বিৱৰণ

বিৱৰ্তনৰ কঠিন পৰিক্ৰমা অতিক্ৰমি মানৱ সভ্যতা আগবাঢ়োতে, কৃষি পদ্ধতিৰ আৱিষ্কাৰৰ এক বিশিষ্ট স্থান আছে। অৰণ্যত চিকাৰ কৰি ক্ষুধা নিবাৰণ কৰা আমাৰ পূৰ্বজে শস্যৰ বীজ পলসুৱা মাটিত পৰি নতুনকৈ শস্য সৃষ্টি হোৱা পৰিঘটনাটো লক্ষ্য কৰি, মানৱ পৰিচালিত কৃষিক্ষেত্ৰখনলৈ আকৰ্ষিত হৈ পৰিল। সেই সময়ৰ মানুহৰ কমকৈ বিকশিত মস্তিষ্কৰ অনুপাতে কৰ্ষণ পদ্ধতিৰ উদ্ভাৱন, চকাৰ যুগান্তকাৰী আৱিষ্কাৰতকৈ কোনো গুণেই কম নাছিল। সময়ৰ চকৰি আগুৱাৰ লগে লগে কৃষি পদ্ধতিত যথেষ্ট নতুনত্ব আহিল। খেতিপথাৰত ন ন কৃষিপ্ৰযুক্তি সংযোজিত হ’ল। যদিও সেই প্ৰযুক্তি কৌশলবোৰৰো সময়ে সময়ে বিৱৰ্তন হ’ল, তথাপি কেঁকোৰা নাঙলৰ গুৰুত্ব আজিও থাকি গ’ল।

অসমৰ উৰ্বৰা ভূমিভাগ খেতি-বাতি, শাক-পাচলি আৰু ফলমূল উত্পাদনৰ বাবে যথেষ্ট উপযোগী। প্ৰচুৰ সম্ভাৱনাপূৰ্ণ এই কৃষি বা উদ্যান শস্যখণ্ডৰ পৰা কম পৰিশ্ৰমতে অধিক ফচল পাব পৰা যায়। একোজন খেতিয়কৰ মাহিলি আয়ৰ এক বুজন অংশ ফলমূল, শাক-পাচলিৰে ভৰি থকা বাৰীডৰাৰ পৰাই আহে। সহজ-সৰল অসমীয়া কৃষক এজনে এডৰা শস্যক্ষেত্ৰৰ পৰা সৰ্বাধিক পৰিমাণৰ ফচল উত্পাদনৰ নিমিত্তে যিবোৰ সমস্যাৰ সন্মুখীন হয় তাৰ ভিতৰত কীট-পতংগৰ আক্ৰমণ অন্যতম এক কাৰক। কিন্তু বছৰ বছৰ ধৰি কৃষিৰ লগত জড়িত হৈ থাকোঁতে, কৃষকসকলে নিজস্ব অভিজ্ঞতাৰে এনে অপকাৰী কীট-পতংগৰ বিৰুদ্ধে কিছুমান ৰণ-কৌশল ৰচনা কৰিবলৈ সক্ষম হৈ পৰিছে। এই কৌশলসমূহ থলুৱা প্ৰযুক্তিজ্ঞান বুলি কোৱা হয়।

সচৰাচৰ ধানখেতিত ব্যৱহৃত কেইটিমান থলুৱা প্ৰযুক্তিঃ

১। পদ্ধতিঃ ধানৰ গোছা বন্ধা স্তৰত সোণবৰিয়ালৰ পাতবোৰ টুকুৰা-টুকুৰকৈ কাটি পথাৰত প্ৰয়োগ কৰা হয়।

উদ্দেশ্যঃ ধানৰ মজাখোৱা পোক আৰু চৰহা পোক আদি পতংগ নিয়ন্ত্ৰণত সহায় হয়। তদুপৰি এই পদ্ধতিয়ে শস্য কৃমিৰ বৃদ্ধিত বাধা প্ৰদান কৰে।

