শীতকালীন বিবিধ শাক-পাচলিৰ খেতিত ব্যস্ত হৈ পৰিছে আমাৰ কৃষকসকল।লাই,পালেং,চুকা,মুলা,গাজৰ,মটৰমাহ,বিলাহী,কবি আদিৰ খেতিৰে পথাৰ শুৱনি হৈ পৰিছে।সৰিয়হৰ ফুলেৰে হালধীয়া হৈ পৰিছে বিস্তীৰ্ণ পথাৰ।আৰম্ভ হৈছে বৰো ধানৰ খেতিও ।পুৱাৰ পৰা সন্ধিয়ালৈকে পথাৰতে ব্যস্ত হৈ আছে প্ৰতিগৰাকী কৃষক।এনে ব্যস্ততাৰ মাজতে সামান্য সময় উলিয়াই পঢ়িব পৰাকৈ কৃষক ৰাইজলৈ আগবঢ়াইছো কেইটিমান কৃষিসম্পৰ্কীয় দিহা-পৰামৰ্শ- বাৰীৰ শাক-পাচলিৰ খেতিডৰা ভালদৰে পৰ্যবেক্ষণ কৰি থাকিব যাতে ৰোগ অথবা কীট-পত্ংগই অনিষ্ট কৰিব নোৱাৰে।কীট-পত্ংগ আৰু ৰোগৰ আক্ৰমণ বেছি হোৱা যেন দেখিলেই কৃষি বিষয়া অথবা স্থানীয় কৃষিকৰ্মীৰ পৰামৰ্শমতে দৰব প্ৰয়োগ কৰিব।ৰাসায়নিক দৰব প্ৰয়োগ কৰাৰ পাছত কমেও এসপ্তাহলৈ বাৰীৰ শাক-পাচলি নিজেও নাখাব আৰু বিক্ৰীও নকৰিব। ওলকবি,ফুলকবি,বন্ধাকবি আৰু ব্ৰ্ক’লিৰ খেতিত প্ৰয়োজনীয় হাৰত জৈৱিক আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰক।খেতিডৰা বন-বাত আঁতৰাই চিকুণ কৰি ৰাখিব।পুলিবোৰৰ গুৰি অংশ সাৱধানে খুচৰি দিব যাতে শিপাই আঘাত নাপায়।প্ৰয়োজন সাপেক্ষে খেতিত জলসিঞ্চন কৰিব। আলুৰ খেতি কৰিছেনে?যদি ইতিমধ্যে পুলি গজি উঠিছে,তেনে পথাৰখন ভালকৈ নিৰীক্ষণ কৰি থাকিব।লেট ব্লাইট ৰোগৰ লক্ষণ দেখিলেই উপযুক্ত দৰব সঠিক মাত্ৰাত স্প্ৰে কৰিব।বিলাহীৰ খেতিডৰাও ভালকৈ নজৰত ৰাখিব।যদি আলু খেতিৰ বাবে হাল-কোৰ মাৰি-পথাৰ প্ৰস্তুত কৰিছে,তেন্তে ভাল জাতৰ আলুৰ বীজ সংগ্ৰহ কৰি সোনকালে ৰোপণ কৰক। সৰিয়হৰ খেতিত এবাৰ জলসিঞ্চন কৰিবলগীয়া হ’ব পাৰে।এই সময়ত সৰিয়হ খেতিত মোৱা পোকেও আক্ৰমণ কৰিব পাৰে।গতিকে খেতিডৰা দিনটোত এবাৰ ভলকৈ নিৰীক্ষণ কৰিব। বৰোধানৰ খেতি কৰা কৃষক ৰাইজে জলসিঞ্চন,বন-বাত নিৰোৱা,সাৰ প্ৰয়োগ,প্ৰয়োজন সাপেক্ষে কীটনাশক দৰব স্প্ৰে কৰা আদি কামত গুৰুত্ব দিয়াটো উচিত হ’ব। বাৰীৰ নাৰিকল আৰু তামোল গছবোৰত জৈৱিক আৰু ৰাসায়নিক সাৰ যদি এতিয়ালোকে প্ৰয়োগ কৰা নাই,তেন্তে আৰু পলম নকৰিব।এই মাহৰ ভিতৰতে প্ৰতিজোপা পুৰ্ণবয়স্ক নাৰিকল আৰু তামোল গছত অনুমোদিত হাৰত সাৰ প্ৰয়োগ কৰিব।এইক্ষেত্ৰত স্থানীয় কৃষি বিষয়া অথবা কৃষিকৰ্মীৰ পৰামৰ্শ ল’ব। পামৰ ব্ৰয়লাৰ কুকুৰা জাকক ঠাণ্ডাৰ পৰা ৰক্ষা কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ ল’ব।একেদৰে গৰু-ছাগলীকেইটাকো সঠিকভাৱে প্ৰতিপালন কৰিব।এই সময়ত দিবলগীয়া বিভিন্ন ৰোগ প্ৰতিৰোধী ছিটা দিয়াৰ ব্যৱস্থা কৰিব।এইক্ষেত্ৰত স্থানীয় পশু চিকিৎসালয়ৰ সৈতে যোগাযোগ কৰিব। পুখুৰীটোত যদি পৰ্যাপ্ত মাত্ৰাত পানী আৰু মাছ আছে,তেন্তে চুণ,গোবৰ আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰক।মাছক নিয়মিত খাদ্য যোগান ধৰাৰ লগতে মাছবোৰৰ স্বাস্থ্যও পৰীক্ষা কৰি থাকিব।এই সময়ত মাছৰ ঘা লগা বেমাৰ হোৱাৰ আশংকা থাকে।সেয়েহে মাছ মাৰোতেও ব্যৱহাৰ কৰা জাল আৰু অন্যান্য সঁজুলিবোৰ পটাছিয়াম পাৰমাংগানেট দ্ৰবণত ডুবাই শোধন কৰি ভালকৈ শুকুৱাব লাগে।স্থানীয় মীন বিষয়াৰ সৈতে পৰামৰ্শ কৰি পুখুৰীৰ মাছবোৰক নিৰোগী কৰি ৰখাৰ বাবে যাৱতীয় ব্যৱস্থা কৰাটো বাঞ্চনীয়। উৎস:ৰাইজৰ বাতৰি