শস্য ৰক্ষাৰ বাবে পথাৰত প্ৰয়োগ কৰা কীটনাশকৰ নিৰ্বিচাৰ প্ৰয়োগে অকল মানৱ স্বাস্থ্যৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি কৰা নাই; এই সমূহে পথাৰৰ অনিষ্টকাৰী পোক-পৰুৱা নিয়ন্ত্ৰণ কৰা বিভিন্ন পৰভোজী, পৰজীৱি আৰু শস্যৰ বাবে উপকাৰী প্ৰাণী বিলাকো নাশ কৰাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে। সমগ্ৰ জীৱ কূলৰ লগতে আমাৰ পৰিবেশিক ভাৰসাম্য ৰক্ষা কৰাৰ স্বাৰ্থত সেয়েহে সাম্প্ৰতিক সময়ত শস্য ৰক্ষা ব্যৱস্থাৰ বাবে পাৰম্পৰিক পতংগ নিয়ন্ত্ৰণ ব্যৱস্থা (Cultural Management), জৈৱ পতংগ নিয়ন্ত্ৰণ ব্যৱস্থা (Biological Control) আদিয়ে বিশেষ গুৰুত্ব লাভ কৰিছে। ‘শস্যত ট্ৰাইক’কাৰ্ড প্ৰয়োগ’ আৰ্থিক ভাবে ফল দায়ক এবিধ জৈৱ পতঙ্গ নিয়ন্ত্ৰণ ব্যৱস্থা। আন পতঙ্গ নিয়ন্ত্ৰণ ব্যৱস্থাৰ তুলনাত এই ব্যৱস্থাৰ খৰচ অতি ন্যুনতম, ব্যৱহাৰ প্ৰণালী সহজ আৰু ই পৰিবেশ প্ৰদূষণতো প্ৰভাৱ নেপেলায়। ট্ৰাইক’কাৰ্ড কি? ট্ৰাইক’কাৰ্ড হৈছে ট্ৰাইক’গ্ৰামা নামৰ এবিধ জৈৱ নিয়ন্ত্ৰক পোকৰ যোগান ধৰিব পৰা দীঘলে ১৫ ছেণ্টিমিটাৰ আৰু বহলে ১০ ছেণ্টিমিটাৰ জোখৰ এখন কাগজৰ কাৰ্ড, যিখন জৈৱ নিয়ন্ত্ৰণ পৰীক্ষাগাৰত প্ৰস্ত্তত কৰা হয়। উল্লেখিত জোখৰ এখন কাৰ্ডে প্ৰায় ১২,০০০ জৈৱ নিয়ন্ত্ৰক পোকৰ যোগান ধৰে। ট্ৰাইক’কাৰ্ডে ধানৰ মজাখোৱা পোক নিয়ন্ত্ৰণ কেনেকৈ কৰে? জৈৱ নিয়ন্ত্ৰণ পৰীক্ষাগাৰত প্ৰস্ত্তত কৰা ট্ৰাইক’গ্ৰামা জেপনিকাম জৈৱ নিয়ন্ত্ৰক পোক যোগান ধৰিব পৰা ট্ৰাইক’কাৰ্ড ধান গছৰ মজাখোৱা পোক নিয়ন্ত্ৰণত ব্যৱহাৰ কৰা হয়। মজাখোৱা পোকৰ পলুবোৰে ধান গছৰ গুৰিয়েদি ফুটা কৰি মাজলৈ সোমাই বৃত্তাকাৰে খুলি যায় যাৰ ফলত আহাৰ সৰহবৰাহ বন্ধ হৈ গছ জোপা ৰঙা পৰি মৰি যায়। গতিকে মজাখোৱা পোকবোৰ কণী অৱস্থাতে ধ্বংস কৰিব লাগে। ধানৰ পাতত মজাখোৱা পোকৰ কণীবোৰ থোপা পাতি (egg mass) থাকে। ট্ৰাইক’কাৰ্ড ব্যৱহাৰ কৰিলে ট্ৰাইক’গ্ৰামা জেপনিকাম নামৰ জৈৱ নিয়ন্ত্ৰক পোকবোৰে কাৰ্ডৰ পৰা ওলাই আহি মজাখোৱা পোকৰ কণীৰ ভিতৰত সোমাই তাত কণী পাৰে। ফলত মজাখোৱা পোকৰ কণীবোৰ ঘোলা হৈ নষ্ট হৈ যায়। ট্ৰাইক’কাৰ্ড কেনেকৈ প্ৰয়োগ কৰিব (১) প্ৰথমে ধান গছ জোপাত মজাখোৱা পোকৰ কণীৰ অৱস্থিতি পৰ্যবেক্ষণ কৰি কাৰ্ড সমূহ প্ৰয়োগ কৰিব লাগে। (২) টাইক’কাৰ্ড খন দীঘালীয়াকৈ তিনি ভাগ কৰি তিনিটা সৰু দীঘলীয়া টুকুৰা কৰি ল’ব লাগে। প্ৰতি হেক্টৰ ধান খেতিৰ বাবে চাৰি খন কাৰ্ড (১২ টা সৰু দীঘলীয়া টুকুৰা) ৰ প্ৰয়োজন হয় আৰু ই প্ৰায় ৫০,০০০ জৈৱ নিয়ন্ত্ৰক পোকৰ যোগান ধৰে। (৩) ট্ৰাইক’কাৰ্ডৰ একোটা সৰু টুকুৰা ধান গছ জোপাৰ তৃতীয় আৰু চতুৰ্থ পাতৰ তলফালে বান্ধিব লাগে নতুন টুকুৰাবোৰ এটা এটাকৈ সৰু সৰু খুটিত বান্ধি লৈ ধান গছৰ পাতত লাগি থকাকৈ খুটিবোৰ পুতি দিব লাগে। মন কৰিব লাগে যাতে কাৰ্ডৰ কণী থকা ফালটো ওপৰমুৱাকৈ থাকে। সূতাডাল কাৰ্ডৰ মোহৰ থকা অংশটোত লগাই খুটি বা পাতখিলাত বান্ধিব লাগে। কাৰ্ড সমূহ গোটেই পথাৰ খনত একোটা নিৰ্দিষ্ট দূৰত্বত সমান ভাবে লগাব লাগে। (৪) বতাহ বৰষুণৰ পৰা কাৰ্ডৰ কণী সমূহ বা পোক সমূহ নষ্ট নোহোৱাকৈ ৰাখিবলৈ একোটা পলিথিনৰ সৰু মোনা তলমুৱাকৈ পিন্ধাই দিব লাগে। (৫) কাৰ্ড লগোৱাৰ ১৫ দিন আগেয়ে বা পিছত কোনো ধৰণৰ ৰাসায়নিক পতঙ্গ নাশক ঔষধ ব্যৱহাৰ কৰিব নালাগে। (৬) এসপ্তাহৰ মূৰে মূৰে ৫-৬ বাৰ মান ট্ৰইক’কাৰ্ড প্ৰয়োগ কৰিলেহে সম্পূৰ্ণ সুফল পাব পাৰি। (৭) কাৰ্ড সমূহ প্ৰয়োগ কৰাৰ পিছত ধান খেতি ডৰাত মজাখোৱা পোকৰ স্থিতি প্ৰতি সপ্তাহে পৰ্যবেক্ষণ কৰিব লাগে। ট্ৰাইক’কাৰ্ড ক’ত প্ৰস্তুত কৰা হয়? অসম চৰকাৰ অধীনত কামৰুপ জিলাৰ গুৱাহাটীৰ উলুবাৰীস্থিত অসম ৰাজ্যিক জৈৱ নিয়ন্ত্ৰণ পৰীক্ষাগাৰত ট্ৰইক’কাৰ্ড প্ৰস্তুত কৰা হয় আৰু বিনামূলীয়াকৈ কৃষকক যোগান ধৰা হয়। ধানৰ মজাখোৱা পোকৰ বাহিৰেও বিলাহীৰ ফলবিন্ধা কৰা পোক, ডাইমণ্ড বেকমথ পোক, বেঙেনাৰ আগ আৰু ফলবিন্ধা কৰা পোক, কুঁহিয়াৰ আৰু মাকৈৰ গা-গছ বিন্ধা কৰা পোক নিয়ন্ত্ৰণৰ বাবে বেলেগ বেলেগ ট্ৰাইক’কাৰ্ড প্ৰস্ত্তত কৰি ব্যৱহাৰ কৰা হয়। লেখিকা: মৌচুমী হাজৰিকা ভূঞাঁ, কৃষি বিভাগৰ গুৱাহাটীস্থ জৈৱ নিয়ন্ত্ৰণ পৰীক্ষাগাৰৰ কৃষি উন্নয়ন বিষয়া, কৃষি দাপোণ