মন্তব্যঃ ঔষধি গুণেৰে সমৃদ্ধ সোণবৰিয়ালৰ পাত, কাণ্ড আৰু মূল তিতাস্বাদযুক্ত হোৱাৰ বাবে অপকাৰী কীট-পতংগ নিয়ন্ত্ৰণত সহায়ক হয়।

২। পদ্ধতিঃ পথাৰত কঠীয়া ৰোপণ কৰাৰ পাছত ফুটুকাৰ ঠাৰি বা নেমুৰ টুকুৰা পেলাই থোৱা হয়।

উদ্দেশ্যঃ এইবোৰৰ গোন্ধৰ দ্বাৰা পতংগ বিকৰ্ষিত হয়।

মন্তব্যঃ নেমুৰ টুকুৰাবোৰ টেঙেচী, গোন্ধময় আৰু ৰসময় হোৱাৰ সূত্ৰেই পতংগ নিয়ন্ত্ৰণত সহায়ক হয়।

৩। পদ্ধতিঃ বহুত শাখা-প্ৰশাখাযুক্ত বাঁহৰ আগ ধানখেতিৰ মাজত পুতি ৰখা হয়।

উদ্দেশ্যঃ চৰাই উৰি আহি বাঁহৰ শাখাবোৰত পৰাৰ পাছত খেতিডৰাক আক্ৰান্ত কৰা পতংগবোৰ ধৰি খোৱাৰ বাবে সুবিধা হয়।

মন্তব্যঃ কোমল বাঁহৰ ৰস হাইড্ৰ’চায়েনিক এচিডেৰে সমৃদ্ধ হোৱাৰ বাবে পতংগৰ পলুনাশক হিচাপে ক্ৰিয়া কৰে।

৪। পদ্ধতিঃ শস্যডৰা বাঢ়ি আহোঁতে পথাৰখনত বিহলঙনীৰ পাত মিহলি কৰা হয়।

উদ্দেশ্যঃ মজাখোৱা পোকৰ আক্ৰমণ প্ৰতিৰোধ কৰে।

মন্তব্যঃ বিহলঙনীত থকা প্ৰাকৃতিক ৰাসায়নিক পদাৰ্থবোৰ পতংগৰ বাবে ক্ষতিকাৰক।

৫। পদ্ধতিঃ ছজিনা গছৰ ছাল খুন্দি গুড়ি কৰি ধানখেতিডৰাত ছটিয়াই দিয়া হয়।

উদ্দেশ্যঃ মজাখোৱা পোকৰ আক্ৰমণ ৰোধ কৰে।

মন্তব্যঃ ছজিনা গছ ঔষধি গুণেৰে সমৃদ্ধ।

৬। পদ্ধতিঃ ক’লা কচু কুটি কুটি গোবৰৰ লগত সানি পথাৰত জমা হোৱা পানীত মিহলি কৰা হয়।

উদ্দেশ্যঃ পানীত ওপঙি থকা কেছ ৱৰ্ম বা টুপলিকটা পোকক নিয়ন্ত্ৰণ কৰে।

মন্তব্যঃ কচুত কেলচিয়াম অক্সালেটৰ স্ফটিক আৰু হাইড্ৰ’চায়েনিক এচিড থকা বাবে পতংগ নিয়ন্ত্ৰণত গুৰুত্ব আছে।

৭। পদ্ধতিঃ ভেঁকুলী বা বেং মাৰি বাঁহৰ আগত ওলমাই খেতি পথাৰত পুতি ৰখা হয়।

উদ্দেশ্যঃ গান্ধী পোক মৃত প্ৰাণীৰ গোন্ধৰ দ্বাৰা আকৰ্ষিত হোৱাৰ বাবে খেতিডৰাৰ পৰা বিকৰ্ষিত হয়।

মন্তব্যঃ গান্ধী পোক গেলা গোন্ধৰ প্ৰতি আকৰ্ষিত হয়।

৮। পদ্ধতিঃ কাতি বিহুৰ দিনা, ধানৰ থোক বন্ধাৰ সময়ত খেতিপথাৰৰ মাজত আকাশ বন্তি জ্বলোৱা হয়।

