জাত নিৰ্বাচন - থলুৱা জাতহে নিৰ্বাচন কৰিব লাগে। বিলাহী: থলুৱা সিৰ থকা বিলাহী, কণ বিলাহী আৰু অন্যান্য থলুৱা জাত জলকীয়া: থলুৱা কণ জলকীয়া, ফিৰিঙি/ বিহ জলকীয়া, ক’লা জলকীয়া, ভোট জলকীয়া আদি বেঙেনা: থলুৱা বৰ বেঙেনা, ছাগলী শিঙিয়া বেঙেনা, কণী বেঙেনা, খৰুৱা বেঙেনা, কুচিয়া বেঙেনা আদি । পুলিবাৰী বা নাৰ্চাৰী তৈয়াৰ কৰিব কেনেকৈ? ১ বিঘা মাট ৰোপনৰ বাবে ২ লোচামান মাটিৰ পুলিবাৰী দৰকাৰ হয়। ভেটিৰ জোখ: বহল- ৯০-১০০ ছেন্টিমিটাৰ, দীঘল- সুবিধা অনুযায়ী আৰু সামান্য ওখ। ভেটিত প্ৰচুৰ পৰিমাণে জৈৱিক সাৰ মিহলাব লাগে পুলিৰ গুৰি পচা ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ ১ কুইন্টল পচা গোৱৰৰ লগত ২৫০ মিলিলিটাৰ ট্ৰাইক’ডাৰমা আৰু ১০ কিলোগ্ৰাম নিমৰ খলিহৈ মিহলাই ছাঁত মেলি দিব লাগে আৰু আংশিক সেমেকা কৰি ৰাখিব লাগে। এই মিশ্ৰণটো ১৫ দিনৰ বাবে ৰাখি এদিনৰ মূৰে মূৰে লুটিয়াই- বাগৰাই ৰাখিব লাগে আৰু পুলিৰ ভেটিত মিহলাব লাগে। তদুপৰি বীজ সিঁচাৰ আগে আগে ভেটিত ১ কিলোগ্ৰাম মান শস্য বৃদ্ধিকাৰক ৰাইজ’বেক্টেৰীয়া, ইংৰাজীত যাক কোৱা হয় Plant Growth Promoting Rhizobacteria (PGPR) মিহলাব লাগে। বীজ সিঁচাৰ পিছত ভেটিতো কলপাতেৰে ঢাকি দিব লাগে আৰু প্ৰতিদিনে ৰাতিপুৱা জাৰিকেনেৰে পানী ছটিয়াব লাগে। জাৰিকেনৰ পানীত চিউড’মনাচ ফ্লৰেন্স বেক্টেৰীয়া (প্ৰতি লিটাৰ পানীত ২০-২৫ মিলিলিটাৰ) মিহলাব লাগে। বীজৰ অঙ্কুৰণ হোৱাৰ লগে লগেই কলপাতখিনি আঁতৰাই দিব লাগে। পুলি গজাৰ ৬-৭ দিনৰ পিছত গোৱৰ পানী ( ২০ গ্ৰাম গোৱৰ প্ৰতিলিটাৰ পানীত) বা গৰুৰ মূত (১০০ মিলিলিটাৰ ৮ লিটাৰ পানীত মিহলাই) ছটিয়াব লাগে। মাটি প্ৰস্তুতি আৰু পুলি ৰোপন - মাটিখিনি খুউব ভালদৰে মিহিকৈ চহাব লাগে। ভালকৈ পচা গোৱৰ নাইবা কেঁচুসাৰ মাটিখিনিত মিহলাব লাগে। পুলিখিনি সীৰলুত ৰোপন কৰিব লাগে। পানী জমা হোৱাৰ সম্ভাৱনা থাকিলে শাৰী শাৰীকৈ ভেটি তৈয়াৰ কৰি তাত পুলি ৰোপন কৰিব লাগে। ৰোপন কৰা পুলিখিনিত কল পটুৱাৰে ২-৩ দিনৰ বাবে ঢাকি ৰাখি ছাঁৰ ব্যৱস্থা কৰিব লাগে। সাৰ প্ৰয়োগ: পুলি ৰোপনৰ ১৫ দিনৰ আগতে মাটিখিনিত কৃষিচূণ (বিঘাই প্ৰতি ৭০-৭৫ কিলোগ্ৰাম) প্ৰয়োগ কৰিব লাগে। গোৱৰ নাইবা পচন সাৰৰ (বিঘাই প্ৰতি ৩০-৩৫ কুইন্টল) লগত ট্ৰাইকডাৰমা ভেঁকুৰ ( বিঘাই প্ৰতি ২০০ মিলিলিটাৰ) আৰু শস্য বৃদ্ধিকাৰক ৰাইজ’বেক্টেৰীয়া যেনে, চিউডমনাচ, এয’ট’বেকটাৰ, এয’স্পিৰিলাম, বেছিলাচ আদি (বিঘাই প্ৰতি ২০০ মিলিলিটাৰ) মিহলাই ১৫ দিনৰ বাবে ছাঁত ৰাখি থব লাগে। পুলি ৰোপনৰ আগে আগে ৰোপন কৰা স্থানত চিউড’মনাচ আৰু মাইক’ৰাইঝা (Arbuscular Mychorhyza Fungi) অনুমোদিত হাৰত প্ৰয়োগ কৰিব লাগে। তদুপৰি পুলিখিনিৰ শিপা চিউড’মনাচ বা শস্য বৃদ্ধিকাৰক ৰাইজ’বেক্টেৰীয়াত (১ লিটাৰত ২০ মিলিলিটাৰ) শোধন কৰি লব লাগে। পুলিৰ মাজত সাৰ প্ৰয়োগ : পুলিৰ মাজত ৭-১০ অন্তৰে অন্তৰে নিম্নলিখিত দ্ৰব্যসমুহৰ যিকোনো এবিধ প্ৰয়োগ কৰিব লাগে মাটিত গোৱৰ মিশ্ৰণ ( ১ কিলোগ্ৰাম ১০ লিটাৰ পানীত) প্ৰয়োগ ( বিঘাই প্ৰতি প্ৰায় ৭০ লিটাৰ মিশ্ৰণ প্ৰয়োগ কৰিব লাগে ) মাটিত গোৱৰ গেছৰ নিৰ্গত মিশ্ৰণ ( ১ কিলোগ্ৰাম ১০ লিটাৰ পানীত) প্ৰয়োগ ( বিঘাই প্ৰতি প্ৰায় ৭০ লিটাৰ মিশ্ৰণ প্ৰয়োগ কৰিব লাগে ) মাটিত গো-মূতৰ মিশ্ৰণ ( ১ লিটাৰ ৮ লিটাৰ পানীত) প্ৰয়োগ ( বিঘাই প্ৰতি প্ৰায় ৭০ লিটাৰ মিশ্ৰণ প্ৰয়োগ কৰিব লাগে ) মাটিত কেঁচুসাৰ নিষ্কাশিত দ্ৰব্য, যাক কোৱা হয় ভাৰ্মিৱাশ্ব ( ১ লিটাৰ ৮ লিটাৰ পানীত) প্ৰয়োগ (বিঘাই প্ৰতি প্ৰায় ৭০ লিটাৰ মিশ্ৰণ প্ৰয়োগ কৰিব লাগে ) মাটিত কেঁচুসাৰ/ কুকুৰাৰ মল/ মিহি কৰি লোৱা ছাগলীৰ লাদ প্ৰয়োগ ( বিঘাই প্ৰতি প্ৰায় ১৫০ কিলোগ্ৰাম) মাটিত বাদামৰ খলিহৈ প্ৰয়োগ ( ১ কিলোগ্ৰাম ১০ লিটাৰ পানীত) প্ৰয়োগ ( বিঘাই প্ৰতি প্ৰায় ৭০ লিটাৰ মিশ্ৰণ প্ৰয়োগ কৰিব লাগে ) পাতত প্ৰয়োগ: গোৱৰ মিশ্ৰণ/ কেঁচুসাৰ নিষ্কাশিত দ্ৰব্য/ গো-মূতৃ মিশ্ৰণ পাতত প্ৰয়োগ কৰিব পাৰি। শস্য পৰিচৰ্যা - পুলি ৰোপনৰ আগতে মাটিত পৰ্যাপ্ত পৰিমাণে জীপ থাকিব লাগে। অন্যথা পাতলীয়াকৈ জলসিঞ্চন কৰিব লাগে। খৰাং বতৰত ২-৩ দিনৰ মূৰে মূৰে জলসিঞ্চন কৰিব লাগে গছবোৰ হালি যাব নোৱাৰাকৈ বাহৰ খুটিত বান্ধি দিব লাগে জৈৱিক সাৰ প্ৰয়িগৰ পিছত বন নিৰণি কৰিব লাগে আৰু পুলিৰ গুৰি