জাত নিৰ্বাচন - ৰেপচিড: টি.এচ.-৩৮(৯০-৯৫ দিন), টি.এচ.৩৬(৯০-৯৫দিন), টি.এচ.২৯(৮৫-৯০ দিন), এম ২৭ (৯০-৯৫ দিন) আৰু লক্ষ্মী(টি.এচ.৪৬) মাষ্টাৰ্ড: টি.এম.-২, টি.এম.-৪, বৰুণা বিঘাই প্ৰতি ৬৫.৫ কিঃগ্ৰাঃ ডল’মাইট চূণ সিঁচাৰ ১৫ দিন আগেয়ে মাটিত প্ৰয়োগ কৰিব লাগে। বিঘাই প্ৰতি ৰসায়নিক সাৰৰ পৰিমাণ - বৰষুন নিৰ্ভৰশীলঃ ইউৰিয়া-১২ কিঃগ্ৰাঃ, চুপাৰ-৩০ কিঃগ্ৰাঃ আৰু পটাচ- ৫ কিঃগ্ৰাঃ। জলসিঞ্চনঃ ইউৰিয়া-১৮ কিঃগ্ৰাঃ, চুপাৰ-৩৩ কিঃগ্ৰাঃ আৰু পটাচ-৯ কিঃগ্ৰাঃ প্ৰতি বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ-১.৩ কিঃগ্ৰাঃ। সৰিয়হ সিচাৰ ৩০ দিনৰ বৰ’ণ (প্ৰতি লিটাৰ পানীত ২.৫গ্ৰাম) স্প্ৰে কৰিব লাগে। সৰিয়হ সিঁচাৰ উপযুক্ত সময় হল অক্টোবৰৰ মাজভাগৰ পৰা নৱেম্বৰৰ মাজভাগলৈ। অৱশ্যে বীজৰ পৰিমাণ কিছু বঢ়াই নবেম্বৰৰ শেহতিয়াকৈ সিঁচিব পাৰি। যিমান সোনকালে সিঁচে, সিমান মোৱা পোকৰ আক্ৰমণৰ পৰা হাত সাৰিব পাৰি। ভেঁকুৰজাতীয় ৰোগৰ প্ৰতিষেধক হিচাপে বীজখিনি মেটালেক্সিলেৰে (প্ৰতি কিলোগ্ৰামত ৬ গ্ৰাম) শোধন কৰি লব লাগে। সৰিয়হ খেতিৰ শস্য ৰক্ষা - মোৱা পোক নিয়ন্ত্ৰণ: ১) সাধাৰণতে আগতীয়াকৈ অৰ্থাৎ অক্টোবৰ (কাতি-আঘোন) মাহত সৰিয়হ সিঁচিলে মোৱা পোকৰ অক্ৰমণৰ পৰাশস্যডৰা ৰক্ষা কৰিব পাৰি। ২) সৰিয়হ তলিত হালধীয়া ৰঙৰ আঠাযুক্ত কাৰ্ড লগাই মোৱা পোকৰ সংখ্যা হ্ৰাস কৰিব পাৰি। ৩) প্ৰথম অৱস্থাতে সৰিয়হৰ পথাৰ নিৰীক্ষণ কৰি মোৱা পোক আক্ৰমণিত ঠাল-ঠেঙুলিবোৰ চিঙি আনি নষ্ট কৰি পেলাব লাগে। ৪) নিমতেল (২% শক্তিযুক্ত) বা নিমগুটিৰ খোলাৰ পৰা নিষ্কাষিত ৰস (৫% শক্তিযুক্ত) সৰিয়হতলীডৰাত ছটিয়াই নিয়ন্ত্রণ কৰিব পাৰি। ৫) শেহতীয়াকৈ পৰভক্ষী পতঙ্গ যেনে- লেডি বাৰ্ড বিটল, লেচউইং, পৰাশ্ৰয়ী পতঙ্গ আৰু পৰাশ্ৰয়ী ভেঁকুৰ আদিৰ জৰিয়তে জৈৱিকভাবে এই পোক নিয়ন্ত্রণৰ ব্যৱস্থা হৈছে। ৬) ৰাসায়নিক নিয়ন্ত্রণৰ বাবে ক্লৰপাইৰিফচ ২০ ই.চি. বা মালাথিয়ন ৫০ ই.চি. আৰু অন্যান্য অনুমোদিত কীটনাশক বিশেষজ্ঞৰ পৰামৰ্শ লৈহে স্প্ৰে কৰা উচিত। সৰিয়হৰ অন্যান্য অনিষ্টকাৰী পোক হ’ল - পেইন্টেড্ বাগ, মাষ্টাৰ চ-ফ্লাই, বিহাৰ হেয়াৰী কাটাৰপিলাৰ আদি। এই পোকবোৰৰ নিয়ন্ত্রণৰ বাবে মোৱাপোক নিয়ন্ত্রণৰ দৰে ব্যৱস্থা ল ব পাৰি। ৰাসায়নিক কীটনাশক সৰিয়হত স্প্ৰে কৰোতে আটাইতকৈ মন কৰিবলগীয়া বিষয় হল- মৌ-মাখিয়ে সৰিয়হৰ পৰাগযোগত বিশেষভাৱে সহায় কৰে। সাধাৰণতে মৌ-মাখিয়ে ৰাতিপুৱা বেলাত সৰিয়হতলীত বিচৰণ কৰে। সেয়ে, ৰাসায়নিক কীটনাশক সদায় আবেলি সময়তহে স্প্ৰে কৰা উচিত। ভেঁকুৰ জাতীয় ৰোগ নিয়ন্ত্ৰণ - ১)হোৱাইট ব্ৰাষ্ট/ডাউনিমিলডিউ/অলটাৰনেৰিয়া লিফ স্পট: মেটালেক্সিল-৮%+ মেনকজেব ৬৪%- প্ৰতি বিঘা সৰিয়হৰ বাবে ৩৩০ গ্ৰাম ১৩৩ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে (প্ৰতি লিটাৰ পানীত প্ৰায় ২.৫ গ্ৰাম)। মেটালেক্সিল-৮%+ মেনকজেব ৬৪%- প্ৰতি বিঘা সৰিয়হৰ বাবে ৩৩০ গ্ৰাম ১৩৩ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে (প্ৰতিলিটাৰ পানীত প্ৰায় ২.৫ গ্ৰাম)। উৎস: সেউজ চিন্তা