উদ্দেশ্যঃ কিছুমান পোক জুইৰ ফালে আকৰ্ষিত হৈ শেষত জাহ যায়।

মন্তব্যঃ পোক-পতংগৰ কিছুমান প্ৰজাতিয়ে পোহৰৰ প্ৰতি ধনাত্মক সঁহাৰি জনায়।

৯। পদ্ধতিঃ ডাঙৰ ৰছী এডাল দুয়োমূৰে দুজন ব্যক্তিয়ে ধৰি কেৰাচিনত ডুবাই খেতিডৰাৰ ওপৰেৰে চুঁচি নিয়া হয়।

উদ্দেশ্যঃ টুপলিকটা পোকক এই পদ্ধতিৰে নিয়ন্ত্ৰণ কৰিব পাৰি।

মন্তব্যঃ কেৰাচিনৰ গোন্ধই চৰহা পোকৰ বিকৰ্ষক হিচাপে ক্ৰিয়া কৰে।

১০। পদ্ধতিঃ নৰসিংহ বা মহানিমৰ পাত ভঁৰালত জমা কৰা ধানৰ ওপৰত ৰখা হয়।

উদ্দেশ্যঃ ভঁৰালৰ কীট-পতংগ নিয়ন্ত্ৰণ কৰে।

মন্তব্যঃ মহানিম আৰু নৰসিংহ পাত ঔষধি গুণেৰে সমৃদ্ধ বাবে পোক-পতংগ নিবাৰণ কৰিব পাৰে।

১১। পদ্ধতিঃ পথাৰত ছাগলীৰ গোবৰ ছটিওৱা হয়।

উদ্দেশ্যঃ চৰহা পোকৰ আক্ৰমণ ৰোধ কৰিব পাৰি।

মন্তব্যঃ ইয়াৰ দুৰ্গন্ধৰ বাবে এইবিধ পতংগ বিকৰ্ষিত হয়।

১২। পদ্ধতিঃ বগৰী গছৰ কাঁইট থকা ডাল পথাৰত পোলাই থোৱাৰ লগতে পথাৰত জমা হৈ থকা পানীত কেৰাচিন অলপমান ঢালি দিয়া উচিত।

উদ্দেশ্যঃ টুপলীকটা পোকৰ আক্ৰমণ ৰোধ কৰিব পাৰি।

মন্তব্যঃ কাঁইটৰ খহটা আৰু কেৰাচিনৰ গোন্ধই পতংগক বিকৰ্ষণ কৰে।

১৩। পদ্ধতিঃ কেটুৰীৰ মিশ্ৰণ প্ৰয়োগ কৰা উচিত।

উদ্দেশ্যঃ পাত মেৰখোৱা পোকৰ আক্ৰমণৰ পৰা শস্যডৰাক ৰক্ষা কৰিব পাৰি।

মন্তব্যঃ কেটুৰী পতংগনাশক গুণেৰে সমৃদ্ধ।

১৪। পদ্ধতিঃ দ মাটিৰ পানীত কেঁচা গোবৰ প্ৰতি বিঘাত এমোন হিচাপত প্ৰয়োগ কৰা হয়।

উদ্দেশ্যঃ কেঁকোৰাৰ আক্ৰমণ ৰোধ কৰিব পাৰি।

মন্তব্যঃ কেঁচা গোবৰত থকা ৰসায়নে কেঁকোৰাৰ সমস্যা নিয়ন্ত্ৰণ কৰে।

১৫। পদ্ধতিঃ নিমগছৰ পাত সিজাই অথবা গুটিবোৰ গুড়ি কৰি পানীত মিহলাই স্প্ৰে’ কৰিব পাৰি।

উদ্দেশ্যঃ টুপলীকটা পোক আৰু মজাখোৱা পোকৰ আক্ৰমণ ৰোধৰ বাবে।

মন্তব্যঃ নিমগছৰ কীটনাশক গুণে খেতিডৰা পতংগৰ পৰা ৰক্ষা কৰে।

১৬। পদ্ধতিঃ খালী টিন বা ড্ৰাম বজাই বা কেছেটৰ ৰীল পথাৰত বাঁহৰ সহায়ত বান্ধি দিয়া হয়।

