ফুলকবি, বন্ধা কবি, ব্ৰকলি, ওলকবি, মূলা -

১)ভালকৈ পচা গোৱৰ(বিঘাই প্ৰতি ২.৫-৩.০ কুইন্টল) বা কেঁচুসাৰ(বিঘাই প্ৰতি ১.৫ কুইন্টল)ৰ লগত জৈৱিক ভেঁকুৰনাশক ট্ৰাইক’ডাৰমা ভিৰিডি বা চিউড’ম’নাচ ফ্লুৰ’ন্স(বিঘাই প্ৰতি ৬৭০ গ্ৰাম) মিহলাব লাগে।

উক্ত মিশ্ৰিত দ্ৰব্যখিনি পথাৰ প্ৰস্তুতি সময়ত(কেঁচুসাৰ- ১ সপ্তাহৰ আৰু গোৱৰ- ২/৩ সপ্তাহৰ আগেয়ে) মাটিত প্ৰয়োগ কৰিব লাগে।

২)মাটিডৰা অপতৃণৰ পৰা মুক্ত হ’ব লাগে। সেয়ে পুলি ৰোপণৰ আগে আগে পথাৰডৰাত গজি উঠা বন-বাতবোৰ হাতেৰে উভালি দিব লাগে। ক’লা পলিথিন ব্যৱহাৰ কৰিও বন-বাত নিয়ন্ত্ৰণ কৰিব পাৰি।

৩)শস্যকৃমি আৰু ফল বিন্ধা কৰা পোকৰ পৰা ৰক্ষা পাবলৈ বিঘাই প্ৰতি ৩৩ কিলোগ্ৰাম নিমৰ খহিহৈ মাটিত প্ৰয়োগ কৰিব লাগে।

৪)বন্ধাকবিৰ ‘ডাইমণ্ড ব্লেক মথ’ পোকৰ পৰা ৰক্ষা পাবলৈ প্ৰতি ২৫ টা শাৰীৰ মাজে মাজে ২ শাৰী মোটা সৰিয়হৰ(লাই) বীজ সিঁচিব লাগে যাতে পোকবিধ আকৰ্ষিত হয়। প্ৰথম শাৰী সৰিয়হ বীজ পুলি ৰোপণৰ ১২ দিনৰ আগতে আৰু দ্বিতীয় শাৰী পুলি ৰোৱাৰ ২৫ দিনৰ পিছত সিঁচিব লাগে।

৫)শাৰীবোৰৰ মাজত বিলাহী, নহৰু, ধনীয়া আৰু গাজৰ আদিৰ খেতি কৰিব লাগে।

৬)মাটিত ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলে আগতীয়াকৈ মাটি পৰীক্ষা কৰিব লাগে। মাটি পৰীক্ষা নকৰাকৈ সাৰ প্ৰয়োগ কৰিব লাগে।

ফুলকবি:

*পচন সাৰ- ১৫-২০ কুইন্টল,

*ইউৰিয়া- ২৪ কিঃগ্ৰাঃ,

*একক চুপাৰ ফচফেত- ৪৮ কিঃগ্ৰাঃ,

*মিউৰেট অব পটাছ- ১২ কিঃগ্ৰাঃ আৰু

*বৰাক্স- ১ কিঃগ্ৰাঃ প্ৰয়োগ কৰিব লাগে।

ইউৰীয়াৰ আধা, সমুদায় একক চুপাৰ ফচফেট আৰু মিউৰেট অব পটাছ পুলি ৰোৱাৰ আগেয়ে শেষৰ চাহ হালবোৱাৰ সময়ত মাটিত প্ৰয়োগ কৰিব লাগে।

ইউৰীয়া সাৰৰ বাকী আধা পুলি ৰোৱাৰ ৩০ দিনৰ পিছত মাটি চপোৱাৰ সময়ত প্ৰয়োগ কৰিব লাগে। পুলি ঠন ধৰি উঠাৰ পিছত ১৫-২০ দিনৰ মূৰে মূৰে অণুসাৰ(পেকেটৰ অনুমোদিত হাৰত) পাতত স্প্ৰে কৰিব লাগে।

ব্ৰকলি:

*পচন সাৰ- ২০-২৫ কুইন্টল,

*ইউৰীয়া- ৩০-৬০ কিঃগ্ৰাঃ,

*একক চুপাৰ ফচফেট- ৪৮-৬৪ কিঃগ্ৰাঃ,

*মিউৰেট অব পটাছ- ৮-১২ কিঃগ্ৰাঃ আৰু

*বৰাক্স- ১ কিঃগ্ৰাঃ প্ৰয়োগ কৰিব লাগে।

ইউৰীয়াৰ আধা, সমুদায় একক চুপাৰ ফচফেট আৰু মিউৰেট অব পটাছ পুলি ৰোৱাৰ আগেয়ে শেষৰ চাহ হালবোৱাৰ সময়ত মাটিত প্ৰয়োগ কৰিব লাগে।

