আমাৰ ৰাজ্যখনৰ কৃষক ৰাইজে কাতি মাহৰ দ্বিতীয় পষেকৰ শালিধান চপাবলৈ আৰম্ভ কৰে। এটা খেতি আৰম্ভ কৰাৰ পিছত তাক সময়মতে দাই-চপাই ঘৰলৈ আনিব পাৰিলেহে খেতিৰ যোগেদি কৃতকার্য হৈছে বুলি ক’ব পাৰি। অসমীয়াত এষাৰ কথা আছে— ‘খেতি শলাগিবা দাই, ভোজন শলাগিবা খাই’। যিহেতু, পথাৰৰ পকাধানখিনি নির্দিষ্ট সময়ত চপাই আনি তাক যথোপযুক্তভাৱে সংৰক্ষণ কৰিব নোৱাৰিলে কৃষকৰ পৰিশ্রম অথলে যায় আৰু তাৰ পৰা লাভৱান হ’ব নোৱাৰি। সেইবাবে এতিয়া পথাৰৰ পকা ধানখিনি দাই ঘৰলৈ আনি সংৰক্ষণৰ ব্যৱস্থা কৰা অতীৱ প্রয়োজনীয়। এই ক্ষেত্ৰত তলত উল্লেখ কৰা পদক্ষেপসমূহ গ্রহণ কৰা ভাল। ধান সংৰক্ষণ ১) গুছিধান আৰু গুটিধান সংৰক্ষণ কৰিব পৰা উত্তম স্থান হৈছে ভঁৰাল। ভঁৰালত থোৱা ধানখিনি নিৰাপদে সংৰক্ষণ কৰিবলৈ হ’লে ভঁৰালটো পৰিকল্পিতভাৱে সাজি ল’ব লাগে আৰু ধান ভৰোৱাৰ আগতে তাক গোবৰ মাটিৰে মচি পৰিষ্কাৰ কৰি ল’ব লাগে। ভঁৰালত ভগা-ছিগা অংশ থাকিলে সংৰক্ষিত ধানখিনিৰ অপচয় হোৱাৰ উপৰি এন্দুৰ, নিগনিয়ে অনিষ্ট কৰিব পাৰে। কেৰ্কেটুৱা আৰু চৰাই-চিৰিকটিয়েও ভঁৰালৰ ধান খাই অনিষ্ট কৰা দেখা যায়। তাৰ পৰা হাত সাৰিবলৈ ভঁৰালৰ কাষত বা গাত লাগি থকা গছৰ ডাল-পাতবোৰ কাটি দিয়া উচিত। আমাৰ ভালেমান কৃষকে গুছিধান সংৰক্ষণ কৰাত অধিক গুৰুত্ব দিয়ে। তেনেকৈ ধান সংৰক্ষণ কৰিলে কীট-পতংগৰ আক্ৰমণ কমে আৰু ধানখিনি নিৰাপদে ৰাখিব পাৰি। উল্লেখযোগ্য যে গুছিধান সংৰক্ষণ কৰাৰ আগতে ধানৰ মুঠিবোৰ ভালদৰে ৰ’দত শুকুৱাই লোৱা দৰকাৰ। জেকা বা সেমেকা মুঠি ভঁৰালত ভৰালে ধানত ভেঁকুৰ লাগি ধানৰ গুণাগুণ নষ্ট হ’ব পাৰে। পোক-পতংগৰ আক্ৰমণৰ পৰা ধানখিনি ৰক্ষা কৰিবলৈ ধান জাপোঁতে তাৰ মাজে মাজে নিমপাত, পচতীয়া পাত আদি সুমুৱাই থ’ব লাগে। পাতবোৰ ব্যৱহাৰ কৰাৰ আগতে কিছু সময় ৰ’দত শুকুৱাই লোৱা ভাল। ধানৰ মাজত কেতিয়াও ৰাসায়নিক কীটনাশক দ্রব্য ব্যৱহাৰ কৰিব নেলাগে। ধানৰ মুঠিবোৰ জাপোঁতে যাতে বিভিন্ন জাতৰ ধানৰ মাজত সংমিশ্রণ নহয় তাৰ প্ৰতি চকু দিব লাগে। আমাৰ ৰাজ্যখনৰ ভালেমান কৃষকে মৰণা মৰাৰ পিছত গুটিধান সংৰক্ষণ কৰা দেখা যায়। সাধাৰণতে গৰু-ম’হ অথবা ট্ৰেক্টৰৰ সহায়ত মৰণা মৰা হয়। মৰণা মৰাৰ আগতে চোতালখন ভালকৈ পৰিষ্কাৰ কৰি ল’ব লাগে আৰু বিভিন্ন জাতৰ ধানৰ লগত যাতে মিহলি হ’ব নোৱাৰে তাৰ প্ৰতিও লক্ষ্য কৰিব লাগে। মৰণা মৰাৰ পিছত ধানখিনি ৰ’দত ভালদৰে শুকুৱাই লোৱাৰ পিছতহে সংৰক্ষণ কৰিব লাগে। সংৰক্ষিত ধানখিনি