আহোম শাসনৰ কালচোৱাতে মাটি আৰু বৰা চাউলেৰে তৈয়াৰ কৰা আঠাৰে ৰংঘৰ, তলাতল ঘৰ, কাৰে ঘৰ আদি কীৰ্তি চিহ্নবোৰ তৈয়াৰ কৰা কথা বুৰঞ্জীত পোৱা যায়। ‘তৰকা’, দাইল হিচাপে মাটি মাহৰ সোৱাদেই বেলেগ হয়। কেনেকুৱা মাটি নিৰ্বাচন কৰিব? গুখ, বালিচঁহীয়া বা পলসুৱা মাটিত মাতিমাহৰ খেতি ভাল হয়। মাটিডৰাত পানী ওলাই যোৱাৰ সু-ব্যৱস্থা থাকিব লাগে। মাটিমাহৰ বাবে মাটিডৰা মিহিকৈ চাহ নকৰিলেও হয়। দুবাৰমান হালবাই, মৈয়াই আৰু জাৱৰ জোথৰবোৰ আঁতৰাই বীজ সিঁচিব পাৰি। আম্লিক মাটিত বীজ সিঁচাৰ দুসপ্তাহৰ আগেয়ে বিঘাই প্ৰতি ৫০-৬০ কি:গ্ৰাঃ চূণ প্ৰয়োগ কৰি ল’লে মাটি মাহৰ ভাল হয়। মাটিমাহৰ খেতি কেতিয়া কৰিব? মাটিমাহৰ খেতি বছৰটোৰ দুটা সময়ত কৰিব পাৰি। গ্ৰীষ্মকালীন মাটিমাহ সিঁচাৰ সময় হ’ল ফাগুণ মাহৰ আৰম্ভণিৰ পৰা চ’তৰ মাজভাগলৈ(ফ্ৰেব্ৰুৱাৰী-মাৰ্চ)। অন্যহাতে, বৰ্ষা কালীন মাটিমাহ সিঁচাৰ সময় হ’ল ভাদমাহ। অৱশ্যে ‘শাওনীয়ামাহ’ নামৰ জাতবিধ শাওন মাহৰ ভিতৰতে সিঁচিব পাৰি। মাটিমাহৰ জাত - জাতৰ নাম শস্য কাল(দিন) গড় উৎপাদন(কুহ/বিঘা) বেমাৰৰ সহনশীলতা ১)টি-৯ ৮০-৯০ ১.৫ হালধীয়া মজাইক ভাইৰাছ পাতত দাগ পৰা বেমাৰ ২)টি-২ ৮০-৯০ ১.৫ হালধীয়া মজাইক ভাইৰাছ পাতত দাগ পৰা বেমাৰ ৩)পন্ট-ইউ-১৯ ৮০-৯০ ১.৫ হালধীয়া মজাইক ভাইৰাছ পাতত দাগ পৰা বেমাৰ ৪)*টি-১২২ ৮০-৯০ ১.৫ হালধীয়া মজাইক ভাইৰাছ পাতত দাগ পৰা বেমাৰ ৫)*শাওনীয়া মাহ(এচ.বি-১২১) ৭০-৮০ ১.৫ হালধীয়া মজাইক ভাইৰাছ পাতত দাগ পৰা বেমাৰ ৬)**ইউ.জি-১৫৭ ৭৫-৮৫ ১.৫ হালধীয়া মজাইক ভাইৰাছ পাতত দাগ পৰা বেমাৰ ৭)**জেই.উ-৭৮ ৭৫-৮৫ ১.৫ হালধীয়া মজাইক ভাইৰাছ পাতত দাগ পৰা বেমাৰ অনুমোদিত ৰাসায়নিক সাৰৰ পৰিমাণ হ’ল - বিঘাই প্ৰতি ইউৰীয়া-৪.৫ কিঃগ্ৰাঃ আৰু একক চুপাৰ ফচফেট-৩০ কিঃগ্ৰাহ। অৱশ্যে উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল আৰু উত্তৰ পাৰৰ সমভূমি অঞ্চলৰ বাবে বিঘাই প্ৰতি প্ৰায় ২ কিঃগ্ৰাঃ পটাছো অনুমোদন দিয়া হৈছে। যদি ডি.এ.