মিলিবাগৰ আক্ৰমণৰ ফলত অমিতা গছৰ পাতবোৰ শোটোৰা-শোটোৰ হৈ পৰে। অমিতাৰ পাত আৰু ফলবোৰ মধুকনা বা ‘হনী ডিউ’ আৰু বগা কপাহৰ দৰে ‘চুটি ম’ল্ড’ৰ আচ্ছাদনে ঢাকি ৰাখে। আক্ৰমণ বাঢ়ি যোৱাৰ লগে লগে উদ্ধিদজোপা মৰহি যাবলৈ ধৰে। সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত গছৰ তলত থিয় হ’লে মধুকনা সৰি পৰা পৰিলক্ষিত হয়। অৱশ্যে সামান্য ক্ষতিকাৰক অৱস্থাত পাত, ফুল আৰু ফলত পতংগৰ অৱস্থিতি পৰিলক্ষিত হয়।

এই পতংগৰ আক্ৰমণৰ বিষয়ে ১৯৯২ চনত জনা গৈছিল। সেউজ-হালধীয়া বৰণৰ এই পতংগৰ আক্ৰমণ প্ৰথমাৱস্থাত মেক্সিক, বেলিজ, গুৱাটেমেলা আদি দেশত পৰিলক্ষিত হৈছিল। পাছত পৰ্যায়ক্ৰমে আন আন দেশলৈ বিয়পি ভাৰততো প্ৰৱেশ ঘটে। অমিতাকে ধৰি অন্যান্য প্ৰায় ৫৫ বিধ উদ্যান শস্য বিশেষকৈ ভেণ্ডি, বেঙেনা, মধুৰিআম, ডালিম, শিমলু আলু, ৰঙালাও আদিক ক্ষতি কৰা এই পতংগ ২০০৮ চনমানত দক্ষিণ ভাৰতত প্ৰথম দেখা গৈছিল। পৰৱৰ্তী সময়ত বাংগালোৰস্থিত ‘নেচনেল ব্যুৰ অব এগ্ৰিকালচাৰেলী ইম্প’ৰ্টেণ্ট ইনছেক্ট’ নামৰ প্ৰতিষ্ঠানৰ নেতৃত্বত এই পতংগৰ সমস্যা বহু পৰিমাণে নিৰ্মূল কৰিবলৈ সক্ষম হৈছে। বিভিন্ন মাধ্যমেৰে এই পতংগ বৰ্তমান অসমতো প্ৰৱেশ কৰিছে।

মিলিবাগৰ মতা আৰু মাইকী পতংগৰ আকৃতি ভিন ভনি হয়। অধিক উষ্ণতাত ইহঁতৰ বংশবৃদ্ধি দ্ৰুত হয়। এই পতংগই পৰুৱাৰ জৰিয়তে চলাচল কৰা দেখা যায়। ’নেচনেল ব্যুৰ অব এগ্ৰিকালচাৰেলী ইম্প’ৰ্টেণ্ট ইনছেক্ট’ নামৰ প্ৰতিষ্ঠানে চলোৱা এক সমীক্ষা মতে মিলিবাগৰ আক্ৰমণৰ ফলত ভাৰতীয় হিচাপত প্ৰতি বছৰে প্ৰায় ১৫০০ কোটি টকাৰ অপচয় হয়। উক্ত প্ৰতিষ্ঠানে মিলিবাগৰ নিয়ন্ত্ৰৰ বাবে একাৰফেগাছ পাপায়ি নামৰ এক সূক্ষ্ম পৰজীৱী মেক্সিকৰ পৰা আমদানি কৰি ভাৰতত মেলি দিয়ে। এই কাৰ্যসূচী কিছু পৰিমাণে সফল হৈছ যদিও ৰাসায়নিক কীটনাশকৰ দ্বাৰা তেনেই নামমাত্ৰ সফলতাহে পোৱা গৈছে।

যাতায়ত ব্যৱস্থাই এই পতংগ এঠাইৰ পৰা আন ঠাইলৈ বিয়পি যোৱাত সহায় কৰে। নতুন খেতিত ব্যৱহৃত পুলিবোৰ পতংগমুক্ত হোৱা উচিত। ৰোগাক্ৰান্ত উদ্ভিদৰ অৱশিষ্ট অংশত এই পোক বাহ লৈ অন্য নিৰোগী গছলৈ বিয়পিবলৈ সুবিধা পায়। এই পতংগ নিয়ন্ত্ৰণৰ বাবে ‘মন’ক্ৰট’ফছ, ‘মিথাইল ডিমেটন’, ‘ডাইমিথয়েট’, ‘এচিফেট’ আৰু ‘মিথ’মিল’ আদি ছিষ্টেমিক কীটনাশক; ‘ফেন্থিয়ন’, ‘ইমিডাক্ল’প্ৰিড’ আৰু ‘থায়’মিথক্সাম’ আদি ট্ৰেন্সলেমিনাৰ পতংগনাশক; ‘ক্ল’ৰপাইৰিফজ’, ‘কুইনলফছ’, ‘ডাইক্ল’ৰভছ’, ‘কাৰ্বাৰিল’ আৰু ‘মালাথিয়ন’ আদি কণ্টেক্ট কীটনাশক ব্যৱহাৰ কৰি সুফল পাব পাৰি। কীটনাশকৰ লগত আঠা বা ষ্টিকাৰ মিহলোৱা উচিত। আক্ৰান্ত গছৰ ফলবোৰত পতংগ ৰোধৰ বাবে কণ্টেক্ট কীটনাশক ব্যৱহাৰ কৰা প্ৰয়োজন। এইক্ষেত্ৰত স্থানীয় কৃষি বিষয়া অথবা কৃষি কৰ্মীৰ পৰামৰ্শ লোৱাটো অত্যন্ত প্ৰয়োজন।

লেখকঃ ৰুদ্ৰ নাৰায়ণ বৰকাকতি

উত্সঃ অসমীয়া খবৰ