উদ্দেশ্যঃ শস্য আক্ৰমণ কৰা চৰাইক বাধা দিব পৰা যায়।

মন্তব্যঃ ড্ৰামৰ শব্দ আৰু ৰীলৰ জিকমিকনিয়ে চৰাইক বাধা দিয়ে।

১৭। পদ্ধতিঃ ধান কটাৰ পাছত নৰাবোৰ গোটাই জুই জ্বলাই দিব লাগে।

উদ্দেশ্যঃ সকলো ধৰণৰ কীট-পতংগ নিয়ন্ত্ৰণৰ বাবে।

মন্তব্যঃ কীট-পতংগৰ লগতে ইহঁতৰ সদ্য প্ৰসবিত কণীবোৰ ধ্বংস হৈ যায়।

১৮। পদ্ধতিঃ ধানৰ কঠীয়াৰ আগবিলাক মূল পথাৰত ৰোৱাৰ আগতে কাটি দিব লাগে।

উদ্দেশ্যঃ মজাখোৱা পোকৰ আক্ৰমণ ৰোধৰ নিমিত্তে।

মন্তব্যঃ কঠীয়াৰ আগ কাটি অনিষ্টকাৰী কীট-পতংগৰ সদ্যপ্ৰসবিত কণীৰ পৰৱৰ্তী বিকাশক বাধা দিব পাৰি।

১৯। পদ্ধতিঃ পথাৰখন গ্ৰীষ্মকালত দকৈ চাহ কৰা হয়।

উদ্দেশ্যঃ মজাখোৱা পোকৰ আক্ৰমণ ৰোধ কৰিব পাৰি।

মন্তব্যঃ ৰ’দত পতংগৰ স্পৰ্শকাতৰ স্তৰবোৰ ধ্বংস হয়।

২০। পদ্ধতিঃ শস্য অনিষ্টকাৰী এন্দুৰৰ গাঁতবোৰ খান্দি পানীৰে ভৰ্তি কৰি দিয়াৰ লগতে ধানখেৰ জ্বলাই গাঁতবোৰত ধোঁৱা দিব লাগে।

উদ্দেশ্যঃ এন্দুৰৰ আক্ৰমণ ৰুধিব পৰা যায়।

মন্তব্যঃ পৰৱৰ্তী শস্যডৰাত এন্দুৰৰ প্ৰকোপ কমা দেখা যায়।

মুখনি

সৰহসংখ্যক খেতিয়কৰ বাবেই বজাৰৰ পৰা দামী কীটনাশক দৰব ক্ৰয় কৰাটো সম্ভৱ নহয়। তদুপৰি বিষাক্ত কীটনাশকে পৰিৱেশ প্ৰদূষিত কৰাৰ উপৰি পোক-পতংগই এই কীটনাশকৰ বিৰুদ্ধে প্ৰতিৰোধক্ষমতা গঢ়ি তুলিছে। সেয়েহে ৰাসায়নিক দ্ৰব্যবোৰৰ বিকল্পৰূপে কৃষক সামজৰ অভিজ্ঞতালব্ধ থলুৱা পদ্ধতিৰ গুৰুত্ব দিনকদিনে বাঢ়িব ধৰিছে, যিবোৰ পাৰিপাৰ্শ্বিকতাৰ ফালৰ পৰাও সম্পূৰ্ণ বিপদমুক্ত তথা কীট-পতংগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সুফলদায়ক। কৃষিৰ লগত জড়িত এই থলুৱা প্ৰযুক্তি জ্ঞানবোৰৰ কিছুমান বিজ্ঞানসন্মত ভিত্তি আছে। বৰ্তমান কৃষিৰ গৱেষণা আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত থলুৱা পদ্ধতিৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰি ইয়াৰ সংগ্ৰহত সকলো পক্ষ সজাগ হৈছে।

লেখকঃ ৰুদ্ৰ নাৰায়ণ বৰকাকতি

উৎসঃ অসমীয়া খবৰ