আধুনিক যুগত অন্যতম সুস্বাদু আৰু পুষ্টিপূর্ণ ফল হিচাপে জনপ্ৰিয়তা লাভ কৰা, দেখাত অতি সুন্দৰ ফল ষ্ট্ৰ’বেৰীৰ খেতি পোনপ্ৰথমে আৰম্ভ হৈছিল ফ্রান্সত। ভিটামিন আৰু কেলছিয়াম, ফছফৰাছ আৰু পটাছিয়ামেৰে পৰিশিষ্ট ষ্ট্র’বেৰীবোৰে বর্তমান যুগত এণ্টিঅক্সিডেণ্টৰ অন্যতম উৎস হিচাপেও সমাদৰ লাভ কৰিছে। যদিও ষ্ট্র’বেৰী মূলতঃ শীতল অঞ্চলত হোৱা খেতি, উপক্রান্তীয় জলবায়ুযুক্ত ঠাইত তথা গ্ৰীষ্মকালীন জলবায়ুত ওখ, পাহাৰীয় ঠাইতো এইবিধ ফলৰ খেতি সফলৰূপে কৰিব পৰা যায়। অতি সহজে আৰু খৰতকীয়াকৈ সংস্থাপন হোৱা ষ্ট্ৰ’বেৰীৰ খেতি সাধাৰণতে সেউজ গৃহ অথবা প্লাষ্টিকৰ ঢাকনি ব্যৱহাৰ কৰিও কৰা হয়।

ভাৰতত প্রথমে হিমাচল প্রদেশ, জম্মু আৰু কাশ্মীৰ, উত্তৰাঞ্চল আৰু উত্তৰ প্ৰদেশৰ কোনো কোনো ঠাইতহে ষ্ট্ৰ’বেৰীৰ খেতি কৰা হৈছিল। কিন্তু দিন-ৰাতি দৈর্ঘ্যৰ নিৰপেক্ষ জাতবোৰৰ জনপ্ৰিয়তাই ভাৰতৰ উপক্ৰান্তীয় জলবায়ুযুক্ত ৰাজ্যবোৰতো এই খেতিৰ প্ৰচলন আৰম্ভ তথা বহুপ্ৰসাৰিত কৰিলে। বর্তমান ভাৰতৰ ভিতৰত সর্বাধিক ষ্ট্ৰ’বেৰী উৎপাদন হয় মহাৰাষ্ট্ৰত। ষ্ট্ৰ’বেৰীৰ উৎপাদনৰ ক্ষেত্ৰত অন্যতম ৰাজ্যবোৰৰ ভিতৰত চিকিম, মিজোৰাম আৰু মেঘালয়ৰ নাম উল্লেখনীয়।

জলবায়ু অনুসৰি বিভিন্ন ষ্ট্র’বেৰীৰ জাত আছে। ভাৰতত মূলতঃ বিদেশৰ পৰা আমদানিকৃত প্রসিদ্ধ জাতবোৰেই ব্যৱহাৰ হোৱা দেখা যায়। ভাৰতৰ বিভিন্ন জলবায়ু অনুসৰি খেতিৰ বাবে ব্যৱহাৰত জাতসমূহ হ’ল— চেণ্ডলাৰ অফ্ৰা কামাৰ’জা চুইট, চার্লি চি স্কেপ, ব্লেক ম’ৰ, ফায়াৰ ফক্স ইত্যাদি। অন্যান্য কিছুমান জাত, যেনে: প্রেমিয়াৰ, ৰে’ড ক’ষ্ট, দিলপচন্দ, বেংগাল’ৰ, ফ্ল’ৰিডা ৯০ আদি বহু ঠাইত খেতি কৰা দেখা গৈছে।

