১) বীজ শোধনৰ 'স্লাচী'পদ্ধতি ট্রাইকর্ডামা ভেকুৰৰ পাঁচ বা ছয় গ্রামৰ লগত ১০ মি: লি: পানী মিহলাই তাৰ সৈতে এক কিলো বীজ ভালকৈ মিহলাব লাগে। এই বীজখিনি একঘন্টামান সময় ছাঁত শুকুৱাই লোৱাৰ পাছতহে পথাৰত সিঁচিব লাগে। ২) সিক্ত পদ্ধতিৰে বীজ শোধন 'ট্রাইকর্ডামা' ভেকুৰৰ ২০ ৰ পৰা ২৫ গ্রাম একলিটাৰ পানীত ভালকৈ মিহলাব লাগে। এই ভেকুৰ মিশ্রণ পানী পানীখিনিৰ একেকিলো বীজ এঘন্টাৰ বাবে ডুবাই থৈ পুনৰ তাৰ পৰা টুকি লৈ এঘন্টা সময় ছাঁতভালকৈ শুকুৱাই পথাৰত সিঁচিব লাগে। এই ভেঁকুৰ মিশ্রণ পানী খিনিত ওপৰত উল্লেখ কৰাৰ দৰেই পুলি, কাণ্ড বা 'কাটিং' ইত্যাদিও শোধন কৰিব পৰা যায়। ৩) গছ বা পুলিৰ গুটি ছটিউৱা পদ্ধতি গছৰ গুৰি বা পুলিৰ গুৰিত প্রয়োগ কৰিবলৈ হ'লে 'ট্রাইকর্ডামা' ৰ ২০ ৰ পৰা ২৫ গ্রাম এক লিটাৰ পানীত মিহলাই জিজ্ঞিৰিৰে বা দৰৱ ছটিউৱা যন্ত্রৰে পুলিৰ গুৰিৰ সৈতে চাৰিওফালৰ মাটি ভালকৈ তিতি যোৱাকৈ প্রয়োগ কৰিব লাগে। ৪) মাটিত 'ট্রাইকর্ডামাৰ' প্রয়োগ পদ্ধতি শুকান গছৰ গোবৰৰ ১০০ কিলোৰ লগত খলিহৈ ১০ কি:লো: মিহলাই পানী ছটিয়াই ভালকৈ মিহলাই লব লাগে। উপৰোক্ত মিশ্রণত বজাৰৰ পৰা অনা ভাল কোম্রেনীৰ এক কিলো 'ট্রাইকর্ডামা' ভেকুৰ ভালদৰে মিহলাই খবৰ কাগজ বা কলগছৰ পাতেৰে তিনিদিন ঢাকি থব লাগে। চাৰিদিনৰ দিনা মিশ্রণটোত আকৌ অলপ পানী ঢালি ভালকৈ মিহলাই ঢাকি থব লাগে। সাতদিনৰ দিনাখন ঢাকনিখন গুচাই ,প্রয়োজন মতে অলপ পানী ছটিয়াই ভালকৈ মিহলাই থ'ব লাগে। এক হেক্টৰ মাটিত প্রয়োগ কৰিবলৈ হলে প্রায় ৫০০কিলো শুকান গোবৰ ,৫০ কিলো মলিহৈ আৰু ৫ কিলো 'ট্রাইকর্ডামা' ভেকুৰৰ প্রয়োজন হয়। উৎস: অসম কৃষি বিশ্ববিদ্যালয়।