*জানুৱাৰী-ফেব্ৰুৱাৰী মাহত চাহগছবোৰত কলম দিয়া অৱস্থাত থকা বাবে প্ৰায়বিলাক প্ৰধান অনিষ্টকাৰী কীট-পতংগৰ উপদ্ৰৱ দেখা পোৱা নাযায়। যিবিলাক চাহ গছত কলম দিয়া নহয়, তেনেবোৰ চাহগছত হালধীয়া চাহীপোকৰ আক্ৰমণ পৰিলক্ষিত হয়।

চাহীপোকৰ নিবাৰণৰ বাবে ফেনপাইৰ’ক্সিনেট ৫ ই চি(১:২০০০) বা বাইফেনথ্ৰিন ৮ এছ চি(১:১৬০০)ৰ যিকোনো এটা দৰৱ ১৫ দিন ব্যৱধানত প্ৰয়োগ কৰিলে সুফল লাভ কৰিব।

*মাহজাতীয় শস্যৰ আক্ৰমণকাৰী ছেঁইবিন্ধা পোকক নিয়ন্ত্ৰণ কৰিবলৈ গছত ফুল ফুলাৰ পূৰ্বে এক চামুচ ডেল্টামেথ্ৰিন ২.৮ ই চি প্ৰতি লিটাৰ পানীত মিহলাই ছটিয়াব লাগে।

গছত কুমলীয়া ছেই ধৰাৰ সময়ত পোকৰ আক্ৰমণ পৰিলক্ষিত হ’লে এক চাহ চামুচ মালাথিয়ন ৫০ ই চি প্ৰতি পাঁচলিটাৰ পানীত মিহলাই ১৫ দিন ব্যৱসায়ত দুবাৰ প্ৰয়োগ কৰিব লাগে, এই দৰৱে গোবৰুৱা, শোহনি, বগামাখি, মোৱাপোক আৰু কৰিড গান্ধীৰ বিৰুদ্ধেও কাম দিয়ে।

*ফ্ৰেন্সবিন, উৰহী আদি শস্যত ৰঙাচাহী আৰু মোৱা পোকৰ আক্ৰমণ হ’ব পাৰে। উক্ত দুইধৰণৰ পোক নিবাৰণৰ ফল নধৰা গছত এক চাহ চামুচ প্ৰফেনোফচ ৫০ ই চি দৰৱ প্ৰতি পাঁচলিটাৰ পানীত মিহলাই ছটিয়াব লাগে। ফল লগাৰ পাছত আক্ৰমণ পৰিলক্ষিত হ’লে ৩ চাহ চামুচ নিমাজল প্ৰতি পাঁচলিটাৰ মিহলাই স্প্ৰে’ কৰিব লাগে।

*কৃষকসকলে ধান ভঁৰালত ভৰাবলৈ আৰম্ভ কৰিছে। ধান সংৰক্ষণ কৰাৰ আগত ভালদৰে দুই-তিনিদিনমান ৰ’দত শুকুৱাব লাগে। ভঁৰালঘৰ ভালদৰে পৰিষ্কাৰ কৰি ভঁড়ালৰ বেৰ আৰু তলিখন মালাথিয়ন ৫০ ই চি ঔষধৰ এক চাহ চামুচ প্ৰতি লিটাৰ পানীত মিশ্ৰণ কৰি স্প্ৰে’ কৰিব লাগে।

তেনে কৰিলে কিছুদিনলৈ ভঁড়ালত অন্যান্য কীট পতংগৰ লগতে এন্দুৰৰ প্ৰৱেশ ৰোধ কৰিব পৰা যায়। ধান বস্তাত ৰাখিবলৈ হ’লে খালী বস্তাবোৰ ওপৰিউক্ত ঔষধৰ মিশ্ৰণত ডুবাই ছাঁত শুকুৱাই লৈহে বস্তাত ভৰাই সংৰক্ষন কৰিব লাগে।

*পলমকৈ সিঁচা সৰিয়হ শস্যৰ ফুল ফুলাৰ সময়। কৃষক আৰু মৌপালকসকলে ভাৰতীয় সঁচৰ মৌবাহ প্ৰতিহেক্টৰত ৫ টাকৈ নতুবা পশ্চিমীয়া সাঁচৰ মৌবাহ ২ টাকৈ সৰিয়হৰ পথাৰত স্থাপন কৰা উচিত। সৰিয়হত দেখা দিব পৰা মোৱা পোক আৰু সৰিয়হৰ কলা পলুৰ পৰা ৰক্ষা পাবলৈ অক্সিডিমেটন মিথাইল ২৫ ই চি দৰৱৰ এক চাহ চামুচ পাঁচলিটাৰ পানীত মিহলাই প্ৰয়োগ কৰক। নিমজাতীয় ঔষধ ব্যৱহাৰ কৰিও কৃষকসকল উপকৃত হ’ব পাৰে।

*আম-লিচু-নেমু আদি ফল-মূল জাতীয় শস্যৰ ফুল ফুলাৰ সময়ত প্ৰতি হেক্টৰ ফলৰ বাগিচাত ৫ বাহ থলুৱা সঁচৰ অথবা ২ বাহ পশ্চিমীয়া সঁচৰ মৌবাহ স্থাপন কৰি উৎপাদন বৃদ্ধি কৰিব পৰা যায়।

*সঁচৰ বাবে সংৰক্ষণ কৰা কুঁহিয়াৰৰ আগবোৰ উঁইৰ আক্ৰমণৰ বাবে নষ্ট হ’ব পাৰে। ইয়াৰ উঁই পোকৰ আক্ৰমণৰ পৰা নিবাৰণৰ বাবে ক্ল’পাইৰিফছ ২০ ই চি ঔষধৰ একচাহ চামুচ প্ৰতি আঢ়ৈলিটাৰ পানীত মিহলাই ৩০ মিনিট সময় কুঁহিয়াৰৰ আগবোৰ এই মিশ্ৰনত ডুবাই ৰাখিব লাগে।

*কবিজাতীয় পাচলি, বিশেষকৈ বন্ধাকবি আদিত পখিলাজাতীয় পোকৰ পলুৱে আক্ৰমণ কৰাৰ সম্ভাৱনা আছে। ডিম্ব পৰজীৱী ‘ট্ৰাইক’গ্ৰামা পিৰিডি’ বিঘাই প্ৰতি ২০,০০০ কৈ ১০ দিনৰ অন্তৰালত ৩-৪ বাৰ প্ৰয়োগ কৰক।

নিমজাতীয়দৰৱৰ প্ৰয়োগে এই পোকক বিকৰ্ষণ কৰে। কবিখেতিৰ কাষে থলুৱা সৰিয়হ ৰোপণ কৰিলে, মুৱাপোক আৰু কিছুমান পখিলাজাতীয় পোক সৰিয়হলৈ ঢাপলি মেলাত মূল শস্য কবি ৰক্ষা পৰে।

*লাওজাতীয় পাচলিত বৰলীয়া পোকৰ আক্ৰমণ পৰিলক্ষিত হ’ব পাৰে। বৰলীয়া পোকৰ গাভিনী মাইকীজনীয়ে লাওজাতীয় ফলত ডিম্ব প্ৰসৱ কৰে আৰু ইয়াৰ পূৰ্নাংগবোৰে ফলৰ ৰস, ফুলৰ নিৰ্যাস, চৰাইৰ বিষ্ঠা আদিক খাদ্যৰূপে গ্ৰহণ কৰি খেতিৰ কাষত থকা বিভিন্ন অপতৃণবোৰত আশ্ৰয় লয়। গতিকে অপতৃণসমূহ নিৰাই পৰিষ্কাৰ কৰি ৰখা অতি প্ৰয়োজনীয়।

হেদালিৰ কাষত ফেৰমন ফান্দ(কিউ লিউৰ বা মিথাইল ইউগিনলযুক্ত) স্থাপন কৰি সুফল পাব পাৰি। ইয়াৰ বাবে প্ৰতি বিঘা মাটিত ৫ টাকৈ ফান্দ ব্যৱহাৰ কৰক।

উৎস: পতংগতত্ত্ব বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট(দৈনিক জনমভূমি)