সৰিয়হৰ অনিষ্ঠকাৰী মূল কীট-পতঙ্গঁ সমূহ ১. মোৱাপোক ২. সৰিয়হৰ ভোৰপোক/ কৰতী পোক (Mustard sawt'y) ৩. পেইন্টেদ বাগ (Painted Bug) ৪. ফ্লি বিটল (Flea beetle) ৫. কেবেজ বাটাৰফ্লাই (Cabbage butterfly) ৬. ডায়মণ্ড বেকমথ ৭. লিফ ৱেবাৰ ৮. হেয়াৰি কেটাৰপিলাৰ সৰিয়হৰ অনিষ্টকাৰী মূল বেমাৰ সমূহ ১. হেৱাইট ব্লাইট ২. হেৱাইট ৰাষ্ট ৩. ডাউনী মিলদিও ৪. অ'লটাৰনেৰিয়া ব্লাইট অৰ্থনৈতিক ভাবে অনিষ্ট কৰিব পৰা কীট -পতঙ্গঁৰ সংখ্যা কীট - পতঙ্গঁ কীট - পতঙ্গঁৰ সংখ্যা সৰিয়হৰ মোৱা পোক (ক)১০ ছেঃ মিঃ দীঘল গছৰ আগভাগত ৩০ - ৪০ টা মোৱা পোক (খ) ১৭-২৮ শতংশ গছত আক্রমণ সংহত কীট -পতঙ্গঁ নিয়ন্ত্রণ কৌশল (ক) সাংস্কৃতিক নিয়ন্ত্রণ পদ্ধতিঃ ১. খেতি চপোৱাৰ ঠিক পিচতেই যিবোৰ ঠাইত সম্ভৱ সেইবোৰ ঠাইত দ'কৈ হাল মাৰিব লাগে । ২. আগৰ খেতিৰ পৰা উদ্ভৱ হোৱা বন - জাবৰবোৰ নষ্ট কৰি পেলাব লাগে । ৩. 'বৰুণা' , 'টি এম - ২' আৰু 'টি এম - ৪' , সৰিয়হৰ কীট - পতঙ্গঁ প্রতিৰোধ জাতবোৰ সিচিঁবৰ বাবে নিৰ্ব্বাচন কৰিব লাগে। ৪. সৰিয়হৰ মোৱা পোকৰ উপদ্রৱৰ পৰা হাত সাৰিবলৈ আগতিয়াকৈ সৰিয়হ সিঁচিব লাগে (অক্টোবৰৰ দ্বিতীয় পক্ষৰ ভিতৰত )। ৫. অনুমোদিত হাৰত সাৰ প্রয়োগ । ৬. পেইন্টেদ বাগৰ পৰা ৰক্ষা পাবলৈ সৰিয়হৰ চিৰা ওলোৱাৰ আগে আগে জলসিঞ্চনৰ ব্যৱস্থা কৰা । (খ) যান্ত্রিক নিয়ন্ত্রণ পদ্ধতি : ১. কেবেজ কেটাৰপিলাৰ আৰু হেয়াৰি কেটাৰপিলাৰৰ কণী আৰু আগতীয়া পলুবোৰ সংগ্রহ কৰি ধংস কৰা । ২. মোৱাপোকে আক্রমণ কৰা গছবোৰ আৰু মোৱাপোকবোৰ ধংস কৰিব লাগে । ৩. ৰাতিপুৱাৰ ভাগত সৰিয়হতলীৰ পৰা ভোৰপোক/কৰতীপোকৰ পলুবোৰ হাতেৰে সংগ্রহ কৰি ধংস কৰিব লাগে । ৪. লিফৱেবাৰে নষ্ট কৰা পাতৰ সৈতে পোকবোৰও সংগ্রহ কৰি ধংস কৰিব লাগে । (গ) জৈৱিক নিয়ন্ত্রণ পদ্ধতি : সৰিয়হৰ খেতিত আৰ্বিভাৱ হোৱা কৃষকৰ বন্ধু অথবা অনিষ্টকাৰী কীট - পতঙ্গঁ খোৱা পোকবোৰ যথাসম্ভৱ সংৰক্ষণ কৰি ৰাখিব লাগে । ইয়াৰ কাৰণে এইবোৰ পোকক নষ্ট / ধংস কৰিব নোৱাৰা ৰাসায়নিক কীট - নাশক ঔষধ যেনে "এন্দ'চালফান" জাতীয় ঔষধহে অনিষ্টকাৰী পোক - পৰুৱাৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব লাগে । (ঘ) ৰাসায়নিক নিয়ন্ত্রণ পদ্ধতিঃ ক্রমিক নং কীট - নাশক /বেমাৰ কীট - নাশক/ভেঁকুৰ নাশক ঔষধ পৰিমাণ **১. সৰিয়হৰ মোৱাপোক অক্গিদিমিট্রণ মিথাইল ২৫ ইচি ০.০২৫ শতাংশ প্রতি লিটাৰ পানীত ১ মিঃলিঃ টাৰ ঔষধ ২. সৰিয়হৰ ভোৰপোক/কৰতীপোক এন্দ'চালফান ৪ শতাংশ/*মালাথিয়ন ৫ শতাংশ পাউদাৰ হেক্টৰে প্রতি ২৫ কিঃ গ্রামকৈ ৩. কেবেজ কেতাৰপিলাৰ আৰু ফ্লি বিটল *১শতাংশ মালাথিয়ন ৫০ ইচি লিটাৰ প্রতি ২ মিঃলিঃ ঔষধ ৪. পেইন্টেদ বাগ ০.০৩ শতাংশ এন্দো'চালফান ৩৫ ইচি ঔষধ লিটাৰ প্রতি ১ মিঃলিঃ ঔষধ ৫. হেয়াৰী কেতাৰপিলাৰ ০.০৩ শতাংশ ডাইমিথোয়েট ৩০ ইচি ঔষধ লিটাৰ প্রতি ১ মিঃলিঃ ঔষধ ৬. ডায়মণ্ড বেকমঠ ০.০৩৬ শতাংশ ম'নক্রোটফচ্ ৩৬ ইচি ঔষধ নতুবা ০.০২৫শতাংশ কুইনেলফচ্ ২৫ ইচি ঔষধ লিটাৰ প্রতি ১ মিঃলিঃ ঔষধ * ফুল ফুলাৰ পিচত শস্যত থকা মৌ মাখিবোৰ ৰক্ষা কৰিবলৈ মালাথিয়ন ঔষধ ব্যৱহাৰ কৰিব নালাগে । ** আগতীয়া আক্রমণৰ পৰা ৰক্ষা পাবলৈ মাত্র আক্রমণ কৰা শস্যখিনিহে ঔষধ ব্যৱহাৰ কৰিব লাগে । সৰিয়হৰ বেমাৰ ১. ডাউনী মিলদিও নিয়ন্ত্রণৰ বাবে প্রতি কিঃগ্রাম বীজত ৬ গ্রামকৈ মেটালেক্গিল নামৰ ঔষধৰে (এগ্রভান ৩৫ ডব্লিও এচ) বীজ শোধন কৰিব লাগে । অন্যহাতে অ'লটাৰনেৰীয়া ব্লাইটবেমাৰৰ বাবে প্রতি কিঃগ্রাম বাবে প্রতি কিঃগ্রাম বীজৰ বাবে ৩ গ্রামকৈ মেনক'জেব ৭৫ শতাংশ ডব্লিও পিৰে বীজ শোধন কৰিব লাগে । ২. প্রতিলিটাৰ পানীত ২ গ্রামকৈ মেনক'জেব ৭৫ শতাংশ ডব্লিও পি মিহলায় অ'লটাৰনেৰীয়া ব্লাইট , ডাওনী মিলদিও নাইবা হোৱাইট ৰাষ্টৰ বিপৰীতে ব্যৱস্থা কৰিব পাৰে ।শস্যৰ বয়স (অৱস্থা) /অনিষ্টকাৰী কীট - পতঙ্গঁ আৰু বেমাৰৰ বিৰূদ্ধে সংহত কীট - নাশক ব্যৱস্থা: অ'লটাৰনেৰীয়া ব্লাইট বেমাৰ ৰাসায়নিক পদ্ধতি বেমাৰ দেখা মাত্রকে প্রতি লিটাৰ পানীত ২ গ্রাম মেনক'জেব ৭৫ শতাংশ ডব্লিও পি ঔষধৰে শস্যডৰা স্প্রে কৰিব লাগে । ডাউনী মিলদিও ৰাসায়নিক পদ্ধতি বেমাৰ দেখা মাত্রকে প্রতি লিটাৰ পানীত ২ গ্রাম মেনক'জেব ৭৫ শতাংশ ডব্লিও পি ঔষধৰে শস্যডৰা স্প্রে কৰিব লাগে । হোৱাইট ৰাষ্ঠ ৰাসায়নিক পদ্ধতি বেমাৰ দেখা মাত্রকে প্রতি লিটাৰ পানীত ২ গ্রাম মেনক'জেব ৭৫ শতাংশ ডব্লিও পি ঔষধৰে শস্যডৰা স্প্রে কৰিব লাগে । ক্রমিক নং শস্যৰ বয়স (অৱস্থা) সংহত কীট - পতঙ্গঁ নিয়ন্ত্রণ ব্যৱস্থা সংহত কীট - পতঙ্গঁ নিয়ন্ত্রণ ১. সিঁচাৰ আগেয়ে সাংস্কৃতিক পদ্ধতি ১. মাটিত বাসকৰা অনিষ্টকাৰী কীট - পতঙ্গঁবোৰ সূৰ্য্যৰ তাপত মৰিবলৈ মাটিডৰা দ'কৈ হাল কোৰমৰা । ২.