বৰ্তমান সময়ছোৱাৰ কৃষি বিষয়ক পৰামৰ্শৰ বাবে আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞ যথাক্ৰমে ড° দিলীপ কুমাৰ শইকীয়া, ড° পুলিন পাটগিৰি, ড° ৰাতুল কুমাৰ বৰা, ড° ছাহিদুৰ ৰহমান আৰু ড° পূৰ্ণিমা দাসৰ কাষ চাপিছোলোঁ। তেওঁলোকে আগবঢ়োৱা দিহা-পৰামৰ্শসমূহৰ্তলত উল্লেখ কৰিলোঁ।

*ধান ৰোৱাৰ পিছত কৃষকসকলে অন্ততঃ এসপ্তাহৰ অন্তৰে অন্তৰে খেতিডৰা ওপৰৰপৰা তললৈ নিৰীক্ষণ কৰা উচিত। ইয়াৰ দ্বাৰা পোক-পতংগৰ আক্ৰমণৰ প্ৰাৰম্ভিক অৱস্থাতে চিনাক্ত কৰি খেতিৰ প্ৰকৃত লাভ বৃদ্ধি কৰিব পাৰি। শুঁৰপোকৰ পলুবোৰ দিনৰভাগত মাটিৰ তলত থাকি কৃষকৰ অলক্ষিতে নিশাৰ ভাগত ধাননিডৰাত আক্ৰমণ কৰে আৰু বৰষুণ দিয়া পিছত ধান গছৰ তলত আশ্ৰয়ৰ ঠাই নাপাই গছৰ ওপৰলৈ উঠি আহে।

লমালমে এই পোকবোৰ ধাননিত আকস্মিকভাৱে দেখিলে এনে লাগে যেন কোনোবাই ওপৰৰপৰা এই পোকবোৰ ছটিয়াইহে থৈছে। সেয়েহে এনে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কৃষকসকলে কঠীয়া ৰোপণৰ আগেয়ে শিপা শোধন কৰা জৰুৰী আৰু প্ৰয়োজন সাপেক্ষে ধান ৰোপণৰ পিছতেই ৰাসায়নিক কীটনাশক দ্ৰব্য উচিত মাত্ৰাত ছটিওৱাৰ প্ৰয়োজন।

কীটনাশক প্ৰয়োগ কৰিলে শুঁৰপোকে জাক পাতি আন পথাৰলৈ পলায়ন কৰিব পাৰে। সেয়েহে পথাৰৰ মাজত কীটনাশক ছটিওৱাৰ আগেয়ে পথাৰত চৌপাশে পাউডাৰ জাতীয় কীটনাশক(মালাথিয় ৫%/কুইনলফচ ১.৫%/ক্ল’ৰপাইৰিফচ ১%) ৩-৪ কিলোগ্ৰাম প্ৰতি বিঘা মাটিৰ আলিবোৰত প্ৰয়োগ কৰিব লাগে। পথাৰৰ চৌপাশে কীটনাশক প্ৰয়োগ কৰাৰ পিছত কুইনলফচ ২৫ ই চি ক্ল’ৰপাইৰিফচ ২০ ই চি, মনক্ৰট’ফচ ৩৬ এছ এল এইকেইটা কীটনাশকৰ যিকোনো এটাৰ ২ মিলি লিটাৰ প্ৰতি লিটাৰ পানীত মিহলাই ধাননিৰ মাজত প্ৰয়োগ কৰা উচিত। ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰা পথাৰত বা কাষত গৰু-ছাগলী-হাঁহ আদি চৰিবলৈ দিয়া অনুচিত।

*ধাননি পথাৰত ভুঁই ৰোৱাৰ প্ৰথম মাহত পোক-পতংগৰপৰা সুৰক্ষা দিবলৈ কঠীয়া উঠোৱাৰ পিছত শিপা শোধন কৰিব লাগে। ইয়াৰ বাবে প্ৰতি লিটাৰ পানীত ১ মিলি লিটাৰ ক্ল’ৰপাইৰিফচ ২০ ই চি কীটনাশক আৰু ১০ গ্ৰাম ইউৰিয়া সাৰ মিহলাই উভালি অনা কঠীয়াৰ শিপা তিনি ঘন্টাৰ বাবে উক্ত মিশ্ৰণত ডুবাই ৰাখিব লাগে। নহ’লে কঠীয়া উঠোৱাৰ এসপ্তাহ আগেয়ে ৩ গ্ৰাম কাৰ্বফুৰান প্ৰ্তি বৰ্গমিটাৰ কঠীয়া তলীত প্ৰয়োগ কৰিব লাগে। এনে কৰিলে শুঁৰপোককে ধৰি মজাখোৱা, পাতমেৰিওৱা, টুপলিকটা আদি পোকৰ উপদ্ৰৱৰপৰা খেতিডৰাক ৰক্ষা কৰিব পাৰি।

