বাণিজ্যিক ফুল বুলি ক’লে যিবোৰ ফুলৰ সতকাই বজাৰ চাহিদা আছে তেনে ফুলকে কোৱা হয়। ফুলৰ অলেখ জাতি-প্ৰজাতি আছে, তাৰে বহু ফুল বাণিজ্যিকভাৱে কৰিব পৰা নাযায়। অৱশ্যে ঠাইবিশেষে, জলবায়ু আৰু বজাৰ ব্যৱস্থাৰ লগত খাপ খোৱাকৈ বাণিজ্যিক ফুল বেলেগ বেলেগ হ’ব পাৰে। অসমত বৰ্তমান বাণিজ্যিকভাৱে কৰিব পৰা কেইবিধমান ফুল একাদিক্ৰমে অৰ্কিড, এণ্ঠুৰিয়াম, গ্লেডিঅ’লছ, জাৰবেৰা, ৰজনীগন্ধা, নাৰ্জী, ক্ৰিচেনথিমাম আদিয়েই প্ৰধান। তদুপৰি অদূৰ ভৱিষ্যতে অন্যান্য ফুলো, যেনে- গোলাপ, লিলিয়াম আদি বাণিজ্যিকভাৱে কৰিব পৰা যাব। ইয়াৰ কাৰণে বৰ্তমান বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত, বিশেষকৈ অসম কৃষি বিশ্ববিদ্যালয়ত পূৰ্ণগতিত গৱেষণা চলি আছে। প্ৰাসংগিকতা - অসমৰ সৰহভাগ কৃষকৰ মূল খেতি ধান। দুবেলা খাবৰ বাবে ধানখেতি কৰিবই লাগিব্জ। কিন্তু ঘৰখনৰ খৰচ-পাতিবোৰ পূৰণ কৰিবলৈ অন্য খেতিও কৰিব লাগিব। ফুলখেতি এনে এবিধ খেতি যি কৃষকৰ উপাৰ্জন দুগুণে বৃদ্ধি কৰে, কৰিবলৈ কম মাটি লাগে আৰু সমাজত সমাদৰ বৃদ্ধি কৰিব পাৰে। আনহাতে ই যুগৰ প্ৰত্যাহ্বান। আমি গ্ৰহণ কৰা উচিত। ফুলৰ বজাৰ - অসমত ফুলখেতি নতুন হ’লেও ফুলৰ ব্যৱহাৰ বহুদিন আগৰে পৰা হৈ আহিছে। বিয়া-বাৰু, সকাম-নিকাম, মেল-মিটি প্ৰত্যেকতে ফুল ব্যৱহাৰ হয়। এই লাগতিয়াল ফুলখিনি কিন্তু অসমৰ বাহিৰৰ পৰা মুখ্যতঃ কলিকতাৰ পৰা আহে। অকল গুৱাহাটী চহৰতে বছৰি ৬ কোটি টকাৰ ফুল ক্ৰয়-বিক্ৰয় হয়। তেনেদৰে প্ৰত্যেকখন উন্নত চহৰ, যেনে- যোৰহাট, শিলচৰ, তিনিচুকীয়াত বছৰি ৭০-৮০ লাখ টকাৰ ফুল বিক্ৰী হয়। সুখৰ খবৰ, বৰ্তমান অসমত ফুলখেতিয়ে ঠায়ে ঠায়ে প্ৰসাৰতা লাভ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ ফুল বৰ্তমান আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰলৈও সৰবৰাহ হৈছে। ফুলখেতি কৰিবলৈ চৰকাৰী সাহায্য - ফুলখেতিৰ পৰা হ’ব পৰা বাণিজ্যিক প্ৰতি লক্ষ্য