শুকান গছ পাতবোৰ নষ্ট কৰা । ৩. মোৱাপোক আৰু মূলবেমাৰৰ পৰা হাত সাৰিবলৈ আগতীয়াকৈ সিঁচা । ৪. ডাওনী মিলদিও আৰু হোৱাইট ৰাষ্ট বেমাৰৰ পৰা ৰক্ষা পাবলৈ মেটালেক্সিল নামৰ ঔষধ প্রতি কিঃগ্রাম বীজত ৬ গ্রামকৈ আৰু অ'লটাৰনেৰিয়া ব্লাইট বেমাৰৰ বাবে মেনক'জেব ৭৫ শতাংশ ডব্লিও পি প্রতি কিঃ গ্রাম বীজত ৩ কিঃগ্রাম ঔষধৰে বীজ শোধন কৰিব । ২. পুলীত আক্রমণ কৰা ফ্লি বিটল ৰাসায়নিক পদ্ধতি ১) হেক্টৰে প্রতি ২৫ কিঃ গ্রাম এন্দোচালফান ৪ শতাংশ পাঊদাৰ নাইবা ২) হেক্টৰে প্রতি মালাথিয়ন পাঊদাৰ ৫শতাংশ ২৫ কিঃ গ্রাম নাইবা মালাথিয়ন ৫০ ইচি ০.১ শতাংশ সৰিয়হৰ ভোৰপোক/কৰতী পোক যান্ত্রিক পদ্ধতি ভোৰ পোকৰ পলুবোৰ হাতেৰে সংগ্রহ কৰি নষ্ট কৰি পেলাব লাগে ৰাসায়নিক পদ্ধতি হেক্টৰে প্রতি ২৫ কিঃ গ্রামকৈ এন্দোচালফান ৪ শতাংশ নাইবা হেক্টৰে প্রতি ২৫ কিঃ গ্রামকৈ মালাথিয়ন পাঊদাৰ ৫শতাংশ নাইবা ০.০ শতাংশ মালাথিয়ন ৫০ ইচি ৩. শস্যৰ প্রজনন অৱস্থাত সৰিয়হৰ ভোৰ পোক / কৰতী পোক যান্ত্রিক পদ্ধতি আক্রমণকাৰী ভোৰ পোকৰ পলুবোৰ হাতেৰে সংগ্রহ কৰি ধংস কৰি পেলাব লাগে ৰাসায়নিক পদ্ধতি পুলীত লোৱা ব্যৱস্থাৰে একেই ব্যৱস্থা ফ্লি বিটল ৰাসায়নিক পদ্ধতি পুলীত লোৱা ব্যৱস্থাৰে একেই ব্যৱস্থা মোৱাপোক যান্ত্রিক পদ্ধতি পাতত থকা /পাতত থকা আক্রমণকৰা মোৱা পোকৰ কলনীবোৰ ধংস কৰা কেবেজ কেটাৰ পিলাৰ জৈৱিক পদ্ধতি শস্যডৰাৰ মাজে মাজে পোক খাবলৈ অহা পক্ষী বোৰ বহিবৰ বাবে বাহঁৰ জেঙ পুতি দিব লাগে । যান্ত্রিক পদ্ধতি পলুবোৰ হাতেৰে সংগ্রহ কৰি ধংস কৰিব লাগে । ৰাসায়নিক পদ্ধতি ভোৰপোকৰ বিৰুদ্ধে ব্যৱহাৰ কৰা পদ্ধতিকে প্রয়োগ কৰিব পাৰে । ৪. ফুল - ফুলা অৱস্থাত মোৱাপোক যান্ত্রিক পদ্ধতি গছ বা পাতৰ পোকে আক্রন্ত অংশ কাতি নষ্ট কৰি পেলাব লাগে । ৰাসায়নিক পদ্ধতি অক্সাদিমিটন মিথাইল ০.০২৫ শতাংশ নাইবা ফছফামিডন ০.০২৫ শতাংশ নাইবা দায়মিথোয়েট ০.০৩ শতাংশ নাইবা মন'ক্রোটফটচ্ ০.০৩৬ শতাংশ নাইবা কুইনেলফচ ০.