লেচেৰা মাহ - গ্ৰীষ্মকালীন পাচলিৰ ভিতৰত লেচেৰা মাহ এবিধ আগশাৰীৰ পাচলি। কেইবাটাও গুণৰ অধিকাৰী এইবিধ পাচলি বাৰিষা বজাৰত উভৈনদী হৈ পৰে। নিম্ন আয়ৰ লোকসকলে এইবিধ পাচলি কিনাত অসুবিধা নাপায়। বিভিন্ন প্ৰকাৰে ইয়াৰ আঞ্জা ৰান্ধি খাব পৰা যায় যদিও মিশ্ৰিত ভাজিৰ কাৰণে এইবিধ পাচলিৰ প্ৰাধান্য বেছি। আজি সহজলভ্য আৰু লাভজনক এইবিধ পাচলিৰ কৃষি পদ্ধতি চমুকৈ ক’বলৈ লোৱা হৈছে - মাটি: পানী ওলাই যোৱাৰ সু-ব্যৱস্থা থকা, বালিচহীয়া, পলসুৱা আৰু ৫.৫ ৰ পৰা ৬.০ পৰিমাণৰ অম্লতা থকা মাটি এই খেতিৰ উপযোগী। মাটি প্ৰস্তুতকৰণ: মাটিডৰা ২-৩ বাৰ হাল বাই, মৈয়াই সমান কৰি মিহিকৈ চাহ কৰিব লাগে। জাত: পুচা বৰচাতী- এই জাতটোৰ বিশেষত্ব এই যে গছবোৰ চাপৰ, ৬০-৮০ ছেন্টিমিটাৰ ওখ, ৩৫ দিনত ফুল ধৰে, ৪৫ দিনত ছেঁই ধৰে আৰু খোৱাৰ উপযোগী হয়। ৯০ দিনত ২-৩ বাৰ চপাব পাৰি। ছেঁইবোৰ পাতল সেউজীয়া বৰণৰ আৰু তললৈ ওলমি থকা। ছেঁইবোৰ ২০-২৫ ছেন্টিমিটাৰ দীঘল, গুটিবোৰ আঁচ থকা আৰু ডাঙৰ আকাৰৰ হয়। বীজ সিঁচাৰ সময়: মাৰ্চ-এপ্ৰিল মাহ। বীজৰ পৰিমাণ: বিঘাই প্ৰতি ৩-৪ কিলোগ্ৰাম। বীজ শোধন: প্ৰতি কিলোগ্ৰাম বীজ দুই গ্ৰাম কেপটাফ ঔষধেৰে শুকানে শোধন কৰি ল’ব লাগে। সাৰ প্ৰয়োগ: পচন সাৰ বা শুকান গোবৰ বিঘাই প্ৰতি ১০ কুইন্টল। ইউৰিয়া ৪ কিলোগ্ৰাম, ছুপাৰ ফছফেট ২৬ কিলোগ্ৰাম আৰু ২ কিলোগ্ৰাম মিউৰিট অব পটাছ সাৰ প্ৰাথমিক সাৰ হিচাপে প্ৰয়োগ কৰিব লাগিব। বীজৰ ব্যৱধান: শাৰীৰ দূৰত্ব ৭০ ছেন্টিমিটাৰ আৰু বীজৰ দূৰত্ব ৩০ ছেন্টিমিটাৰ হ’ব লাগে। প্ৰতিপালন: বীজ সিঁচাৰ ২০-২৫ দিন পিছত এবাৰ বন-বাত নিৰাই দিব লাগে। শস্য ৰক্ষা: বিছা আৰু মোৱাপোক নিয়ন্ত্ৰণ কৰাৰ বাবে মালাথিয়ন ঔষধ ১-১.৫ মিলি লিটাৰ ১ লিটাৰ পানী- এই পৰিমাণত মিশ্ৰণ কৰি ছটিয়াব লাগে। খেতি চপোৱা: ছেঁইবোৰ কোমল আৰু সেউজীয়া হৈ থাকোঁতেই খেতি চপাব লাগে। উৎপাদন: প্ৰতি বিঘাত ৬-৭ কুইন্টল। লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা(দৈনিক অসম)