নিম গুটিৰ শাহৰ আৰক -

প্ৰতি বিঘা শস্যৰ বাবে ১-১.৫ কিলোগ্ৰাম নিম গুটিৰ শাহৰ প্ৰয়োজন হয়। নিম গুটিৰ বাহিৰৰ বাকলি এৰুৱাই লৈ কেৱল শাহখিনি লব লাগে। যদি গুটিখিনি সতেজ হয়, তেতিয়া ৩ কিলোগ্ৰাম শাহৰ প্ৰয়োজন হয়। যদি গুটিখিনি পুৰণি হয়, তেতিয়া ৫ কিলোগ্ৰাম শাহৰ প্ৰয়োজন হয়। সংগ্ৰহ কৰা শাহখিনি থেতালি লৈ এটা মাটিৰ পাত্ৰত (কলহ) লব লাগে আৰু তাৰ লগত ১০ লিটাৰ পানী মিহলাব লাগে। পাত্ৰটোৰ মুখখন বান্ধি ৩ দিনৰ বাবে ৰাখি থব লাগে। পিছত মিশ্ৰণখিনি চেকিব লাগে আৰু তেতিয়া ইয়াৰ পৰিমাণ ৬-৭ লিটাৰ হয়গৈ। এই মিশ্ৰণখিনি এমাহৰ বাবে ৰাখি থ’ব পাৰি। উক্ত মিশ্ৰণৰ ০.৫-১ লিটাৰ ১০ লিটাৰ পানীত মিহলাই শস্য পথাৰত ছটিয়াব পাৰি। মিশ্ৰণটোৰ লগত ১০০ মিলিলিটাৰ খাদী চাবোনৰ পানী মিহলাব লাগে। কীট আক্ৰমণৰ প্ৰাবল্যতাৰ ওপৰত নিৰ্ভৰ কৰি মিশ্ৰণটোৰ গাঢ়তা কম-বেছি হব পাৰে।
নিম খলিহৈৰ আৰকঃ

প্ৰতি বিঘা শস্যৰ বাবে ১.৫ কিলোগ্ৰাম নিম খলিহৈৰ প্ৰয়োজন হয়। নিম খলিহৈখিনি ভালকৈ গুড়ি কৰি লৈ এখন পাতল কপাহী কাপোৰত টোপোলা বান্ধিব লাগে। উক্ত টোপোলাটো ১০ লিটাৰ পানী ধৰা এটি পাত্ৰত ৩ দিনৰ বাবে ৰাখিব লাগে। পিছত সেইখিনি পানীখিনিতে ভালদৰে চেপিব লাগে। প্ৰায় ৭-৮ লিটাৰ মিশ্ৰণ পোৱা যায়। উক্ত মিশ্ৰণৰ ০.৫-১ লিটাৰ ১০ লিটাৰ পানীত মিহলাই শস্য পথাৰত ছটিয়াব পাৰি। মিশ্ৰণটোৰ লগত ১০০ মিলিলিটাৰ খাদী চাবোনৰ পানী মিহলাব লাগে। কীট আক্ৰমণৰ প্ৰাবল্যতাৰ ওপৰত নিৰ্ভৰ কৰি মিশ্ৰণটোৰ গাঢ়তা কম-বেছি হব পাৰে। মিশ্ৰণটো এমাহলৈ ৰাখি থব পাৰি।

নিম তেলঃ

প্ৰতি বিঘা শস্যৰ বাবে ৪০০-৬০০ মিলিলিটাৰ নিমতেলৰ প্ৰয়োজন হয়। ২০০-৩০০ মিলিলিটাৰ নিমতেল ১০ লিটাৰ পানীত মিহলাই ভালদৰে ঘুটিব লাগে। মিশ্ৰণটোৰ লগত ১০০ মিলিলিটাৰ খাদী চাবোনৰ পানী মিহলাব লাগে। এই মিশ্ৰণটো তৈয়াৰ কৰাৰ পিছতে ব্যৱহাৰ কৰিব লাগে।

আদা, নহৰু আৰু জলকীয়াৰ আৰক -

প্ৰতি বিঘা শস্যৰ বাবে নহৰু- ৩৩০ গ্ৰাম, আদা- ১৬০ গ্ৰাম আৰু কেঁচা জলকীয়া- ১৬০ গ্ৰাম দৰকাৰ হয়। প্ৰতিবিধ সামগ্ৰীকে বেলেগে বেলেগে পিচি লব লাগে আৰু তিনিওবিধকে ৭ লিটাৰ পানীত ভালদৰে মিহলাব লাগে। উক্ত মিশ্ৰণৰ ০.৫-১ লিটাৰ ১০ লিটাৰ পানীত মিহলাই শস্য পথাৰত ছটিয়াব পাৰি। মিশ্ৰণটোৰ লগত ১০০ মিলিলিটাৰ খাদী চাবোনৰ পানী মিহলাব লাগে। কীট আক্ৰমণৰ প্ৰাবল্যতাৰ ওপৰত নিৰ্ভৰ কৰি মিশ্ৰণটোৰ গাঢ়তা কম-বেছি হব পাৰে। এই মিশ্ৰণটো তৈয়াৰ কৰাৰ পিছতে ব্যৱহাৰ কৰিব লাগে যদিও ৩ দিনমানলৈ ৰাখিব পাৰি।