ইউৰীয়া সাৰৰ বাকী আধা পুলি ৰোৱাৰ ৩০ দিনৰ পিছত মাটি চপোৱাৰ সময়ত প্ৰয়োগ কৰিব লাগে। পুলি ঠন ধৰি উঠাৰ পিছত ১৫-২০ দিনৰ মূৰে মূৰে অণুসাৰ(পেকেটৰ অনুমোদিত হাৰত) পাতত স্প্ৰে কৰিব লাগে।

বন্ধাকবি:

*পচন সাৰ- ১৫-২০ কুইন্টল,

*ইউৰীয়া- ৩৬ কিঃগ্ৰাঃ,

*একক চুপাৰ ফচফেট- ৪৮ কিঃগ্ৰাঃ,

*মিউৰেট অব পটাছ- ১২ কিঃগ্ৰাঃ আৰু

*বৰাক্স- ১ কিঃগ্ৰাঃ প্ৰয়োগ কৰিব লাগে।

ইউৰীয়াৰ আধা, সমুদায় একক চুপাৰ ফচফেট আৰু মিউৰেট অব পটাছ পুলি ৰোৱাৰ আগেয়ে শেষৰ চাহ হালবোৱাৰ সময়ত মাটিত প্ৰয়োগ কৰিব লাগে।

ইউৰীয়া সাৰৰ বাকী আধা পুলি ৰোৱাৰ ৩০ দিনৰ পিছত মাটি চপোৱাৰ সময়ত প্ৰয়োগ কৰিব লাগে। পুলি ঠন ধৰি উঠাৰ পিছত ১৫-২০ দিনৰ মূৰে মূৰে অণুসাৰ(পেকেটৰ অনুমোদিত হাৰত) পাতত স্প্ৰে কৰিব লাগে।

ওলকবি:

*পচন সাৰ- ১৫-২০ কুইন্টল,

*ইউৰীয়া- ২৪ কিঃগ্ৰাঃ,

*একক চুপাৰ ফচফেট- ৪৮ কিঃগ্ৰাঃ,

*মিউৰেট অব পটাছ- ১২ কিঃগ্ৰাঃ আৰু

*বৰাক্স- ১ কিঃগ্ৰাঃ প্ৰয়োগ কৰিব লাগে।

ইউৰীয়াৰ আধা, সমুদায় একক চুপাৰ ফচফেট আৰু মিউৰেট অব পটাছ পুলি ৰোৱাৰ আগেয়ে শেষৰ চাহ হালবোৱাৰ সময়ত মাটিত প্ৰয়োগ কৰিব লাগে।

ইউৰীয়া সাৰৰ বাকী আধা পুলি ৰোৱাৰ ৩০ দিনৰ পিছত মাটি চপোৱাৰ সময়ত প্ৰয়োগ কৰিব লাগে। পুলি ঠন ধৰি উঠাৰ পিছত ১৫-২০ দিনৰ মূৰে মূৰে অণুসাৰ(পেকেটৰ অনুমোদিত হাৰত) পাতত স্প্ৰে কৰিব লাগে।

বীজতলী বা ৰোপণৰ সময়ত অনিষ্টকাৰী কীট আৰু ৰোগ-ব্যাধি নিয়ন্ত্ৰণৰ বাবে কি ব্যৱস্থা ল’ব?

পাত ক’লা পৰি পচি যোৱা(Black rot):

প্ৰথমে পাতত তিনিকোণীয়া শুকাই যোৱা নাইবা হালধীয়া বৰণৰ দাগ পৰিলক্ষিত হয়। পিছত সেই অংশটো মধ্যসিৰাৰ ফালে আগবাঢ়ি যায় আৰু ইংৰাজী V আখৰৰ নিচিনা হৈ ক’লা পৰি যায়।

এই বেক্টেৰীয়াজনিত ৰোগ নিয়ন্ত্ৰণৰ বাবে:

*খেতিডৰা পৰিষ্কাৰ-পৰিছন্ন কৰি ৰাখিব লাগিব।

*পচা বা বেমাৰী পাত, গছ আদি গোটাই আঁতৰত পুতি থ’ব লাগে।

*একেডৰা মাটিতে সৰিয়হজাতীয় শস্য যেনে- বন্ধাকবি, ওলকবি, লাই, সৰিয়হ আদিৰ খেতি প্ৰতিবছৰে কৰিব নেলাগে। অন্ততঃ ২-৩ বছৰৰ বাবে মাটিডৰাত অন্য খেতি কৰিব লাগে।

