোঁ সুস্বাদুয়েই নহয়, প্ৰ’টিন, ভিটামিন, খনিজ লৱণৰ উপৰি প্ৰায় সকলো লাগতীয়াল এমিন’ এচিড লৱণৰ উপৰি প্ৰায় সকলো লাগতীয়াল এমিন’ এচিড পৰ্যাপ্ত পৰিমাণে পোৱা যায়। আমাৰ শৰীৰৰ শক্তি যোগানকাৰী প্ৰধান পুষ্টিদ্ৰৱ্য কাৰ্বহাইড্ৰেট বা শৰ্কৰা আমি চাউল বা ঘেঁহু আদিৰপৰা পাওঁ। কিন্তু দেহ গঠন তথা শৰীৰটো নিৰোগী কৰি ৰাখিবলৈ প্ৰয়োজন হোৱা প্ৰ’টিন, ভিটামিন আৰু বিভিন্ন প্ৰকাৰৰ খনিজ লৱণ যোগান ধৰিব পৰা খাদ্যৰ নাটনি আজিও সৰ্বসাধাৰণৰ বাবে এক সমস্যা হিচাপে পৰিগণিত হৈছে। এইক্ষেত্ৰত কাঠফুলাৰ খেতিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে আৰু বিকল্প খাদ্য হিচাপে পৰিগণিত হ’ব পাৰে। কাঠফুলা খাদ্যপ্ৰাণ ‘বি’(Vitamin B)ৰ এক প্ৰধান উৎস। কাঠফুলাত অধিক পৰিমাণে- ভিটামিন B1(থিয়ামিন), ভিটামিন B2 (নিয়াচিন), ভিটামিন B5 (নিক’টিনিক এচিড), ভিটামিন B6 (গেলট’থেনিক এচিড) পোৱা যায়। তদুপৰি কাঠফুলাত খাদ্যপ্ৰাণ এ, ভি, ই আৰু কে(Vitamin A, D, E, K) থাকে, যিবোৰ স্বাস্থ্য ৰক্ষাৰ বাবে অতি প্ৰয়োজন। কাঠফুলাত প্ৰচুৰ পৰিমাণে ফলিক এচিড থাকে যি তেজ গঠনত সহায় কৰে। কাঠফুলাই মানৱদেহৰ শৰীৰৰ বাবে প্ৰয়োজনীয় এমিন’ এচিড-লাইচিন, ট্ৰিপ্টফেন, মেথিঅ’নিন, লিউচিন আৰু থ্ৰিয়’নিন যোগান ধৰে। যিবোৰ শ্বেতসাৰ জাতীয় খাদ্যত পোৱা নাযায়। তদুপৰি কাঠফুলাত বিভিন্ন ধৰণৰ খনিজ পদাৰ্থ, যেনে- কেলছিয়াম, পটাছিয়াম, মেগনেছিয়াম, কপাৰ, ফছফৰাছ আদি পৰ্যাপ্ত পৰিমাণে পোৱা যায়। কাঠফুলাত থকা বিভিন্ন খাদ্য উপাদানৰ পৰিমাণ তালিকা-১ত দিয়া ধৰণৰ। কাঠফুলাৰ ঔষধি গুণ: কাঠফুলাই নানা জটিল ব্যাধি, যেনে- কৰ্কট, হৃদৰোগ, বহুমূত্ৰ, যকৃত বেমাৰ, উচ্চ ৰক্তচাপ আদি উপশম ঘটোৱাত সহায় কৰে। কাঠফুলা বহুমূত্ৰ ৰোগী আৰু চৰ্বি থকা মানুহৰ বাবে অতি উপযোগী। কাঠফুলাই মানৱ শৰীৰত কলেষ্টেৰলৰ পৰিমাণ কমায়, কাৰণ ইয়াত থকা চৰ্বিৰ পৰিমাণ তেনেই নগণ্য। কাঠফুলাই