মাটি চপাব লাগে মাটিত জীপ ধৰি ৰাখিবলৈ সেউজীয়া ঘাঁহ-বন/ শস্যৰ অৱশিষ্ট অংশ/ খেৰ আদিৰে ঢাকি ৰাখিব লাগে কীট-পতঙ্গ নিয়ন্ত্ৰণ - জলকীয়া: মোৱা পোক: ধপাতৰ মিশ্ৰণ বা নিম তেল-নহৰু মিশ্ৰণ (প্ৰতিলিটাৰ পানীত ২০ মিলিলিটাৰ) সেউজীয়া সোহনী পোক: - নিম তেল-নহৰু মিশ্ৰণ (প্ৰতিলিটাৰ পানীত ২০ মিলিলিটাৰ) বা লেমন গ্ৰাছ/ আদাৰ ৰস (১ লিটাৰ পানীত ১০০ মিলিলিটাৰ) পাত ওকনি: কাল মেঘৰ ৰস (১ লিটাৰ পানীত ১০০ মিলিলিটাৰ) চাঁহি পোক: নিম তেল (প্ৰতিলিটাৰ পানীত ৫০ মিলিলিটাৰ) বা নিম তেল+ নহৰু মিশ্ৰণ (প্ৰতিলিটাৰ পানীত ২০ মিলিলিটাৰ)। প্ৰতি ১০ দিনৰ মূৰে মূৰে চাউল ধোঁৱা পানী প্ৰয়োগ কৰিব লাগে। জলকীয়া আৰু বিলাহী বগা মাখি ভাৰ্টিচিলিয়াম লেকেনি ভেঁকুৰ মিশ্ৰণ নাইবা নহৰুৰ ৰস (প্ৰতিলিটাৰ পানীত ২০ মিলিলিটাৰ)। হালধীয়া আঠাযুক্ত কাৰ্ড শস্যৰ মাজত আঁৰি দিব লাগে। বেঙেনা: ডাল আৰু ফলবিন্ধা কৰা পোক: - পুলি বাৰীতে(নাৰ্চাৰী) নেটৰ সহায়ত পুলিবোৰ পোকৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব লাগে। আক্ৰমণ কৰা ডালবোৰ চিঙি পলু পোকবোৰ হাতেৰে মোহাৰি ধ্বংস কৰি পেলোৱা। শস্যৰ মাজত ফেৰ’মন ফান্দ পতা ( বিঘাই প্ৰতি ১৪-১৫ খন) নিম তেল+ নহৰু মিশ্ৰণ (প্ৰতিলিটাৰ পানীত ২০ মিলিলিটাৰ) বেছিলাচ থুৰিয়েনজিনিছিচ বেক্টেৰীয়াৰ মিশ্ৰণ মহানিম আৰু কাজুবাদাম পাতৰ ৰসৰ মিশ্ৰণ (প্ৰতিলিটাৰ পানীত ১০০ মিলিলিটাৰ) ৰঙা চাঁহি মকৰা: ভাতৰ মাৰৰ পানী পাতৰ তলপিঠিত স্প্ৰে কৰা এৰী তেল আৰু চাবোনৰ মিশ্ৰণ (প্ৰতিলিটাৰ পানীত ২০ মিলিলিটাৰ) বা নিম তেল+ নহৰু মিশ্ৰণ (প্ৰতিলিটাৰ পানীত ২০ মিলিলিটাৰ) সোহনী পোক : নিম তেল+ নহৰু মিশ্ৰণ (প্ৰতিলিটাৰ পানীত ২০ মিলিলিটাৰ) লেমন গ্ৰাছ/ আদাৰ ৰস (১ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এপিলেকনা বিটল পোক: নিম তেল+ নহৰু মিশ্ৰণ (প্ৰতিলিটাৰ পানীত ২০ মিলিলিটাৰ) পোকবিধ ধৰিব লাগে আৰু মাৰি পেলাব লাগে নেফাফু গছৰ পাতৰ ৰস স্প্ৰে (৪০-৮০ মিলিলিটাৰ প্ৰতি ১ লিটাৰ পানীত) বা আটলচ কঁঠালৰ পাতৰ ৰস (২০-৫০ মিলিলিটাৰ প্ৰতি ১ লিটাৰ পানীত) স্প্ৰে কৰিব লাগে। বিলাহী ফলবিন্ধা কৰা