পি. সাৰ প্ৰয়োগ কৰা হয়, তেতিয়া বিঘাই প্ৰতি ১০ কিঃগ্ৰাঃ প্ৰয়োগ কৰিলেই হয়। ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলে শেষৰবাৰ মাটি চাহ কৰাৰ সময়তে প্ৰয়োগ কৰি মাটিত ভালদৰে মিহলাই দিব লাগে। ৰাসায়নিক সাৰৰ ব্যৱহাৰ কমাবলৈ জৈৱিক সাৰ ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাবে ৰাইয’বিয়াম-২০০ গ্ৰাম আৰু ফছফটিকা-২০০ গ্ৰাম ১০ কিঃগ্ৰাঃ বীজৰ লগত মিহলি কৰি বীজ সিঁচিব লাগে। ৰাইয’বিয়াম আৰু ফছফটিকা সাৰখিনি প্ৰায় ৩০০-৪০০ মিঃলিঃ পানীত ভালদৰে মিহলি কৰি তাত ১০ কিঃগ্ৰাঃ বীজ ঢালি লৈ ভালদৰে সানিব লাগে। বীজখিনি ঠাণ্ডা ঠাইত ৰাখি শুকুৱাব লাগে। আম্লিক মাটিৰ ক্ষেত্ৰত উক্ত বীজৰ লগত ১ কিঃগ্ৰাঃ চূণৰ পাউদাৰো মিহলি কৰি ল’লে উৎপাদন ভাল হয়। এনে পদ্ধতিৰে সাৰ প্ৰয়োগ কৰাৰ ফলত ৰাসায়নিক সাৰ পৰিমাণ ২৫-৩০% কমাব পাৰি। যদিও আমাৰ কৃষকসকলে ছটিয়াইহে মাটিমাহৰ বীজ সিঁচে, শাৰীবদ্ধ পদ্ধতিত সিঁচিলে ৩ৰ পৰা ৩.৫ কিঃগ্ৰাঃ বীজৰ দৰকাৰ হয়। শাৰীবদ্ধ পদ্ধতিত সিঁচিলে ২ টা শাৰীৰ মাজৰ ব্যৱধান প্ৰায় ৩০ ছেঃমিঃ(এফুট) আৰু দুজোপা গছৰ মাজত ১০ ছেঃমিঃ(৪ ইঞ্চি) হোৱা দৰকাৰ। বিভিন্ন ধৰণৰ ৰোগ আৰু অনিষ্টকাৰী পোকে মাটিমাহৰ উৎপাদন বহুলাংশে হ্ৰাস কৰে। সময়মতে নিয়ন্ত্ৰণ ব্যৱস্থা ল’লে এইবোৰৰ পৰা শস্যডৰাক ৰক্ষা কৰিব পাৰি। তালিকাত মাটিমাহৰ ৰোগ আৰু কীটৰ সবিশেষ উল্লেখ কৰা হ’ল। তালিকা-মাটিমাহৰ ৰোগ আৰু কীট: ৰোগ/কীটৰ নাম অণুমোদিত ভেঁকুৰনাশক/কীটনাশক মিশ্ৰন শক্তি(প্ৰতি লিঃ পানীত) প্ৰয়োগ কাল ৰোগ ১)পাতত ফুটফুটীয়া দাগ পৰা ব্লাইটক্স/ফাইটলেন ৩ গ্ৰাম ৭-১০ দিনৰ অন্তৰত ২)পাত জ্বলা (ব্লাইট) বেভিষ্টন ৩ গ্ৰাম ১২-১৫ দিনৰ অন্তৰত ৩)পাউদাৰি মিলডিউ বেভিষ্টিন ০.৫ গ্ৰাম বেমাৰ দেখাৰ লগে লগে কীট: ১)মোৱা পোক চালফেক্স ২.০ গ্ৰাম পোকৰ আক্ৰমণৰ অৰ্থনৈতিক সীমাত ২)চপা মালাথিয়ান ১-১.৫ মিঃলিঃ পোকৰ আক্ৰমণৰ অৰ্থনৈতিক সীমাত ৩)ফ্লি-বিটল মালাথিয়ান ১-১.৫ মিঃলিঃ পোকৰ আক্ৰমণৰ অৰ্থনৈতিক সীমাত ৪)বগামাখি ৰগৰ ২ মিঃলিঃ বিজৰ অংকুৰণ হোৱাৰ ১০ দিনৰ পিছত আৰু পিছত ১৫ দিনৰ অন্তৰত ৫)বিছা মালাথিয়ান ১-১.