ফেব্ৰুৱাৰী মাহৰ মাজভাগৰ পৰা আগতীয়া আহুধানৰ বীজ সিঁচা সময়। আই,আৰ-৫০, আই,আৰ-৩৬, জয়া, কালচাৰ-১, লুইত, কপিলি আদি আগতীয়া আহুধানৰ সঁচ নিৰ্বাচন কৰক। ব্লাষ্ট ৰোগ হৈ থকা অঞ্চলৰ বাবে পুছা ২-২১ জাতটো নিৰ্বাচন নকৰিব। সিঁচাৰ আগেয়ে প্ৰতি কিলোগ্ৰাম বীজৰ বাবে মেংকোজেব, কেপটান বা কাৰ্বেনডাজিম নামৰ ভেঁকুৰনাশক দৰৱ ২.৫ গ্ৰামকৈ ব্যৱহাৰ কৰি শোধন কৰি লওক। দুখন বীজতলীৰ মাজত ৩০ ছেন্টিমিটাৰ ব্যৱধান ৰাখি ১০ মিটাৰ দীঘল আৰু ১.২৫ মিটাৰ বহল বীজতলী প্ৰস্তুত কৰি প্ৰতিখন বীজতলীত ২০-৩০ কিলোগ্ৰাম শুকান গোবৰ, ৮০ গ্ৰাম ইউৰিয়া, ৮০ গ্ৰাম একক চুপাৰ ফচফেট আৰু ৪০ গ্ৰাম মিউৰিয়েট অৱ পটাচ সাৰ প্ৰয়োগ কৰি বীজ সিচক। প্ৰতিখন বীজতলীৰ বাবে ৬৫০ গ্ৰামৰ পৰা ১ কিলোগ্ৰামকৈ বীজ সিচক। প্ৰয়োজন অনুসৰি বীজতলীত শস্যৰক্ষাৰ ব্যৱস্থা লওক। মাৰ্চ-এপ্ৰিল মাহত নিয়মীয়া আহুৰ বীজ সিঁচিবলৈ মাটি নিৰ্বাচন কৰক। লুইত, লাচিত, চিলাৰায়, গোপীনাথ, আই,আৰ-৫০, আই,আৰ-৩৬ আদি অনুমোদিত জাতৰ বীজ সংগ্ৰহ কৰক। সৰিয়হৰ ছেঁইবোৰ ৭৫-৮- শতাংশ হালধীয়া পৰাৰ লগে লগে চপোৱাৰ ব্যৱস্থা কৰক। ফেব্ৰুৱাৰী মাহৰ মাজভাগৰ পৰা মাৰ্চ মাহ পৰ্য্যন্ত গ্ৰীষ্মকালীন মাটিমাহ, মগুমাহৰ বীজ সিঁচা সময়। মাটিমাহৰ বাবে টি-৯, ইউ,জি-১৫৭, জে,ইউ-৭৮, পন্ট ইউ-১৯ আৰু মগুমাহৰ বাবে টি-৪৪, কপাৰগাঁও, প্ৰতাপ আদি বীজ নিৰ্বাচন কৰক। প্ৰতিবিঘা মাটিৰ বাবে ৬ কুইন্টল পচন সাৰ প্ৰয়োগ কৰক। বীজ সিঁচাৰ ১৫ দিন আগেয়ে প্ৰতিবিঘাত ৬৫.৫ কিলোগ্ৰাম চূণ প্ৰয়োগ কৰক। সিঁচাৰ আগেয়ে ৰাইয’বিয়াম কালচাৰেৰে বীজখিনি শোধন কৰক। ৩-৪ কিলোগ্ৰাম বীজৰ বাবে ১৫০ গ্ৰাম এনে কালচাৰৰ প্ৰয়োজন। নাৰিকলৰ পুলি উৎপাদন কৰিবলৈ এই মাহতে বালিচহীয়া মাটিত নাৰিকলৰ বীজ পচোৱাৰ ব্যৱস্থা কৰক। ঘেঁহুখেতি কৰা মাটিডৰাত জীপ নাথাকিলে পাতলকৈ এবাৰ জলসিঞ্চন কৰক। বৰোধানৰ খেতিডৰাত মজাখোৱা, পাতমেৰোৱা, পাতচেলেকা, টুপলিকটা আদি পোকৰ আক্ৰমণ দেখিলে শস্যৰক্ষাৰ ব্যৱস্থা লওক। গ্ৰীষ্মকালীন পাচলি খেতিৰ বাবে মাটি নিৰ্বাচন কৰি বীজ সংগ্ৰহ কৰক। উৎস: কৃষি বিভাগ, অসম