*প্ৰতিষেধক হিচাপে ষ্ট্ৰেপ্ট’চাইক্লিন বেক্টেৰীয়ানাশক(১ গ্ৰাম ১০ লিটাৰ পানীত) পুলি ৰোপণৰ ১৫ দিনমানৰ পিছত স্প্ৰে কৰিব লাগে।

পুলি গুৰি পচা(Damping off):

এই ৰোগবিধ দুই ধৰণৰ হ’ব পাৰে:

*বীজ গজালি মেলাৰ আগতে হোৱা আৰু বীজ গজালি মেলাৰ পিছত হোৱা।

*বীজ গজালি মেলাৰ আগতে গজালিটো মাটিৰ পৰা ওলাই অহাৰ আগতেই মৰহি যায়।

*বীজ গজালি মেলাৰ পিছত হ’লে পুলিবোৰৰ মাটিত লাগি থকা অংশত ভেঁকুৰে আক্ৰমণ কৰে আৰু গেলি-পচি নষ্ট হৈ যায়।

*পুলিটো লাহে লাহে লেৰেলিবলৈ আৰম্ভ কৰে।

নিয়ন্ত্ৰণ:

*উৎকৃষ্ট মানদণ্ডৰ বীজহে ব্যৱহাৰ কৰিব লাগে।

*অতিমাত্ৰা পানী দিব নেলাগে আৰু পানী বন্ধ হৈ থকা মাটিত এই খেতিবোৰ কৰিব নেলাগে।

*বীজখিনি Captan 75% WP ৰে শোধন কৰিব লাগে(প্ৰতি কিলোগ্ৰাম বীজত ২০-৩০ গ্ৰাম)।

*বীজতলীডৰাৰ মাটিখিনিত Captan 75% WP (প্ৰতি লিটাৰ পানীত ২.৫ গ্ৰাম) প্ৰয়োগ কৰিব লাগে আৰু পুলি ৰোপণ কৰাৰ আগেয়ে ৰোপণ কৰা স্থানখিনিতো(প্ৰতি বিঘাৰ বাবে ৩৩০ গ্ৰাম Captan 75% WP ১৩০ লিটাৰ পানীত মিহলাই) প্ৰয়োগ কৰিব লাগে।

শিপাত টেমুনা বন্ধা(Club root of crucifers):

এই ৰোগৰ লক্ষণসমূহ হ’ল:

*পুলিটো হালধীয়া হৈ মুজুৰা পৰি যোৱা।

*দিনত পুলিটো লেৰেলি যায়।

নিয়ন্ত্ৰণ:

*নিৰোগী পুলিহে ৰোপণ কৰিব লাগে।

*মাটিৰ অম্লতা।

পাতত চক্ৰাকাৰ দাগ পৰা(Alternaria leaf spot):

এই ৰোগৰ লক্ষণসমূহ হ’ল:

*পাতত চক্ৰাকাৰ ডাঠ ৰঙৰ দাগ পৰে আৰু পিছত এইবোৰ বাঢ়ি গৈ গোটেই পাতখিলাত বিয়পি যায়।

*দাগবোৰত বৃত্তাকাৰ ৰিং দেখা যায়।

নিয়ন্ত্ৰণ:

*কবি, মূলা, লাই, সৰিয়হজাতীয় খেতি কৰাৰ পিছত অন্ততঃ তিনিবছৰৰ বাবে মাটিডৰাত অন্য খেতি কৰিব লাগে।

*শস্যৰ শাৰী আৰু দুজোপাৰ মাজত যথেষ্ট দূৰত্ব থাকিব লাগে।

*ৰাসায়নিক নিয়ন্ত্ৰনৰ বাবে মেনক’জেব(প্ৰতি বিঘাত ১০০ লিটাৰ পানীত ২০০-২৫০ গ্ৰাম) স্প্ৰে কৰিব লাগে।

পাতত ত্ৰিভুজাকৃতিৰ দাগ পৰা(Downy mildew):

এই ৰোগৰ লক্ষণসমূহ হ’ল:

*পাতৰ তলপিঠিত মুগা ৰঙৰ দাগ পৰে আৰু পিছত এইবোৰ লগ-লাগি পাতখিলা শুকাই যায়।

*কবি, মূলা, লাই, সৰিয়হজাতীয় খেতি কৰাৰ পিছত অন্ততঃ তিনিবছৰৰ বাবে মাটিডৰাত অন্য খেতি কৰিব লাগে।

*আক্ৰমণিত শস্যৰ অংশবোৰ গোটাই আঁতৰত পুতি নাইবা পুৰি পেলাব লাগে।

*শস্যৰ শাৰী আৰু দুজোপাৰ মাজত যথেষ্ট দূৰত্ব থাকিব লাগে।

*ইয়াক নিয়ন্ত্ৰণৰ বাবে মেনক’জেব- 75 WP(২.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত) নাইবা কাৰ্বানডাজিম ০.০৫%(১ গ্ৰাম প্ৰতি লিটাৰ পানীত) স্প্ৰে কৰিব লাগে।