উচ্চ ৰক্তচাপ থকা ৰোগীৰ বাবে মহৌষধৰ কাম কৰে। বেছি অম্লতা আৰু কোষ্ঠকাঠিন্য থকা ৰোগীৰ বাবে মহৌষধৰ কাম কৰে। বেছি অম্লতা আৰু কোষ্ঠকাঠিন্য থকা ৰোগীৰ বাবে ই অতি উপযোগী। কাঠফুলাত থকা পৰ্যাপ্ত পৰিমাণৰ খাদ্যপ্ৰাণৰ উপস্থিতিয়ে স্নায়ৱিক দুৰ্বলতা নোহোৱা কৰাৰ উপৰি মানুহৰ ছালৰ ৰক্ষণাবেক্ষণ কৰে। কাঠফুলাৰ কৰ্ষণ: অসমত কৰিব পৰা খাদ্য উপযোগী কাঠফুলাৰ প্ৰজাতিসমূহ হ’ল- অয়েষ্টাৰ মাশ্বৰূপ, ইউৰোপীয়ান হোৱাইট বাটন পেডী ষ্ট্ৰ, মিল্কী মাশ্বৰূপ। খাদ্য অনুপযোগী বা বিষাক্ত কাঠফুলাৰ চিনাক্তকৰণ- বিষাক্ত কাঠফুলা সহজে পোক-পৰুৱাৰদ্বাৰা আক্ৰান্ত নহয়। বিষাক্ত কাঠফুলাসমূহ গোন্ধযুক্ত, বেয়া স্বাদৰ আৰু বিভিন্ন বৰণৰ হয়। এৱাঁ গাখীৰত বিষাক্ত কাঠফুলা দিলে দৈৰ নিচিনা হয়। অসমত লাভজনকভাৱে কৰিব পৰা কাঠফুলাৰ ভিতৰত অয়েষ্টাৰ মাশ্বৰূম উল্লেখযোগ্য। অয়েষ্টাৰ কাঠফুলাৰ(pleurotus ostreatus) উৎপাদন: এইবিধ কাঠফুলাৰ কৃষি প্ৰণালী অতি সহজে আৰু সুলভ। এইবিধ কাঠফুলাৰ খেতি কৰাৰ উচিত সময় ছেপ্টেম্বৰৰপৰা এপ্ৰিল মাহলৈকে(২২°-২৮° ছেন্টিগ্ৰেড বায়ুমণ্ডলৰ উত্তাপ)। কাঠফুলা উৎপাদন কৰিব পৰা ঘৰখনৰ ছাল-খেলেৰে নিৰ্মিত হ’ব লাগে আৰু ঘৰটোৰ প্ৰস্থ ৩ মিটাৰ, উচ্চতা ২.৫ মিটাৰ আৰু দীঘ ৬ মিটাৰ হোৱা প্ৰয়োজন। আমাৰ অসমৰ অঞ্চলসমূহত ধানখেৰ অতি সহজলভ্য। সেইকাৰণে এই ধানখেৰক কাঠফুলাৰ কৰ্ষণৰ এক উপযোগী মাধ্যম হিচাপে ব্যৱহাৰ কৰি কেনেকৈ কাঠফুলাৰ খেতি কৰিব পাৰি তলত বহলভাৱে আলোচনা কৰা হ’ল- অয়েষ্টাৰ কাঠফুলা উৎপাদনৰ সামগ্ৰীসমূহ হ’ল- কঠাফুলৰ বীজ বা স্পন, শুকান ধানখেৰ, পলিথিনৰ মোনা(১৪ ইঞ্চি বহল আৰু ২৫ ইঞ্চি দীঘল), খেৰ কটা মেচি, দা নাইবা কাঁচি, ডাঙৰ কেৰাহী বা ড্ৰাম(ধানখেৰ তিয়াব আৰু সিজাবৰ বাবে), পানী ছটিয়াব পৰা স্প্ৰে মেচিন বা স্প্ৰেয়াৰ, প্লাষ্টিকৰ ৰছী, কীটনাশক দ্ৰৱ্য- বেভিষ্টিন, ৰগৰ, কেলথেন, ফৰমেলডিহাইড, চূণৰ গুৰি, কাঠ খৰি, খেৰী ঘৰ। কৃষি পদ্ধতি: কাঠফুলা খেতিৰ কাৰণে শালিধানৰ খেৰ আটাইতকৈ উত্তম আধাৰ হিচাপে ব্যৱহাৰ কৰি সুফল পোৱা গৈছে। শালিধানৰ খেৰ শুকাই ল’ব লাগে। এই শুকান খেৰখিনি পৰিষ্কাৰ কৰি ২ৰ পৰা ৩ ইঞ্চি জোখত কাটি ল’ব লাগে। কাটি লোৱা খেৰখিনি পানীত তিয়াই থ’ব লাগে, কিন্তু ৮ ঘন্টাতকৈ অধিক সময় পানীত তিয়াই থ’ব নালাগে। ভিজা খেৰখিনি পানীৰপৰা উলিয়াই আনি প্ৰায় ৩০-৪০ মিনিটমান সময় ভাপত নাইবা পানীত সিজাব লাগে, যাতে খেৰখিনি বীজাণুমুক্ত হয়। কেইমিনিটমাৰ খেৰখিনি এঢলীয়াকৈ ৰাখি অথবা সূৰ্যৰ পোহৰত শুকুৱাই, সিজোৱা খেৰখিনিৰপৰা অতিৰিক্ত পানীভাগ আঁতৰাই পেলাব লাগে। এতিয়া ২৫ ১৪ ইঞ্চি জোখৰ এটা পলিথিনৰ মোনা ল’ব লাগে। অতিৰিক্ত পানী নথকা অথচ ভিজা কেইমুঠিমান খেৰ লৈ মোনাখনৰ ভিতৰত ভৰাব লাগে। ভৰোৱা খেৰখিনি হাতেৰে হেঁচি দি ২ ইঞ্চি ডাঠ এটা তৰপ কৰিব লাগে। কাঠফুলাৰ বীজখিনি(স্প’ন) শুকান পৰিষ্কাৰ থাল এখনত তিনিটা ভাগ কৰিব লাগে। এতিয়া কাঠফুলাৰ স্পন’খিনি খেৰৰ তৰপটোৱে ওপৰত ছটিয়াই দিব লাগে। কাঠফুলাৰ স্প’নখিনি যাতে খেৰৰ তৰপটোৰ মাজৰ অংশ বাদ দি কাষবোৰত বৃত্তাকাৰে পাৰে, তাৰ বাবে সাৱধানতা অৱলম্বন কৰিব লাগে। এনেদৰে ৪-৫ টা তৰপ তৈয়াৰ কৰিব লাগে। ওপৰৰ তৰপত দিয়া বীজখিনি(স্প’ন) খেৰেৰে পাতলকৈ ঢাকি দিব লাগে। মোনাখনৰ মুখখন ৰচিৰে বান্ধি মোনাখনৰ গাটোত ২ ইঞ্চি দূৰত্বত সৰু সৰু বিন্ধা কৰি দিব লাগে। ইয়াৰ পিছত মোনাখন কাঠফুলা উৎপাদন কোঠাত ১৫ৰ পৰা ২০ দিন ৰাখিব লাগে আৰু লক্ষ্য কৰিব লাগে যাতে ৰ’দৰ প্ৰত্যক্ষ পোহৰ একেবাৰেই নপৰে। যেতিয়া ১৫-২৮ দিন ৰখাৰ পিছত সম্পূৰ্ণভাৱে বগা সূত্ৰপুঞ্জ(মাইচেলিয়াম) ওলাব তেতিয়া সাৱধানে খেৰৰ টোপোলাটোৰপৰা প্লাষ্টিকৰ মোনাখন আঁতৰাই আনিব লাগে। লক্ষ্য ৰাখিব লাগে, যাতে খেৰৰ টোপোলাটো কেতিয়াও ভাগি নপৰে। প্লাষ্টিকৰ ৰছীৰ সহায়ত খেৰৰ টোপোলাটো আঁৰি থোৱাৰ ব্যৱস্থা কৰিব লাগে। পিছদিনাৰপৰা