বানপানীৰ পাছত শালিধানৰ খেতিৰ বাবে ল’বলগীয়া ব্যৱস্থাৱলী: যোৱা কিছুদিনৰ পৰা অসমত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যখনৰ বিভিন্ন জিলাত বানপানীয়ে শালিধানৰ খেতিৰ ক্ষেত্ৰত কৃষক ৰাইজৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে। পানী শুকোৱাৰ ওপৰত ভিত্তি কৰি কৃষক ৰাইজে শালিধান খেতিৰ বাবে পথাৰত ল’বলগীয়া বিভিন্ন ব্যৱস্থাৱলী সন্দৰ্ভত তলত উল্লেখ কৰা হ’ল। জুন-জুলাই মাহত হোৱা বানপানীৰ ক্ষেত্ৰত: ৰঞ্জিত, বাহাদুৰ আদিৰ দৰে দীৰ্ঘদিনীয়া জাতৰ কঠীয়া আগষ্ট মাহত ১০ তাৰিখলৈকে পথাৰত ৰুব পাৰিব। মধ্যমীয়া কৃষিকালৰ জাত যেনে- শ্ৰাৱণী, সত্যৰঞ্জন, বসুন্ধৰা, লাচিত, চিলাৰায় আদিৰ ২৫-৩০ দিন বয়সৰ কঠীয়া জুলাই মাহৰ ২৫ তাৰিখৰ ভিতৰত সিঁচি আগষ্ট মাহৰ ২০ তাৰিখলৈকে ৰুব পাৰিব। বান অধ্যুষিত অঞ্চলৰ বাবে স্বৰ্ণ চাব-১, জলশ্ৰী, জলকুঁৱৰী আদিৰ দৰে বানপানী সহনশীল জাতৰ কঠীয়া ৰোৱক। শেহতীয়া বানপানীয়ে খেতি নষ্ট কৰিলে মধ্যমীয়া মাটিত তিল, মাটিমাহ আৰু মগুমাহ সিঁচিবও পাৰে। আগষ্ট মাহত হোৱা বানপানীৰ ক্ষেত্ৰত(পলমকৈ হোৱা বানপানী): অতি কম কৃষিকালৰ অৰ্থাৎ ৯০-১০০ দিনীয়া জাত যেনে- লুইত, দিচাং আদি ধানৰ ২১-২৫ দিনীয়া কঠীয়া আগষ্ট মাহৰ শেহলৈকে ৰুব পাৰি। ইয়াৰ বাবে আগষ্ট মাজলৈকে কঠীয়াৰ বীজ সিঁচক। এই দুয়োবিধ জাতৰ গজালি ওলোৱা বীজ ছেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহলৈকে মূল পথাৰত বোকা মাটিত কঠীয়া সিঁচাৰ দৰে পাতলীয়াকৈ সিঁচিব পাৰি। মনোহৰ শালি, এন্দ্ৰিউশালি আদিৰ দৰে স্থানীয় উন্নত আৰু পলমকৈ কৰিব পৰা জাতৰ বয়সীয়া কঠীয়া আগষ্ট মাহৰ ৩১ তাৰিখলৈকে পথাৰত ৰুব পৰা যায়। বেছি পলমকৈ হোৱা বানপানীৰ ক্ষেত্ৰত(ছেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহ): কিছুমান থলুৱা জাতৰ বেছি বয়সীয়া কঠীয়া ৰোৱাৰ বাহিৰে অন্য উন্নত বা অধিক উৎপাদনক্ষম জাতৰ ধানৰ খেতি কৰাতো উচিত নহয়। পানী কমাৰ লগে লগে ওখ মাটিত মগুমাহ নাইবা মাতিমাহৰ বীজ ছেপ্তেম্বৰ মাহৰ মাজভাগলৈকে সিঁচিব পাৰি। পথাৰত পানী পলমকৈ শুকালে বা অক্টোবৰ মাহৰ প্ৰথম সপ্তাহলৈকে বানপানী হ’লে, ৰবি শস্যৰ বীজ সংগ্ৰহ কৰিব লাগিব। ইয়াৰ ভিতৰত সৰিয়হৰ টি এচ-৩৬, টি এচ-৩৮, টি এচ-৪৫ আদি জাত উত্তম। ইয়াৰ উপৰিও মচুৰমাহ, মটৰ মাহ, খেচাৰী মাহ আদিৰ খেতিও কৰিব পাৰি। পশুধনৰ খাদ্য হিচাবে ওট আৰু খৰালি কৰা শাক-পাচলি খেতিয়েও ক্ষতি পূৰণত কিছু সহায় কৰিব। হঠাৎ উদ্ভৱ হোৱা পৰিস্থিতিৰ মুখামুখি হ’বলৈ: প্ৰফুল্ল, গীতেশ আদিৰ দৰে ধানৰ জাতৰ কঠীয়া পাৰিবলৈ ওখ ঠাইত সমূহীয়া কঠিয়াতলিৰ ব্যৱস্থা কৰক। বানাক্ৰান্ত অঞ্চল আৰু বানপানীৰ পৰা মুক্ত হৈ থকা অঞ্চলৰ কৃষকৰ মাজত কঠীয়া আদান-প্ৰদানৰ ব্যৱস্থা কৰক। নিয়মীয়া বানাক্ৰান্ত অঞ্চলৰ বাবে থলুৱা জাতৰ কঠীয়াও কিছু পৰিমাণে সিঁচাৰ ব্যৱস্থা কৰক। (সবিশেষ জানিবলৈ মহকুমা কৃষি বিষয়া বা স্থানীয় কৃষি বিজ্ঞান কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক) (অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালকালয়ৰ সহযোগত) উৎস: কৃষি বিভাগ,অসম(অসমীয়া প্ৰতিদিন)