ষ্ট্র’বেৰী খেতিৰ সবিশেষ -

খুব সুন্দৰভাৱে চহাই লোৱা সাৰুৱা মাটিত ওখ ঢিপ বান্ধি ষ্ট্ৰ’বেৰী পুলিবোৰ ৰোৱা হয়। চহাই লোৱা মাটিত অপতৃণ নাশক ঔষধ আৰু পচন সাৰ বা শুকান পচা গোবৰ মিহলি কৰাটো প্রয়োজনীয়। ষ্ট্র’বেৰীৰ শিপাবোৰ বৰ বেছি দলৈ নাবাঢ়ে। সেয়ে মাটিত মিহলোৱা জৈৱিক বা ৰাসায়নিক সাৰৰ প্রয়োগ চহোৱা মাটিৰ ওপৰৰ স্তৰতে কৰাটো লাভজনক। অন্য এটা মন কৰিব লগা কথা হৈছে মাটিত জীপ থকাটো, অন্যথা শিপাৰ বৃদ্ধি আৰু পুলিবোৰৰ সংস্থাপনত ব্যাঘাত জন্মে। অপতৃণ নিবাৰণ ষ্ট্ৰ’বেৰী খেতিৰ ক্ষেত্ৰত অতিশয় গুৰুত্বপূর্ণ। ষ্ট্ৰ’বেৰী গছবোৰ সৰু তৃণজাতীয় হয় আৰু সেয়ে বহু সময়ত অপতৃণ নিবাৰণ কৰাত অসুবিধা হয়, এনে ক্ষেত্ৰত ৰাসায়নিক অপতৃণনাশকৰ উপৰি ক’লা বা বগা পলিথিন অথবা খেৰ, কাঠৰ গুড়ি আদি মাটি ঢাকনি হিচাপে ব্যৱহাৰ কৰিব পাৰি। মাটি ঢাকনিৰ ব্যৱহাৰ, শিপাৰ বৃদ্ধি আৰু বিকাশতো জলবায়ু বিশেষে সুপ্ৰভাৱ বিস্তাৰ কৰে।

ষ্ট্ৰ’বেৰীৰ পুলিবোৰ প্ৰকৃততে হৈছে সুবিকশিত একো একোটা পোখা। পূর্ণ বিকশিত শিপা আৰু সুদৃঢ় মূঢ়াযুক্ত এনে পুলিবোৰ মাত্র গছৰ কাষৰ পৰা উঠাই মূল বাৰীত ৰুব লাগে। এনে কৰোঁতে মন কৰা প্রয়োজনীয় যাতে পোখাবোৰত অধিক ৰ’দ-বতাহ নালাগে। ৰোৱাৰ আগতে পোখাৰ বাহিৰৰ ফালৰ পাতবোৰ আঁতৰাই দিব লাগে আৰু শিপাবোৰ পানীৰে ভালকৈ ধুই লৈ শিপাবোৰৰ ১/২ ৰ পৰা ১/৩ অংশ কাটি ল’ব লাগে। ৰোৱাৰ সময়ত এটা মন কৰিব লগীয়া কথা হ’ল যাতে মূঢ়া অংশ মাটিৰ ওপৰৰ স্তৰৰ সৈতে সমানত থাকে, অন্যথা দকৈ ৰুলে মূঢ়া পচি পুলি মৰিব পাৰে বা পৰৱৰ্তী সময়ত পোখা ওলোৱা পলম হ'ব পাৰে, অৱশ্যে মাটিৰ পৰা বেছি ওপৰত মুঢ়াটো উলিয়াই ৰুলে মূঢ়া / শিপা শুকাই যাব পাৰে।

ভাৰতৰ জলবায়ু অনুসৰি ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ মধ্যভাগলৈকে ষ্ট্র’বেৰীৰ পুলিবোৰ ৰোৱাটো বাঞ্ছনীয়। বেছি সোনকালে ৰুলে সৰু পুলিৰ মৃত্যুৰ হাৰ বৃদ্ধি পায়, অৱশ্যে বেছি দেৰিকৈ ৰুলে পুলিবোৰৰ সুসংস্থাপনৰ হাৰ হ্রাস হোৱা দেখা যায়। সেয়ে, সঠিক সময়ত পুলি ৰোৱাটো অতি দৰকাৰী।

পুলি ৰোৱাৰ অৱশ্যে বিভিন্ন বিজ্ঞানসন্মত প্রণালী আছে। যেনে—

১।মেটেডৰ’

