আমাৰ দৈনন্দিন আহাৰত সতেজ শাক-পাচলিয়ে বিভিন্ন ধৰণৰ খাদ্য প্ৰাণ আৰু খনিজ পদাৰ্থৰ যোগান ধৰাৰ বাবে মানৱ দেহৰ পুষ্টি বিকাশত শাক-পাচলিৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য্য৷ নিখুঁত পৰিকল্পনা কৰি সূৰ্য্যৰ পোহৰৰ অভাৱ নোহোৱা যি কোনো এডোখৰ ওখ বাৰীৰ মাটিৰ পৰাই আমি সহজে আমাৰ দৈনন্দিন লাগতিয়াল সতেজ শাক-পাচলিখিনি পৰিয়ালৰ সকলো সদস্যৰ শ্ৰমত হোৱা এখন শাক-পাচলিৰ বাৰী পৰা সহজে পাব পাৰো৷ সাধাৰণতে পাঁচ জনীয়া সদস্যৰে গঠিত এটি পৰিয়ালৰ বাবে ২০০ বৰ্গ মিটাৰ মাটিৰ কালি বা তাতকৈ অলপ কম হ’লেও একো অসুবিধা নহয়৷ এখন সফল পাচলি বাৰী পতিবলৈ হ’লে বাৰীৰ বাবে মাটি নিৰ্বাচনত আৰু শষ্যক্ৰমৰ ওপৰত যথেষ্ট গুৰুত্ব দিব লাগিব আৰু তেতিয়াহে বছৰটোৰ বাবে বিভিন্ন শাক-পাচলি উৎপাদন কৰিব পৰা যাব৷ বাৰীৰ বাবে স্হান নিৰ্বাচন কৰোতে তলত উল্লেখ কেইটিমান প্ৰয়োজনীয় পদক্ষেপ গুৰুত্ব সহকাৰে বিবেচনা কৰিব লাগিব৷ বাৰীখন ৰ’দঘাই ঠাইত হোৱাৰ লগতে পানী জমা হব নেলাগিব৷ বাৰীখনৰ মাটি ওখ, বালিয়া আৰু পলসুৱা হব লাগে৷ সূৰ্য্যৰ পোহৰৰ অভাৱ নহ’বৰ কাৰণে ঘৰৰ পৰা পূব বা পশ্চিম দিশত বাৰীখন পাতিব লাগে৷ বাৰী পাতিবলৈ লোৱা মাটিত পর্য্যাপ্ত পৰিমাণে শুকান গোবৰ বা পচন সাৰ মিহলাই লব লাগে৷ বাৰীখন পূব দিশৰ চকুত দুফালে দুটা পচন সাৰৰ গাঁতৰ ব্যৱস্হা ৰাখিব লাগে৷ বাৰী নিৰ্বাচন কৰাৰ পাচত শাকনি বাৰীৰ শস্যক্ৰমৰ ওপৰত পৰিকল্পনা কৰি নিৰ্ভৰযোগ্য প্রতিস্হানৰ পৰা পুলি বা বীজ সংগ্ৰহ কৰি তলত উল্লেখ কৰা নিৰ্দেশনা কেইটা আগত ৰাখি বাৰী আৰম্ভ কৰিব লাগে৷ পৰিয়ালৰ সকলোৱে ৰুচি সম্পন্ন আৰু অধিক পুষ্টি সম্পন্ন শাক পাচলিৰ খেতি কৰিব লাগে৷ শাক পাচলিৰ শস্যক্ৰম এনেকুৱাকৈ তৈয়াৰ কৰিব লাগে যাতে বছৰ জুৰি বিভিন্ন শাক-পাচলি পাব পাৰে (চিত্ৰ নং ১ ত উল্লেখ কৰা মাতে)৷ সদায় অনুমোদিত জাত/সঁচ নাইবা বিদেশী প্ৰতিস্হানৰ হাইব্ৰীড বীজ ব্যৱহাৰ কৰিব লাগে৷ দৈনিক পৰিয়ালৰ সকলো সদস্যই বাৰীখন পৰিদৰ্শন কৰি ঠাইত দেখা দিয়া কীট-পতঙ্গ নিয়ন্ত্ৰণ কৰি লব লগা কৃষি পৰিচৰ্য্যাখিনি