৫ মিঃলিঃ বিজৰ অংকুৰণ হোৱাৰ ১০ দিনৰ পিছত আৰু পিছত ১৫ দিনৰ অন্তৰত মগুমাহ - মাহ শস্য হিচাপে মগুমাহৰ চাহিদা অতি বেছি। কেৱল দাইল হিচাপেই নহয়, মাহ-প্ৰসাদত মগুমাহ নহলেই নহয়। আজিকালি মগুমাহৰ পৰা তৈয়াৰ কৰা চানাৰ চাহিদা অত্যন্ত বেছি। কিন্তু, আমাৰ অসমত এই মগুমাহৰ খেতি একেবাৰে সীমিত। কেনেকুৱা মাটি উপযুক্ত: পানী ওলাই যাব পৰা পলসুৱা বা বালিচঁহীয়া মাটিত মগুমাহৰ খেতি ভাল হয়। খেতি কৰাৰ সময়: মাটিমাহৰ নিচিনাকৈ মগুমাহৰ খেতিও বছৰটোৰ দুটা সময়ত কৰিব পাৰি। গ্ৰীষ্মকালীন মগুমাহ সিঁচাৰ সময় হ’ল ফাগুণ মাহ। অন্যহাতে বৰ্ষাকালীন মগুমাহ সিঁচাৰ সময় হ’ল ভাদ মাহ। অসমৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে অনুমোদন জনোৱা মগুমাহৰ জাত সমূহ তালিকাত দিয়া হৈছে। জাতৰ নাম শস্য কাল(দিন) গড় উৎপাদন(কুইন্টল/বিঘা) ৰোগ সহনশীলতা ১)টি-৪৪ ৬০-৭০ ১৫ হালধীয়া মজাইক ভাইৰাছ, পাতত দাগ ৰোগৰ দ্বাৰা আক্ৰান্ত হয়। ২)কপাৰগাওঁ ৮০-৯০ ১.০-১.২ হালধীয়া মজাইক ভাইৰাছ, পাতত দাগ ৰোগৰ দ্বাৰা আক্ৰান্ত হয়। ৩)কে-৮৫১ ৬০-৬৫ ১.৫-১.৮ হালধীয়া মজাইক ভাইৰাছ আৰু পাতত দাগ পৰা ৰোগ সহনশীল ৪)এম.এল ৫৬ ৭০-৮০ ১.৩-১.৭ হালধীয়া মজাইক ভাইৰাছ আৰু পাতত দাগ পৰা ৰোগ সহনশীল ৫)পি.আই.এম.এচ-১ ৭০-৮০ ১.৩-১.৭ হালধীয়া মজাইক ভাইৰাছ আৰু পাতত দাগ পৰা ৰোগ সহনশীল ৬)প্ৰতাপ(এচ.জি-১) ৬৫-৭৫ ১.৫ পাতত দাগ পৰা ৰোগ প্ৰতিৰোধ গুণ সম্পন্ন, কিন্তু হালধীয়া মজাইক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয়। ৮)এ.এ.ইউ-৩৯ ৬৫-৭৫ ১.৫ সাৰ প্ৰয়োগ, শস্য ৰক্ষা ব্যৱস্থা আদি কৃষি পদ্ধতি সমূহ মাটিমাহৰ সৈতে একেই। কিন্তু শস্য চপোৱা ক্ষেত্ৰত মাটি মাহৰ লগত কিছু পাৰ্থক্য আছে। কিয়নো মগুমাহৰ চেঁইবোৰ সমানে পূৰঠ নহয়। কিছুমান চেঁই আগতেই পূৰঠ হয়। সেইবোৰ পূৰঠ হোৱাৰ পিছত যেতিয়া শুকাই যায়, তেতিয়াই চিঙি আনিব লাগে। এনেদৰে ২-৩ বাৰ মান চিঙিব লাগে। উৎস: সেউজ চিন্তা