পাৰিপাৰ্শ্বিক সংগঠনেৰে কীট নিয়ন্ত্ৰণ ব্যৱস্থাপনা: কৃষ্টিগত নাইবা পৰিচৰ্যামূলক ব্যৱস্থাৰে কীট-নিয়ন্ত্ৰণ কৰি জৈৱিক নিয়ন্ত্ৰণ পদ্ধতিসমূহ বঢ়াই তোলা হয়। মাটিৰ ওপৰভাগত - শস্য পথাৰৰ চাৰিসীমাত ফুল শস্য বা সোনকালে চপাব পৰা নগদী শস্য ৰোপন কৰিব লাগে যাতে অনিষ্টকাৰী কীটৰ প্ৰাকৃতিক শত্ৰু কীটক আমন্ত্ৰণ কৰিব পাৰি। শস্যৰ মাজৰ ঢাপ (বান্ধ) দি তাত ফুল গছ ৰোপন কৰিব লাগে। প্ৰাকৃতিক শত্ৰু কীটবোৰে ফুলৰ পৰা ৰস শুহিবৰ বাবে প্ৰাকৃতিকভাবে গজা কাষৰীয়া বনবাতবোৰ জধে-মধে উভালি পেলাব নেলাগে। কীট : শত্ৰুকীটৰ অনুপাত সঠিক ৰাখিবৰ বাবে বহল ক্ৰিয়াৰ ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰিব নেলাগে। মাটিৰ তলভাগত - ‘ছেঁই ধৰা জাতীয়’ শস্যৰ লগত শস্যাৱৰ্তন কৰি মাটিত নাইট্ৰজেন মৌলৰ পৰিমাণ বৃদ্ধি কৰা। গোটেই বছৰ জুৰি খেতি কৰা মাটিখিনি আবৃত শস্য/ শস্যৰ অৱশিষ্ট অংশৰে পৰিপূৰ্ণ কৰি ৰাখিব লাগে। পাম সাৰ, কেঁচু সাৰ, শস্যৰ অৱশিষ্ট অংশ আদি মাটিত প্ৰয়োগ কৰি জৈৱিক ক্ৰিয়া খৰতকীয়া কৰিব লাগে। কীটৰ প্ৰাকৃতিক শত্ৰুক ৰক্ষা কৰিবলৈ মাটিখিনি বেছিকৈ খুচুৰি থাকিব লাগে। জীৱানুসাৰৰ লগতে সুষম মাত্ৰাত অন্যান্য মৌল প্ৰয়োগ কৰিব লাগে। জৈৱিক কীটনাশক যেনে, ট্ৰাইক’ডাৰমা প্ৰজাতি ভেঁকুৰ, চিউড’মনাচ ফ্লৰেন্স বেক্টেৰীয়াক বীজ শোধন আৰু পুলিবাৰীত প্ৰয়োগ কৰাৰ উপৰিও মূল পথাৰত প্ৰয়োগ কৰিব লাগে। সমন্বিত কীট-নিয়ন্ত্ৰণ ব্যৱস্থাপনা - মাটি প্ৰস্তুতিৰ সময়ত: বীজ সিঁচাৰ ২-৩ সপ্তাহ আগতে বিঘাই প্ৰতি কমেও ১০-১৫ কুইন্টল গোৱৰ বা পচন সাৰ প্ৰয়োগ কৰিব লাগে। মাটি সৌৰকৰণ: বীজ সিঁচাৰ আগতে ভেটিবোৰ পলিথিনেৰে (০.৪৫ মিলিমিটাৰ ডাঠ) ৩ সপ্তাহৰ বাবে ঢাকি ৰাকিব লাগে। এনে কৰিলে মাটিত থকা অনিষ্টকাৰী বীজাণুবোৰ কমি যায়। নিম/ কৰচ গুটিৰ খলিহৈ (বিঘাই প্ৰতি প্ৰায় ৩০ কিলোগ্ৰাম) শেষৰ চাহ হালবোৱাৰ সময়ত প্ৰয়োগ কৰিলে শস্যকৃমি আৰু মাটিত বাহ সাজি থকা কীট নিয়ন্ত্ৰণ হয়। জৈৱিক কীটনাশক যেনে, ট্ৰাইক’ডাৰমা প্ৰজাতি ভেঁকুৰ ( প্ৰতি বিঘাত ২.