বৰ্তমান প্ৰতিঘৰ মানুহৰ পাকঘৰত পিঁয়াজ অত্যাৱশ্যকীয় সামগ্ৰী হৈ পৰিছে। আমিষভোজী ৰন্ধন প্ৰকৰণত বিশেষ কোনো খাদ্য প্ৰাণ নথকা এইবিধ মচলাৰ গুৰুত্ব আলুতকৈ বেছি হৈ পৰিছে। আমাৰ পাকঘৰত পিঁয়াজ নাথাকিলে যেন একোৱেই নাই, তেনে অনুভৱ হয়।

কিন্তু এইবিধ মচলাও আমি পঞ্জাৱ, হাৰিয়ানা, মহাৰাষ্ট্ৰ আদি ৰাজ্যৰ পৰাহে আমদানি কৰিব লাগে। অথচ পিঁয়াজৰ খেতিৰ বাবে অসমত উপযুক্ত মাটিৰ অভাৱ নাই। এই কথা আমি উপলব্ধি কৰিবৰ হ’ল।

আজি এইবিধ জনপ্ৰিয় মচলাৰ খেতিৰ কৃষি পদ্ধতিৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল। আজি এইবিধ জনপ্ৰিয় মচলাৰ খেতিৰ কৃষি পদ্ধতিৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ব।

মাটি:

পিঁয়াজ প্ৰকৃততে শীতকালীন খেতি। ইয়াৰ কাৰণে বালিচহীয়া, আলতীয়া পলসুৱা, ফহফহীয়া সাৰুৱা মাটি উপযোগী। মাটিৰ অম্লতাৰ পৰিমাণ ৫.৫-৬.৫ হ’লে ভাল।

সময়:

অসমৰ মাটিত বীজ সিঁচাৰ সময় ছেপ্টেম্বৰ মাহৰপৰা নৱেম্বৰ মাহলৈ।

জাত:

অসমৰ কাৰণে অনুমোদিত জাতসমূহ হৈছে-

১)পুচা ৰেড(১২৫ দিনীয়া),

২)পুচাৰাটনাৰ(১২৫ দিনীয়া),

৩)পুচা হোৱাইট(১৩০-১৫০ দিনীয়),

৪)এন-৫৩(১২১-১৪০ দিনীয়া)।

বীজতলীত বীজ সিঁচাৰ সময়:

১৫ ছেপ্টেম্বৰৰপৰা ১৫ অক্টোবৰলৈ।

বীজতলী প্ৰস্তুতকৰণ:

বীজতলীৰ বাবে মাটিখিনি হাল বাই বা কোৰেৰে মিহিকৈ চাহ এক মিটাৰ বহল, ১৫-২০ ছেঃমিঃ ওখ আৰু সুবিধানুসৰি দীঘলকৈ প্ৰস্তুত কৰি লোৱা বীজতলীত প্ৰতি বৰ্গমিটাৰত দহ কেজিকৈ শুকান গোবৰ বা পাচন সাৰ প্ৰয়োগ কৰিব লাগে। বীজতলীত প্ৰতি বৰ্গ মিটাৰত ১০ গ্ৰাম বীজ এই অনুপাতত সিঁচিব লাগে।

বীজৰ পৰিমাণ:

সাধাৰণতে গুটিৰপৰা পিঁয়াজৰ খেতি কৰা হয় যদিও সৰু সৰু আকাৰৰ পিঁয়াজবোৰে বীজ হিচাপে ব্যৱহাৰ কৰিব পাৰি।

গুটি পচাই ৰোৱা পদ্ধতিত বিঘাই প্ৰতি ১.৫-২ কেজি বীজৰ প্ৰয়োজন। কিন্তু পোনে পোনে পথাৰত সিঁচা পদ্ধতিত বিঘাই প্ৰতি ৩-৪ কেজি বীজৰ প্ৰয়োজন হয়।

পথাৰ প্ৰস্তুতকৰণ:

মাটিডৰা ৩-৪ বাৰ হাল বাই মিহিকৈ চহাই, মৈয়াই সমান কৰি পচন সাৰ প্ৰয়োগ কৰিব লাগে।

সাৰ প্ৰয়োগ:

বিঘাই প্ৰতি পচন সাৰ ২.৫ টন আৰু ৰাসায়নিক সাৰ ইউৰীয়া ১৬ কেজি। ছুপাৰ ফছফেট ৪০ কেজি আৰু মিউৰেট অব পটাচ ১০ কেজি ব্যৱহাৰ কৰিব লাগে।

ইয়াৰে ইউৰীয়া সাৰৰ আধা অংশ ৰাখি বাকী সমুদায় সাৰখিনি মাটি চহ কৰাৰ সময়ত প্ৰয়োগ কৰা উচিত।

ৰাখি থোৱা ইউৰীয়াখিনি ৰোৱাৰ বা সিঁচাৰ ৩০-৪০ দিন পিছত আৰু ৬০-৭০ দিন পিছত দুভাগ কৰি স্প্ৰে কৰিব লাগে।

সিঁচা আৰু ৰোৱা পদ্ধতি:

সিঁচা পদ্ধতি:

পোনপটীয়াকৈ বীজ সিঁচি কৰা পদ্ধতিত প্ৰস্তুত কৰি লোৱা পথাৰত ২০ ছেঃমিঃ*১০ ছেঃমিঃ ব্যৱধানত ২ ছেঃমিঃ দ’ত বীজবোৰ সিঁচিব লাগে।

৬-৮ সপ্তাহ পিছত নিৰ্দিষ্ট ব্যৱধান্ত পুলিবোৰ পাতলাই দিব লাগে। নৈৰ দাঁতিত নাইবা চৰ অঞ্চলত এই পদ্ধতি লাভজনক হয়।

ৰোৱা পদ্ধতি:

শুকান নাইবা বোকা কৰি প্ৰস্তুত কৰি লোৱা পথাৰত ৬-৮ সপ্তাহৰ বয়সৰ পুলি ৰুব লাগে। শুকান পথাৰত পুলি ৰোৱাৰ লগে লগে জলসিঞ্চন কৰিব লাগে। ২-৩ ছেঃমিঃ দ’ত ২০ ছেঃমিঃ*১০ ছেঃমিঃ ব্যৱধানত পুলিবোৰ ৰুব লাগে।

প্ৰতিপালন:

প্ৰতি সাতদিনৰ অন্তৰে অন্তৰে ৰোৱাৰপৰা খেতি চপোৱালৈ মুঠ ১০-১৫ বাৰ জলসিঞ্চন কৰিব লাগে।

খেতি চপোৱাৰ ১৫ দিন আগতে জলসিঞ্চন বন্ধ কৰিব লাগে। ৪০ দিনৰ পিছত এবাৰ হাতেৰে বন-বাত নিৰাই দিব লাগে।

চপোৱা:

সিঁচাৰ ১২৫-১৪০ দিনৰ ভিতৰত পিঁয়াজ চপাবৰ হয়। আনহাতে, ৰোৱাৰ ৩-৪ মাহ পিছত গছবোৰৰ ৭০ ভাগ মৰহি গ’লে চপাবৰ হয়।

বৰষুণ দি থাকিলে চপাব নালাগে। চপোৱাৰ ১০-১৫ দিন আগেয়ে পিঁয়াজৰপৰা গছবোৰ চিঙি পেলাব লাগে। চপোৱাৰ পিছত ছাঁত শুকাব লাগে।

উৎপাদন:

হেক্টৰে প্ৰতি ১৫০-২০০ কুইন্টল।

লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা(দৈনিক অসম)