পঞ্চ-পত্ৰৰ আৰকঃ

পাঁচবিধ বিভিন্ন গুণাগুণৰ উদ্ভিদৰ পাত দৰকাৰ হয়-

বগা আঠা ওলোৱা উদ্ভিদ- যেনে, কেক্টাছ, ভোট-এৰা, আকন, কৰবী ফুল আদি

তিতা জাতীয় উদ্ভিদ- নিম, চিৰতা, অমৰলতা আৰু দোৰোণ

যিবোৰ উদ্ভিদ সাধাৰণতে গৰুৱে নেখায়- তিতা বাহেক, বাম কলমৌ

সুগন্ধি উদ্ভিদ- পচতীয়া, ৰাম তুলসী

কীট আৰু ৰোগ-ব্যাধিয়ে সহজে আক্ৰমণ নকৰা উদ্ভিদ- বাম কলমৌ, নুনী

প্ৰত্যেকবিধৰে ১ কিলোগ্ৰাম পাত লব লাগে আৰু ভালদৰে মোহাৰি লব লাগে। দ্ৰব্যখিনি এটা মাটিৰ পাত্ৰত ভৰাব লাগে আৰু দুগুণ পানী ভৰাব লাগে। মিশ্ৰণটোত ১ লিটাৰ গৰু-মূত আৰু ১০০ গ্ৰাম হিং মিহলাব লাগে। পাত্ৰটোৰ মুখখন কাপোৰেৰে টানকৈ বান্ধিব লাগে আৰু প্ৰতিদিনে আবেলি মিশ্ৰণটো ভালদৰে লৰাব লাগে।

উক্ত মিশ্ৰণটো এসপ্তাহৰ বাবে ব্যৱহাৰ কৰিব পাৰি। উক্ত মিশ্ৰণৰ ৫০০ মিলিলিটাৰ ১০ লিটাৰ পানীত মিহলাই শস্য পথাৰত ছটিয়াব পাৰি। কীট আক্ৰমণৰ প্ৰাবল্যতাৰ ওপৰত নিৰ্ভৰ কৰি ১ লিটাৰলৈকে মিশ্ৰণটো বঢ়াব পাৰি।

ভোট-এৰাৰ আৰকঃ

প্ৰতি বিঘা শস্যৰ বাবে ১-১.৫ কিলোগ্ৰাম ভোট-এৰাৰ পাতৰ প্ৰয়োজন হয়। উক্ত পাতখিনি থেতালি লৈ এটা মাটিৰ পাত্ৰত ভৰাব লাগে। তাৰ লগত ১.৫ লিটাৰ পানী মিহলাব লাগে। পাত্ৰটোৰ মুখখন বান্ধি ৩-৭ দিনৰ বাবে ৰাখি থব লাগে। পিছত মিশ্ৰণখিনি চেকিব লাগে আৰু উক্ত মিশ্ৰণৰ ০.৫ লিটাৰ ৯.৫ লিটাৰ পানীত মিহলাই শস্য পথাৰত ছটিয়াব পাৰি।

কাশ্যম প্ৰস্তুতঃ

কাশ্যম প্ৰস্তুত কৰিবৰ বাবে ব্যৱহাৰ হোৱা উদ্ভিদবোৰ হল-

কালমেঘ- সকলোপ্ৰকাৰৰ পলু পোক নিয়ন্ত্ৰণৰ বাবে

বন-মেথি- মোৱা পোক আৰু অন্যান্য ৰস শুহি খোৱা পোক নিয়ন্ত্ৰণৰ বাবে

বাহেক তিতা- ভেঁকুৰজনিত ৰোগ

পঞ্চ তিতা কাশ্যম- সকলো প্ৰকাৰৰ কীট

নিৰ্বাচিত উদ্ভিদবিধ শিপা নোহোৱাকৈ সংগ্ৰহ কৰি আনি সৰু সৰুকৈ কাটিব লাগে। প্ৰতি বিঘা মাটিৰ বাবে প্ৰায় ৭০০ গ্ৰাম দৰকাৰ হয়। উক্ত উদ্ভিদখিনি বহল মুখৰ পাত্ৰত ভৰাই তাৰ লগত প্ৰায় ৩ লিটাৰ পানী মিহলাই উতলাব লাগে। পানীৰ পৰিমাণ কমি গৈ যেতিয়া প্ৰায় ৭৫০ মিলিলিটাৰ হয়গৈ তেতিয়াই সেইখিনি ঠাণ্ডা হবলৈ দিব লাগে আৰু চেকিব লাগে। উক্ত মিশ্ৰণৰ ৩০০ মিলিলিটাৰ লৈ তাৰ লগত পানী মিহলাই ১০ লিটাৰ কৰিব লাগে আৰু তাৰ লগত ১০০ মিলিলিটাৰ খাদী চাবোনৰ পানী মিহলাই আক্ৰান্ত শস্যৰ পথাৰত ৰাতিপুৱা ছটিয়াব পাৰি।

লেখক – নয়ন কুমাৰ বৰা

উৎস – সেউজ চিন্তা