এতিয়া শীতকালীন ফুলৰ বতৰ। নাৰ্জি, ডালিয়া, গ্লেডিঅ’লাছ, লিলিয়ামৰ কলম বা পুলি ৰোৱাৰ আগতে ৰোগমুক্ত কৰিবলৈ ১০ লিটাৰ পানীত ১ গ্ৰাম বেভিষ্টিন, ২ গ্ৰাম ইন্দোফিল এম-৪৫ নাইবা কেপটাফ্ মিহলাই তাত পুলিবোৰ ৫ মিনিট ডুবাই ৰোপণ কৰক। ৰোৱাৰ আগতে ১০০ গ্ৰাম কেঁচুসাৰ মাটিত দিয়ক। আলু ৰোৱাৰ আগতে ৫০ গ্ৰাম ইন্দোফিল এম-৪৫, মেন্কাজেৱ, কেপটান ১০ লিটাৰ পানীত মিহলাই আলু বা কটা আলুবোৰ ২০-২৫ মিঃ উক্ত মিশ্ৰণত ডুবাই টুকি লৈ ছাঁত শুকুৱাই আলু ৰুব। এনে কৰিলে ব্লাইট ৰোগে নধৰে। ঋতুকালীন ফুলৰ গছত পোক-পৰুৱা প্ৰতিৰোধ কৰিবলৈ কেৱল মালাথিয়ান ৫০ ইচি, ৰগৰ ৩৫ ইচি কীটনাশক দ্ৰৱ্য ছটিয়াব। ১০ লিটাৰ পানীত ১৫ মিলিলিটাৰ কীটনাশক দ্ৰৱ্য মিহলাই আবেলি পৰত স্প্ৰে’ কৰিব। বেঙেনা পুলি ৰোৱাৰ ২০-২৫ দিন পাছত গুৰিৰ পৰা নিলগত চক্ৰাকাৰে লোৰ খান্দি ৩ গ্ৰাম ফুৰাডন (কাৰ্বোফুৰান) প্ৰয়োগ কৰিলে কোনো পোকে গছ, পাত বা ফলৰ ক্ষতি কৰিব নোৱাৰে। ফলমূল, গছ যেনে-বগৰী, মধুৰিআম, আম, নেমু আদি গছৰ বুঢ়া ডাল, ৰোগাক্ৰান্ত ডাল মাটিৰ পৰা তিনিফুট তলৰ ডাল কাটি দিয়ক আৰু তাত ৰোগৰ বাবে ইন্দোফিল এম-৪৫ আৰু পোক-পৰুৱা নিয়ন্ত্ৰণৰ বাবে ৰগৰ, ফছফোমিডন প্ৰয়োগ কৰিব। ফুলকবিৰ ৰং আৰু ওজন ঠিকে ৰাখিবলৈ প্ৰতি বিঘা মাটিত ১ কিলো সুৱগা মাটিত ৰোৱাৰ আগতে দিব। এনে কৰিলে ঠাৰি অংশ ফোঁপোলা হৈ নাথাকে, ওজনো বাঢ়ে। বৰোধান, আগতীয়া আহু কৰা মাটিডোখৰত খেতি কৰি ধান ৰোৱাৰ ৪-৫ দিন আগতে হাল বাই মিহলাই পচিবলৈ দিলে গছে যথেষ্ট পৰিমাণে জৈৱিক সাৰ পোৱাৰ লগতে মাটিৰ গুণাগুণ বৃদ্ধি পাব আৰু পানী ধাৰণৰ ক্ষমতা বৃদ্ধি পাব। উৎসঃ অসমীয়া খবৰ