অন্নদাতা কি?

অন্নদাতা হৈছে এক জৈৱিক মিশ্ৰণ।ই মাটিৰ উৰ্বৰতা শক্তি ঘুৰাই অনাত সহযোগী হ’ব পৰাকৈ অনুজীৱ সমূহ জীয়াই থকাৰ এক পৰিৱেশ সৃষ্টি কৰি দিবৰ বাবে বিভিন্ন প্ৰাকৃতিক উপাদানৰ এক মিশ্ৰণ।

অন্নদাতা প্ৰাকৃতিক উৎপাদান কি আছে?

অন্নদাতা প্ৰাকৃতিক উৎপাদান হিচাবে কেচুসাৰ,মাছৰ গুড়া,হাড়ৰ গুড়া,নাৰিকলৰ জাৱৰ আদিকে ধৰি আৰু বহু কেইবিধ প্ৰাকৃতিক উপাদান আনুপাতিক হিচাপত মিহলোৱা হৈছে।

গছৰ প্ৰয়োজনীয় মৌ সমূহ পোৱা সম্ভৱনে?

গছৰ বাবে প্ৰয়োজনীয় আটাইকেইটা মৌল কম-বেছি পৰিমাণে পোৱা সম্ভৱ।

অন্নদাতা পৰীক্ষা কৰা হৈছেনে?

অন্নদাতা খেতিৰ পথাৰত তিনি বছৰ ধৰি পৰীক্ষা কৰা হৈছে,বিভিন্ন খেতিত।পৰীক্ষা কৰা এলেকাসমূহ-কাৰ্বি আংলং জিলাৰ চাৰিটা কৃষি উন্নয়ন এলেকাত।পৰীক্ষাকালীন সময়ত তিনিজন কৃষি উন্নয়ন বিষয়াই সহযোগিতা কৰিছিল।ক্ৰমে-শ্ৰীযুত নিৰেন বৰা,শ্ৰীযুত এচ.কে. তিৱাৰী,শ্ৰীযুত এ.কে. সিনহা।

অন্নদাতা প্ৰয়োগ কৰিলে আমাৰ খেতি সমূহত কি কি সুবিধা উপলব্ধ হ’ব-

পানী ধৰি ৰখাৰ ক্ষমতা বৃদ্ধি হ’ব।

শিপাৰ গঠন প্ৰণালী সুদৃঢ় হ’ব।

গছৰ প্ৰয়োজনীয় সকলো মৌল কম-বেছি পৰিমাণে পোৱা হেতুকে উদ্ভিদৰ প্ৰাকৃতিকভাৱে উন্নয়ন হ’ব।

পতান নহ’ব।

পুৰঠ হ’ব।

ওজন বাঢ়িব।

খাদ্যৰ অভাৱত সংঘটিত হোৱা সমস্যাসমূহ নাথাকিব।

গছৰ ফল ধাৰণ ক্ষমতা বৃদ্ধি হ’ব।

সমানে উন্নয়ন হ’ব।

মাটি কোমল হ’ব,কঠিনতা ভাৱ নাথাকিব।

অনুজীৱ সমূহে জীয়াই থকা বা বংশ বৃদ্ধি কৰাৰ সুন্দৰ পৰিৱেশ গঢ়ি উঠিব।

বেক্টেৰিয়া সমূহে জীয়াই থকাৰ পৰিৱেশ পোৱাৰ লগতে নাইট্ৰাজেন,ফচফৰাচ,পটাচিয়াম গছত প্ৰাকৃতিকভাৱে যোগান দিয়াত সহযোগিতা কৰিব পাৰিব।

প্ৰাকৃতিক ভাৱে গছৰ উন্নয়ন ঘটাত পোক-পৰুৱাৰ আক্ৰমণৰ পৰা হাত সাৰিব।

খেতি কৰোতে বা চপাওঁতে শ্ৰমিক কম লাগিব।

তুলনামূলকভাৱে ৰাসায়নিক সাৰতকৈ উৎপাদন পৰিমাণগতভাৱে কম যেন ধাৰণা হয় যদিও ওজন বঢ়া হেতুকে একে থাকিব।মূল্য বেছি পোৱ যাব।

অন্নদাতাৰ স্থায়িত্বৰ সময় বেছি।যাৰ বাবে 2 বাৰ প্ৰয়োগ কৰিলেই যথেষ্ট।

শুকাই যাব কিন্তু গেলি নাযাব।

প্ৰাকৃতিক স্বাদ পোৱা যাব।

মানুহ৮ৰ স্বাস্থ্য ওপৰত কোনো কু-প্ৰভাৱ নপৰে।

মানুহৰ মন-মগজুত স্থিৰতা বাঢ়িব।বেমাৰ-আজাৰ নহ’ব।

অন্নদাতা প্ৰয়োগ পদ্ধতি আৰু পৰিমাণ:

