উজনি অসমৰ বহু ঠাইত চৰহা পোকৰ আক্ৰমণৰ খবৰ ইতিমধ্যে প্ৰচাৰ মাধ্যমত সম্প্ৰচাৰিত হৈছে। এই চৰহা পোক এক নিৰ্দিষ্ট সময়ৰ অন্তৰালত ধাননি পথাৰত দেখা দি কৃষিক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে।

গুবৰুৱা জাতীয় পতংগ চৰহা পোকৰ সমগ্ৰ দেহটো কাঁইটেৰে ভৰা। ইয়াৰ অপত্য বা পলু আৰু প্ৰাপ্তবয়স্ক পোকবোৰে সাধাৰণতে কঠীয়া বা কোমল ধান গছৰ পাতবিলাকৰ সেউজীয়া অংশ বিশেষভাৱে খাদ্যৰূপত গ্ৰহণ কৰে। পলুবিলাকে পত্ৰৰ অভ্যন্তৰতেই খাই খাই ডাঙৰ হৈ লেটা বান্ধে।

অৱশ্যে কণীৰপৰা পূৰ্ণাংগ অৱস্থা পাবলৈ ক্ৰমেও তিনিৰপৰা পাঁচ সপ্তাহ সময় লাগে আৰু এই হাৰত প্ৰতিটো ধানখেতিৰ শস্যকালত দুটা বা চাৰিটাকৈ প্ৰজন্ম সৃষ্টিৰে বংশ বৃদ্ধি কৰিব পাৰেগ। চৰহাৰদ্বাৰা অধিক মাত্ৰাত আক্ৰান্ত ধাননিবোৰ দূৰৰপৰা বগা পৰি জ্বলি যোৱাৰ দৰে দেখা যায়।

পলু আৰু পূৰ্ণাংগ চৰহা পোকবোৰ অতি সহজে এখন পথাৰৰপৰা আন এখন পথাৰলৈ প্ৰব্ৰজন কৰিব পাৰে আৰু কম-বেছি পৰিমাণে সকলো জাতৰ ধানক আক্ৰমণ কৰিব পাৰে। সেয়েহে এখন পথাৰত চৰহা পোকৰ আক্ৰমণ দেখা মাত্ৰকেই ওচৰ-পাজৰৰ সকলো পথাৰতে নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰা বাঞ্ছনীয়।

উল্লেখ্য যে এই পোকে পথাৰৰ বিভিন্ন ঘাঁহ, যেনে- উৰি ফল, বিনয়, ববছা আদি বিভিন্ন অপতৃণক বংশ বৃদ্ধিৰ বাবে বাছনি কৰি ধাননিৰ অনুপস্থিতিতো বংশক্ৰম ৰক্ষা কৰিব পাৰে।

সচৰাচৰ দেখা যায় যে ফাগুন(ফেব্ৰুৱাৰী-মাৰ্চ) মাহত উল্লিখিত অপতৃণবিলাকত প্ৰথমে চৰহা পোকবোৰে দেখা দিয়ে আৰু ক্ৰমান্বয়ে ধাননি পথাৰলৈ বিয়পি পৰে। সেয়েহে এই সময়ছোৱাত পথাৰবোৰ দকৈ চহাই বন-বাতবোৰ নিৰাব পাৰিলে উত্তম।

নিয়ন্ত্ৰণৰ কৌশল:

*পথাৰত চৰহাকে ধৰি অন্যান্য কীট-পতংগৰ আগমনৰ বিষয়ে ভু ৰাখিবৰ বাবে পথাৰ নিয়মিত পৰিদৰ্শন কৰা অতি আৱশ্যক।

*চৰহা পোকৰদ্বাৰা আক্ৰান্ত পথাৰবিলাকত ধান কটাৰ পিছত নৰাবিলাক পুৰি বা অন্য উপায়েৰে নষ্ট কৰিব লাগে। কিয়নো ধানৰ মূঢ়া নাইবা শিপাত চৰহা পোকৰ পূৰ্ণাংগ পোকে ঠাণ্ডাৰ সময়ছোৱা পাৰ কৰে।

সেই কাৰণে শালি খেতিৰ পিছত আহু খেতিৰ শস্যক্ৰমৰ খেতি কৰা পথাৰৰ নৰা জ্বলাই দিয়া উচিত। পৰিৱেশৰ দৃষ্টিকোণেৰে নৰা জ্বলোৱা অনুচিত যদিও চৰহা পোকৰ ক্ষতিৰ পৰা পৰিত্ৰাণ পাবলৈ এনে কৰা বাঞ্ছনীয়।

*তদুপৰি, পথাৰৰ মাজৰ মূঢ়াৰপৰা পোখা মেলা পুলিবোৰ নষ্ট কৰিবৰ নিমিত্তে ব’হাগ বিহুৰ পিছৰপৰাই মাটি দকৈ চহাব লাগে। ইয়াৰ ফলত খাদ্যাভাৱত চৰহা পোকৰ বংশ বৃদ্ধি বাধাপ্ৰাপ্ত হয়।

*চৰহা পোকে বছৰৰ যিছোৱা সময়ত ধান নাথাকে, তেতিয়া দলনি আৰু পিতনিত থকা দল, উৰিদল, বাঁহপতীয়া আদি ঘাঁহ-বনবিলাকক খাদ্যৰূপে লৈ ফেব্ৰুৱাৰী-এপ্ৰিললৈ(মাঘ মাহৰ পৰা ব’হাগলৈ) বংশবৃদ্ধি কৰে। এ