সময় মতে লব লাগে শাকনি বাৰীৰ নক্সা পাঁচ জনীয়া পৰিয়ালৰ কাৰণে ২০০ বৰ্গ মিটাৰ মাটিৰ কলিৰ এখন শাক পাচলি বাৰীৰ নক্সা চিত্ৰ ১ ত দেখুওৱা হৈছে৷ বাৰীখন দীঘলে ২০ মিটাৰ (৬৬ ফুট) আৰু বহল ১০ মিটাৰ (৩৩ ফুট) আকাৰৰ কৰিলৈ জেওৰা জপনা দি মাটি দোখৰ ভালকৈ চহাই দিব লাগে কোৰ মাৰি বনবাত গুচাই পয্ৰ্যাপ্ত পৰিমাণে গোবৰ নাইবা পচন সাৰ মিহলাই লব লাগে ৷ ইয়াৰ পাচত বাৰীৰ ভিতৰত ৩ মিটাৰ দীঘল আৰু ৩ মিটাৰ বহল (প্ৰায় ১০ ফুট দীঘল আৰু ১০ ফুট বহল) আকাৰৰ বাৰটা সৰু সৰু ভাগ কৰি ল’ব লাগে যাতে গোটেই বচৰতো বিভিন্ন শাক-পাচলি কৰিব পৰা যায় ৷ শাকনী বাৰীৰ মাজত এক মিটাৰ (প্ৰায় ৩ ফুট) এটা ৰাস্তা যাতায়াতৰ বাবে ৰাখিব লাগে৷ বাৰীখনৰ উত্তৰ দিশত পুৰাকল, জাহাজীকল, মালভোগ, নেমু, অমিতা, মটিকঠাল, তেজপাত আদি ৰুব লাগে আৰু দক্ষিন দিশত আদা, হালধি, কচু, ভাত কেৰেলা, পটল, কোমোৰা, জিকা আদিৰ খেতি কৰিব লাগে৷ ইয়াৰ উপৰিও থলুৱা ঔষধিগুণ থকা শাকে যেনে – মাটি কাঁদুৰি, ভেদাইলতা, ব্ৰাক্ষ্মী শাক আদিৰ লগতে বাৰ মাহে লগা জলকীয়া বেঙেনা আদি ৰোৱাৰ ব্যৱস্হা কৰিব লাগে৷ শাকনি বাৰীৰ বাবে অনুমোদিত জাত, পুলি বা বীজৰ পৰিমাণ আৰু পুলি ৰোৱাৰ বীজ সিঁচাৰ দূৰত্ব তালিকা ১: শাকনিবাৰীৰ কাৰণে অনুমোদিত জাত, পুলি বা বীজৰ পৰিমাণ আৰু পুলি ৰোৱাৰ বা বীজ সিঁচাৰ দূৰত্ব সষ্য অনুমোদিত জাত ৯ বৰ্গ মিটাৰ বাবে বীজ বা পুলিৰ পৰিমাণ পুলি ৰোৱাৰ বা বীজ সিঁচাৰ দূৰত্ব শাৰীৰ পৰা শাৰীলৈ শাৰীত পুলিৰ বা পুলিলৈ বীজৰ পৰা বীজলৈ বিলাহী আর্কা আলোক আর্কা আভা পঞ্জাব চুহাৰা ভিচি-৪৮ ৫০ টা পুলি ৬০ ছে: মি: (দুই ফুট) ৩০ ছে: মি: (এক ফুট) বেঙেনা জেচি-১ জেচি-২ পুচা পার্পল ক্লাষ্টাৰ পুচা পার্পল লং থলুৱা জাতৰ বৰ বেঙেনা ২০ টা পুলি ৬০ ছে: মি: (দুই ফুট) ৭৫ চে: মি: (আঢ়ৈ ফুট) ফুলকবি আগতীয়া সঁচ যেনে পুচা কেটকী, পুচা দীপালী আৰ্লি কুঁৱৰী নাইবা হাইব্ৰীড জাত ৪৫ টা পুলি ৪৫ চে: মি: (ডেৰ ফুট) ৪৫ চে: মি: (ডেৰ ফুট) মুল বতৰৰ সঁচ যেনে পুচা স্নবল, ইণ্ডিয়ান স্নবল, বা হাইব্ৰীড বীজ ২৫ টা পুলি ৬০ চে: মি: (দুই ফুট) ৬০ চে: মি: (দুই ফুট) শেষতীয়া সঁচ যেনে পুচা স্ন’বল, হিচাৰ-১, স্নবল-১, হাইব্ৰীড জাত ২৫ টা পুলি ৪৫ চে: মি: (ডেৰ ফুট) ৪৫ চে: মি: (ডেৰ ফুট) বন্ধাকবি আগতীয়াকৈ বান্ধ খোৱা সঁচ যেনে - গল্ডেন একৰ, প্ৰাইড অৱ ইণ্ডিয়া, পুচা মুক্তা বা হাইব্ৰীড জাত ৫০ টা পুলি ৬০ চে: মি: (দুই ফুট) ৩০ চে: মি: (ডেৰ ফুট) শেষতীয়াকৈ বান্ধ খেৱা সঁচ যেনে দ্ৰামহেড, বা বজাৰৰ হাইব্ৰীড জাত ২৫ টা পুলি ৬০ চে: মি: (দুই ফুট) ৬০ চে: মি: (দুই ফুট) ওল কবি বজাৰত পোৱাৰ হাইব্ৰীড সঁচ ১২০ টা পুলি ৩০ চে: মি: (ডেৰ ফুট) ২৫ চে: মি: (২৫ ইঞ্চি) ব্ৰকলী হাইব্ৰীড সঁচ ২৭ টা পুলি ৭৫ চে: মি: (আঢ়ৈ ফুট ) ৪৫ চে: মি: (ডেৰ ফুট) জলকীয়া পুচা জ্ৱালা এন, পি-৪৬, সূৰ্য্যমূখী ৪৫ টা পুলি ৪৫ চে: মি: (ডেৰ ফুট) ৪৫ চে: মি: (ডেৰ ফুট) কেপচিকাম কেলিফৰ্নিয়া ৱনডাৰ হাইব্ৰীড জাত ৪৫ টা পুলি ৪৫ চে: মি: (ডেৰ ফুট) ৪৫ চে: মি: (ডেৰ ফুট) ভেণ্ডি পুচা চাৱনী আৰ্কা অনামিকা উন্নত মানদণ্ডৰ ঠলুৱা জাত ১৭ গ্ৰাম বীজ ৩০ চে: মি: (এক ফুট) ১৫ চে: মি: (আধা ফুট) গাজৰ নানটিজ, পুচা কেচৰ, গল্ডেন হাৰ্ট ১০ গ্ৰাম বীজ ৩০ চে: মি: (এক ফুট) বীজ এক ফুট আতৰে আতৰে শাৰী বনাই শাৰীত ৪ ইঞ্চিৰ ব্যৱধানত বীজ সিঁচি দিব লাগে মুলা পুচা কেতকী পুচা হিমানী পুচা ৰস্মি ১০ গ্ৰাম বীজ ডেৰ ফুট আঁতৰে আঁতৰে ভেটি কৰি ভেটিত ৪ ইঞ্চিৰ ব্যৱধানত বীজ সিঁচি দিব লাগে আলু কুফ্রি জ্যোতি কুফ্ৰি মেঘা কুফ্ৰি চন্দ্ৰমুখী ২-৩ টা চকু থকা ২৫-৩০ গ্ৰাম ওজনৰ আলু ২ কিলো ভেটিৰ পৰা ভেটিৰ দুৰত ডেৰ ফুট ৰাখি প্ৰতিটো ভেটিত আধা ফুট অন্তৰে অন্তৰে বীজৰ বাবে বাচনি কৰা আলু গুজি দিব লাগে মটৰ মাহ বনেভিল, আৰ্কেল, টি-১৬৩ ৩৬ গ্ৰাম বীজ ৩০ চে: মি: (এক ফুট) ১০ চে: মি: (৪ ইঞ্চি) ফ্ৰেঞ্চ বীনস পুচা পাৰ্বতী, কনটেনডাৰ ইউ, পি এফ-২০৩, ১৯০ ইত্যাদি ৩৬ গ্ৰাম বীজ ৪৫ চে: মি: (ডেৰ ফুট) ৩০ চে: মি: (এক ফুট) তিয়ঁহ (মাটিত বগোৱা সঁচ) স্হানীয় – অধিক উৎপাদন ক্ষম ৩৩ গ্ৰাম বীজ ১-৫ মিটাৰ (৫ ফুট) ৯০ চে: মি: (৩ ফুট) উৎস: অসম কৃষি বিশ্ববিদ্যালয়।