পাতত বগা পাউদাৰৰ নিচিনা দাগ পৰা(Powder mildew):

এই ৰোগৰ লক্ষণসমূহ হ’ল-

*পাতৰ ওপৰ পিঠি, ঠাল-ঠেঙুলি, ফুল আদিত বগা পাউদাৰৰ নিচিনা দাগ পৰা আৰু পিছলৈ সেইবোৰ গোটেই অংশতে বিয়পি পৰি পচি যায়।

নিয়ন্ত্ৰণ:

*আক্ৰমিত শস্যৰ অংশবোৰ গোটাই আঁতৰত পুতি নাইবা পুৰি পেলাব লাগে।

*শস্যৰ শাৰী আৰু দুজোপাৰ মাজত যথেষ্ট দূৰত্ব থাকিব লাগে।

কীট নিয়ন্ত্ৰণ:

ডায়মণ্ড বেক মথ(Diamondback moth):

এই কীটৰ আক্ৰমণিত লক্ষণসমূহ:

*পাতৰ তলপিঠিত থকা এই পোকবিধৰ পলুৱে পাত খাবলৈ আৰম্ভ কৰে আৰু পাতবোৰত বহুতো ফুটাৰ সৃষ্টি কৰি জাল সদৃশ কৰি পেলায়।

নিয়ন্ত্ৰণ:

*আক্ৰমণিত শস্যৰ অংশবোৰ গোটাই আঁতৰত পুতি পুৰি পেলাব লাগে।

*ফান্দ-শস্য(Trap Crop) ২৫ টা বন্ধাকবি শাৰীৰ মাজত ২ শাৰী সৰিয়হ সিঁচিব লাগে যাতে চপাবোৰ আহি তাত পৰিব পাৰে। প্ৰথমে শাৰী বন্ধাকবিৰ পুলি ৰোপণৰ ১২ দিনৰ আগেয়ে আৰু দ্বিতীয় শাৰী ২৫ দিনৰ পিছত সিঁচিব লাগে।

*বন্ধাকবিৰ শাৰীৰ মাজত বিলাহী, নহৰু, গাজৰ নাইবা ধনীয়াৰ খেতি কৰিব লাগে।

*ফেৰ’ম’ণ ফান্দ(বিঘাই প্ৰতি ১-২ খন) ব্যৱহাৰ কৰি পোকৰ আক্ৰমণ পৰ্যবেক্ষন কৰিব লাগে।

*ৰাসায়নিক নিয়ন্ত্ৰণৰ বাবে ফুলবেনদিয়ামাইদ ২০% WG(বিঘাই প্ৰতি ৫ গ্ৰাম ৫০ লিটাৰ পানীত মিহলাই) বা লিফেনুৰণ ৫.৪% EC(১ বিঘাৰ বাবে ৮০ গ্ৰাম ৬৫ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগে।

বন্ধাকবি ফুটা কৰা পোক(Cabbage head borer):

এই কীটৰ আক্ৰমণিত লক্ষণসমূহ হ’ল:

*পোকবিধে বন্ধাকবি পাতবোৰ সামৰি ভিতৰত সোমাই মূল শাহৰ ভিতৰলৈ সোমাই যায় আৰু কবিতো খোৱাৰ অনুপযোগী কৰি তোলে।

নিয়ন্ত্ৰণ:

*আক্ৰমণৰ প্ৰথমাৱস্থাতে পলুবোৰ হাতেৰে সংগ্ৰহ কৰি ধ্বংস কৰি পেলাব লাগে।

*মালাথিয়ন ৫০ ইচি কীটনাশক(প্ৰতি বিঘাৰ বাবে ২০০ মিঃলিঃ ৬৫-১৩০ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগে।

বন্ধাকবি মোৱা পোক(Cabbage aphid):

এই কীটৰ আক্ৰমণিত লক্ষণসমূহ হ’ল:

*পাতৰ তলপিঠিত আক্ৰমণ কৰি পাতৰ ৰস শোহে আৰু পাতখিলা অকামিলা কৰি তোলে।

নিয়ন্ত্ৰণ:

*হালধীয়া আঠাযুক্ত ফান্দ(প্ৰতি বিঘাত ৪ খন) ওলোমাই মোৱাপোক পৰ্যবেক্ষণ কৰিব লাগে।

*ৰাসায়নিক নিয়ন্ত্ৰণৰ বাবে ডাইমেথ’ৱেট ৩০% EC(বিঘাই প্ৰতি ৮৮ মিলিলিটাৰ ৬৫-১৩০ লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগে।

উৎস: সেউজ চিন্তা