০২৫ শতাংশ ঔষধ পিচবেলাৰ সময়ত স্প্রে কৰিব লাগে । হেয়াৰী কেটাৰপিলাৰ যান্ত্রিক পদ্ধতি পলুবোৰ বা বিছাবোৰ হাতেৰে সংগ্রহ কৰি ধংস কৰি পেলাব লাগে । ৰাসায়নিক পদ্ধতি অক্সাদিমিটন মিথাইল ০.০২৫ শতাংশ নাইবা ফছফামিডন ০.০২৫ শতাংশ নাইবা দায়মিথোয়েট ০.০৩ শতাংশ নাইবা মন'ক্রোটফটচ্ ০.০৩৬ শতাংশ নাইবা কুইনেলফচ ০.০২৫ শতাংশ ঔষধ পিচবেলাৰ সময়ত স্প্রে কৰিব লাগে । কেবেজ কেটাৰপিলাৰ যান্ত্রিক পদ্ধতি পলুবোৰ হাতেৰে সংগ্রহ কৰি ধংস কৰি পেলাব লাগে । জৈৱিক পদ্ধতি শস্যৰ পথাৰৰ মাজত অনিষ্টকাৰী পোক পৰুৱা খোৱা চৰাই - চিৰিকতি বহিবৰ বাবে বাঁহৰ জেঙ পুতিব লাগে । ৰাসায়নিক পদ্ধতি ভোৰ / পোক / কৰতীপোকৰ দৰে একেই পদ্ধতি অৱলম্বন কৰিব লাগে । অ'লটাৰনেৰিয়া ব্লাইট বেমাৰ ৰাসায়নিক পদ্ধতি মেনক'জেব ৭৫ শতাংশ ডব্লিও পি ঔষধ প্রতি লিটাৰ পানীত ২ গ্রাম ঔষধ মিহলায় শস্যত স্প্রে কৰিব লাগে । হোৱাইট ৰাষ্ঠ বেমাৰ 'ঐ' 'ঐ' ডাওনী মিলদিও 'ঐ' 'ঐ' ৫. চিৰাবোৰ গঠন হোৱা অৱস্থাত মজাখোৱা পোক ৰাসায়নিক পদ্ধতি ফুলফুলাৰ অৱস্থাত মজাখোৱা পোকৰ বিপৰীতে যি দৰে ৰাসায়নিক পদ্ধতি ব্যৱহাৰ কৰা হৈছিল থিক একে দৰে ব্যৱহাৰ কৰিব । ডায়মণ্ড বেক মঠ 'ঐ' 'ঐ' পেইন্টদ বাগ সাংস্কৃতিক পদ্ধতি চিৰাগঠণ হোৱাৰ ঠিক আগে আগে শস্যডৰাত জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে । ৰাসায়নিক পদ্ধতি অক্সাদিমিটন মিথাইল ০.০২৫ শতাংশ নাইবা ফছফামিডন ০.০২৫ শতাংশ নাইবা দায়মিথোয়েট ০.০৩ শতাংশ নাইবা মন'ক্রোটফটচ্ ০.০৩৬ শতাংশ নাইবা কুইনেলফচ ০.০২৫ শতাংশ ঔষধ পিচবেলাৰ সময়ত স্প্রে কৰিব লাগে । অ'লটাৰনেৰিয়া ব্লাইট ৰাসায়নিক পদ্ধতি মেনক'জেব ৭৫% ডব্লিও পি ঔষধ প্রতি লিটাৰ পানীত ২ গ্রামকৈ মিহলায় স্প্রে কৰিব লাগে । সৰিয়হত সংহত কীট - পতঙ্গঁ আৰু বেমাৰ নিয়ন্ত্রণত কি কৰিব উচিত আৰু কি কৰা অনুচিত ক্রমিক নং উচিত অনুচিত ১. দ'কৈ মাটি চহাব লাগে যাতে অপতৃণবোৰ, মাটিত বসবাস কৰা অনিষ্টকাৰী কীট-পতঙ্কঁ আৰু বেমাৰ বীজাণুবোৰ ৰ'দৰ তাপত অথবা চৰায়-চিৰিকতিয়ে খায় ধংস কৰিব পাৰে । মাটি চহোৱাৰ তত্ক্ষণাত মাটিডৰাত জলসিঞ্চন কৰিব নালাগে । ২. সাধাৰণতে অনুমোদিত জাতবোৰহে সিঁচিব লাগে অনুমোদিত নোহোৱা জাত অথবা সেই অঞ্চলৰ বাবে প্রতিকুলজাত সিঁচিব নালাগে । ৩. ২০ অক্টোবৰৰ ভিতৰত শস্য সিঁচিব পাৰিলে ভাল পলমকৈ অথাত্ অনুমোদিত সিঁচা সময়ৰ বাহিৰত সিঁচিব নালাগে যাতে উচ্চস্তৰৰ পোক - পৰুৱা আৰু বেমাৰৰ আক্রমণৰ পৰা হাত সাৰিব পাৰি আৰু শস্যৰ উত্পাদন হ্রাস হোৱাৰ পৰা ৰক্ষা পাব পাৰি । ৪. শাৰী-শাৰীকৈ সিঁচিব লাগে আৰু আদ্রতা থকা মাটিৰ গভিৰতাতহে বীজ সিঁচিব লাগে মাটিৰ ৫ চেঃমিঃ গভিৰতাৰ বাহিৰত বীজ সিঁচিব নালাগে । ৫. মাটিৰ গুণা গুণ বিশ্লেষণ কৰি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব লাগে । মাটিৰ গুণা গুণ বিশ্লেষণ নকৰি যধেমধে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব নালাগে । ৬. অনিষ্টকাৰী কীট - পতঙ্গঁৰ অৰ্থনৈতিক ভাবে শস্য নষ্ট কৰিব পৰা সংখ্যাৰ ভিত্তিতহে কোনো নিয়ন্ত্রণ ব্যৱস্থাৰ প্রয়োগ কৰিব লাগে । ৰাসায়নিক ঔষধবোৰ কেলেণ্ডাৰৰ ওপৰত গুৰুত্ব দি ব্যৱহাৰ কৰিব নালাগে । ৭. মাত্র অনুমোদিত ৰাসায়নিক ঔষধহে অনুমোদিত হাৰত ব্যৱস্থাৰ কৰিব লাগে । ৰাসায়নিক কীট -নাশক ঔষধবোৰ কোনো মিশ্রণ কৰি ব্যৱহাৰ কৰিব নালাগে । ৮. অনুমোদিত হাৰৰ ৰাসায়নিক ঔষধ আৰু পানীৰ মিশ্রণহে স্প্রে কৰিব লাগে । যধেমধে ৰাসায়নিক ঔষধ ব্যৱহাৰ আৰু অশুদ্ধ স্প্রেয়াৰ যন্ত্র ব্যৱহাৰ কৰিব নালাগে । ৯. ৰাতিপুৱা আৰু পিচবেলাৰ সময়তহে ৰাসায়নিক ঔষধ শস্যত স্প্রে কৰিব লাগে যাতে শস্যত থকা উপকাৰী কীট - পতঁঙ্গবোৰ আৰু মৈ মাখিবোৰ ধংস নহয় । মধ্যবেলা ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰিব নালাগে । মধ্যবেলাত হে যথেষ্ট সংখ্যক মৈমাখিৰ শস্যত বিচৰণ কৰে । ১০. নিৰাপদ ৰাসায়নিক কীট - নাশক ঔষধ যেনে "এন্দ্রোচালফান" ব্যৱহাৰ কৰিব লাগে । পৰজীৱি আৰু উপকাৰী কীট -পতঙ্গঁ বোৰৰ বাবে অত্যন্ত শক্তি শালী ৰাসায়নিক কীট - নাশক ঔষধ ব্যৱহাৰ কৰিব নালাগে । ১১. শাক খাবলৈ ব্যৱহাৰ কৰাৰ বাবে সৰিয়হত মালাথিয়ন ৫০ ইচি ঔষধ ব্যৱহাৰ কৰাৰ ৮ দিন মানৰ পিচতহে খোৱাৰ বাবে সংগ্রহ কৰিব লাগে । যদি শাক হিচাপে খাবলৈ সৰিয়হ ব্যৱহাৰ কৰা হয় পাৰলে ৰাসায়নিক ঔষধৰ প্রয়োগ নকৰায় ভাল । ১২. ফ্রি বিটল / পোকৰ আক্রমণৰ পৰা ৰক্ষা পাবলৈ নবেম্বৰ মাহৰ পিচৰ পষেকত শস্য সিঁচিব পাৰিলে ভাল । ফ্রি বিটল আক্রমণৰ পৰা ৰক্ষা পাবলৈ কেতিয়াও শস্যৰ বীজ আগতিয়াকৈ সিঁচিব নালাগে । উৎস: অসম কৃষি বিশ্ববিদ্যালয়।