২। স্পেচড বেডচ্ আৰু

৩। হিল্ৰ’।

এই প্রণালীসমূহ তলত ব্যাখ্যা কৰা হ’ল—

১। মেটেডৰ’: এই প্রণালীত ৰোপণ কৰিবলৈ পুলিৰ দুটা শাৰীৰ মাজত ৯০ ছেঃ মিঃ দূৰত্ব থাকিব লাগে আৰু একো একোটা শাৰীত ৪৫ ছেঃ মিঃ ব্যৱধানত পুলিবোৰ ৰুব লাগে। সাৰুৱা মাটিৰ বাবে এই ৰোপণ প্রণালী লাভজনক। তদুপৰি, এই পদ্ধতিত ৰোৱা গছবোৰৰ পৰা অত্যধিক হাৰত পোখা মেলা দেখা যায়।

২। স্পেচড্ বেড্চ: এই পদ্ধতিত শাৰীবোৰৰ মাজত ৯০-১০০ ছেঃ মিঃ দূৰত্ব হ’ব লাগে আৰু পোখাবোৰ ৩০-৫০ ছেঃ মিঃ আঁতৰে আঁতৰে প্রত্যেক শাৰীত ৰুব লাগে। এই পদ্ধতিত ষ্ট্র’বেৰীৰ ফলৰ আকাৰ ডাঙৰ হোৱা দেখা যায় যদিও অত্যধিক সংখ্যক পোখা উঘালি অনাটো (নিয়ন্ত্ৰণৰ অর্থে) এই পদ্ধতিৰ অসুবিধাজনক কথা।

৩। হিলৰ এই পদ্ধতিত কেইবাধৰণেৰে পুলিবোৰ ৰুব পাৰি যদিও সাধাৰণতে ২০-২৫ ছেঃ মিঃ ওখ সমান ঢিপ বান্ধি প্রত্যেক ঢিপত দুটাকৈ শাৰীত পুলিবোৰ ৩০.৫×৩০.৫ ছেঃ মিঃ ব্যৱধানত ৰোৱা হয়। এনে ধৰণৰ দুটা ঢিপৰ মাজত সাধাৰণতে ১০৭ ৰ পৰা ১২২ ছেঃ মিঃ দূৰত্ব থকাটো বাঞ্ছনীয়। এই ধৰণৰ ৰোপণ পদ্ধতি খেতি ডৰাৰ প্ৰতিপালন তথা ডাঙৰ আকাৰৰ অধিক ফল উৎপাদনৰ বাবে অধিক সুবিধাজনক পদ্ধতি ৰূপে পৰিগণিত হৈছে।

ষ্ট্র’বেৰীৰ খেতিত পুষ্টি যোগান -

বছৰি প্রতি বিঘা মাটিত ১০ টন শুকান গোবৰৰ যোগানে ষ্ট্ৰ’বেৰীৰ প্ৰয়োজনীয় পুষ্টি পূৰ্ণ কৰিব পাৰে। অন্যথা মাটি চহোৱা সময়ত প্রতি বিঘাত ২.৫-৩ টন শুকান গোবৰ মিহলি কৰাৰ লগতে ৫-৬ কিল’গ্রাম ইউৰিয়া, ৩৩ কিঃ গ্ৰাঃ একক চুপাৰ ফছফেট আৰু ৮ কিঃগ্ৰাঃ মিউৰেট অৱ পটাছ মিহলি কৰি পুলিবোৰ ৰুব পৰা যায়। পুলি সংস্থাপনৰ পাছৰ পৰা বছৰৰ মূৰত পুনৰ প্ৰতি বিঘাত ৪০ কিঃগ্ৰাঃ ফছফৰাছ আৰু ৮০ কিঃগ্ৰাঃ পটাছ প্রয়োগ কৰিব লাগে।

অধিক উৎপাদন আৰু শস্যক গুণগত মানৰ উন্নতি কৰিবৰ বাবে ২% ইউৰিয়া (প্রতি লিটাৰত ২০ গ্রাম /৪ চাহ চামুচ), ০.৫% জিংক চালফেট (প্রতি লিটাৰত ৫ গ্রাম বা এক চাহ চামুচ), ০.৫% কেলছিয়াম চালফেট (প্রতি লিটাৰত ৫ গ্রাম বা এক চাহ চামুচ), ০.৫% কেলছিয়াম চালফেট (প্ৰতি লিটাৰত ৫ গ্ৰাম বা এক চাহ চামুচ) আৰু ০.২% বৰিক এচিড (প্রতি লিটাৰত ২ গ্রাম) হিচাপত স্প্ৰে’ কৰিব লাগে।

অপতৃণ নিবাৰণ -

অপতৃণ নিবাৰণৰ বাবে পাৰাকোৱেট, চিমাজিং ৪০০ গ্রাম / প্রতি বিঘাত আৰু পেণ্ডিমিঠালিন ৪৪ গ্রাম / প্রতি বিঘা হিচাপত মাটি চহোৱাৰ সময়ত প্রয়োগ কৰিব লাগে। অন্যথা অপতৃণৰ পৰা পৰিত্ৰাণ পাবলৈ জৈৱিক সামগ্ৰী, যেনে: খেৰ, কাঠৰ গুড়ি আদি বা অজৈৱিক সামগ্ৰী, যেনে: ক’লা বা বগা পলিথিনৰ মাটি ঢাকনি ব্যৱহাৰ কৰি অধিক লাভৱান হ’ব পাৰি।

অন্য যতন

অত্যধিক সংখ্যক পোখা উৎপাদন হ’লে তাক নিয়ন্ত্ৰণ কৰিব লাগে, যিবোৰ পোখাৰ গঠন পুলি হিচাপে বিক্ৰীৰ বাবে উপযুক্ত হয়, তেনেবোৰ পোখাত ফল লগা বন্ধ কৰিবলৈ ফুলৰ কলিবোৰ ছিঙি দিব লাগে। পোখাসমূহ মেলাৰ সময়ত পোখা বঢ়াৰ দিশ ৰোপণ পদ্ধতিৰ সমান্তৰাল কৰি দি নিয়ন্ত্ৰণ কৰিব লাগে, যাতে খেতিয়কৰ মাজত সোমোৱাত অসুবিধা নহয়।

ফল ছিঙা/চপোৱা

ষ্ট্র’বেৰী ফলবিধ কোমল গঠন বিন্যাসৰ হোৱা হেতুকে খুব সোনকালে নষ্ট হোৱাৰ ভয় থাকে, সেয়ে ফল ছিঙা তথা বজাৰলৈ পঠোৱা প্ৰক্ৰিয়াত সাৱধানতা অৱলম্বন কৰাটো অতি প্রয়োজনীয়। ওচৰৰ বজাৰত বিক্ৰীৰ বাবে ফলটোত আধা বা ৩/৪ অংশ ৰঙা পৰা সময়েই সঠিক সময় ফল ছিঙাৰ। কিন্তু দূৰৰ বজাৰলৈ পঠাবৰ বাবে পূৰঠ কিন্তু সেউজীয়া টান অৱস্থাতে ফলবোৰ চপাব লাগে। চপোৱা কামটো প্রত্যেক এটা দিনৰ অন্তৰালত কৰাটো বাঞ্ছনীয় আৰু ছিঙাৰ সময়ত ফলটোত হেঁচা প্রয়োগ কৰিব নালাগে, অর্থাৎ ঠাৰিডালত ধৰি ছিঙিব লাগে যাতে ফলৰ চুপহিৰ ওপৰত ঠাৰিৰ ২-৩ ছেঃ মিঃ অংশ লাগি থাকে। ছিঙাৰ সময়তেই পৰাপক্ষত সৰু সৰু ফুটাযুক্ত প্লাষ্টিকৰ সৰু বাকচত ১৫-২০ টা মানকৈ ষ্ট’বেৰীবোৰ শেষ কৰিব লাগে আৰু পৰাপক্ষত ছিঙাৰ পাছত সকলো সময়তে শীতল কক্ষ অথবা ফ্রিজ ব্যৱহাৰ কৰি ষ্ট্র’বেৰীবোৰ সংৰক্ষণ কৰিব লাগে (৫-৭ ডিগ্ৰী ছেণ্টিগ্রেডত)।

ষ্ট্র’বেৰীবোৰ ৰোৱাৰ পৰা অতি কম সময়ৰ ভিতৰতে ফল দিয়া এবিধ লাভজনক খেতি। অসমৰ জলবায়ুত লাভজনক শীতকালীন খেতি হিচাপে ই বর্তমান জনপ্রিয়তা লাভ কৰিছে।

লেখিকা: সুদেষ্ণা বৰুৱা আৰু শেৱালি শইকীয়া, দৈনিক জনমভূমি।