ৰাখি বৰ্তমান চৰকাৰীভাৱে আৰু বহু বেছি বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানে ফুলখেতিত গুৰুত্ব আৰোপ কৰিছে। ফুলখেতি কৰিবৰ কাৰণে ৰাজসাহায্যও দিয়া হয়। বিভিন্ন চৰকাৰী অনুষ্ঠানবোৰৰ ভিতৰত অসমৰ উদ্যানশস্য সম্প্ৰসাৰণ বিভাগ, ৰাষ্ট্ৰীফ্য উদ্যানশস্য উন্নয়ন পৰিষদ(NHB) আদি প্ৰধান। বিভিন্ন বেংক, যেনে- নেডফি, ষ্টেট বেংক, পাঞ্জাব নেচনেল বেংক আদিয়েও ফুলখেতি আঁচনিত ঋণৰ যোগান ধৰে। তদুপৰি ব্লক উন্নয়ন অফিচ, SIRD আৰু বহু বেচৰকাৰী সংগঠন, এন জি অ’ আদিয়েও ফুলৰ খেতিৰ সজাগতা শিবিৰ আৰু সাহায্য প্ৰদান কৰে। অসমত বাণিজ্যিক ফুলৰ কৃষি পৰিক্ৰমা - ১)ফুলৰ নাম: ডেন্দ্ৰ’বিয়াম অৰ্কিড সঁচ: বগা- বি বি হোৱাইট(B B White) দুৰঙীয়া- ছিজাৰ, বেঙুনীয়া- জোৱান কুছিমা হালধীয়া- মেৰিমেক পুলি উৎপাদন পদ্ধতি: মূখ্যত: কলাকৰ্ষণ পদ্ধতি। পৃথকীকৰণ(Division) পদ্ধতিৰেও কম হাৰত কৰিব পৰা যায়। গুটি সিঁচা/পুলি বনোৱাৰ সময়: মাৰ্চ-এপ্ৰিল। পুলি ৰোপণ দূৰত্ব: প্ৰতি বৰ্গমিটাৰত ১০টা পুলি লগোৱা হয়। সাৰ প্ৰয়োগ: তৰল পনীয়া সাৰ ২০:২০:২০ অনুপাতত(N:P:K) পুলি অৱস্থাত ২ গ্ৰাম প্ৰতিলিটাৰ পানীত আৰু ৪ গ্ৰাম প্ৰতিলিটাৰ পানীত মিহলাই পূৰঠ গছত দিব লাগে। প্ৰত্যেকবাৰ জলসিঞ্চন বা পানী যোগানৰ সময়তে পনীয়া সাৰ দিব লাগে। ফুল ফুলাৰ/চপোৱাৰ সময়: দ্বিতীয়ব বছৰৰ পৰাব বাণিজ্যিক উৎপাদনা আৰম্ভ হয়। ফুলৰ ঠাৰিৰ আধা ফুল ফুলাৰ পাছত ৰাতিপুৱা সময়ত চপাব লাগে। মন্তব্য: অৰ্কিড ফুল অৰ্কিডঘৰত কৰা হয়। ইয়াক ছাঁঘৰত নাৰিকলৰ বাকলিৰ ব্লকত মাটিৰ ওপৰত বেঞ্চ বনাই পুলি লগোৱা হয়। ঔসধ ব্যৱহাৰ - কীট-পতংগ নিয়ন্ত্ৰণৰ বাবে: কাৰবাৰিল পাতৰ বেমাৰৰ কাৰণে: এলিটি প্ৰয়োগ কৰা হয়। শিপাৰ বেমাৰৰ কাৰণে: এলিটি প্ৰয়োগ কৰা হয়। ২)ফুলৰ নাম: এন্ঠুৰিয়াম সঁচ: ৰঙা: ৰেড ড্ৰেগন, অজাকি, ফ্লা ৰেড, ছুইট হাৰ্ট, মিকি মাউচ, টেম্পটেশ্বন। গুলপীয়া: