বাষ্পীয় শীতলীকৰণ পদ্ধতিৰ ওপৰত ভিত্তি কৰি ভাৰতীয় কৃষি গৱেষণা প্রতিষ্টান ,নতুন দিল্লীৰ এদল বিজ্ঞানীয়ে এটা কম খৰচযুক্ত শীতলীকৰণ ভাণ্ডাৰ সাজি উলিয়াইছে । এই শীতলীকৰণ ভাণ্ডাৰত বিশেষকৈ সোনকালে নষ্ট হৈ যোৱা ফল - মূল ,শাক -পাচলি আদি ৰাখিব পাৰি । ইয়াৰ আটাইতকৈ গুৰুত্বপূর্ণ দিশটো হৈছে এই শীতলীকৰণ ভাণ্ডাৰ চলাবলৈ কোনো ধৰণৰ বিজুলী শক্তি বা ইন্ধনৰ প্রয়োজন নহয় । তদুপৰি এজন অনভিজ্ঞ মানুহেও ইয়াক সহজতে পোৱা সামগ্রী যেনে ইটা , বালিৰ সহায়ত সাজি উলিয়াব পাৰে । কেঁচা সামগ্রী কম খৰচযুক্ত শীতলীকৰণ ভাণ্ডাৰ (১০০ কেজি ক্ষমতাযুক্ত ) সাজিবলৈ প্রয়োজন হোৱা সামগ্রী আৰু খৰচ তলত দিয়া হ'ল - ক্রমিক নং কেঁচা সামগ্রী পৰিমাণ খৰচ ১ ইটা ৪০০ টা ১০০০.০০ ২ বালি ১০ বস্তা ১০০.০০ ৩ বাঁহ ৭-৮ টা ৩০০.০০ ৪ মৰাপাতৰ কাপোৰ ৩ বর্গমিটাৰ ৬০.০০ ৫ খেৰ বা প্লাষ্টিক কাপোৰ ৩ বর্গমিটাৰ ৪০০.০০ ৬ নলযুক্ত পানীৰ চৌবাচ্ছা ২৫-৩০ লি: ক্ষমতাসম্পন্ন ১৫০.০০ ৭ প্লাষ্টিকৰ নলী ৬ মিটাৰ ৬০.০০ ৮ গজাল ৰচী আদি - ৪০.০০ ৯ বনুৱাৰ খৰচ ২দিন ১৪০.০০ সর্বমুঠ খৰচ ২২৫০.০০ কম খৰচযুক্ত শীতলীকৰণ ভাণ্ডাৰ নক্সা ও সজোৱা পদ্ধতি শীতলীকৰণ গৃহটো দীঘলে ১.৫ - ১.৬ মি: , পথালীয়ে ১.০ - ১.২ মি: আৰু ০.৬ - ০.৭ মি: ওখ হোৱা উচিত । মজিয়াখনত ইটাৰ এটা তৰপ দি বনোৱা হয় । কাষৰ বেৰ কেইখন ইটাৰ দুটা তৰপ দি বনোৱা হয় । দুই তৰপ ইটাৰ মাজত ৭.৫ চে: মি: ব্যৱধান ৰাখিব লাগে । এতিয়া এই ফাকটো বালিৰে র্ভত্তি কৰি দিব লাগে । এনেধৰণে ১০০ কি: গ্রাম ফল- মূল বা শাক - পাচলি থোৱা শীতলী ভাণ্ডাৰ বনাবলৈ প্রায় ৪০০ টা ইটাৰ প্রয়োজন হয় । শীতলীকৰণ গৃহটো ঢাকিবলৈ মৰাপাতৰ বস্তাৰে এখন ঢাকনি বনোৱা হয় । এই গোটেই শীতলীকৰণ ভাণ্ডাৰটোৰ ওপৰত বৰষুণ পৰিব নোৱাৰকৈ খেৰেৰে এখন চালি বনোৱা হয় । সাধাৰণতে এনে ভাণ্ডাৰসমূহ বতাহ চলাচল কৰা মুকলি আৰু পানীৰ সুবিধা থকা ঠাইত বনাব লাগে । ভাণ্ডাৰটো সজোৱাৰ পিচত মজিয়া , চাৰিবেৰ , বেৰৰ মাজত ৰখা বালি , ঢাকনি আদি পানী চটিয়াই ভালকৈ তিয়াই লব লাগে । এবাৰ ভালকৈ চিওৱাৰ পিছত প্রতিদিনে বালি খিনিত পুৱা আৰু গধূলি এবাৰকৈ পানী চটিয়াব লাগে । অন্যথাই নলযুক্ত পানীৰ চৌবাচ্চৰ পৰা প্লাষ্টিক পাইপৰ মাজত সৰু সৰু ফুটা কৰিও নিয়মিত ভাবে পানী যোগানৰ ব্যৱস্থা কৰিব পাৰি । এনে কৰিলে ভাণ্ডাৰৰ ভিতৰত জলীয় বাষ্প আৰু তাপ নিয়ন্ত্রণ হৈ থাকিব । পানী দিওতে মন কৰিব লাগে যাতে বেৰৰ মাজেৰে পানী নিগৰি আহি সংৰক্ষিত সামগ্রী নষ্ট কৰিব নোৱাৰে । ফল- মূল বা শাক -পাচলি সমূহ সেমেকা ইটাৰ বেৰত নালাগিবৰ কাৰনে প্লাষ্টিকৰ পাচি বা খৰাহিত ৰখা বাঞ্চনীয় । লব'লগীয়া সাবধানতাসমূহ ১) শীতলীকৰণ ভাণ্ডাৰ সূর্য্যৰ ৰশ্মি পোনপতীয়াকৈ পৰা আৰু অতি বেছি বতাহৰ বেগ থকা ঠাইত বনাব নালাগে । ২) শীতলীকৰণ ভাণ্ডাৰ সদায় ওখ ঠাইত বনাব লাগে যাতে বাৰিষাৰ পানী জমা হৈ নাথাকে । ৩) গেলি যোৱা শাক -পাচলি , ফল- মূল আঁতৰাই শীতলীগৃহৰ ভিতৰখন পৰিস্কাৰ কৰি ৰাখিব লাগে । ৪) শীতলীকৰণ ভাণ্ডাৰৰ ভিতৰখন বীজানুমুক্ত কৰি ৰাখিবৰ কাৰণে মাজে সময়ে ক্লৰিণযুক্ত পানী বা ব্লিচিং পাউদাৰ চটিয়াব লাগে । ৫) সংৰক্ষিত ফল-মূল বা শাক -পাচলিত যাতে পানী নোসোমাই তাৰ বাবে পলিথিন কাপোৰ এখন পাৰি দিব লাগে । অসম কৃষি বিশ্ববিদ্যালয়ত চলি থকা গৱেষণাৰ পৰা জনা গৈছে যে কমলা আৰু বিলাহী এই শীতলীকৰণ গৃহৰ ভিতৰত ২২-২৪ দিনলৈ সতেজ কৰি ৰাখিব পাৰি । আনহাতে একে কমলা আৰু বিলাহী কিন্তু ১১-১২ দিনহে বাহিৰত ৰাখিব পাৰি । ইয়াৰ পৰা দেখা যায় যে শাক - পাচলি আৰু ফল - মূলৰ সংৰক্ষণৰ বাবে কম খৰচতে সাজি উলিউৱা শীতলী গৃহ এটা অন্যতম বিকল্প ব্যৰস্থা হিচাবে ব্যৰহাৰ কৰাৰ যথেষ্ট থল আছে । উৎস: অসম কৃষি বিশ্ববিদ্যালয়।