*মাহজাতীয় শস্য সংৰক্ষণ কৰিবলৈ হ’লে শস্যখিনি ভালদৰে ৰ’দাই, ছাল চেঁচা কৰি মৰাপাট আৰু তেনেধৰণৰ বস্তাৰ ভিতৰভাগত পলিথিনৰ আস্তৰণ দি, শস্যখিনিৰ প্ৰতি কিলোগ্ৰামত ৩ গ্ৰাম পৰিমাণৰ জালুকৰ গুৰি ভালদৰে মিহলাই ভৰাই ৰাখিলে কোৱাপোক(ব্ৰুকিড)ৰ আক্ৰমণৰপৰা বহুখিনি সকাহ পোৱা যায়।

বাৰিষা বতৰত সাধাৰণতে ঘৰ আৰু ভঁৰালত এন্দুৰৰ উপদ্ৰৱ অধিক হোৱা দেখা যায়। এন্দুৰৰ এনে উপদ্ৰৱৰপৰা ৰক্ষা পাবলৈ ভঁৰাল ঘৰৰ চৌপাশ চাফ-চিকুণকৈ ৰাখিব লাগে। ঘৰ আৰু ভঁৰালত এন্দুৰ সোমাব নোৱাৰাৰ ব্যৱস্থা কৰিব লাগে। ঘৰৰ ভিতৰত এন্দুৰে পোৱাকৈ খোৱা বস্তু ৰাখিব নালাগে, কিয়নো অপ্ৰয়োজনীয় বস্তু ঘৰৰ ভিতৰত ৰাখিলে সেইবোৰ এন্দুৰে খোপনি পুতিবলৈ সুবিধা পায়। ভঁৰালৰ তলীখন সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে।

গছ-গছনিৰ বাঢ়ি অহা ডাল ঘৰ বা ভঁৰালত সংযোগ হ’বলৈ দিব নালাগে। ডুলি বা ধান থোৱা চাং বা পাভতিত আৰু ভঁৰালৰ খুঁটীত এলুমিনিয়াম চিটেৰে(৩০ ছেন্টিমিটাৰ বহল) তৈয়াৰী ৰেটগাৰ্ডৰ ব্যৱস্থা কৰিব লাগে। ঘৰৰ ভিতৰত ফান্দ পাতি এন্দুৰ ধৰাৰ ব্যৱস্থা কৰাৰ লগতে মেকুৰী পোহাৰ ব্যৱস্থা কৰিব লাগে।

*মে’ মাহৰ সময়ছোৱাত পোষক গছত লাং সংযোজন কৰা খেতিয়কসকলে জুন মাহত ইথ’ফেনপক্স(Ethophenprox) আৰু কাৰ্বেনডাজিমৰ(Carbendazime) মিশ্ৰন ২৮-৩০ দিন আৰু ৩৮-৪০ দিনত স্প্ৰে কৰিলে অপকাৰী পতংগ ইউব্লেমা নিয়ন্ত্ৰণ কৰিব পৰা যায়।

*বৰ্তমন বাৰ্ফিষা আৰম্ভ হোৱাৰ লগে লগে প্ৰকৃতিত ফুলৰ সংখ্যা কমি যোৱাৰ ফলত মৌ-মাখিৰ বাবে প্ৰয়োজনীয় মৌ আৰু ৰেণুৰ অভাৱ ঘটে। গতিকে মৌবাহবোৰ সবল কৰি ৰাখিবলৈ, কৃত্ৰিম আহাৰ যেনে- ২০০ গ্ৰাম গোটা মগু নিশাটো তিয়াই থৈ পুৱা ৰস উলিয়াই ইয়াক এক লিটাৰ পানীত ৫০০ গ্ৰাম চেনিৰ সৈতে মিহলাই খাবলৈ দিয়া বাঞ্ছনীয়।

এনে কৃত্ৰিম আহাৰ প্ৰতি সপ্তাহৰ অন্তৰালত বৰষুণৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি প্ৰয়োগ কৰা যুগুত।

উৎস: দৈনিক অসম(আটাউৰ ৰহমান, ৰুদ্ৰ নাৰায়ণ বৰকাকতি)