পোক: নিমগুটিৰ বাকলিৰ ৰস(৫০ মিলিলিটাৰ প্ৰতি ১ লিটাৰ পানীত) কৰচ গছৰ গুটিৰ তেল (প্ৰতিলিটাৰ পানীত ২০ মিলিলিটাৰ) পুলি ৰোপনৰ সময়ত নিমৰ/ কৰচ গুটিৰ খলিহৈ ( বিঘাই প্ৰতি ৩৫-৪০ কিলোগ্ৰাম) মাটিত প্ৰয়োগ কৰিব লাগে। পাত সুৰঙ্গ সৃষ্টিকাৰী পোক: ৰাতিপুৱা ৮ বজাৰ আগে আগে নিম তেল+ নহৰু মিশ্ৰণ (প্ৰতিলিটাৰ পানীত ২০ মিলিলিটাৰ) নিমগুটিৰ বাকলিৰ ৰস(৪০ মিলিলিটাৰ প্ৰতি ১ লিটাৰ পানীত) পুলি ৰোপনৰ সময়ত নিমৰ/ কৰচ গুটিৰ খলিহৈ ( বিঘাই প্ৰতি ৩৫-৪০ কিলোগ্ৰাম) মাটিত প্ৰয়োগ কৰিব লাগে। বেঙেনা, জলকীয়া আৰু বিলাহী শস্যকৃমি (নিমাটোদ) নিমপাত, নিম খলিহৈ, তুঁহ গুড়ি, কাঠৰ গুড়ি, এড়ী খলিহৈ মাটিত (প্ৰতি বৰ্গমিটাৰত ১০০) প্ৰয়োগ কৰিব লাগে। শস্য বৃদ্ধি কাৰক ৰাইয’বেক্টেৰীয়া, পেচিল’মাইছিচ আদি মাটিত প্ৰয়োগ কৰিব লাগে। ৰোগ নিয়ন্ত্ৰণ: জলকীয়া আৰু বিলাহী পুলি লেৰেলি যোৱা বা ঢলি পৰা ৰোগ: বীজতলী তৈয়াৰ কৰিব বিচৰা মাটিডোখৰ গৰমৰ দিনতে দকৈ চহাই ৰ’দৰ তাপত মোকলাই দিব লাগে সীৰলুত মাইক’ৰাইঝা (Arbuscular Mychorhyza Fungi) প্ৰতি বৰ্গমিটাৰত ২০০ গ্ৰামকৈ প্ৰয়োগ কৰিব লাগে। বীজতলীৰ ভেটিত চূণ প্ৰয়োগ কৰিব লাগে ট্ৰাইক’ডাৰমা, চিউদ’মনাচ ফ্লৰেন্স মাটিত প্ৰয়োগ কৰিব লাগে পাতত ফুট ফুটীয়া দাগ পৰা: পাতত চিউদ’মনাচ ফ্লৰেন্স (প্ৰতি ১ লিটাৰ পানীত ২০ মিলিলিটাৰ) স্প্ৰে কৰিব লাগে। পাতত বৰদ’ মিশ্ৰণ (১%) প্ৰয়োগ কৰিব লাগে । বেক্টেৰীয়াজনিত ৰোগ: প্ৰতিৰোধী জাত নিৰ্বাচন কৰিব লাগে । মাটিত চূণ প্ৰয়োগ কৰিব লাগে । মাটিত চিউদ’মনাচ ফ্লৰেন্স বা শস্য বৃদ্ধি কাৰক ৰাইয’বেক্টেৰীয়া (প্ৰতি ১ লিটাৰ পানীত ২০ মিলিলিটাৰ) ১৫ দিনৰ অন্তৰে অন্তৰে প্ৰয়োগ কৰিব লাগে। চিউদ’মনাচ ফ্লৰেন্সৰ দ্বাৰা পুলি শোধন জলকীয়া আৰু বিলাহী: পাত ঘেৰ খোৱা ভাইৰাছজনিত ৰোগ: নিমৰ পৰা নিষ্কাশিত কীটনাশকৰ (প্ৰতিলিটাৰ পানীত ২ মিলিলিটাৰ) দ্বাৰা বাহক পোক যেনে, মোৱা পোক নিয়ন্ত্ৰণ কৰা বিলাহী ৰোপনৰ ৫০ দিনৰ আগতে খেতিডৰাৰ চাৰিওফালে ৫-৬ শাৰিকৈ মাকৈৰ খেতি কৰিব লাগে। খেতিডৰা বন-বাত মুক্ত হব লাগে লেখক – নয়ন কুমাৰ বৰা উৎস- সেউজ চিন্তা