ই অপতৃণসমূহ বিভিন্ন পদ্ধতি অৱলম্বনেৰে মাৰ্চ মাহৰ ভিতৰতেই নষ্ট কৰিব লাগে।

*ধাননি পথাৰত ভূঁই ৰোৱাৰ প্ৰথম মাহত পোক-পতংগৰপৰা সুৰক্ষা দিবলৈ, কঠীয়া উঠোৱাৰ পিছত শিপা শোধন কৰিব লাগে। ইয়াৰ বাবে প্ৰতি লিটাৰ পানীত এক মিলি লিটাৰ ক্ল’ৰপাইৰিফচ ২০ ই চি কীটনাশক আৰু ১০ গ্ৰাম ইউৰিয়া সাৰ মিহলাই, উভালি অনা কঠীয়াৰ শিপা তিনিঘন্টাৰ বাবে উক্ত মিশ্ৰণত ডুবাই ৰাখিব লাগে।

অন্যথা কঠীয়া উঠোৱাৰ এসপ্তাহমান পূৰ্বেই কাৰ্বফুৰান ৩ জি নামৰ কীটনাশকবিধ, কঠীয়াতলীৰ প্ৰতি বৰ্গ মিটাৰত ৩ গ্ৰামকৈ সিঁচি দিব লাগে আৰু কঠীয়াতলীখন পানীৰে জীপাল কৰি ৰখাৰ ব্যৱস্থা কৰিব লাগে।

ইয়াত ফলত ধানৰ কঠীয়াবিলাক ২০-২৫ দিন পৰ্যন্ত প্ৰাৰম্ভিক পৰ্যায়ত দেখা দিব পৰা বিভিন্ন কীট-পতংগৰ আক্ৰমণৰপৰা ৰক্ষা পৰিব।

*ৰোৱাৰ আগেয়ে কঠীয়াৰ আগ কাটিব লাগে আৰু এইবিলাক ততালিকে গৰু-ম’হক খাবলৈ দি বা অন্য উপায়েৰে নষ্ট কৰা উচিত। কিয়নো এই চৰহা পোককে ধৰি প্ৰায়বিলাক অনিষ্টকাৰী পতংগই পাতৰ আগ অংশত কণী পাৰে।

কটা আগবিলাক নষ্ট নকৰিলে এই পদ্ধতিৰ ফলাফল শূন্য হ’ব পাৰে। য’তে-ত’তে কঠীয়া ৰোপণ কৰা অনুচিত। নিৰ্দিষ্ট দূৰত্বৰ অন্তৰালত কঠীয়া পাৰিব লাগে।

*নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে মূল পথাৰ পৰিদৰ্শন কৰিব লাগে। তদুপৰি অতিমাত্ৰাত চৰহা পোকে আক্ৰমণ কৰা ৰোৱাবিলাকৰ আগ অংশ কাটি নষ্ট কৰিব লাগে আৰু এই আগবোৰ কেতিয়াও পথাৰত পেলাব নালাগে।

এনে কৰিলে আগপাতত সোমাই থকা পলুবোৰ বাহিৰলৈ ওলাই গৈ পুনৰ ধাননিক আক্ৰমণ কৰিব পাৰে।

*কিছুমান চৰাই, মকৰা, পতংগভোজী কীট-পতংগই চৰহা পোককে ধৰি অন্যান্য অপকাৰী পতংগক খাদ্যৰূপে গ্ৰহণ কৰে। এই প্ৰাকৃতিক শত্ৰুবোৰক পথাৰলৈ আগমনৰ সুব্যৱস্থা কৰিব লাগে।

*জনবসতি অঞ্চলৰ কাষত থকা পথাৰবিলাকত চৰহা পোকৰ আক্ৰমণ পৰিলক্ষিত হোৱাৰ লগে লগে হাঁহ চৰিবলৈ দিলে ইহঁতে চৰহা পোক খোৱাৰ উপৰি অন্যান্য অনিষ্টকাৰী কীট-পতংগও ভক্ষণ কৰি নিৰ্মূল কৰে।

*জৈৱিক পদ্ধতিৰে চৰহা পোক নিয়ন্ত্ৰণ কৰিবৰ বাবে বিউভেৰীয়া বেচিয়ানা নামৰ ভেঁকুৰবিধ ব্যৱহাৰ কৰিব পাৰি। ইয়াক এক বিশেষ মাধ্যমত বংশ বৃদ্ধি কৰা হয়।

প্ৰতি ৪০০-৭০০ লিটাৰ পানীত তিনি কিলোগ্ৰাম উক্ত ভেঁকুৰ বাহক মাধ্যমটি মিহলাই প্ৰতি হেক্টৰ মাটিত প্ৰয়োগ কৰিব লাগে।

*ৰাসায়নিক পদ্ধতিৰে চৰহা পোক নিয়ন্ত্ৰণ কৰিবৰ বাবে প্ৰতিজোপা ধান গছত এটা পূৰ্ণাংগ বা এটা আক্ৰান্ত পাত দেখিলেই ক্ল’ৰপাইৰিফচ ২০ ই চি/ক্ল’ৰপাইৰিফচ ২৫ ই চি/ মনক্ৰ’ট’ফচ ৪০ ই চি- এই দৰবৰ যিকোনো এটা প্ৰতি ১০ লিটাৰ পানীত, যথাক্ৰমে ১০ মিলি লিটাৰ/৮ মিলিলিটাৰ/মিলিলিটাৰ হিচাপত মিহলাই প্ৰয়োগ কৰা উচিত।

ৰাসায়নিক প্ৰয়োগ কৰিব লগা হ’লে, সঠিক মাত্ৰাত ১ শতাংশই ইউৰিয়া বা ২ শতাংশ পটাছ সাৰৰ সৈতে মিহলাই প্ৰয়োগ কৰিব লাগে।

উৎস: দৈনিক অসম(ৰুদ্ৰ নাৰায়ণ বৰকাকতি, ড° আটাউৰ ৰহমান)