ধান খেতিত ৰাসায়নিক সাৰ প্ৰয়োগ কৰি থকা মাটিত বিঘা প্ৰতি 10 কেজি অন্নদাতা প্ৰয়োগ কৰিব।ৰাসায়নিক সাৰ নিদিয়া মাটিত বিঘা প্ৰতি 6 কেজি অন্নদাতা প্ৰয়োগ কৰিব।

প্ৰয়োগ পদ্ধতি:

শেষৰ বাৰ হাল মৰাৰ পিছত অন্নদাতা ওপৰত ছটিয়াই মৈ মাৰি ৰোৱাৰ ব্যৱস্থা কৰিব লাগে।

প্ৰয়োজনত 18 ৰ পৰা 20 দিনত পুনৰ অন্নদাতা ছটিয়াব পাৰে।

প্ৰয়োজনত 40 ৰ পৰা 45 দিনত পুনৰ অন্নদাতা ছটিয়াব পাৰে।

শাক-পাচলিত:

বিঘা প্ৰতি 10 কেজি অন্নদাতা প্ৰয়োগ কৰিব।শেষৰ হাল মৰাৰ পিছত।

পইন্ট কৰি লোৱা খেতি:

প্ৰতিটো পুলি লগাওঁতে(খেতি অনুসৰি) 5 গ্ৰামৰ পৰা 20 গ্ৰাম পৰ্যন্ত ব্যৱহাৰ কৰিব পাৰিব।প্ৰয়োজনত ৰিং কৰি 2-3 বাৰ প্ৰয়োগ কৰিব পাৰি।

আলুৰ খেতিত:

সিৰলুত অন্নদাতা ছটিয়াই তাৰ ওপৰত আলু লগাব পাৰি।মাটি চপোৱা সময়ত পুনৰ দিব পাৰিব।আলু খেতিত বিঘাই প্ৰতি 20-50 কেজি ব্যৱহাৰ কৰিব পাৰিব।

নাৰ্চাৰীত প্ৰয়োগ:

সকলো পুলিৰ নাৰ্চাৰীত ব্যৱহাৰ কৰিব পাৰি।পুলি অনুসৰি 2 গ্ৰামৰ পৰা 5 গ্ৰাম পৰ্যন্ত।

চাহ খেতিত:

প্ৰতিটো পুলি লগাওঁতে গাঁতত 15 গ্ৰাম পৰ্যন্ত দি ল’ব পাৰিব।পুলি লগোৱাৰ তিনি বছৰ পৰ্যন্ত ৰিং কৰি 15 গ্ৰামৰ পৰা 20 গ্ৰাম প্ৰয়োগ কৰিব পাৰিব।বছৰত 2 বাৰ প্ৰয়োগ কৰিলেই হ’ব।পুৰঠ চাহ গছত অৰ্থাৎ পাত চিঙিব পৰা গছত ৰিং কৰি 20-50 গ্ৰাম পৰ্যন্ত প্ৰয়োগ কৰিব পাৰি।বছৰত দুই বাৰ প্ৰয়োগ কৰিব লাগে।এপ্ৰিল,মে আৰু চেপ্তেম্বৰ,অক্টোবৰ মাহত।

কমলা,নেমু আদিত:

মাৰ্চ,এপ্ৰিল আৰু আগষ্ট,চেপ্তেম্বৰত ৰিং কৰি প্ৰতিটো পুলিত(বয়স অনুসৰি) 50-100 গ্ৰাম পৰ্যন্ত দিব লাগে।

কফি,ৰাৱাৰ আদিত:

বছৰত দুই বাৰ ৰিং কৰি প্ৰতিটো পুলিত(বয়স অনুসৰি) 50-100 গ্ৰাম প্ৰ্যন্ত।

বহু বৰ্ষজীৱি যি কোনো গছত:

বছৰত দুই বাৰ প্ৰয়োগ।প্ৰতিটো পুলিত (বয়স অনুসৰি)100-150 গ্ৰাম পৰ্যন্ত দিব পাৰিব।

তামোল,নাৰিকল আদি গছত:

পাতৰ পৰা মধ্য স্থানত এক ফুট দ কৈ চাৰিওফালে গাত খান্দি প্ৰতিটো পুলিত (বয়স অনুসৰি) 2-ৰ পৰা 10 কেজি প্ৰয়োগ কৰিব পাৰিব।

উৎস:বৰ্ণালী বায়’এগ্ৰ্টেক(জৈৱিক কৃষি সেৱা সংস্থা)অসম