আপোনাৰ ড্ৰয়িং ৰুম বা কোঠালিত ফুলৰ টাবত আপুনি ফুল সজাব খুজিছে। সেই ফুলখিনি সজীৱ কৰি ৰাখিবলৈ আপোনাৰ কৰণীয় কেইটামান কাম ইয়াত দিয়া হ’ল। ১) বেছি গৰম কোঠালি অৰ্থাৎ বেছি ৰ’দ পৰা ঠাইত ফুলৰ টাব বেছি সময় থ’ব নালাগে। ঠাণ্ডা ঠাইত টাব ৰাখিলে বেছিদিন সজীৱ হৈ থাকে। ২) ফুলবোৰ শুকাই যোৱাত সহায় কৰা বীজাণুবোৰ ধ্বংস কৰিবলৈ হ’লে ফুলদানিত থবলৈ অনা ফুলবোৰ ঠাৰিৰ তলৰ অংশ উতলা পানীত দুই মিনিট ত্ৰিশ চেকেণ্ডমান তিয়াই থওঁক। ৩) ফুলৰ পুলিত পোকে ধৰি ফুল গছডাল মাৰি পেলাব পাৰে। তাৰ প্ৰতিকাৰৰ বাবে এমুঠি সৰিয়হ গছপুলিটোত ছটিয়াই দি পানী ঢালি দিয়ক। পোক মৰি নাইকিয়া হ’ব। ৪) ঠাৰিৰে সৈতে যদি ফুলদানিত আপুনি ফুল সজাবলৈ ইচ্ছা কৰে আৰু তাক বহুদিন সজীৱ কৰি ৰাখিব খোজে তেনেহ’লে ঠাৰিকেইডাল অলপ থেতেলি লওঁক যাতে সোনকালে পানী শুহি নিব পাৰে। ৫) ফুলদানিত ফুলে খাদ্য নাপায় যাৰ ফলত ফুলখিনি সোনকালে লেৰেলি যায়। সেইবাবে ফুল তিয়াই থোৱা পানীখিনিত এক লিটাৰ পানীত এচামুচ চেনি নাইবা গ্লুকোজ দি থব। ফুলখিনিয়ে খাদ্য আহৰণ কৰি বহুদিনলৈ খাদ্য আহৰণ কৰি বহুদিনলৈ সজীৱ হৈ থাকিব। ৬) ফুলদানিত ফুল সজীৱ কৰি ৰাখিবলৈ আন এটা কাম কৰক। দুই-তিনি দিনৰ মূৰে মূৰে ফুলখিনি উঠাই আনি ঠাৰিবোৰ ১ চে:মি: কাটি চুকীয়াকৈ কাটি থাকিব। তেতিয়া ফুলখিনিয়ে সহজতে পানী পাব। ৭) ফুলদানিত ফুল সজীৱ কৰি ৰাখিবলৈ আন এটা পদ্ধতি ল’ব পাৰে। সোনকালে ফুলা ফুল বগা পাতল কাপোৰেৰে মেৰিয়াই থৈ দিলে ফুলবোৰ কিছুদিন ভালে থাকে। ৮) ‘এলুমিনিয়াম চালফেট’ (এ লি: ২০০ মি:গ্ৰাম) পটাছিয়াম পাৰমাঙ্গেনেট আদি ফুল তিয়াই থোৱা পানীত মিহলাই থলেও ফুল বহুদিনলৈ সজীৱ হৈ থাকে। অৱশ্যে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিলে কোনো বিশেষজ্ঞৰ ওচৰত পৰামৰ্শ লৈহে কৰিব লাগে। ৯) অতি কোনল ফুল ফুলদানিক সজাবলৈ হ’লে সেই ফুলৰ ঠাৰিবোৰ বেলেগ বেলেগ ফটাকানিৰে মেৰিয়াই পানীত ডুবাই ৰাখিব লাগে। ১০) ফুল তিয়াই থোৱা পানীত ‘এচপিৰিণ বড়ি’ গুড়ি কৰি ৰাখিলে বহুদিনলৈ ফুল সজীৱ হৈ থাকে। ১১) অন্ধকাৰ ঘৰত ডালেৰে সৈতে ফুল ছিঙি আনি ৰাখিলে ফুল সজীৱ হৈ থাকে। ১২) পানী পোৱাকৈ ফুলৰ ঠাৰিবোৰ ৰাখিব লাগে। ১৩) ফুল সদায় পৰিষ্কাৰ পানীত ৰাখিব লাগে। ১৪) ‘এচপিৰিণ’ ৰ বড়ি ঘহি থ’লে ডালিয়া আৰু চন্দ্ৰমুখীৰ পাপৰি সজীৱ আৰু তাজা হৈ থাকে। ১৫) পাত বাহাৰ সজীৱ কৰি ৰাখিবলৈ হ’লে গৰম দিনত এবাৰকৈ পানী লৈ পাতবোৰ ধুই পেলাব লাগে। তেনে কৰিলে পাতবোৰ পৰিষ্কাৰ হৈ থাকিব। পোকৰ আক্ৰমণো কমিব। ১৬) পাত বাহাৰ জাতীয় গছ বহুদিন একেলেথাৰিয়ে ঘৰৰ ভিতৰত ৰাখিব নালাগে। মাজে মাজে ৰ’দাই থাকিব লাগে। ১৭) খিৰিকীৰ ওচৰত ইন্টাৰপ্লেন্টাৰ টাবটো ৰাখক। ১৮) ৰুমহিটাৰ চলোৱা ৰুমত ফুলৰ টাব নথ’ব। ১৯) ফুলৰ গছক ৰ’দ আৰু বতাহৰ প্ৰয়োজন। সেইবাবে ৬/৭ দিনৰ মূৰে মূৰে টাবটো ৰ’দত উলিয়াই দিব। ২০) টাবত সদায় বাহিৰৰ বা পথাৰৰ মাটি ভৰাব লাগে। ২০ শতাংশ পাত সাৰ, ২০ শতাংশ গোবৰ সাৰ, ১০০ গ্ৰাম চূণৰ গুড়ি, দুই কিলো বাদামৰ বাকলি, সৰিয়হৰ খোল মিহলাই পানী ছটিয়াই এমাহমান থৈ দি তাত ফুলৰ গছ ৰুই দিলে সুন্দৰ চেহেৰাৰ গছ হ’ব। ২১) টাব থোৱা ৰুমৰ দুৱাৰ খিৰিকী খোলা ৰাখিব লাগে। তেতিয়াহে বতাহ আৰু পোহৰ পাব। ২২) বেছি চোকা ৰ’দত টাব নথ’ব। সুমিত্ৰা গোস্বামী বিশেষ সংযোজন: ৰিতু গগৈ।