*এতিয়া ধান চপোৱাৰ সময় হোৱা হেতুকে পথাৰৰপৰা এন্দুৰৰ কাষৰ ঘৰ বা ভঁৰাললৈ প্ৰব্ৰজন ঘটিব। ধান চপোৱাৰ সময়ত এন্দুৰৰ উপদ্ৰৱ ধানখেতিতো বৃদ্ধি পায়। সেয়েহে এই সময়ত এন্দুৰ নিয়ন্ত্ৰণৰ বাবে সজীৱ গাঁতৰ মুখত বাঁহেৰে নিৰ্মিত ছিটিকা পাতিব লাগে নাইবা গাঁতৰ মুখত জলকীয়াৰ ধোঁৱা দিলেও ইহঁতে পলাই পত্ৰং দিয়ে।

ধান-শাক-পাচলি শস্যক্ৰমত এন্দুৰৰ উপদ্ৰৱ অধিক হ’লে জিংক ফছফাইডৰ টোপ ব্যৱহাৰ কৰি নতুবা ফান্দ পাতি ইহঁতক নিয়ন্ত্ৰণ কৰিব পাৰি। ৯৬০ গ্ৰাম খুদ চাউল+২০ মিলিলিটাৰ সৰিয়হ তেল+২০ গ্ৰাম জিংক ফছফাইড মিহলাই টোপ তৈয়াৰ কৰি, ইয়াৰে ১০-১৫ গ্ৰামকৈ পথাৰৰ প্ৰতিটো সজীৱ গাঁতৰ মুখত দিব লাগে। ধান সংৰক্ষণ কৰাৰ আগতে ভালদৰে দুই-তিনি দিনমান ৰ’দত শুকুৱাব লাগে।

ভঁৰালঘৰ ভালদৰে পৰিষ্কাৰ কৰি ভঁৰালৰ বেৰ আৰু তলিখনত মালাথিয়ন ৫০ ই চি ঔষধৰ এক চাহ চামুচ প্ৰতি লিটাৰ পানীত মিশ্ৰণ কৰি স্প্ৰে’ কৰিব লাগে। তেনে কৰিলে কিছুদিনলৈ ভঁৰালত অন্যান্য কীট-পতংগৰ লগতে এন্দুৰৰ প্ৰৱেশ ৰোধ কৰিব পৰা যায়।

ধান বস্তাত ৰাখিবলৈ হ’লে খালী বস্তাবোৰ উপৰ্যুক্ত মিশ্ৰণত বুৰাই ছাঁত শুকুৱাই লৈহে বস্তাত ভৰাই সংৰক্ষণ কৰিব লাগে -

*সৰিয়হ শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে কৃষক আৰু মৌ-পালকসকলে ভাৰতীয় সঁচৰ মৌ-বাহ প্ৰতি হেক্টৰত পাঁচটাকৈ নতুবা পশ্চিমীয়া সঁচৰ মৌ-বাহ দুটাকৈ সৰিয়হৰ পথাৰত স্থাপন কৰিব লাগে।

সৰিয়হত দেখা দিব পৰা মোৱা পোক আৰু সৰিয়হৰ কলা পলুৰপৰা ৰক্ষা পাবলৈ অক্সিডিমেটন মিথাইল ২৫ ই চি দৰবৰ এক চাহ চামুচ পাঁচ লিটাৰ পানীত মিহলাই প্ৰয়োগ কৰিব লাগে। নিমজাতীয় ঔষধ ব্যৱহাৰ কৰিও কৃষকসকল এইক্ষেত্ৰত উপকৃত হ’ব পাৰে।

*পুৱাবেলা আলুতলী পৰিদৰ্শন কৰি ভুৰপোকৰদ্বাৰা গুৰি কাটি থোৱা পুলি দেখাৰ লগে লগে গুৰিৰ কাষৰ মাটি পৰীক্ষা কৰি পলুবোৰ সংগ্ৰহ কৰি ধ্বংস কৰিব লাগে। তদুপৰি চহাই থোৱা মাটিত লোৰ খান্দি কুইনলফছ ২৫ ই চি নতুবা ক্ল’ৰপাইৰিফছ ২০ ই চি দৰবৰ চাৰি চাহ চামুচ ১০ লিটাৰ পানীত মিহলাই প্ৰয়োগ কৰি আলুৰ বীজ ৰোপণ কৰিলে ভুৰপোকৰ উপদ্ৰৱ বহু পৰিমাণে হ্ৰাস কৰিব পৰা যায়। তদুপৰি এই সময়ছোৱাত আলুত ৰঙা পৰুৱাৰ আক্ৰমণ পৰিলক্ষিত হয়।

ৰঙা পৰুৱাই গছৰ গুৰিত মাটিৰে বাহ সাজি ভিতৰত সোমাই থাকি আলুবোৰ খাই নষ্ট কৰে। ৰঙা পৰুৱাৰ উপদ্ৰৱৰপৰা হাত সাৰিবলৈ বালিচঁহীয়া মাটি অথবা আগেয়ে ৰঙা পৰুৱাৰ আক্ৰমণ দেখা দিয়া অঞ্চল নিৰ্বাচন কৰা অনুচিত।

বিঘাই প্ৰতি ৫ কিলোগ্ৰাম মালাথিয়ন পাউডাৰ ৰোপণৰ পূৰ্বে লোৰবোৰত প্ৰয়োগ কৰি ল’ব লাগে। লোৰবোৰত এক চাহ চামুচ ক্ল’ৰপাইৰিফছ ২০ ই চি দুই লিটাৰ পানীত মিহলাই(বা ক্ল’ৰপাইৰিফছ ৩০০ গ্ৰাম প্ৰতি হেক্টৰ)ত প্ৰয়োগ কৰি বীজ ৰোপণ কৰিলে ৰঙা পৰুৱাৰ উপদ্ৰৱৰপৰা হাত সাৰিব পাৰি। এইক্ষেত্ৰত কৃত্ৰিম ৰাসায়নিকৰ পৰিৱৰ্তে বিঘাই প্ৰতি ২০ কিলোগ্ৰাম খলিহৈ প্ৰয়োগ কৰিলেও সুফল পোৱা যায়।

*বীন, লেছেৰা মাহ, মটৰ মাহ, লাই, পালেং আদি পাচলি জাতীয় শস্যত আৰু নাৰ্জী, গোলাপ, ইন্দ্ৰমালতী, টিউবৰোজ, জাৰবেৰা আদি ফুলজাতীয় গছ-গছনিত ৰঙা চাঁচি পোকৰ আক্ৰমণ হ’ব পাৰে। ইয়াৰ প্ৰতিকাৰস্বৰূপে প্ৰপাৰজাইট ৫৭ ই চি দৰবৰ এক চামুচ প্ৰতি পাঁট লিটাৰ পানীত মিহলাই আবেলিৰ সময়ত ছটিয়াব লাগে।

*বেঙেনাৰ আগ আৰু ফল বিন্ধোৱা পোকৰ নিয়ন্ত্ৰণৰ বাবে ডিম্ব পৰজীৱী ‘ট্ৰাইক’গ্ৰামা কাইল’নিজ’যুক্ত ট্ৰাইক’কাৰ্ড; বিলাহীৰ ফল বিন্ধোৱা পোকৰ বাবে ‘ট্ৰাইক’গ্ৰামা প্ৰিটিঅ’ছাম’যুক্ত ট্ৰাইক’কাৰ্ড আৰু কবিৰ পখিলাজাতীয় পোকৰ ডিম্ব ধ্বংস কৰিবৰ বাবে ‘ট্ৰাইক’গ্ৰামা পিৰিডি’যুক্ত ট্ৰাইক’কাৰ্ড ব্যৱহাৰ কৰিও সুফল লাভ কৰিব পাৰি। এই উপকাৰী ট্ৰাইক’গ্ৰাম বিঘাই প্ৰতি ১৫,০০০কৈ ১০ দিনৰ অন্তৰালত ছবাৰ প্ৰয়োগ কৰিব লাগে।

কীট-পতংগৰ নিয়ন্ত্ৰণ -

আঠাযুক্ত হালধীয়া আকৰ্ষক কাৰ্ড(Yellow Sticky Trap বা YST) ব্যৱহাৰ কৰিও মোৱাপোক, শোহনি পোক আৰু বগামাখি নিয়ন্ত্ৰণ কৰিব পাৰি।

অৱশ্যে নিমজাতীয় কীটনাশক ঔষধ এক চাহ চামুচ প্ৰতি লিটাৰ পানীত মিহলাই গছত প্ৰয়োগ কৰিও এই কীট-পতংগক খেতডৰাৰপৰা বিকৰ্ষণ কৰিব পাৰি। ‘লিউচি লিউৰ’যুক্ত ফেৰমন ফান্দ ব্যৱহাৰ কৰিও বেঙেনাৰ আগ আৰু ফল বিন্ধোৱা পোক নিয়ন্ত্ৰণ কৰিব পাৰি।

উৎস: দৈনিক অসম(ড° আটাউৰ ৰহমান, ৰুদ্ৰ নাৰায়ণ বৰকাকতি)