যিমানেই শুকান হ’ব ধানৰ গুণাগুণো সিমানেই অক্ষুন্ন থাকিব। বাঁহৰ মেৰত, ডুলিত বা বস্তাত ভৰাই খাবৰ বাবে ৰখা ধানখিনিত কেতিয়াও ৰাসায়নিক কীটনাশক দ্রব্য মেৰত, ডুলিত বা বস্তাত ভৰাই খাবৰ বাবে ৰখা ধানখিনিত কেতিয়াও ৰাসায়নিক কীটনাশক দ্রব্য প্রয়োগ কৰিব নেলাগে। উল্লেখযোগ্য যে ফুটিজাতীয় পোকৰ পৰা ধানখিনি ৰক্ষা কৰিবলৈ ধানখিনিৰ ওপৰত ৬ ইঞ্চিমান ডাঠকৈ ফলীয়া তুঁহেৰে এটা তৰপ দি থ’ব লাগে। বীজ সংৰক্ষণ আমাৰ কৃষক ৰাইজে ধান দাই অনাৰ পিছতে পৰৱৰ্তী খেতিৰ বাবে বীজ সংৰক্ষণ কৰে। বীজৰ বাবে পূৰঠ আৰু সৱল ধান থকা মুঠিবোৰহে নির্বাচন কৰিব লাগে। নির্বাচন কৰা ধানৰ মুঠিবোৰত অপতৃণ অথবা অন্য জাতৰ ধানৰ থোক থাকিব নেলাগে। নিশকতীয়া আৰু ৰোগাক্ৰান্ত থোকবোৰো তাৰ পৰা বাছি পেলাব লাগে। উল্লেখযোগ্য যে উচ্চ উৎপাদনক্ষম জাতৰ ধানৰ প্ৰমাণিত বীজ সংগ্ৰহ কৰি খেতি কৰিলে তাৰ পৰা একাদিক্ৰমে তিনিটাতকৈ অধিক খেতি কৰিব নেলাগে। তেনে কৰিলে প্রতি বছৰে ধানৰ উৎপাদন কমি যায়। বীজৰ বাবে নির্বাচন কৰা ধানৰ মুঠিবোৰ পাৱাৰ টিলাৰ বা ট্রেক্টৰেৰে মৰণা মাৰিব নেলাগে। ধানৰ মুঠিবোৰ ভৰিৰে মৰণা মৰাৰ পিছত ভালদৰে শুকুৱাই লোৱাৰ পিছতহে সংৰক্ষণৰ ব্যৱস্থা কৰি ল’ব লাগে আৰু বিভিন্ন জাতৰ ধানৰ লগত যাতে মিহলি হ’ব নোৱাৰে তাৰ প্ৰতিও লক্ষ্য কৰিব লাগে। মৰণা মৰাৰ পিছত ধানখিনি ভালদৰে শুকুৱাই লোৱাৰ পিছতহে সংৰক্ষৰণৰ ব্যৱস্থা কৰা ভাল। বীজ সংৰক্ষণৰ উত্তম আহিলা হৈছে তোম। বীজখিনি তোমত ভৰাই তাৰ ওপৰত অলপমান মালাথিয়ন ৫ শতাংশ নামৰ পাউদাৰ ছটিয়াই থ’লে বীজখিনি সহজে পোক-পতংগই আক্রমণ কৰিব নোৱাৰে। বীজ ভৰোৱা তোমবোৰ নিৰাপদ স্থানত সংৰক্ষণ কৰিব লাগে আৰু মাজে মাজে সহজে তোমবোৰ ৰ’দত উলিয়াই দিব লাগে। ভঁৰালত ধান সংৰক্ষণ কৰোঁতে এন্দুৰ-নিগনিয়ে ধানবোৰ অনিষ্ট কৰা দেখা যায়। তাৰ পৰা পৰিত্ৰাণ পাবলৈ ভঁৰালৰ তলীখন পৰিষ্কাৰ কৰি ৰাখিব লাগে। সিহঁতৰ উপদ্রৱ হ্রাস কৰিবলৈ ভঁৰালৰ মজিয়াখন কমেও ৩ ফুট উচ্চতাত সাজিব লাগে। ভঁৰালৰ ঠুকুৰা বা খুঁটাবোৰত এখন পাতল টিং মেৰিয়াই দিলে অথবা মাটিৰ সমান্তৰালকৈ লগাই থ’লে তাৰ ওপৰেদি এন্দুৰ-নিগনি বগাই ওপৰলৈ যাব নোৱাৰে। হিচাপ কৰি দেখা গৈছে যে উপযুক্ত সংৰক্ষণ নোহোৱাৰ বাবে শতকৰা ১০ শতাংশ পর্যন্ত আমাৰ উৎপাদিত শস্য অপচয় হয়। তাৰ পৰা হাত সাৰিবলৈ আমি ধান চপোৱাৰ পিছত ধানখিনি সংৰক্ষণৰ ওপৰতো অগ্রাধিকাৰ দিয়া উচিত। লিখক: ড° কুমুদ চুতীয়া, দৈনিক জনমভূমি।