অগ্নিহোট্ৰী, পেৰাডাইজ পিংক, মেজিক পিংক, পেশ্বন। বগা: হিডেন ট্ৰেজাৰ, ফ্লা এক্সোটিক। সেউজীয়া: মিড’ৰি গ্ৰীণ। কমলা: ফ্লা অৰেঞ্জ, ছা বাৰ্ষ্ট, ডাইমণ্ড জুবিলি। পুলি উৎপাদন পদ্ধতি: মুখ্যতঃ কলাকৰ্ষণ আৰু পুলিৰ মাতৃগছৰ পৰা পৃথকীকৰণ(Division) পদ্ধতিৰে পুলি উৎপাদন কৰা হয়। গুটি সিঁচা/পুলি বনোৱাৰ সময়: মাৰ্চ-এপ্ৰিল। পুলি ৰোপণ দূৰত্ব: ৪৫ চেন্টিমিটাৰ*৪৫ চেন্টিমিটাৰ সাৰ প্ৰয়োগ: N:P:K সাৰ ৩:১:১ অনুপাতত প্ৰতিলিটাৰ পানীত ২ গ্ৰামকৈ প্ৰতিসপ্তাহত দিব লাগে। তদুপৰি অতিৰিক্তভাৱে ৪ গ্ৰাম কেলচিয়াম কাৰ্বনেট আৰু ২ গ্ৰাম ব’ৰণ প্ৰতিলিটাৰ পানীত বেলেগ বেলেগ মিহলি কৰি প্ৰয়োগ কৰিব লাগে। ফুল ফুলাৰ/চপোৱাৰ সময়: দ্বিতীয় বছৰ পৰা বাণিজ্যিক উৎপাদন আৰম্ভ হয়। ফুলপাহ সম্পূৰ্ণভাৱে মেল খাই আৰু ঠাৰিডাল পূৰঠ হ’লে ৰাতিপুৱাৰ ভাগত ফুল চপাব পাৰি। মন্তব্য: এণ্ঠুৰিয়াম ফুলৰ খেতিৰ বাবেও ছাঁঘৰ আৱশ্যক। উৎপাদন মিডিয়াও বেলেগ, য’ত ক’ক’পিত, কয়লা, শিল আদি ব্যৱহাৰ কৰা হয়। ঔষধ ব্যৱহাৰ: পাতৰ বেমাৰ আৰু গুৰি পচা বেমাৰ নহ’বৰ বাবে এলিটি ব্যৱহাৰ কৰা হয়। ৩)ফুলৰ নাম: গ্লেডিঅ’লাছ। সঁচ: মনীষা, মনমোহন, এমেৰিকান বিউটি, স্ন’প্ৰিন্স, মেল’ডি, চেৰি ব্লজম, ছুপ্ৰিম, মোহিনী, লেডি কিলাৰ, চানী বয় ইত্যাদি। পুলি উৎপাদন: কন্দৰ পৰা(Corm) অথবা কৰ্মেল(Cormel)ৰ পৰা পুলি বনোৱা হয়। কন্দৰ ব্যাস ৩-৪ ইঞ্চি হ’ব লাগে(৭.৫-১০ চেন্টিমিটাৰ)। গুটি সিঁচা/পুলি বনোৱাৰ সময়: অক্টোবৰ-নৱেম্বৰ। পুলি ৰোপণ দূৰত্ব: ৩০-৪৫ চেন্টিমিটাৰ*১৫-২০ চেন্টিমিটাৰ। সাৰ প্ৰয়োগ: যাথেষ্ট পৰিমাণৰ পচনসাৰৰ উপৰি প্ৰতিজোপা গছক ৫ গ্ৰাম ইউৰিয়া, ১২ গ্ৰাম একক ছুপাৰ ফছফেট আৰু ৩ গ্ৰাম মিউৰেট অৱ পটাছ সাৰ লাগে। প্ৰতি বৰ্গমিটাৰ মাটিৰ ভেটিত ৫৬ গ্ৰাম সাৰ লাগে। সাৰখিনি সমানে দুভাগ কৰি এভাগ কৰ্ম ৰোৱাৰ আগতে আৰু আনভাগ গছৰ ৪-৬ খিলা পাত ওলাওঁতে ব্যৱহাৰ কৰিব লাগে। ফুল ফুলাৰ/চপোৱাৰ সময়: জানুৱাৰী-ফেব্ৰুৱাৰী মাহত ফুল কাটিব পাৰি। ফুলৰ ঠাৰিৰ গুৰিৰ ফালৰ প্ৰথম ফুলপাহ ৰং ধৰোঁতেই ৰাতিপুৱাৰ ভাগত চপাব লাগে। আলুবোৰ এপ্ৰিল মাহত চপোৱা হয়। মন্তব্য: গ্লোডিঅ’লাছ খেতিত ফুল আৰু আলুৰ পৰা আয় হয়। বালিচহীয়া মাটিত জলাসিঞ্চন কৰি উৎপাদন বঢ়াব পাৰি। ঔষধ ব্যৱাহাৰ: প্ৰধান বেমাৰ ফিউজেৰিয়াম ৰট বা কৰ্ম গেলা বেমাৰ নহ’বৰ বাবে কৰ্মবোৰ হোৱাৰ আগতে ৩ গ্ৰাম বেভিষ্টিন ১ লিটাৰ পানীত মিহালোৱা মিশ্ৰণত ২০ মিনিট সময় ডুবাই ল’ব লাগে। ৪)ফলৰ নাম: জাৰবেৰা সঁচ: আইডা, এলবাৰ্ট, পিংক এলিগেনছ, চাৱৰিয়া, ভেনছাৰ, ৰেড জেম, প্ৰাইড অৱ ছিক্কিম, পপুলাৰ, ইন্দ্ৰকুমাৰী, মহাৰাজা। গুটি সিঁচা/পুলি বনোৱাৰ সময়: ফুল ফুলি উঠাৰ পাছত আগাষ্ট-ছেপ্টেম্বৰ মাহত পুলি পৃথক কৰিব লাগে। পুলি ৰোপণ দূৰত্ব: ৩৫ চেন্টিমিটাৰ শাৰীৰ দূৰত্ব আৰু ৩০ চেন্টিমিটাৰ পুলিৰ দূৰত্ব। অক্টোবৰ মাহত পুলি পথাৰত লগাব লাগে। সাৰ প্ৰয়োগ: যথেষ্ট পৰিমাণৰ পচানাসাৰ দিব লাগে। প্ৰতিবৰ্গমিটাৰত ইউৰিয়া ৬৫ গ্ৰাম, একক ছুপাৰ ফছফেট ৬২ গ্ৰাম আৰু মিউৰিয়েট অৱ পটাছ সাৰ ৩৩ গ্ৰাম দিব লাগে। মাজে-সময়ে অণুসাৰো দিব লাগে। ফুল ফুলআৰ/চাপোৱাৰ সময়: প্ৰথম বছৰতেই বাণিজ্যিক উৎপাদন পাব পাৰি। ফুলপাহিৰ ডিচকাখনৰ বাহিৰৰ ফুলৰ শাৰীবোৰ সম্পূৰ্ণ ফুলিলে চপাব লাগে। চাপোৱাৰ সময় ৰাতিপুৱা। মন্তব্য: দেশী জাৰবেৰা জাতবোৰ মুকলি পথাৰতে কৰিব পাৰি। কিন্তু হাইব্ৰিড জাতবোৰ গ্ৰীণ হাউছ বা পলি হাউছত ৰোপণ কৰা হয়। ক্ৰম অনুযায়ী পুলি লগালে বিভিন্ন সময়ত ফুল পাব পাৰি। ৫)ফুলৰ নাম: ৰজনীগন্ধা। সঁচ: ছিংগল: শৃংগাৰ, হায়দৰাবাদ ছিংগল, প্ৰাজ’ৱাল, স্বৰ্ণৰেখা, ৰজতৰেখা ডাবল: বৈভৱ, স্থানীয় জাত। পুলি উৎপাদন পদ্ধতি: বালব বা মঙহাল আলু পৃথক কৰি নতুন পুলি বনোৱা হয়। বালববোৰৰ ঘেৰ ২-৪ চেন্টিমিটাৰ। গুটি সিঁচা/পুলি বনোৱাৰ সময়: ফুল ফুলি উঠাৰ অলপ দিনৰ পাছত ফেব্ৰুৱাৰী মাহত আলুবোৰৰ থুপটোৰ পৰা