পানী ছটিয়াব লাগে। শুকান বতৰত দুপৰীয়া অতিৰিক্তভাৱে পানী ছটিয়াব লাগে। বৃষ্টিপাতৰ সময়তো আপেক্ষিক আৰ্দ্ৰতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিদিনে দুবাৰকৈ পানী ছটিয়াব লাগে। টোপোলাটোৰপৰা প্লাষ্টিকৰ মোনাখন খুলি আঁতৰাই পেলোৱাৰ ৫ৰ পৰা ৭ দিন পিছত কাঠফুলাবিলাক ওলাই আহিব আৰু কাঠফুলাবিলাকৰ কাষবিলাক ওপৰফালে ভাজ লাগিবলৈ আৰম্ভ কৰিলেই ছিঙিব পৰা যাব। ছিঙাৰ সময়ত ঠাৰিডালৰ গুৰিত টানকৈ ধৰি পকাই ছিঙিব লাগে, যাতে অতিৰিক্ত অংশ ৰৈ নাযায়। কাঠফুলা ওলোৱা মোনাখনৰ আটাইকেইটা কাঠফুলা একে সময়তে ছিঙিব লাগে। কেঁচা কাঠফুলা সৰু সৰু বিন্ধা থকা পলিথিন পেকটত ভৰাই বজাৰলৈ প্ৰেৰণ কৰিব লাগে। প্ৰথমবাৰ কাঠফুলা চপোৱাৰ পিছত পুনৰ স্পেয়াৰৰ জৰিয়তে ৫ৰ পৰা ৭ দিন পানী দি থাকিব লাগে। ৭ ৰ পৰা ১০ দিনৰ পিছত পুনৰ দ্বিতীয়বাৰৰ বাবে কাঠফুলা চপাব(ছিঙিব) পৰা যাব। এনেদৰে একোটা কাঠফুলা টোপোলাৰপৰা ৪-৫ বাৰ পৰ্যন্ত কাঠফুলা ছিঙিব পৰা যায়। এটা টোপোলাৰ ৪-৫ বাৰ ছিঙাৰ পিছত কাঠফুলাৰ নতুন টোপোলা ৰাখিব লাগে। তালিকা- ১: কাঠফুলাত থকা বিভিন্ন খাদ্য উপাদানৰ পৰিমাণ উপাদান পৰিমাণ পানী ৮৯.৯ শতাংশ প্ৰ’টিন ২.৯ শতাংশ চৰ্বি ০.৩৬ শতাংশ শৰ্কৰা ৫.৩ শতাংশ আঁহ ১.১০ শতাংশ খনিজ লৱণ ১.০ শতাংশ শক্তি ৩৩.৯ কিল’কেলৰি ভিটামিন B ০.৫ মিঃগ্ৰাঃ/১০০ গ্ৰাঃ ৰাইব’ফ্লেবিন ০.৫ মিঃগ্ৰাঃ/১০০ গ্ৰাঃ ভিটামিন B2 ১০.৯ মিঃগ্ৰাঃ/১০০ গ্ৰাঃ কেলছিয়াম ৩.৩ মিঃগ্ৰাঃ/১০০ গ্ৰাঃ ফছফৰাছ ১৩৪.৪ মিঃগ্ৰাঃ/১০০ গ্ৰাঃ লৌহ পদাৰ্থ ২৭ মিঃগ্ৰাঃ/১০০ গ্ৰাঃ ছডিয়াম ১.৮ মিঃগ্ৰাঃ/১০০ গ্ৰাঃ ছিলিকন ২৭ মিঃগ্ৰাঃ/১০০ গ্ৰাঃ নাইট্ৰ’জেন ১০ মিঃগ্ৰাঃ/১০০ গ্ৰাঃ জিংক ৪.৮ মিঃগ্ৰাঃ/১০০ গ্ৰাঃ মেগনেছিয়াম ৩৯ মিঃগ্ৰাঃ/১০০ গ্ৰাঃ এলুমিনিয়াম ১.১ মিঃগ্ৰাঃ/১০০ গ্ৰাঃ মেংগানিজ ৭.৩ মিঃগ্ৰাঃ/১০০ গ্ৰাঃ পটাছিয়াম ৩৭৯.৩ মিঃগ্ৰাঃ/১০০ গ্ৰামঃ লেখিকা: ড° মিনছুৰা বেগম(দৈনিক অসম)