৫ কিলোগ্ৰাম) পচন সাৰৰ লগত মিহমলাই মাটিত প্ৰয়োগ কৰিব লাগে। পুলি অৱস্থাত - ৰঙা বিটল পোক: এই পোকৰ লেটা, কণী আদি মাটিতে থাকে বাবে খেতি কৰাৰ আগতেই মাটিডৰা দ’কৈ চহাব লাগে যাতে সেইবোৰ মাটিৰ ওপৰত ওলাই ৰ’দৰ তাপত অনিষ্ট হয়। নিম গুটিৰ খোলাৰ পৰা নিষ্কাষিত ৰস (৫%) পুলিবোৰত স্প্ৰে কৰিব লাগে। বাঢ়ন অৱস্থাত: শস্য জোপা যাতে অণুপুষ্টি মৌলৰ অভাৱত নুভোগে তাৰবাবে অণুসাৰ (প্ৰতি লিটাৰ পানীত ৩-৫ গ্ৰাম) পাতত স্প্ৰে কৰিব লাগে। মতা আৰু মাইকী ফুলৰ অণুপাত সঠিক ৰাখিবৰ বাবে ব’ৰণ সাৰ ( ১ গ্ৰাম প্ৰতি লিটাৰ পানীত) পুলি দুপতীয়া অৱস্থাতে স্প্ৰে কৰিব লাগে। পুলি ৩০ দিনীয়ালৈকে বন-বাত চাফা কৰিব লাগে। বেমাৰী পুলি আৰু বেমাৰী ডাল-পাতবোৰ আঁতৰাই পেলাব লাগে। গুৰিত পানী জমা হ’বলৈ দিব নেলাগে। পাতত সুৰঙ্গ সৃষ্টিকাৰী পোক (Serpentine leaf miner) নিয়ন্ত্ৰণৰ বাবে শস্যডৰাৰ কাষত এৰা, বিলাহী বা নাৰ্জী ফুল প্ৰতিৰোধী শস্য হিচাপে ৰোপন কৰিব লাগে। হালধীয়া আঠাযুক্ত কাৰ্ড বা ফান্দ (প্ৰতি বিঘা মাটিত ৩ খনকৈ) আঁৰি দিব লাগে। প্ৰাকৃতিক শত্ৰু পোক যেনে, মকৰা, লেডি বাৰ্ড বিটল, লেচ উইং আদিক সংৰক্ষণ কৰিব লাগে। নিম গুটিৰ খোলাৰ পৰা নিষ্কাষিত ৰস (৫%) পুলিবোৰত স্প্ৰে কৰিব লাগে। মোৱা পোক নিয়ন্ত্ৰণৰ বাবে শস্যডৰাৰ কাষত উৰহী, নিজে গুটি সৰি পৰা ফুল বৰ্ষীয় আৰু বহুবৰ্ষীয় শস্য আদি ৰোপন কৰিব লাগে। অতিমাত্ৰা আক্ৰমণিত হ’লে ‘ইমিডাক্লপিদ’৭০% ডব্লিউ জি ( প্ৰতিবিঘাৰ বাবে ৫ গ্ৰাম ৬৫ লিটাৰ পানীত) স্প্ৰে কৰিব লাগে। পাতত ফুটফুটীয়া দাগ পৰা ৰোগ নিয়ন্ত্ৰণৰ বাবে ঝিনেব ৭৫% ডব্লিউ পি (প্ৰতিবিঘাৰ বাবে ১০০-৩০০ মিলিলিটাৰ ২০০-২৫০ লিটাৰ পানীত) স্প্ৰে কৰিব লাগে। ‘তিঁয়হ মজাইক ভাইৰাছ’ ৰোগ নিয়ন্ত্ৰণৰ বাবে ইয়াৰ বাহক মোৱাপোক নিয়ন্ত্ৰণ কৰিব লাগিব। ‘পাউদাৰী মিলডিউ’ ৰোগ নিয়ন্ত্ৰণৰ বাবে কাৰ্বানডাজিম ৫০% ডব্লিউ পি (৪০ গ্ৰাম ৮০ লিটাৰ পানীত) স্প্ৰে কৰিব লাগে। ‘ডাউনিমিলডিউ’ ৰোগ নিয়ন্ত্ৰণৰ বাবে ঝিনেব ৭৫% ডব্লিউ পি (২০০-২৬৫ গ্ৰাম ১০০- ১৩০ লিটাৰ পানীত) স্প্ৰে কৰিব লাগে। কলি ধৰা অৱস্থাত: অণুপুষ্টি মৌলৰ অভাৱ দূৰ কৰিবলৈ অণুসাৰ (প্ৰতি লিটাৰ পানীত ৩-৫ গ্ৰাম) পাতত স্প্ৰে কৰিব লাগে। বৰল জাতীয় ফল মাখি নিয়ন্ত্ৰণৰ বাবে আক্ৰমণিত ফলবোৰ সংগ্ৰহ কৰি আঁতৰত ধ্বংস কৰি পেলসাব লাগে। ফল চপোৱাৰ পিছত চাঙৰ তলৰ মাটিখিনি পাতলীয়াকৈ খুচুৰি-মেলি দিব লাগে। মিথাইল ইউজেনল (০.১%) ফান্দ ব্যৱহাৰ কৰিব লাগে। (এইবিষয়ে সবিশেষ লিখনিৰ লগত সংলগ্ন ফটো চাওক) নিম গুটিৰ খোলাৰ পৰা নিষ্কাষিত ৰস (৫%) পুলিবোৰত স্প্ৰে কৰিব লাগে। উৎস: সেউজ চিন্তা