পৃথক কৰা হয়। মাৰ্চ-মে’ মাহৰ ভিতৰত লগাব লাগে। পুলি ৰোপণ দূৰত্ব: ছিংগল- ২০ চেন্টিমিটাৰ*১০ ছেন্টিমিটাৰ ডাবল- ৩০ চেন্টিমিটাৰ*২৫ চেন্টিমিটাৰ সাৰ প্ৰয়োগ: যথেষ্ট পৰিমাণৰ পচনসাৰৰ উপৰি ১ বৰ্গমিটাৰৰ ভেটি এটাৰ বাবে ১৬০ গ্ৰাম ইউৰিয়া, ২৫০ গ্ৰাম একক ছুপাৰ ফছফেট আৰু ১০০ গ্ৰাম মিউৰেট অৱ পটাছ সাৰৰ প্ৰয়োজন। সাৰখিনি সমানে দুভাগ কৰি এভাগ বালব ৰোৱাৰ ৩-৪ দিনৰ আগতে আৰু আনভাগ বালব ৰোৱাৰ ডেৰ-দুমাহ পাছত মাটিত প্ৰয়োগ কৰিব লাগে। ফুল ফুলাৰ/চপোৱাৰ সময়: প্ৰথম বছৰতে বাণিজ্যিক ফুল পাব পাৰি। তথাপি দুবছৰলৈ ৰেটুন শস্য ৰখা হয়। লুজ ফ্লাৱাৰ হিচাপে ব্যৱহাৰ কৰিলে ফুলৰ পাহি সম্পূৰ্ণ মেল খাব লাগে। কাটফ্লাৱাৰ হিচাপে বিক্ৰী কৰিলে ঠাৰিৰ প্ৰথম শাৰী ফুল মেল খালে চপোৱা হয়। মন্তব্য: ৰজনীগন্ধা ফুল প্ৰায় যিকোনো মাটিতে কৰিব পাৰে। ঔষধ ব্যৱহাৰ: গুৰি পচা বা কলাৰ ৰট বেমাৰ নহ’বলৈ ডেৰগ্ৰাম বেভিষ্টিন এক লিটাৰ পানীত মিহলাই গছৰ গুৰিত প্ৰয়োগ কৰিলে সুফল পোৱা যায়। ৬)ফুলৰ নাম: ক্ৰিচেনথিমাম বা ইন্দ্ৰমালতী। সঁচ: স্প্ৰে’(চাপৰ, জোপোহা, সৰু ফুল) ক্ৰিচেনথিমাম: ৰবি কিৰণ, গোলমহৰ, ফ্লাৰ্ট, বাসন্তী, প্ৰফেছৰ হেৰিছ, চাৰ্মিং, অনুপম, অপৰাজিতা ইত্যাদি। ষ্টেণ্ডাৰ্ড(ওখ, ডাঙৰ ফুল) ক্ৰিচেনথিমাম: স্ন’বল, ডায়মণ্ড জুবিলী, হোৱাইট স্পাইডাৰ, কিকু বিওৰি, সোণাৰ বাংলা, হোৱাইট ক’ছগ্ৰাণ্ডা, ইয়েল্ল’ ক’ছাগ্ৰাণ্ডা, গ্লোৰিয়া ডিও, ছিল্ক ব্ৰ’কেড ইত্যাদি। পুলি উৎপাদন পদ্ধতি: ডাল কাটি(কাটিং) কৰি পুলি বনোৱা হয়। গুটি সিঁচা/পুলি বনোৱাৰ সময়: জুন-জুলাই মাহত পুলি বনোৱা হয় আৰু আগষ্ট-ছেপ্টেম্বৰত মূল মাটিত লগালে ভাল। পুলি ৰোপণ দূৰত্ব: স্প্ৰে’: ৩০*৩০ চেন্টিমিটাৰ, ষ্টেণ্ডাৰ্ড: ৩০*২০ চেন্টিমিটাৰ। সাৰ প্ৰয়োগ: মুকলি পথাৰত কৰা ক্ৰিচেনথিমামত প্ৰতিবৰ্গমিটাৰ মাটিত ৪৪ গ্ৰাম ইউৰিয়া, ১২৫ গ্ৰাম একক ছুপাৰ ফছফেট আৰু ৩৩ গ্ৰাম মিউৰিয়েট অৱ পটাছ সাৰ প্ৰয়োগ কৰিব লাগে। এটা মাটিৰ পাত্ৰত ১০ লিতাৰ পানী লৈ তাত ১ কিলোগ্ৰাম কেঁচা গোবৰ আৰু ১০০ গ্ৰাম সৰিয়হৰ খলিহৈ ভালদৰে মিহলাই ১০ দিন ৰাখিব লাগে। তাৰ পাছত এই মিশ্ৰণৰ এভাগ দহভাগ পানীৰ লগত মিহলাই পুলিৰ গুৰিত দিব লাগে। প্ৰতি ১০ দিনৰ ব্যৱধানত এই জুলীয়া সাৰ প্ৰথম কলি ওলোৱালৈকে প্ৰয়োগ কৰিব লাগে। ফুল ফুলাৰ/চপোৱাৰ সময়: প্ৰথম বছৰতে বাণিজ্যিক ফুল পাব পাৰি। স্প্ৰে’ ক্ৰিচেনথিমামৰ ক্ষেত্ৰত যেতিয়া বেছিভাগ ফুলেই ফুলি উঠে আৰু ষ্টেণ্ডাৰ্ড ক্ৰিচেনথিমামৰ ক্ষেত্ৰত যেতিয়া ফুলৰ বাহিৰৰ শাৰীৰ পাহিবোৰ সম্পূৰ্ণ মেল খায়, তেতিয়াই চপোৱা হয়। মন্তব্য: ক্ৰিচেনথিমাম ফুলৰ ক্ষেত্ৰত ‘পিনচিং’, ‘ডিজবাডিং ষ্টেকিং’ আদিৰ যথেষ্ট প্ৰয়োজন আছে। ষ্টেণ্ডাৰ্ড ক্ৰিচেনথিমাম সেউজগৃহত কৰিলে ভাল। ঔষধ ব্যৱহাৰ: মোৱা পোকৰ পৰা ৰক্ষা পাবলৈ ৰগৰ ২ মিলিলিটাৰ প্ৰতিলিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে। ৭)ফুলৰ নাম: নাৰ্জীফুল। সঁচ: আফ্ৰিকান(ওখ)নাৰ্জী: পুছা নাৰেংগী গেইনডা, গলডেন গ্ল’, জায়েন্ট ডাবল আক্সিকান, কিউপিড, স্থানীয় জাত। ফ্ৰেন্স(চাপৰ)নাৰ্জী: ৰাষ্ট্ৰী ৰেড, হৰমনি, ছানগ’লড, ৰেড ব্ৰ’কেড। পুলি উৎপাদন পদ্ধতি: গুটি আৰু কাটিং কৰি পুলি বনোৱা হয়। গুটি সিঁচা/পুলি বনোৱাৰ সময়: অক্টোবৰ-নৱেম্বৰ। পুলি ৰোপণ দূৰত্ব: ওখ জাতৰ বাবে ৪৫*৪৫ চেন্টিমিটাৰ চাপৰ জাতৰ বাবে ৩০*৩০ চেন্টিমিটাৰ। সাৰ প্ৰয়োগ: যথেষ্ট পৰিমাণৰ পচনসাৰ দিয়া উচিত। প্ৰতি হেক্টৰ মাটিত ৩২৬ কিলোগ্ৰাম ইউৰিয়া, ৩৫৩ কিলোগ্ৰাম একক ছুপাৰ ফছফেট আৰু ১০০ কিলোগ্ৰাম মিউৰেট অৱ পটাছ। ইউৰিয়া সাৰখিনি চাৰিভাগ কৰি পুলি ৰোৱাৰ ৩০, ৫০, ৭০ আৰু ১০০ দিনৰ পাছত দিব লাগে। ফুল ফুলাৰ/চপোৱাৰ সময়: ফুলপাহ সম্পূৰ্ণ মেল খালে চপাব লাগে। মন্তব্য: নাৰ্জীফুল অতি লাভজনক। বৰ্ষাকাল আৰু গ্ৰীষ্মকালত অসমত ফুলখেতি কৰিবলৈ পলিহাউছ বা সেউজগৃহই হ’ল উত্তম ব্যৱস্থা। ৮)ফুলৰ নাম: ডালিয়া সঁচ: কুইন এলিজাবেথ, ড° বি পি পাল, জ্যোৎস্না, ব্লাডৰেড, সাৰদা দেৱী, ভিকুজ মাডাৰ ইত্যাদি। পুলি উৎপাদন পদ্ধতি: কোমল ডাল কাটি কৰা পুলি আৰু গছৰ গুৰিত হোৱা মঙহাল আলু। গুটি সিঁচা/পুলি বনোৱাৰ সময়: আলু ৰোৱা: অক্টোবৰ-নৱেম্বৰ, ডাল কটা- আগষ্ট মাহ। পুলি ৰোপণ দূৰত্ব: ৬০-৯০ চেন্টিমিটাৰ*৪৫-৬০ চেন্টিমিটাৰ। সাৰ প্ৰয়োগ: যথেষ্ট পৰিমাণৰ পচনসাৰৰ উপৰি প্ৰতিজোপা গছত ১০-১৫ গ্ৰাম ইউৰিয়া, ১৫ গ্ৰাম একক ছুপাৰ ফছফেট আৰু ১০-১৫ গ্ৰাম মিউৰেট অৱ পটাছ সাৰ প্ৰয়োগ কৰিব লাগে। পুলি ৰোৱাৰ ১৫-২০ দিনৰ পাছত গছৰ গুৰিৰ পৰা ১ ফুট আঁতৰত পাতলীয় নলাত সাৰ দিব লাগে। ফুল ফুলাৰ/চপোৱাৰ সময়: আলুৰ পৰা ৰোৱা গছে নৱেম্বৰ-ডিচেম্বৰ মাহত ফুল দিয়ে। মন্তব্য: গছজোপা বাগৰি নপৰিবলৈ বাঁহৰ খুটি পুতি বান্ধি দিব লাগে। পোৱা পোকৰ পৰা ৰক্ষা পাবলৈ ৰগৰ ২ মিলিলিটাৰ প্ৰতিলিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে। সাৰাংশ: মুক্ত বজাৰ অৰ্থনীতিত বিশ্বৰ যিকোনো ঠাইৰ পৰা বস্তু সৰবৰাহ আৰু বিক্ৰী কৰিব পাৰি। গতিকে প্ৰতিযোগিতাত সামগ্ৰীৰ মান আৰু সস্তা মূল্য অতি প্ৰয়োজন। ফুলৰ ক্ষেত্ৰতো সেয়ে উন্নত দেশবোৰত উৎপাদন কেন্দ্ৰবোৰ অত্যন্ত খৰচী হোৱা বাবে উন্নয়নশীল দেশবোৰৰ জলবায়ু খাপ খোৱাকৈ বিভিন্ন ফুল উৎপাদন কেন্দ্ৰবোৰৰ স্থান সলনি হ’ব ধৰিছে। দেশীয় বজাৰতো ফুলৰ চাহিদা বৃদ্ধি হৈছে। দিনকদিনে নতুন নতুন চাহিদা কেন্দ্ৰ(Demand Centre) গঢ় লৈ উঠিছে। অসমৰ জলবায়ু উপৰিউক্ত ফুলবোৰৰ বাবে উপযোগী। অসমত প্ৰচুৰ মানৱ সম্পদ অব্যৱহৃত হৈ আছে। যথোপযুক্য মানৱ সম্পদ ব্যৱহাৰ আৰু চৰকাৰৰ সদিচ্ছাত অসমো ফুলৰ প্ৰধান উৎপাদন কেন্দ্ৰ হ’ব পাৰে। বৰ্তমান আটাইতকৈ লাগতিয়াল কথা হৈছে ফুলখেতিৰ ব্যাপক প্ৰচাৰ, উপৰিসৌধ প্ৰতিষ্ঠা আৰু বহিঃজগতত অসমৰ ফুলৰ বিজ্ঞাপন। লেখক: ড° বিজিত কুমাৰ সাউদ, ভাস্কৰজ্যোতি শৰ্মা উৎস: আধুনিক কৃষিকথা(শস্য ব্যৱস্থাপনা)